Revision 4462 of "মণিৰাম দেৱানৰ গীত" on aswikisource{{header
| title = মণিৰাম দেৱানৰ গীত
| author = অনামী
| translator =
| section =
| previous =
| next =
| year =
| portal =
| wikipedia = মণিৰাম দেৱান
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes = মানুহৰ মুখে-মুখে প্ৰচলিত হৈ অহা মণিৰাম দেৱানৰ জীৱনভিত্তিক এই বেলাড বা কাহিনী-গীতটো বেণুধৰ শৰ্মা ৰচিত আৰু মানুহ প্ৰকাশন, ৰিহাবাৰী, গুৱাহাটী-৭৮৫৬৯০ ৰ দ্বাৰা ১৯১৫ শকত প্ৰকাশিত 'মণিৰাম দেৱান' শীৰ্ষক গ্ৰন্থৰ (পৃঃ ৩১৭-৩২৩) পৰা সংগ্ৰহ কৰা হৈছে।
}}
:::::১
::আই সৰেচতী দেৱী পাৰেৱতী
::তোমালৈ বঢ়াই যাওঁ চাউল,
::পাহৰা পদকে সোঁৱৰাই দি যাবা
::গীতৰ ভাঙি যাবা আউল।
:::::২
::চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ
::পাৰ্ৱতীক সেৱা কৰো,
::ভৰলী আইকো কৰোঁ সাত সেৱা
::মণিৰামৰ ভণিতা জোৰোঁ।
:::::৩
::কোনে বোলে জীলে,
::ইংৰাজে দেশখন
::আকৌ আমাক দিলে
:::::৪
::কোনো বোলে চৰিল,
::ইস্কট চাহাবেৰে সখি কৰিলে।
::চাহাবে কলেহি বুজাই,
::অসম দেশ লব লাগে
::বৰ লুইতে উজাই।
:::::৫
::নহ'বলৈ হ'ল
::অসম দেশ গুচি
::বঙাল দেশ হ'ল।
::নহ'বলৈ হ'ল
::ইংৰাজ উঠা দেখি
::ৰাইজৰ মন ভাল হ'ল।
:::::৬
::মনে গুণি চালে-
::মণিৰাম দেৱানক মন্ত্ৰী বাব দিলে
::অনেক গুণনি ধৰিলে দেৱানদেৱৰ
::ভাটীলৈ ভটিয়াই গ'ল।
::বঙালৰ ঘৰতে আপালি মিলিল ঐ
::দেশখন তল-ওপৰ হ'ল।
:::::৭
::ৰূপৰ তোলোথা সোণৰ দোৰ্পতি
:::বহি বৈ আছিলো তাঁত,
::লাহে-লাহে কৰি মণিৰাম দেৱানে
:::লগায় পটেশ্বৰীক মাত।
:::::৮
::পানী আন ব'মৰ মাক
::ভাত আন ব'মৰ মাক,
::মই যাওঁ বঙাল দেশলৈ।
:::::৯
::গাটি মোৰ ৰঙে চং
::খোপাতে মোৰ বালি চং
::চ'ৰাতে নো মূৰে যুঁজায়
::কলৈ নো মোৰ স্বামী যায়।
:::::১০
::কান্দিবলৈ ধৰিলে তুলাৱতী গাভৰু
:::মণিৰামৰ মুখলৈ চাই
::গাৰ মঙ্গহ লৰে, সোঁ চকু লৰিছে
:::কাউৰীজনীয়ে খায়।
:::::১১
::এ- দেউ ৰ'ল
::চ'ৰা মাৰি দেৱানদেৱ
::ভটিয়াই গ'ল।
::নগৰৰ হ'ল বাজ
::পোনাই গৈ পালেগৈ
::চিলমাৰী ৰাজ।
::এ- দেউ
::কিনো মাছ মাৰিবৰ শল।
::চিলমাৰীতে দেৱানৰ
::আদ বছৰ গ'ল।
:::::১২
::মিৰিটি কান্দিলে কান্দে মিৰিয়নী
:::লুইতৰ বালিলৈ চাই,
::মণিৰাম দেৱানে কান্দে কলিকতাত
