Revision 4724 of "কেলেই লাগিছে অনন্ত জীৱন" on aswikisource

{{header
 | title      =কেলেই লাগিছে অনন্ত জীৱন
 | author     = জ্যোতিপ্ৰসাদ আগৰৱালা
 | translator = 
 | section    = 
 | previous   = [[কেতেকীৰ পাহি যেন নিমজ]]
 | next       = [[কোন সোণ সপোনৰ]]
 | year       = 
 | portal     = 
 | wikipedia  =  জ্যোতিপ্ৰসাদ আগৰৱালা
 | commons    = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | meta       = 
 | notes      = 
}}
<poem>

কেলেই লাগিছে অনন্ত জীৱন

          অনন্ত দিনৰে ভৰা

দিনৌ দিনৌ একে জোন বেলি

           একে আকাশৰে তৰা

অনন্ত কালৰ অনন্ত মানৱে

            কিয় সুঁৱৰিব মোক ?

নতুন মানৱে নতুন কালত

            গঢ়োক নতুন লোক ৷

দুদিনলে’ ফুলি দুদিনলে’ হাঁহি

             দুদিনীয়া গান গাম

দুদিনতে মই অৰ্ব্বুদ যুগৰ

              আনন্দৰ কণা পাম ৷

অমৰ হৈ মৰ্ম্মৰ মূৰুতি

              নেলাগে নেগাওঁ মই

দুদিনলে’ মই ইয়ালে’ আহিলো

              দুদিনতে যামগৈ ৷

সুঁৱৰিব মোক নালাগে কেৱেই

              বেজাৰৰ গীত গাই

অতীতৰ এই আনন্দ কোঠাই

              সুন্দৰ হ্মোৰ ঠাই ৷

সৃজিৰ আজীৱন

মাত্ৰ এদিন এখন্তেক

                লাগে তোৰ সঙ্গ

এদিনতে কৰি চিৰদিনলৈ

                সাৰ্থক জনম

                মাগিছে পুত্ৰ-দান

                নামানে তোৰ প্ৰতিনিধি

তাতে সমৰ্পি সকলো ভৱিস্য

                জুৰাৰ জীৱন

                পাব শান্তি আত্মাৰ ৷



কোন সতে তই

                 কোন প্ৰাণহীন বেদ মানি ?

                 কাৰ ক’ব হ’ব হানি ?

দিয় যদি কোঠালি ওলাই

                 চকুপানী মচি

প্ৰণয়াকাঙ্ক্ষিনী পবিত্ৰতাৰ ? 
</poem>

[[শ্ৰেণী:জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা]]