Revision 3454 of "প্ৰিয়তমাৰ চিঠি" on aswikisource{{header
| title = প্ৰিয়তমাৰ চিঠি
| author = হেমচন্দ্ৰ গোস্বামী
| translator =
| section =
| previous =
| next =
| year = ১৮৭২-১৯২৮
| portal =
| wikipedia =
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
সৌন্দৰ্যৰ বুকুত কাঁচিল উদঙাই
প্ৰকৃতিৰ চোঁ ঘৰ চালো পিত পিত;
কুকুৰঠেঙীয়া এই আখৰকিটিত
যি অমিয়া ঘঁহা আছে, ক’তো আৰু নাই ।
কবি-নিকুঞ্জত ফুলি কত কবিতাই
মলয়াত উঠি উটি ফুৰে পৃথিৱীত,
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,
কবিতাৰ কাব্য তোৰ গোন্ধকোনেপায় ।
ফুলে ফুলে, সৰি যায়, শুকান বননি,
বসন্তৰ কুঁহি-পাত ৰ’দত লেৰেলে;
তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,
নিতৌ নোহোৱা বাহী ন ন ফুল মেলে ।
যত শুঙো, চুমা খাওঁ, নালাগে আমনি,
হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে ।
[[শ্ৰেণী:কবিতা]]
[[শ্ৰেণী:হেমচন্দ্ৰ গোস্বামীৰ সাহিত্যকৰ্ম]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=3454.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|