:::ৰংপুৰ জিলালৈ চাই।
:::::১৩
::বৰা ধানৰে নৰা মোৰ দেউতা
:::বৰা ধানৰে নৰা,
::মণিৰাম দেৱানৰ অমঙ্গল মিলিল ঐ
:::ওলাল নেজলগা তৰা।
:::::১৪
::এদিন দুদিনকৈ দিনে চাৰি গ'ল
:::আমঠু পৰি গ'ল ক'লা,
::যঁতৰত সূতা কাটে বিনন্দিনী গাভৰু
:::যঁতৰত নুঘূৰে শলা।
:::::১৫
::ৰৈ নো ৰৈ কান্দিলে বৃন্দাৱনী গাভৰু
:::তামৰ ঘৰৰ মুখলৈ চাই
::তামৰ ঘৰ আছে দেও, স্বামী নাইকীয়া
:::কোনে নিলে মণিৰামক পাই।
:::::১৬
::চম্পাৱতী গাভৰুৰ সেন্দুৰ মচে খালে
:::ঘনে সোঁহাত লৰে,
::কাউৰীয়ে ৰমলিয়ায় ফেঁচাই কুৰুলিয়ায়
:::সপোনত আগদাঁত সৰে।
:::::১৭
::দেশ পাতিবলৈ ওলালি মণিৰাম
:::জঁতৰাই মাৰিলে হাঁচি
::লগৰ সমনীয়াই শতৰু শালিলে
:::ললি যোৰহাটত ফাঁচী।
:::::১৮
::ৰজা পাতিবলৈ ওলালি মণিৰাম
:::জঁতৰাই মাৰিলে হাঁচি,
::ল'ৰাকৈ তিৰুতা এথানিত পেলালি
:::ললি যোৰহাটত ফাঁচী।
:::::১৯
::মণিৰাম গৈছিলে বঙালৰ দেশলৈ
:::ৰংপুৰত মাৰিলে হাঁচি,
::কাণৰ গুণা ছিগি অমঙ্গল মিলিল ঐ
:::দিলে যোৰহাটত ফাঁচী।
:::::২০
::চিৰিপ্ চিৰিপ্ কৰি
::চাহাব গৈ আছিলে
::মণিৰাম গৈছিল নাৱত,
::মণিৰাম দেৱানে টাংগুটি খেড়োতে
::পিছলি পৰিল খালত।
:::::২১
::এপিনে পাৰ হল মৰিকৈ মিছিমি
:::এপিনে পাৰ হ'ল ডোম,
::এপিনে পাৰে হ'ল মণিৰাম দেৱান ঐ
:::পিছলি পৰিলে খালত।
:::::২২
::ভটীয়াই গলেগৈ উজনীৰ মণিৰাম
:::বাটত খাই গ'ল জৰা,
::মণিৰামৰ বাটৰি নেপাওঁ ভালে কৰি
:::যংতৰৰ নুঘুৰে শলা।
:::::২৩
::মণিৰাম দেৱানে 'ভাট' ফকিৰক
:::চিঠি দি পঠিয়াই দিলে,
::দিচৈ নৈৰ পাৰতে পৰ্বতীয়া বৰুৱাই
:::ফকিৰক ধৰোৱাই দিলে।
:::::২৪
::তৰাণিৰ মাজৰে গান্ধী ঐ মণিৰাম
:::তৰাণিৰ মাজৰে গান্ধী,
::যেতিয়াই পালেগৈ হাওলাট চাহাব
:::তেতিয়াই আনিলে বান্ধি।
:::::২৫
::হাবিৰ ডলীয়া বেত মোৰ দেউতা
:::হাবিৰ ডলীয়া বেত,
::মণিৰাম দেৱানক বান্ধি-ছাটি লৈছে
:::গোৰোহাই বৈ যায় তেজ।
:::::২৬
::উজায়ে আহিলে মণিৰাম দেৱান ঐ
:::বাটত কিনি খালে আখৈ,
::খৰকৈ যোৱাগৈ ব'মৰ মাকক কোৱাগৈ
:::মূৰতো নিদিব কাকৈ।
:::::২৭
::ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম
:::সোণৰ ধোঁৱাখোৱাত খালি,
::ৰজা হবলৈ ওলালি মণিৰাম
:::ডিঙিত ছিপেজৰী ললি।
:::::২৮
::আজি কি বাৰ গুৰু বৃহপতি
:::কালি কি বাৰ শুকুৰ,
