Difference between revisions 334574 and 334642 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} ::: '''১২ অধ্যায়''' ::: <big>'''শনিৰ দৃষ্টি'''</big> ::: ৰাজ্যভোগে ভূঞ্জে ভাৰ্য্যাসমূহ সহিত । ৰাজ্য চিন্তা নাহি ভৈলা ভাৰ্য্যাত মোহিত ॥১ স্ত্ৰীগণ লৈয়া ক্ৰীড়া কৰয় নৃপতি । হেন কালে আসিলা নাৰদ মহামতি ॥২ নাৰদক দেখি দশৰথ নৰেশ্বৰ । আথেবেথে গাৱ চালি উঠিলা সত্বৰ ॥৩ সুবৰ্ণ আসন দিলা কৰি নমস্কাৰ । পাদ্য অৰ্ঘ্য দিয়া কৰিলন্ত সতকাৰ ॥৪ আশীৰ্বাদ কৰি মুনি বসিলা আসনে । কৃতঞ্জলি কৰি ৰাজা মধুৰ বচনে ॥৫ পুছিলন্ত সাদৰে কুশল আগমন । কহিয়োক মুনি কিবা সাধোঁ প্ৰয়োজন ॥৬ শুনিয়া ৰাজাক বুলিলন্ত মুনিবৰ । ভাল মন্দ চিন্তা তুমি নকৰাঁ ৰাজ্যৰ ॥৭ সূৰ্য্যবংশে ভৈলা যত নৃপতি মহন্ত । পুত্ৰতে অধিক কৰি ৰাজ্য পালিলন্ত ॥৮ সেহি সূৰ্য্যবংশে তুমি নৃপতি প্ৰধান । স্ত্ৰীত ভৈলাহা বাউল চিন্তা নাহি আন ॥৯ যিতো ৰাজা নকৰে লোকক প্ৰতিপাল । হোৱয় অল্পায়ু ভোগ নাহি চিৰকাল ॥১০ তোমাৰ ৰাজ্যৰ লোকে পাৱে বৰ দুখ । নভৈল অপত্য নেদেখিলা পুত্ৰমুখ ॥১১ তুমি সুখে আছা দুখ পাৱে লোক যত । এহি পাপে পাচে পৰিবাহা নৰকত ॥ ১২ ৰাজা বোলে শুনা মুনি বচন আমাৰ । কৰিছোঁ লোকক আমি কিবা অপকাৰ ॥১৩ নাহি দণ্ড বন্ধ বলাবল বৈৰভয় । নাহি পাল পাঞ্চ লোক কুশলে আছয় ॥১৪ নাহি চোৰ চোঞ্চ শত্ৰুভয় অকালত । যেনে অপযশ মোক কৰয় লোকত ॥১৫ নাৰদে বোলন্ত শুনা নৃপতি মহন্ত । শনিৰ দৃষ্টিত পৰি ৰোহনী আছন্ত ॥১৬⏎ ⏎ সম্পূৰ্ণে শনিৰ দৃষ্টি ভৈল ৰোহিনীত । বৃষ্টি নাহি একো শষ্য নোপজে ভূমিত ॥১৭ সি কাৰণ অন্ন দুখ পাৱে লোক যত । আপুনি দেখিয়ো ৰাজা ফুৰিয়া ৰাজ্যত ॥১৮ লোকে যেন বোলে তাক শুনাহা আপুনি । ৰাজাক এতেক বুলি চলি গৈলা মুনি ॥১৯ নাৰদৰ বাণী শুনি পাচে দশৰথ । দক্ষিণ দিশক গৈলা চড়ি নিজ ৰথে ॥২০ প্ৰবেশিলা গৈয়া ৰাজা ঘোৰ অৰণ্যত । নানা মৃগ পক্ষীগণ দেখিলা বনত ॥২১ দিব্য সৰোবৰ দেখিলন্ত মহাবলে । কৌতুকে বসিলা ৰাজা এক বৃক্ষতলে ॥২২ সেহি বৃক্ষডালত শালিকা দুই আছে । তাহাৰ বচন ৰাজা শুনিলন্ত পাচে ॥২৩ শালিকা বোলয় শুনা শালিকী বচন । ই বন এৰিয়া আসাঁ যাওঁ আন বন ॥২৪ শালিকী বোলয় দেখা ই বৰ অকাজ । সপত পুৰুষ বঞ্চো এহি বন মাজ ॥