Revision 40789 of "মেধি তীৰ্থলৈ যায়" on aswikisource

{{header
 | title      = মেধি তীৰ্থলৈ যায়
 | author     = দণ্ডিনাথ কলিতা
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | notes      = 
}}

<Poem>
কলিয়াবৰত মেধিৰ ঘৰ, নাম গোৱাত সুখ্যাতি বৰ ,
কানীয়া মেলতো সবাৰে মাজত মানভাগটি পায়;
পূণ্য কৰিবৰ মনেৰে আজি মেধি তীৰ্থলৈ যায়।

লেখি-বুজি মোনাত ভৰি, ল’লে টকা আঢ়ৈ কুৰি,
ল’লে ভৰাই কানিৰ টেমাটো, ওলাল মঙল চাই;
গোটেই গাঁৱতে উঠিল ঢৌ মেধি তীৰ্থলৈ যায়।

দেখিলে মেধিয়ে জাহাজ পাই, টিকট-ঘৰত উঠিছে হাই,
নোচোৱাকৈ টিকট কিনাৰ উপায় দেখোন নাই।
ধুতি গাৰে মেধি এতিয়া কেনেকৈ তীৰ্থলৈ যায়?

কৰিলে প্ৰশ্ন ‘যাবি ক’লৈ?’
মেধিয়ে বোলে, ‘তীৰ্থ য’লৈ’
শুনি বাবুৱে দিলে ধমক, ‘তেনে টিকট নাই’;
কি হ’ব উপায়, কেনেকৈ এতিয়া মেধি তীৰ্থলৈ যায়।

জাহাজত মেধিয়ে ল’লে উঠি, মেলিলে জাহাজে ঘোৰাৰ ছুটি;
পাৰৰ গছবোৰে উভতি লৰিলে, এনে অদ্ভূত নাই,
লগুণডালত খামুচি ধৰি মেধি তীৰ্থলৈ যায়।

দুখনমান তামোল খোৱাৰ বেলি, গৈছিল জাহাজ ঢৌ তুলি,
এনেতে বালিত সোমাই পৰিল, অলপো লৰচৰ নাই;
সৰ্বনাশ হ’ল, এতিয়া কেনেকৈ মেধি তীৰ্থলৈ যায়।

তিনিদিন জাহাজ তাতে ৰ’ল, মেধি উঠিব নোৱাৰা হ’ল,
বঙালে-কঙালে আছে ভৰি মেধিয়ে কেনেকৈ খায়?
কলপকলপকৈ শুধ শৰীৰে মেধি তীৰ্থলৈ যায়।
<poem/>

[[Category:কবিতা]]
[[শ্ৰেণী:দণ্ডিনাথ কলিতাৰ সাহিত্যকৰ্ম]]