Revision 4410 of "ৰূপহী" on aswikisource

{{header
 | title      = ৰূপহী
 | author     = জ্যোতিপ্ৰসাদ আগৰৱালা
 | translator = 
 | section    = 
 | previous   = 
 | next       =
 | year       = 
 | portal     = 
 | wikipedia  =  
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  
}}

<poem>
পৃথিৱীৰ সকলো আপচুতাই যদি ক’লা বৰণ সানি যায়হি তথাপি সেই সৌন্দৰ্য্যৰ ছায়া কল্পনাৰপৰা মচ খাই নায়ায়। সেই সৰু টিলাটি, তাৰ তলত সেউজীয়া কোমল বননিখনি, ওখ ওখ গছকেজুপি, বিশাল সেই ফটফটীয়া জোলৰ লুইতখনি, তাৰ পাৰে পাৰে যুগান্তৰৰ ডাঙৰ ডাঙৰ নীলা, গছকেশাৰী আৰু দূৰ-দূৰণিৰ নীলা পৰ্ব্বতৰ আঁৰত মুখ লুকোৱা সেই কম্পিত দিন-দেৱতাৰ ৰঙা ঘূৰণীয়া মুখখনি, ৰঙা নীলা সোণোৱালী পাটলি পিন্ধা ডাৱৰকেডুখৰি কোনে পাহৰিব? সেই ফুলৰ সুগন্ধ, চৰাইৰ গীত, লুইতৰ হো হো শব্দ আৰু মৃদু-মৃদুকৈ বলি অহা শীতল সমীৰণ আৰু সেই কোমল শুৱলা বনগীত গোৱা সোণবৰণীয়া ছোৱালীজনী কাৰ মনত নপৰিব? এতিয়াও গৈ শুনি আহোগৈচোন! তাই অকলে কোমল বননিত বহি সন্ধিয়াৰ সমীৰণত গা উটাই দি বনগীত গাইছে-

বননিৰ চৰাই তই
কিনো গীত গাৱ ঐ!
মন মোৰ বলিয়া কৰ, 
কিনো ৰং চাৱ তই
কিনো গীত গাৱ ঐ
উৰি গছৰ ডালে ডালে পৰ।


বনগীত কেফাকি সমীৰণত মিহলি হৈ গ’ল। সমীৰণে তাক উটুৱাই ক’লৈ লৈ গ’ল? লুইতৰ বিশাল অধৰ ভেদ কৰি প্ৰত্যেকটি শব্দ বসুমতীক বিচাৰিবলৈ গুচি গ’ল-থাকিল মাথোন তাৰ গৰাকী। সেই সুমাধুৰ সুৰৰ বাঁহীটি। থাকিল মাথোন বননিত বহি সোণবৰণীয়া তিলফুল নাকেৰে সেই কৰুণা সনা চকুযুৰিৰে, সেই আউল-বাউল চুলি কেধাৰিৰে, সেই লনি দীঘল দীঘল আঙুলিকেইটিৰে, সেই নিপোটল শৰীৰটিৰে, সেই সৰু কঁকালটিৰে, সেই ধুনীয়া ভৰি দুটিৰে ওচৰতে পিতলৰ কলহটিৰে নীল আকাশলৈ উদাৰ দৃষ্টিৰে চাই থকা ছোৱালীজনী।

বিৰিণা হাবিৰ সিপাৰৰ পথাৰখনিৰপৰা ভাহি আহিল এটি বাঁহীৰ সুৰ। সি তীব্ৰ গতিৰে আহি ছোৱালীজনীক চক্‍ খুৱাই তুলিলে। আকৌ নীৰৱ হৈ গ’ল। বাঁহীৰ লগে লগে মাৰ যোৱা বেলিৰো শেষ ৰেখাটি লাহে লাহে লুইতৰ বুকুত ৰং চৰাই ম্লান হৈ গ’ল। ছোৱালীটিয়ে পানী ভৰাই ল’লে। অলপ খোজ দিলে-এটি সুৰ তাইৰ সুমধুৰ কণ্ঠৰপৰা বাজি উঠি যেন পোহৰক বিদায় দি আন্ধাৰক আগবঢ়াই আনিলে। আন্ধাৰ হৈ আহিল। লাহে লাহে ছোৱালীজনী বিৰিণাৰ আঁৰ হৈ এন্ধাৰত অদৃশ্য হৈ গ’ল।

