Revision 4704 of "কেলেই লাগিছে অনন্ত জীৱন" on aswikisource{{header
| title =কেলেই লাগিছে অনন্ত জীৱন
| author = জ্যোতিপ্ৰসাদ আগৰৱালা
| translator =
| section =
| previous = [[কেতেকীৰ পাহি যেন নিমজ]]
| next = [[কোন সোণ সপোনৰ]]
| year =
| portal =
| wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা
| commons =
| wikinews =
| wiktionary =
| wikibooks =
| meta =
| notes =
}}
<poem>
কেলেই লাগিছে অনন্ত জীৱন
অনন্ত দিনৰে ভৰা
দিনৌ দিনৌ একে জোন বেলি
একে আকাশৰে তৰা
অনন্ত কালৰ অনন্ত মানৱে
কিয় সুঁৱৰিব মোক ?
নতুন মানৱে নতুন কালত
গঢ়োক নতুন লোক ৷
দুদিনলে’ ফুলি দুদিনলে’ হাঁহি
দুদিনীয়া গান গাম
দুদিনতে মই অৰ্ব্বুদ যুগৰ
আনন্দৰ কণা পাম ৷
অমৰ হৈ মৰ্ম্মৰ মূৰুতি
নেলাগে নেগাওঁ মই
দুদিনলে’ মই ইয়ালে’ আহিলো
দুদিনতে যামগৈ ৷
সুঁৱৰিব মোক নালাগে কেৱেই
বেজাৰৰ গীত গাই
অতীতৰ এই আনন্দ কোঠাই
সুন্দৰ হ্মোৰ ঠাই ৷
সৃজিৰ আজীৱন
মাত্ৰ এদিন এখন্তেক
লাগে তোৰ সঙ্গ
এদিনতে কৰি চিৰদিনলৈ
সাৰ্থক জনম
মাগিছে পুত্ৰ-দান
নামানে তোৰ প্ৰতিনিধি
তাতে সমৰ্পি সকলো ভৱিস্য
জুৰাৰ জীৱন
পাব শান্তি আত্মাৰ ৷
কোন সতে তই
কোন প্ৰাণহীন বেদ মানি ?
কাৰ ক’ব হ’ব হানি ?
দিয় যদি কোঠালি ওলাই
চকুপানী মচি
প্ৰণয়াকাঙ্ক্ষিনী পবিত্ৰতাৰ ?
</poem>All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikisource.org/w/index.php?oldid=4704.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|