Revision 4366 of "মণিৰাম দেৱানৰ গীত" on aswikisource:::::১ ::আই সৰেচতী দেৱী পাৰেৱতী ::তোমালৈ বঢ়াই যাওঁ চাউল, ::পাহৰা পদকে সোঁৱৰাই দি যাবা ::গীতৰ ভাঙি যাবা আউল। :::::২ ::চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ ::পাৰ্ৱতীক সেৱা কৰো, ::ফৰলী আইকো কৰোঁ সাত সেৱা ::মণিৰামৰ ভণিতা জোৰোঁ। :::::৩ ::কোনে বোলে জীলে, ::ইংৰাজে দেশখন ::আকৌ আমাক দিলে :::::৪ ::কোনো বোলে চৰিল, ::ইস্কট চাহাবেৰে সখি কৰিলে। ::চাহাবে কলেহি বুজাই, ::অসম দেশ লব লাগে ::বৰ লুইতে উজাই। :::::৫ ::নহ'বলৈ হ'ল ::অসম দেশ গুচি ::বঙাল দেশ হ'ল। ::নহ'বলৈ হ'ল ::ইংৰাজ উঠা দেখি ::ৰাইজৰ মন ভাল হ'ল। :::::৬ ::মনে গুণি চালে- ::মণিৰাম দেৱানক মন্ত্ৰী বাব দিলে ::অনেক গুণনি ধৰিলে দেৱানদেৱৰ ::ভাটীলৈ ভটিয়াই গ'ল। ::বঙালৰ ঘৰতে আপালি মিলিল ঐ ::দেশখন তল-ওপৰ হ'ল। :::::৭ ::ৰূপৰ তোলোথা সোণৰ দোৰ্পতি :::বহি বৈ আছিলো তাঁত, ::লাহে-লাহে কৰি মণিৰাম দেৱানে :::লগায় পটেশ্বৰীক মাত। :::::৮ ::পানী আন ব'মৰ মাক ::ভাত আন ব'মৰ মাক, ::মই যাওঁ বঙাল দেশলৈ। :::::৯ ::গাটি মোৰ ৰঙে চং ::খোপাতে মোৰ বালি চং ::চ'ৰাতে নো মূৰে যুঁজায় ::কলৈ নো মোৰ স্বামী যায়। :::::১০ ::কান্দিবলৈ ধৰিলে তুলাৱতী গাভৰু ::::মণিৰামৰ মুখলৈ চাই ::গাৰ মঙ্গহ লৰে, সোঁ চকু লৰিছে :::কাউৰীজনীয়ে খায়। :::::১১ ::এ- দেউ ৰ'ল ::চ'ৰা মাৰি দেৱানদেৱ ::ভটিয়াই গ'ল। ::নগৰৰ হ'ল বাজ ::পোনাই গৈ পালেগৈ ::চিলমাৰী ৰাজ। ::এ- দেউ ::কিনো মাছ মাৰিবৰ শল। ::চিলমাৰীতে দেৱানৰ ::আদ বছৰ গ'ল। :::::১২ ::মিৰিটি কান্দিলে কান্দে মিৰিয়নী :::লুইতৰ বালিলৈ চাই, ::মণিৰাম দেৱানে কান্দে কলিকতাত :::ৰংপুৰ জিলালৈ চাই। :::::১৩ ::বৰা ধানৰে নৰা মোৰ দেউতা :::বৰা ধানৰে নৰা, ::মণিৰাম দেৱানৰ অমঙ্গল মিলিল ঐ :::ওলাল নেজলগা তৰা। :::::১৪ :::::১৫ :::::১৬ :::::১৭ :::::১৮ :::::১৯ :::::২০ :::::২১ :::::২১ :::::২২ :::::২৩ :::::২৪ :::::২৫ :::::২৬ :::::২৭ :::::২৮ :::::২৯ :::::৩০ :::::৩১ :::::৩২ :::::৩৩ :::::৩৪ :::::৩৫ :::::৩৬ :::::৩৭ :::::৩৮ :::::৩৯ :::::৪০ :::::৪১ :::::৪২ :::::৪৩ :::::৪৪ :::::৪৫ :::::৪৬ :::::৪৭ :::::৪৮ :::::৪৯ :::::৫০ :::::৫১ :::::৫২ :::::৫৩ :::::৫৪ :::::৫৫ :::::৫৬ :::::৫৭ :::::৫৮ :::::৫৯ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=4366.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|