জহত ঠাৱৰিব নোৱাৰি বুঢ়াই হাততে হোকা-চিলিমযোৰ লৈ চোতালত বহিলহি। ফটফটীয়া জোনাক। পৃথিৱীৰ গাৰপৰা সূৰ্য্যৰ প্ৰখৰ উত্তপ তেতিয়াও একেবাৰে যোৱা নাই। লাহে লাহে গছৰ পাতবোৰ লৰাই লৰাই বতাহ এচাটি-দুচাটি আহি আছিল। গছৰ মাজে মাজে জোনৰ পোহৰ বিৰিঙি বিৰিঙি ওলাই এটা মনোৰম সৌন্দৰ্যত নিজম ঠাইডোখৰ বুৰাই থৈছিল।

বুঢ়াই বহি বহি এবাৰ হোকাত হোপা মাৰিছিল, অকৌ এবাৰ আলিবাটলৈ মানুহ চাইছিল। অলপ পৰ বুঢ়া ৰ’ল।
"আই ৰূপহী অ!"
"কি কোৱা পিতাই?"
"এইফালে আহচোন।"
হাতত এখন কটাৰি আৰ ইটো হত টিহু এটা লৈ ভিতৰৰপৰা আহিল ছোৱালীজনী।
"আই! আঙঠা দুটামান ভৰাই আনচোন।"
ছোৱালীজনীয়ে চিলিমতো লৈ ভিতৰ সোমাল। পদূলিত জপনাৰ বাঁহডাল কোনোবাই খৰ-খৰাই আঁতৰাই নিলে।
"কোন অ’ কোন?"
"মই হে" কোমলকৈ মাতি কুৰি বছাৰীয়া ক’লীয়া সোমাই আহিল।
"আহ বোপাই! আহ, বহ।"
কলীয়াই বাৰত ওলোমাই থোৱা ঢাৰি এখন আনি বুঢ়াৰ আগতে বহিল। ৰূপহীয়ে চিলিমটো বুঢ়াৰ হাতত দি গ’লহি। ক’লীয়াই ঘনাই ঘনাই চালে-বৰ ধুনীয়া-বেছ্‍!
ৰান্ধনিঘৰপৰা মাতিলে-"অ’ বোপাই ক’লাই নে?"
"হয় আই।"
"ৰবি বোপাই! তামোল এখন খাই যা।"

হাতত তামোলৰ বঁটাটো লৈ ৰূপহীৰ মাক আহি ক’লাইৰ আগতে লৈ খচ্‌ খচ্‌ কৰে তামোল কাটিবলৈ ধৰিলে। বুঢ়াই কুহুৰ কুহুৰকৈ কাহি, গহীনাই গহীনাই ক’লাইক এটি-দুটিকৈ কথা সুধিবলৈ ধৰিলে। ক’লায়েও তাৰ যথাযথ উত্তৰ দি যাবলৈ ধৰিলে। বুঢ়ীয়েও মাজে মাজে ’এৰাতো’’হয়তো’ বুলি যাবলৈ ধৰিলে। এনেতে বলিয়া সুৰেৰে দূৰৰ কদম গছজোপাৰ ওপৰৰপৰা কোনোবাই চিঞৰি ৰাগ টানিলে-

কদম তলতে বহি
ক’লীয়াই
বাঁহৰে বাঁহী বজাই,
দূৰতে ৰাধিকাই
কাষতে কলহ লৈ
উভতি বেঁকাকৈ চায়।।


