Difference between revisions 334461 and 334490 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} ::: '''৫ম অধ্যায়''' ::: <big>'''ৰাক্ষসৰ কথা'''</big> ::: পদ। নাৰদ বদতি ঋষি শুনিয়ো সাক্ষাত । ক্ষুদ্ৰৰূপে ৰামায়ণ কহিলোঁ তোমাত ॥১ প্ৰপঞ্চ স্বৰূপে তুমি কৰোঁ ৰামায়ণ । ব্ৰহ্মাক স্মৰিলে ব্যৰ্থ নুহিবে বচন ॥২ কহিলোঁহো অল্প কৰি চৰিত্ৰ আমাৰ । শুনিয়ো বৃত্তান্ত আৰু কহোঁ ৰাক্ষসৰ ॥৩ উপজিব ৰাৱণ অদ্ভুত কলেবৰ । দশ মু্ণ্ড কুৰি বাহু দেখি ভয়ঙ্কৰ ॥৪ ঘোৰ তপ আচৰি ব্ৰহ্মাত লৈব বৰ । সুৰাসুৰ লোকত অবধ্য কলেবৰ ॥॥৫ বেদ বিশ্বস্ৰবা বীৰ্য্যে নিকষাত জাত । হৈব তিনি সহোদৰ জগত প্ৰখ্যাত ॥৬ আৰু এক শ্ৰেষ্ঠ ভাই হৈব বৈমাতৰ । ইড়াৰ তনয় কুবেৰ ধনেশ্বৰ ॥৭ বিষ্ণুভক্ত হৈবন্ত কুবেৰ বিভীষণ । হৈব দুষ্ট দুৰ্জ্জন ৰাৱণ কুম্ভকৰ্ণ ॥৮ ৰাৱণৰ হৈব আৰু ভগিনী দুতয় । ত্ৰিজটা হৈবেক বিষ্ণুভক্ত আতিশয় ॥৯ শূৰ্পনখা হৈব আতি পৰম পাপিনী । ধৰ্ম্মাধৰ্ম্ম নাজানিব সিটো ৰাক্ষসিনী ॥১০ বিশ্বকৰ্ম্মে নানা চিত্ৰ কৰিব লঙ্কাত । দ্বতীয় অম্ৰাৱতী যেন দেখিব সাক্ষাত ॥১১ তাতে ৰাজ্য কৰিবা কুবেৰ ধনেশ্বৰ । হৈব লোকপাল ৰাজা যক্ষৰ উপৰ ॥১২ সুবৰ্ণৰ পুৰী লঙ্কা ৰত্নে জাতিষ্কাৰ । নানা চিত্ৰ বিচিত্ৰ প্ৰকাশে ঘৰ দ্বাৰ ॥১৩ নানা উপবনে ফলে ফুলে সমন্বিত । ভুঞ্জন্ত কুবেৰ বহু ভোগ মনোনীত ॥১৪ তপ কৰি ৰাৱণে ব্ৰহ্মাত বৰ পাই । কুবেৰৰ পাশে দুত দিবেক পঠাই ॥১৫ লঙ্কাপুৰী কুবেৰে আমাক দেউক ছাৰি । সুখে যেবে নেদেয় আপুনি লৈবোঁ কাঢ়ি ॥১৬ দূতে এহি কথা কৈব কুবেৰৰ আগে । নকৰিবা বিবাদ কুবেৰ মহাভাবে ॥১৭ দৈত্য অংশ ৰাৱণৰ বিবাদত ৰতি । বিষ্ণু অংশ কুবেৰৰ বিষ্ণুত ভকতি ॥১৮ এতেকে বিবাদ নকৰিয়া ধনপতি । পঠাইয়া মধুৰ বুলি ৰাৱণক প্ৰতি ॥১৯ লঙ্কাপুৰী ৰাজ্য তেজি দিবা ৰাৱণক । যক্ষগণ সমে চলি যাইবা কৈলাসক ॥২০ অলকাৱতী নামে এক পাতিয়া নগৰ । তথাতে ৰহিবা সুখে ধনৰ ঈশ্বৰ ॥২১ লঙ্কাত হৈবেক ৰাজ্য দুৰ্জ্জয় ৰাৱণ । ত্ৰিদশ দেৱক হিংসা কৰিব দুৰ্জ্জন ॥২২ বিশ্বজিসু নামে দৈত্য কুলে হৈব জাত । শূৰ্পনখা ভগিনীকে বিহা দিব তাত ॥২৩ ৰাৱণে কৰিব বিহা কন্যা মন্দোদৰী । ময়দানৱৰ ঝিউ পৰম সুন্দৰী ॥২৪ ৰাৱণৰ পুত্ৰ হৈব নামে ইন্দ্ৰজিত । দেৱে নপাৰিব তাৰ প্ৰতাপ সহিত ॥২৫ ৰথত চৰিয়া যাইব স্বৰ্গক ৰাৱণ । ইন্দ্ৰৰ নন্দন বন কৰিব উছন ॥২৬ দেখিয়া ইন্দ্ৰৰ মহা মৰ্ম্মে দহে মন । কুবেৰক হাতে ধৰি দেখাবন্ত বন ॥