::মণিৰাম দেৱানৰ অমঙ্গল মিলিত ঐ
:::চালতে বগালে কুকুৰ।
:::::২৯
::উজায়ে আহিলে কাকতি-ফৰিঙে
:::বৰতী (ব্ৰডী) চাহাবৰ দিনত,
::মাহে সৰিয়হ চপাই খাই গ'ল
:::পকা ধান নেখালে ঘিণত।
:::::৩০
::উজায়ে আহিলে মণিৰাম দেৱানঐ
:::মাজুলীত চটালে চটি,
::ৰংপুৰ জিলাৰে বৰশী আনিলে
:::ডিঙিত চিপে জৰী দিলি।
:::::৩১
::ছ অৰা নাও লৈ লালেবন্দী দিবলৈ
:::মণিৰাম ভটিয়াই গ'ল,
::পাচতে থাকিলে পিয়ালী বৰুৱা
:::ছকুৰি পাইকৰ খেল।
:::::৩২
::যোৰহাটত নুৰুবি আদা মোৰ কুটুম ঐ
:::গোলাঘাটত নুৰুবি আদা,
::সাটোটা গেৰাজৰ চিপাহী
:::দিলে মণিৰামক খেদা।
:::::৩৩
::মণিৰামৰ বৰে ঘৰ কুঠলি কুঠলি
:::চুঁচৰি সোমালে গুঁই,
::মণিৰাম গৈছিলে দেশ মাৰিবলৈ
:::বন্দুকে নিদিলে জুই।
:::::৩৪
::টেকেলি পৰিবৰ নাদত হৰি হৰি
:::টেকেলি পৰিবৰ নাদত,
::বাগী দি সাৰিলে চৰাৰ চাৰি ফুকন
:::মণিৰাম পৰিলে ফান্দত।
:::::৩৫
::চান্দো লৰিছে সুৰুযো লৰিছে
:::লৰিল বসুমতী আই,
::বাৰ পাল ৰণুৱাই খেদিব লাগিছে
:::মণিৰামৰ কিনো বিলাই।
:::::৩৬
::চোঁতালৰ আগৰে কাঞ্চন ফুল এপাহি
:::নিতৌ একো পাহি সৰে,
::মণিৰাম দেৱানক চাঙলৈ তুলিলে
:::আগতকৈ জেউতি চৰে।
:::::৩৭
::জিলীয়ে কৰিবৰ কা মোৰ দেউতা
:::কাউৰীয়ে কৰিবৰ কা,
::তিনি আলি মূৰতে মণিৰামক মাৰিলে
:::উভতি বলিলে বা।
:::::৩৮
::ফেঁচুৱে কৰিলে চিঁউ মোৰ দেউতা
:::ফেঁচুৱে কৰিলে চিঁউ,
::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
:::আকাশে উৰি গ'ল জিউ।
:::::৩৯
::মণিৰামক মাৰিলে আঁৰ কাপোৰ তৰিলে
:::ওপৰে বগালে চিলা,
::মণিৰামৰ কাম-কাজ কৰিব লাগিলে
:::পামগৈ শদিয়া জিলা।
:::::৪০
::আগনিশা কান্দিলে ঘুঘূঁৰী কপৌ
:::পাচনিশা কান্দিলে ফেঁচা,
::মণিৰাম দেৱানক যোৰহাটত মাৰিলে
:::চেঁচা হ'ল ৰংপুৰ জিলা।
:::::৪১
::মণিৰামক মাৰিলি ভালকে কৰিলি
:::পিয়ালিক মাৰিলি কিয়,
::সেইনো কথা শুনি ৰংপুৰৰ আমোলাৰ
:::আকাশে উৰি গ'ল জীৱ।
:::::৪২
::ৰৈ ৰৈ কান্দিলে চুঙাৰ বাদুলী
:::ৰৈ ৰৈ কান্দিলে জিলী,
::ৰৈ ৰৈ কান্দিলে লগৰ সমনীয়াই
:::মণিৰামক মাৰিলে বুলি।
:::::৪৩
::ভীৰ খাই বগৰি লাগিল,
::মণিৰাম দেৱান মৰিবৰে পৰা
::টেক্সি খাজনা লাগিল।
:::::৪৪
::কান্দিবলৈ ধৰিলে গাঁওৰ বুঢ়া-মেথাই
:::দেৱানৰ কথালৈ চাই,
::সাতৰাজ মাৰি একেৰাজ কৰিলে