বুঢ়াই ক’বলগীয়া কথা গহীনাই কৈ গ’ল। ডেকাই শুনি গ’ল। বুঢ়ীয়ে হয় দি গ’ল। মাথোন কি হ’ল? হাতৰপৰা কটাৰি সৰি পৰিল। বুকুখন কঁপি উঠিল। টিহু এহাত দূৰৈত বাগৰি ৰ’লগৈ। ৰূপহীয়ে পাছদুৱাৰেদি বাহিৰত থিয় দিলেগৈ। বলীয়া সুৰ আকৌ আকাশ-পবন ভেদ কৰি উঠি আহিল।


নকৈ ফুলি অহা
তগৰৰ পাহিটিত
কিনো পোক পৰিলে উৰু?
কিয় জোনাবাই
হাঁহ মিচিকাই
হিয়া মোৰ তাপতে পুৰি?

গীত লাহে লাহে উটি গ’ল। লাহে লাহে এটি বাঁহীৰ সুৰ উটি আহি গছ-গছনি সজাগ কৰি তুলি আকৌ নিজম হৈ গ’ল। উত্‌সুক কঁপা হিয়াখনিৰে ৰূপহী ভিতৰ সোমাই আহিল। তেতিয়া বুঢ়াই গলহেকাৰি মাৰি ভিতৰলৈ আহিব ধৰিছে। ক’লীয়া যোৱা বাতৰি জপনাৰ বাঁহৰ খৰখণিয়ে ৰূপহীক জনাই দিছে। জোন ডাঙৰ আঁহতৰ আঁৰ হৈছে। চোতালত অলপ এন্ধাৰ পৰিছে। ৰান্ধনিঘৰৰ আঞ্জাই লুভীয়া বুঢ়াৰ মন অলপ চঞ্চল কৰি তুলিছে।

"হাজৰিকা! তেন্তে অহা বহাগৰ সোতৰ তাৰিখ মঙ্গলবাৰেই হওক। আমাৰ পুৰোহিত বাপুৱে চাই বৰ ভাল দিন বুলিছে।"
বুঢ়া হাজৰিকাই ধপাতত দীঘলকৈ হোপা মাৰি নাকে-মুখে ধোঁৱা উলিয়াই"অঁ অঁ হ’ব হ-ব। ভালেই দিন। মোৰ সন্মতি সম্পূৰ্ণ আছে।"
হাতীবৰুৱাই হোকাৰপৰা ধোঁৱা উলিয়াই ক’লে, "এৰা, ক’লীয়ায়ো খেৰসুঁতিত পাম এখন লৈ তালৈকে যাবলৈ ঠিক কৰিছে।  বহাগত বিয়াখন কৰি জেঠত তালৈ গৈ খেতি-বাতিত মন দিব পাৰিব। এইবাৰ পাঁচটামান হালোৱাও পোৱা হৈছে।"
হলিৰাম বৰমেধিয়ে ক’লে, "এৰা, বৰ ভাল কথা। ল’ৰা-ছোৱালীৰ বেছ যোৰ হৈছে। আমাৰ হাজৰিকাৰ ছোৱালীজনীও সকলো কামতে পৈণত, ৰূপতো দীপলিপ।"
বুঢ়া হাজৰিকাই মূৰ জোকাৰি ক’লে, "হয়, হয়, তাই বোৱা-কটা, ৰন্ধা-বঢ়াত এই অঞ্চলৰ সকলো ছোৱালীক চেৰ পেলাব। ইয়াকে ক’লো মই।"
সকলোৱে "হয় হয়, নিশ্চয় নিশ্চয়" বুলি শলাগিলে।

