Revision 3723 of "আহ অ’ অকণি আহ" on aswikisource

{{header
 | title      =আহ অ’ অকণি আহ
 | author     = জ্যোতিপ্ৰসাদ আগৰৱালা
 | translator = 
 | section    = 
 | previous   = [[আন্ধাৰৰ মাজে মাজে ]]
 | next       = [[ঊষাৰ কোলাত থৈ (চিৰবিদ্ৰোহী→১)|ঊষাৰ কোলাত থৈ]]
 | year       = 
 | portal     = 
 | wikipedia  =  জ্যোতিপ্ৰসাদ আগৰৱালা
 | commons    = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | meta       = 
 | notes      =  
}}

আহ অ’ অকণি আহ

আহ অ’ অকণি আহ

          নতুন দিনৰ

          নতুন জীৱনৰ

          ফুলা ফুলনিত হাঁহ,

          আহ অ’ অকণি আহ ৷



শেৱালি-নেৱালি পলাশ-পাৰলি

          তগৰ খৰিকাজাঁই

          কেতেকীৰ গোন্ধে মলেমলাই,

পদুম ফুলিছে ৰঙা নলী বগা

          লেখিবকে পৰা নাই ৷



নতুন পুৱাৰ পোহৰ জুৰিত উটি

          ফুলাম পালৰ নাৱত হাঁহিছে

          ফুলৰ কোঁৱৰ ফুলৰ কুঁৱৰী দুটি

          নেদেখা নুশুনা নৰুন ফুলৰ

                   সিঁচিছে ধুনীয়া গুটি ৷



তই জগাব লাগিব

          ভাৰতৰ জন

জিনিব লাগিব

          পৃথিৱীৰ মন,



তয়ে অসমৰ

তয়ে ভাৰতৰ

তয়ে জগতৰ

     তয়ে অভিনৱ জ্যোতি

          তয়েই বালাৰ্জ্জুন

                তবেই বালাৰুণ ৷



মহামহত্বৰ

চিৰসুন্দৰৰ

          আলোকদীপ্ত অজেয় সেনাপতি

          কোনে ৰোধে তোৰ প্ৰগতি অগ্ৰগতি

                   আলোকদীপ্ত অজেয় সেনাপতি।