Difference between revisions 334348 and 334349 on sourceswiki

২ অধ্যায় - ৰামায়ণৰ বৃত্তান্ত


অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত ।
সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১
চৰাচৰ জগতৰ কুশল কাৰণে ।
ৰামৰূপে অৱতাৰ হৈবা নাৰায়ণে ॥২
বাল্মীকিৰ মুখে সেই দিব্য কথামৃত ।
শ্লোকবন্ধে কৰাঞো সৰ্ব্ব জনত বিদিত ॥৩
তাকে শুনি ভনি সুখে তৰোক সংসাৰ ।
হেন মনে গুণি ব্ৰহ্মা কৰিলন্ত সাৰ ॥৪
(contracted; show full)হৈবন্ত ইক্ষ্বাকু নামে ৰাজা অযোধ্যাত ।
দশৰথ ৰাজা সেই কুলে হৈবা জাত ॥২১
তান গৃহে বিষ্ণু ৰামৰূপে অৱতৰি ।
হৰিবা ভূমিৰ ভাৰ ৰাক্ষস সংহৰি ॥২২
ৰামৰ চৰিত্ৰচয় অমৃত সমান ।
শুনা অনুক্ৰমে ঋষি কহোঁ বিদ্যমান ॥২১
অযোধ্যাত হৈবা দশৰথ নৰেশ্বৰ ।
পুত্ৰ নহৈবেক নৱ হাজাৰ বতসৰ ॥২২