বিয়াৰ দিন থিৰ কৰি সমজুৱাৰ সৈতে হাতীবৰুৱা উঠি গ’ল। বুঢ়া হাজৰিকাই বহিবলৈ দিয়া কঠবোৰ এহাতেৰে সামৰি আন হাতেৰে ধপাত হুপিবলৈ ধৰিলে। এনেতে ঘৰৰ ঘৈণী ওলাই আহিল।
"পিছে কি হ’ল?"
"পিছেনো কি হ’ব আৰু? বিয়াৰ দিন-বাৰ ঠিক কৰি গৈছে। আমাৰ সকলো যতাবলৈ দিহা কৰিব লাগে।"
"কাহানিনো?"
"বহাগৰ সোতৰ দিন যোৱাত। মঙ্গলবাৰ পৰিছে।"
বুঢ়ীয়ে চলিত মাহৰ দিনকেইটি আঙুলিৰ মূৰত লেখি ক’লে, "আৰু একুৰি পোন্ধৰ দিন।"
কথাকেইষাৰিয়ে ভিতৰৰ কাৰোবাক চমক খুৱাই তুলিলে হ’বলা?

বাসন্তী পুৱা। বেলি তেতিয়া পূব গগনৰ আঁৰ। লুইত ফটফটীয়া। স্তব্ধ-নীৰৱ। গছ-গছনিবোৰ শান্ত। তলসৰা বকুলৰ গোন্ধ তেতিয়া তীব্ৰ। মলয়া তেতিয়া স্নিগ্ধ। গোটেই জগত তেতিয়া এক কোমল সৌন্দৰ্য্যত অভিভূত। গাঁৱৰ মানুহ তেতিয়া একেবাৰে সজাগ নহয়-মাত্ৰ এটি-দুটি উঠিছে।
ৰূপহীয়ে ঠাই সাৰি, কলহটো হাতত লৈ নৈৰ পাৰলৈ খিদিছে, কিন্তু সেই নিজম পুৱতি নিশা কাৰ গীত-কোনে গাইছে?

পুৱতি নিশাৰে
বকুল ফুলেকিটি
কিয় তলে সৰি যাৱ?
গাভৰুৰ ডিঙিতে
কিনো ৰং চৰাই তই
খোপাতে কোনো সুখ পাৱ?