:::ললে যোৰহাটত ঠাই।
:::::৪৫
::ভাৱনাত লগালে ম'তা মণিৰাম
:::ভাৱনাত লগালে মতা,
::নগাঁও নৰঙ্গী শবদ ফুটি গল
:::অকল মণিৰামৰ কথা।
:::::৪৬
::লথৌৱে লঠালে পুৰন্দৰে পুৰিলে
:::হৰনাথে মাৰিলে কণ,
::অতক ধনেকৈ নাটিলে মণিৰাম
:::ভাটীলৈ মেলিলি মন।
:::::৪৭
::চালত মলঙিলে চালেদৈ কোমোৰা
:::টেকেলিত মলঙিলে লোণ,
::মাটিত মলঙিলে মণিৰাম দেৱান ঐ
:::নেকান্দি থাকিব কোন।
:::::৪৮
::বালিত জিলিকিলে বালিৰ বালিচন্দা
:::তাতোকৈ জিলিকে সোণ,
::তাতোকৈ জিলিকে মণিৰাম দেৱান ঐ
:::নেকান্দি থাকিব কোন।
:::::৪৯
::অতিকৈ চেনেহৰ মুগাৰ মহুৰা
:::তাতোকৈ চিকুণ মাকো,
::তাতোকৈ চিকুণ মণিৰাম দেৱান ঐ
:::নেকান্দি কেনেকৈ থাকো।
:::::৫০
::ৰজাৰ নাওখন কোৰোকাকুৰুকি
:::ললে ৰৌমাছে কোৰ,
::মণিৰাম দেৱানৰ ফাঁচী হবৰে পৰা
:::চকুলো নুগুছে মোৰ।
:::::৫১
::ই বোলে মণিৰাম, সি বোলে মণিৰাম
:::মণিৰাম কেহেলৈ গ'ল,
::ছকুৰি চিকাৰূপ কঁকালত বান্ধি লৈ
:::মণিৰাম ভটীয়াই গ'ল।
:::::৫২
::মাকে কান্দিলে গঞায়ো কান্দিলে
:::কান্দিলে ডালৰে মিৰি,
::পাটীৰে তিৰুতাই কান্দে বিলাপ কৰি
:::চুলি চিঙি কাতৰে ধৰি।
:::::৫৩
::বৰখন বজাৰৰ তিল অ' মণিৰাম
:::সৰুখন বজাৰৰ তিল,
::মণিৰাম দেৱানক ফাঁচীকাঠত তুলিলে
:::গলিব ধৰিলে শিল।
:::::৫৪
::লেঙি তামোলৰ পুলি ঐ মণিৰাম
:::লেঙি তামোলৰ পুলি,
::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
:::তললৈ নামিলে চুলি।
:::::৫৫
::লৰে মাৰি ভাঙে শলেমাৰি
:::গাহৰিয়ে ভাঙিলে গৰাল,
::শুকুৰবাৰৰ দিনাখন কালক্ষণ লাগিলে
:::হাততে ঐ মণিৰাম হেৰাল।
:::::৫৬
::জিলিকি আহিলে চৰা নাওখনি
:::জিলিকি আহিলে টিং
::তাৰে মাজতে মণিৰাম জিলিকিল
:::গলধনৰ চুলিতে চিন।
:::::৫৭
::বৈ নববি চৈ ঐ মণিৰাম
:::বৈ নববি চৈ,
::উধান যেন খোপা মই বান্ধি পঠিয়াম
:::ৰংপুৰত মেলিবি গৈ।
:::::৫৮
::ম'হত পৰিলে চুটীয়া শালিকা
:::আমত মলিয়ালে মল,
::মণিৰাম দেৱানক যোৰহাটত মাৰিলে
:::বুকু হমহমাই গ'ল।
:::::৫৯
::আঠিয়া কলৰে আখা মণিৰাম
:::আঠিয়া কলৰে আখা,
::মণিৰাম দেৱানক ফাঁচী দি মাৰিলে
:::আমঠু পৰি গ'ল ক'লা।
[[Category:মালিতা]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=4462.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|