Revision 3423 of "বৰগীত" on aswikisourceঅসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্বিক ভাৱ পূৰ্ণ, নিৰ্দিষ্ট ৰাগ বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীত সমুহকেই বৰগীত বোলা হয়৷ শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ) টা গীতৰ সংগ্ৰহ পোৱা যায়। জনপ্ৰবাদ অনুসৰি তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দূৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে।
মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে উপলভ্য। অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে।
* [[শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত]]
* [[শ্ৰীমন্ত মাধৱদেৱ বিৰচিত বৰগীত]]
[[category:বৰগীত|*]]
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|