ৰূপহী থমকি ৰ’ল। তাৰ পিছত মনটোত এটি অনন্দৰ ঢৌ খেলি গ’ল। হাতত কলহেৰে সৈতে লাহে লাহে আগবাঢ়ি গ’ল। দূৰৈৰ ওখ শিল এটাৰপৰা লাহে লাহে ধুনীয়া ডেকা এটা ৰূপহীৰ ওচৰ চাপি আহিল। তাৰ মুখত হাঁহি নাই। মনত বেজাৰ।
****
ৰূপহীয়ে বকুল ফুল আৰু দুটামান কোঁচত ভৰাই ক’লে, "বেণু! মইনো আৰু কি কম? পিতাইক তইনো এবাৰ কৈ নেচাৱ কিয়?"
"ৰূপ! মই যে দুখীয়া! মোৰ যে ঘৰ নাই-টিঙৰ ঘৰ। মোৰ যে ম’হৰ খুটি নাই। পাঁচওৰ বলদ নাই। ডাঙৰ খাট-পাম নাই। মই-।"
ৰূপহীয়ে এ টা হুমিনিয়াহ কাঢ়িলে।
"ৰূপ! মোক তোৰ মনৰপৰা মচি পেলা। মোৰ এই সুন্দৰ ধুনীয়া চেহেৰাইতো তোৰ পিতাৰক ঘূৰাব নোৱাৰে। তোৰ পিতাৰক লাগিব ৰূপ-বগা বগা ৰূপ। কিন্তু ৰূপ! তোক এমুথি খুৱাবলৈ মোক ঈশ্বৰে শকতি দিছে ৰূপ! পিছে-?"
ৰূপহী নীৰৱ।
"বিয়াৰ দিন কাহানিকৈ?"
"বহাগৰ সোতৰ দিন যোৱাত।"
"ভাল হৈছে, তই সুখত থাকিলেই মোৰ সুখ। ৰূপ! মই ভিকহু, তোক সুখ ক’ত দিব পাৰিম?"
ৰূপহীয়ে মনটো ডাঠকৈ ক’লে, " মই ক’লাইত বিয়া নোসোমাওঁ।"
বেণুৱে এটি গৌৰৱ অনুভৱ কৰি ৰঙা পৰিল। "তই নোসোমাওঁ বুলিলেই হ’বনে? তোৰ--"
ৰূপহীয়ে কলহটোত পানী ভৰাবলৈ নামি গ’ল।
বেণুৱে সেই সিন্দৰ মুখখনিলৈ চাবলৈ ধৰিলে। ৰূপহীয়ে পানী লৈ উঠি আহিল। কলহটো থ’লে। আঁচলৰপৰা ফুলবোৰ পেলাই দি ক’লে, "বেণু! মোক ভাল ফুল দুপাহমান পাৰি দে।"
বেণুৱে উত্‌সাহেৰে গছৰ ডালত ধৰি বগাই উঠি গ’ল। ডাল জোঁকাৰ খালে। ফুল সৰিবলৈ ধৰিলে। ৰূপহীয়ে ফুল বুটলি বুটলি ভাগৰি গ’ল। বেলিও ওলাই আহিল। ৰূপহীয়ে আঁচলৰপৰা কিছু ফুল লৈ বেণুক দিলে। বেণুৱে আগ্ৰহেৰে শুঙি চালে। আহাঁ--!
"বেণু! মই যাওঁদেই, বেলি হৈছে। আই উঠিব পায় চাগৈ।"
বেণুৱে নেমাতিলে। নীৰৱে চাবলৈ ধৰিলে। ৰূপহীয়ে বৰ কৰুণ নয়নেৰে এবাৰ বেণুলৈ চাই খোজ দিলে।
কলহৰপৰা পানী উচলি পৰি ৰূপহীৰ গা তিয়াই গ’ল। বেণুৱে সৰগপৰা মানুহৰ দৰে চাই থাকিল। ৰূপহী লাহে লাহে গছৰ আঁৰ হৈ গ’ল। বেণুৱে উভতি গীত ধৰিলে--

কিনো বাণ মাৰিলে
হিয়া মোৰ ভাঙিলে
তাপতে পুৰি-ডেই যাওঁ,
বহাগৰ বিহুটি
উকা হৈ যাবগৈ
কেনেকৈ চেনেহীক পাওঁ?