২৭ বাসৱৰ বচনে কুবেৰ বুদ্ধিমন্ত । ৰাৱণৰ ঠাই দূত পঠাই দিবন্ত ॥২৮ প্ৰবোধ বচন বুলি পঠাইবা বহুত । ৰাৱণৰ আগে তাক কহিবেক দূত ॥২৯ শুনি মহা কোপে ঝঙ্কাৰিয়া দশমাথ । কুবেৰৰ দূতক কাটিব লঙ্কানাথ ॥৩০ ৰথে চড়ি সাজি ধায়া যাইব লঙ্কেশ্বৰ । যক্ষ ৰাক্ষসৰ ঘোৰ মিলিব সমৰ ॥৩১ কুবেৰ ৰাৱণে ৰণ হৈব ভয়ঙ্কৰ । কৰিব সমৰ তিনি সহস্ৰ বত্সৰ ॥৩২ ব্ৰহ্মাৰ বৰত ভৈলা ৰাৱণ দুৰ্জ্জয় । তাহাৰ বিক্ৰম কাৰ শকতি সহায় ॥৩৩ কুবেৰক জিনি লৈব পুষ্পক বিমান । সেনা সমে চড়ি তাতে কৰিব পয়ান ॥৩৪ মহাবলৱন্ত ৰাৱণৰ সেনাগণ । যুদ্ধে জিনি বশ্য কৰিবেক ত্ৰিভুবন ॥৩৫ যৈতে যৈতে মহা যজ্ঞ শুনয় ৰাৱণ । লুৰি পুলি খায়া দায়া কৰয় উছন ॥৩৬ সুন্দৰী কন্যাৰ কথা শুনে যত মান । বলে হৰি আনিবেক আপনাৰ থান ॥৩৭ অনেক প্ৰহাৰ কৰি সংগ্ৰামৰ মাজ । কৰিবেক বিকৰ্থনা জিনি দেৱৰাজ ॥৩৮ সংযমনী গৈয়া বীৰ ৰাৱণ প্ৰচণ্ড । যম জিনি তান লৈব নাগপাশ ।কাঢ়িয়া লৈবেক যমদণ্ড ॥৩৯ চন্দ্ৰক জিনিয়া তান হৰিবে প্ৰকাশ । বৰুণক জিনি তান লৈব নাগপাশ ॥৪০ তবে ষড়ঋতু সব হৈব বিপৰ্য্যয় । নৱগ্ৰহ সবাৰ খণ্ডাব ভাগচয় ॥৪১ কৰিব অধীন জিনি দৈত্য দানৱক । যুদ্ধে জিনি মন্দ তেজ কৰিব সূৰ্য্যক ॥৪২ অপেস্বৰা গন্ধৰ্ব্বো সেবিব নিৰন্তৰ । ভয়ে মন্দগতি আতি হৈব পৱনৰ ॥৪৩ সমস্তে দেৱৰে খণ্ডাইবেক অধিকাৰ । শুক্ৰক দেখিয়া কিছু কৰিব সত্কাৰ ॥৪৪ নকৰিব জগতক ইঙ্গিত দুৰ্ম্মতি । আপুনি হৈবেক ত্ৰিভুবন অধিপতে ॥৪৫ সমস্তকে ৰাৱণে লগায়া অপমান । ৰামৰ হাতত হৈব সবংশে নিৰ্যাণ ॥৪৬ সংক্ষেপে কহিলোঁ কথা ৰাম ৰাৱণৰ । প্ৰপঞ্চিয়া ৰামায়ণ কৰা মুনিবৰ ॥৪৭ বাল্মীকিক এতেক বুলিয়া দেৱ ঋষি । হৰিগুণ গায় চলি গৈলন্ত হৰিষি ॥৪৮ বাল্মীকিও ৰামৰ চৰিত শুনি কাণে । ভৈলন্ত তৃপিতি যেন অমৃতক পানে ॥৪৯ ৰামায়ণ কৰিবাক ভৈলা তান মতি । এক চিত্তে মুনি সুৰিলা সৰস্বতী ॥৫০ সুপ্ৰসন্ন হুয়া দেবী ভৈলন্ত সাক্ষাত । দেখিয়া বাল্মীকি কৰিলন্ত প্ৰণিপাত ॥৫১ ব্ৰহ্মাৰ আজ্ঞায়ে আমি কৰোঁ ৰামায়ণ । আমাৰ কণ্ঠত মাৱ হুয়োক প্ৰসন ॥৫২ বুলিলন্ত সৰস্বতী মুনিক বচন । থাকিবোহোঁ আমি তযু কণ্ঠে সৰ্ব্বক্ষণ ॥৫৩ তোমাৰ বচনচয় নুহিবে অন্যথা । কৰা সাৱধানে ৰাম অৱতাৰ কথা ॥৫৪ নিস্তৰোক লোক শুনি ৰামৰ চৰিত । এহি বুলি সৰস্বতী ভৈলা অন্তৰ্হিত ॥৫৫ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334490.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|