Revision 4374 of "মণিৰাম দেৱানৰ গীত" on aswikisource:::::১ ::আই সৰেচতী দেৱী পাৰেৱতী ::তোমালৈ বঢ়াই যাওঁ চাউল, ::পাহৰা পদকে সোঁৱৰাই দি যাবা ::গীতৰ ভাঙি যাবা আউল। :::::২ ::চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ ::পাৰ্ৱতীক সেৱা কৰো, ::ফৰলী আইকো কৰোঁ সাত সেৱা ::মণিৰামৰ ভণিতা জোৰোঁ। :::::৩ ::কোনে বোলে জীলে, ::ইংৰাজে দেশখন ::আকৌ আমাক দিলে :::::৪ ::কোনো বোলে চৰিল, ::ইস্কট চাহাবেৰে সখি কৰিলে। ::চাহাবে কলেহি বুজাই, ::অসম দেশ লব লাগে ::বৰ লুইতে উজাই। :::::৫ ::নহ'বলৈ হ'ল ::অসম দেশ গুচি ::বঙাল দেশ হ'ল। ::নহ'বলৈ হ'ল ::ইংৰাজ উঠা দেখি ::ৰাইজৰ মন ভাল হ'ল। :::::৬ ::মনে গুণি চালে- ::মণিৰাম দেৱানক মন্ত্ৰী বাব দিলে ::অনেক গুণনি ধৰিলে দেৱানদেৱৰ ::ভাটীলৈ ভটিয়াই গ'ল। ::বঙালৰ ঘৰতে আপালি মিলিল ঐ ::দেশখন তল-ওপৰ হ'ল। :::::৭ ::ৰূপৰ তোলোথা সোণৰ দোৰ্পতি :::বহি বৈ আছিলো তাঁত, ::লাহে-লাহে কৰি মণিৰাম দেৱানে :::লগায় পটেশ্বৰীক মাত। :::::৮ ::পানী আন ব'মৰ মাক ::ভাত আন ব'মৰ মাক, ::মই যাওঁ বঙাল দেশলৈ। :::::৯ ::গাটি মোৰ ৰঙে চং ::খোপাতে মোৰ বালি চং ::চ'ৰাতে নো মূৰে যুঁজায় ::কলৈ নো মোৰ স্বামী যায়। :::::১০ ::কান্দিবলৈ ধৰিলে তুলাৱতী গাভৰু :::মণিৰামৰ মুখলৈ চাই ::গাৰ মঙ্গহ লৰে, সোঁ চকু লৰিছে :::কাউৰীজনীয়ে খায়। :::::১১ ::এ- দেউ ৰ'ল ::চ'ৰা মাৰি দেৱানদেৱ ::ভটিয়াই গ'ল। ::নগৰৰ হ'ল বাজ ::পোনাই গৈ পালেগৈ ::চিলমাৰী ৰাজ। ::এ- দেউ ::কিনো মাছ মাৰিবৰ শল। ::চিলমাৰীতে দেৱানৰ ::আদ বছৰ গ'ল। :::::১২ ::মিৰিটি কান্দিলে কান্দে মিৰিয়নী :::লুইতৰ বালিলৈ চাই, ::মণিৰাম দেৱানে কান্দে কলিকতাত :::ৰংপুৰ জিলালৈ চাই। :::::১৩ ::বৰা ধানৰে নৰা মোৰ দেউতা :::বৰা ধানৰে নৰা, ::মণিৰাম দেৱানৰ অমঙ্গল মিলিল ঐ :::ওলাল নেজলগা তৰা। :::::১৪ ::এদিন দুদিনকৈ দিনে চাৰি গ'ল :::আমঠু পৰি গ'ল ক'লা, ::যঁতৰত সূতা কাটে বিনন্দিনী গাভৰু :::যঁতৰত নুঘূৰে শলা। :::::১৫ ::ৰৈ নো ৰৈ কান্দিলে বৃন্দাৱনী গাভৰু :::তামৰ ঘৰৰ মুখলৈ চাই ::তামৰ ঘৰ আছে দেও, স্বামী নাইকীয়া :::কোনে নিলে মণিৰামক পাই। :::::১৬ ::চম্পাৱতী গাভৰুৰ সেন্দুৰ মচে খালে :::ঘনে সোঁহাত লৰে, ::কাউৰীয়ে ৰমলিয়ায় ফেঁচাই কুৰুলিয়ায় :::সপোনত আগদাঁত সৰে। :::::১৭ ::দেশ পাতিবলৈ ওলালি মণিৰাম :::জঁতৰাই মাৰিলে হাঁচি ::লগৰ সমনীয়াইশতৰু শালিলে :::ললি যোৰহাটত ফাঁচী। :::::১৮ ::ৰজা পাতিবলৈ ওলালি মণিৰাম :::জঁতৰাই মাৰিলে হাঁচি, ::ল'ৰাকৈ তিৰুতা এথানিত পেলালি :::ললি যোৰহাটত ফাঁচী। :::::১৯ ::মণিৰাম গৈছিলে বঙালৰ দেশলৈ :::ৰংপুৰত মাৰিলে হাঁচি, ::কাণৰ গুণা ছিগি অমঙ্গল মিলিল ঐ :::দিলে যোৰহাটত ফাঁচী। :::::২০ :::::২১ :::::২১ :::::২২ :::::২৩ :::::২৪ :::::২৫ :::::২৬ :::::২৭ :::::২৮ :::::২৯ :::::৩০ :::::৩১ :::::৩২ :::::৩৩ :::::৩৪ :::::৩৫ :::::৩৬ :::::৩৭ :::::৩৮ :::::৩৯ :::::৪০ :::::৪১ :::::৪২ :::::৪৩ :::::৪৪ :::::৪৫ :::::৪৬ :::::৪৭ :::::৪৮ :::::৪৯ :::::৫০ :::::৫১ :::::৫২ :::::৫৩ :::::৫৪ :::::৫৫ :::::৫৬ :::::৫৭ :::::৫৮ :::::৫৯ [[Category:মালিতা]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=4374.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|