নৈৰ মাজত ডকাই চিঞৰি উঠিল। বেণুৱে চক খাই চালে। নাও এখন পাক খাই লুইতৰ বুকুত মাৰ গৈছে। ডকাই আকৌ ভীষণ আৰ্তনাদ কৰি চিঞৰি উঠিছে।
কু-উ। কুলিটো উৰি গ’ল। নতুন বছৰৰ ওলগ জনাই মিচিকাই হাঁহি মাৰি বেলিটি ওলাই আহিল। মলয়া বৈ আছিল। গছ পাত লতাই লৰি লৰি নতুন দিনতিক সাবটি ল’লে। বসন্তই নিজৰ সেউজীয়া সোণোৱালী ৰং-চৰোৱা তুলিটিৰে শেষ ৰেখা আঁকি চিত্ৰলেখাৰ বাবৰপৰা অৱসৰ লৈ ভাগৰ জুৰাবলৈ উৱলা গা-টিৰে বাসন্তী পুৱাৰ নতুন ৰ’দ-কাঁচলিত এটি তুলিৰে শেষ আঁক মাৰি পূব মলয়াত গা জুৰ কৰিবলৈ উৰি গ’ল। আনন্দ দেৱতাই হাঁহিৰ এটি ৰেখা মৰতলৈ পঠিয়াই দিলে। আজি ৰঙালী বিহু। কুলিটোৱে আকৌ সিজোপা গছৰপৰা মাতিলে-কু-উ-কু-উ।
গাভৰুৱে খোপাত কপু ফুল পিন্ধি লাহ-বিলাহকৈ ওলাই গৈছে। ডেকাই মূৰত ন-গামোচা মাৰি আনন্দত তিনি দেও দি ঢোলত চাৰি চাপৰ মাৰিছে। তাকে শুনি নাচনী গাভৰুৰ কঁকালটো সাতখন-আঠখন কৰিছে। বুঢ়ীয়ে ভিতৰত পিঠাপনা ভাজিছে। বুঢ়াই গোঁসাইঘৰত নাম লৈছেগৈ। আদহীয়াই গোট খাই দুখৰ-সুখৰ কথা পাতিছে। ৰূপহীয়ে মাকৰ আলপৌচান ধৰি ছেগ বুজি নকৈ লগোৱা গামোচা এখন পেৰাৰপৰা উলিয়াই আনিলেগৈ। তাই আলিকাষলৈ ওলাই গ’ল।
"বাইটি! ক’লৈ যাৱ?"
"অ’ মনাই নে?শুনচোন।"
" কি বাইটী?"
ৰূপহীয়ে কাপোৰৰ তলৰপৰা গামোচাখন উলিয়াই মনাইৰ হাতত দি ক’লে, "এইখন ককাইটিয়েৰক দিবিগৈ-দেই।"
মনায়ে তিনি দেও দি লৰ ধৰিলে। ৰূপহী চাই চাই নেদেখা হ’লত উভতি আহিল। সৰু নৈখন জুৰজুৰকৈ বৈ গৈছে। ওপৰেদি চৰকাৰী ক’লা আলকতৰা সনা কাঠৰ দলংখনত বেণুৱে হাতত বাঁহিটী লৈ ক’লীয়া গোঁসাইৰ ৰূপ ধৰিছে। চাৰিওফালে সমনীয়াই দেও দি নাচিছে। মাজে মাজে কিৰীলি মাৰি মাৰি ল’ৰাখনে গাইছে-

ৰঙালী বিহুটি
আহিল ৰঙে কৰি
কৰাই পিঠাগুৰি খাওঁ,
ঘৰমুৱা হৈ
আবেলি পৰতে
চেনেহীক চুমা দি যাওঁ।

"ককাইটি! ৰূপ বাইটিয়ে এইখন গামোচা দি পঠাইছে।"
বেণুৱে থাপ মাৰি গামোচাখন হাতৰপৰা লৈ মুখত লগাই অলপ নীৰৱ হ’ল। মূৰত মাৰি আকৌ হাতত বাঁহীতি লৈ ল’ৰাৰ লগত পাক দিবলৈ গ’ল।
ন বছৰৰ ন দিনে ঘৰে ঘৰে ন ৰং চৰাই যাবলৈ খোজ দিলে। ঢোলৰ মাতো লাহে লাহে কমি আহিল। গধূলি গৰুৰ ’হাম্বা,’ ’হাম্বা’ ৰৱে গাঁওখনৰ নীৰৱতা ভাঙিলে। গৰখীয়া ল’ৰাৰ বাঁহীৰ মাত এবাৰ-দুবাৰ বাজি উঠিল। দূৰৰ ম’হ-গুৱালৰ এটা-দুটা চিঞৰে নৈৰ পাৰৰ ম’হবোৰৰ কাণ থিয় কৰি তুলিলে। গধূলি হৈ আহিল।
ৰূপহীয়ে হাতত কলটো লৈ পানী আনিবলৈ খোজ দিলে। ৰূপহীৰ গাত আজি নতুন ৰিহা, নতুন মেখেলা, মূৰত কপৌ ফুল, কপালত সেন্দুৰৰ ফোট, মুখত কেৱল নাই হাঁহি। ৰূপহী এখুজি-দুখুজিকৈ নৈৰফালে গুচি গ’ল। গাঁৱৰ ডেকাই ভেবা লাগি চাই ৰ’ল। ক’লীয়াই দেখি মনতে অলও গৌৰৱ অনুভৱ কৰি গ’ল। হেকাৰি মাৰিলে। লাহে লাহে ৰূপহী বিৰিণাৰ আঁৰ হৈ গ’ল।
****
ৰূপহী পানীত। এবুকু পানীত। কলহটো ওচৰতে ওপঙি আছে। ওচৰৰ শিলটোতে বেণুৱে বৰশি পেলাইছে।
"বাৰু ৰূপ! ক’লীয়াই তোৰ লগত কথা পাতিছিলনে?"
"নাই--"
"ক’লীয়ানো কি বেয়া?"
বাধা দি তাই ক’লে, "বেণু! মোক নক’বি। তাৰ কথা মোক নক’বি" বুলি চকুপানূ টুকিলে। বেণুৰ মনটোত অলপ বেজাৰ লাগিল।
"বাৰু ৰূপ! তই যদি মোক ইমান ভালপাৱ, মোৰ লগত যাবিনে?"
"ক’লৈ?"
"আন ঠাইলৈ দুয়ো গুচি যাম। তোকনো মই যেনেতেনে খুৱাব নোৱাৰিমনে?"
ৰূপহী অলপ নীৰৱ হৈ ৰ’ল। বুঢ়া বাপেকৰ মুখ, এবাৰ মাকৰ মুখ তাইৰ মনত পৰিল। হঠাত্‌ ক’লে, "বেণু! যাম। তই য’তে মৰগৈ ময়ো তাতে মৰি। যাম।"
বেণুৱে কি ক’ব একো থিৰ কৰিব নোৱাৰিলে। একেথৰে ৰূপহীলৈ চাবলৈ ধৰিলে।
"বেণু! কাহানিকৈ যাবি? বিয়ালৈ আৰু সোতৰ দিন আছে।"
বেণুৱে চমক খাই উঠিল "ৰূপ এ!"
"বেণু! ৰ’বি, এন্ধাৰ হৈছে। মই গাটো তিয়াই লওঁ।"
ৰূপহীয়ে বুৰ মাৰিলে। বেণুৰ চুলিৰ আগেদি জীঅ উৰি গ’ল। নৈত জাঁপ মাৰি পৰিল--ৰূপহীৰ কলহটো দূৰলৈ উটি সোঁতত ভাহি গ’ল।
"ৰূপ! ৰূপ!" ৰূপহীৰ ভেলটোৱে চকু দুটা মুদি বেণুৰ আগত মাত্ৰ পৰি ৰ’ল।
"ৰূপ! ৰূপ! অ’ ৰূপ! মোক এৰি তই ক’লৈ গ’লি ৰূপ?"
ৰূপহীয়ে নেমাতিলে--আৰু এই জনমলৈ নেমাতিব।
"ৰূপ! ৰূপ!--" বেণুৰ শোকে খুন্দা মাৰি ধৰিলে। চকুৱেদি লো বাগৰি পৰিল। এটি প্ৰবল শোকৰ উচ্ছাস উঠি ওপৰলৈ উৰিগ’ল। সি সকলোকে ক’লেগৈ--
"মোৰ হিয়া শূন্য!--মোৰ হিয়া শূন্য!"
বেণুৱে ৰূপহীৰ নীঅৱ স্পন্দনহীন বুকুত মূৰটো গুঁজি উচুপি উচুপি কান্দিবলৈ ধৰিলে। দূৰত গৰখীয়াই ঘৰলৈ গৰু খেদি ৰাগ টানিলে--

বেলি মাৰে গলে
আন্ধাৰী ৰাতিয়ে
পৃথিৱীত ভৰিটি থলে,
বগী ৰাধিকায়ে
ঘৰলৈ খোজে দি
ক’লাৰ হিয়া উৰুৱাই গলে।
<poem/>

[[শ্ৰেণী:জ্যোতিপ্ৰসাদ আগৰৱালাৰ গল্প]]