২৫ ইহাক এৰিতে বৰ দুখ লাগে মনে । ই বন এৰিয়া কেনে যাইবোঁ আন বনে ॥২৬ শালিকা বোলয় শুনা গুচোঁ যি কাৰণ । সূৰ্য্যৰ বংশত যত ৰাজা মহাজন ॥২৭ নাজানিলো একো দুখ বঞ্চি সিতো ৰাজে । নিমিলে আধাৰ এবে এত কাল বাজে ॥২৮ জানা দশৰথ ৰাজা অধৰ্ম্ম কৰয় । স্ত্ৰী লৈয়া ক্ৰীড়ে ৰাজা প্ৰজা নাপালয় ॥২৯ ৰাজ্যভোগ কৰে চিন্তা নকৰে ৰাজ্যৰ । সংসাৰতো নতো দেখোঁ হেন নৃপবৰ ॥৩০ ইহাৰ ৰাজ্যত আমি মৰিবোঁ পৰাণে । ই বন এৰিয়া আস যাওঁ আন বনে ॥৩১ আছিলোঁ সুখত একো নাছিল প্ৰমাদ । নানা ফল ফুল পাইলোঁ সুৰস সুস্বাদ ॥৩২ একোনো আধাৰ এবে নাপাওঁ বনত । নাহি বৰিষণ পঞ্চ বত্সৰ ৰাজ্যত ॥৩৩ সুখ দুখ দশৰথে নাজানে ৰাজ্যৰ । ঝাণ্টে গুচি যাওঁ আমি আনো বনান্তৰ ॥৩৪ এহি বুলি শালিকা তলক নিৰখিল । বৃক্ষৰ মূলত দশৰথক দেখিল ॥৩৫ ভৈল ভয় ৰাজাক দেখিয়া বিদ্যমানে । বুলিলোঁ ৰাজাক মন্দ মাৰিব পৰাণে ॥৩৬ পক্ষীৰ দেখিয়া ডৰ হাসি মহাশয় । নকৰ তৰাস বুলি দিলন্ত অভয় ॥৩৭ কৰ অধিকাৰ ইতো বন দিলোঁ তোক । সুখে থাক পক্ষী ভয় নকৰিবি মোক ॥৩৮ এহি বুলি নৃপতি স্বৰ্গক গৈলা লৰি । ইন্দ্ৰৰ ভুবন গৈয়া পাইলা দৰদৰি ॥৩৯ মহা কোপে বুলিলন্ত দেৱতাগণক । জান দেহ আমি যুদ্ধ কৰিবোঁ ইন্দ্ৰক ॥৪০ দেৱগণে বোলে কোপ এৰা মহাৰথ । নকৰিবে যুদ্ধ ইন্দ্ৰে তোমাৰ লগত ॥৪১ হেন শুনি নৰনাথে বুলিলা বচন । ইন্দ্ৰ অধীন ইতো যত মেঘগণ ॥ ৪২ মোহোৰ ৰাজ্যত বৃষ্টি কিসক নকৰে । অনাবৃষ্টি নষ্ট ভৈল ৰাজ্য নিৰন্তৰে ॥৪৩ নাহি পঞ্চ বত্সৰ ৰাজ্যত বৰিষণ । মোৰ অপযশ, দুখ পাৱে প্ৰজাগণ ॥৪৪ বৃষ্টি কৰি কৰন্তোক ৰাজ্য মোৰ ৰক্ষা । নুহি অম্ৰাৱতী জিনি লৈবোঁ মোৰ কক্ষা ॥৪৫ শুনি নৃপতিৰ দৰ্পযুকুত বচন । বাসৱৰ আগে জান দিলা দেৱগণ ॥৪৬ কৃতাঞ্জলি বোলে শুনা ত্ৰিদিশৰ ৰাই । দশৰথ ৰাজা আসি আছে তযু ঠাই ॥৪৭ অপমানে গৰ্ব্ববাক্য বোলয় কৰ্কশ । অনাবৃষ্টি দেখি দেন্ত তোমাক দুৰ্যশ ॥৪৮ বাসৱে বোলন্ত হুয়া আপুনি মানুষ । মোক মন্দ বাণী বুলি দেখাৱে পৌৰুষ ॥৪৯ নকৰিবা অহঙ্কাৰ বোলে দেৱগণ । পাদ্য অৰ্ঘ্য দিয়া তাঙ্ক কৰিয়ো পূজন ॥৫০ তাঙ্ক কোন জনে জিনিবেক সমৰত । পৰম বিক্ৰমী নানা অস্ত্ৰত পাৰ্গত ॥৫১ কৰাহা আলাপ তাঙ্ক মধুৰ বচনে । সতকাৰ পাইলে তাপ নাবাঢ়িব মনে ॥৫২ মনে অনুমানি ইন্দ্ৰ দেৱতাৰ বাক । পাদ্য অৰ্ঘ্য দিয়া পূজা কৰিলা ৰাজাক ॥৫৩ সতকাৰ পায়া দশৰথ নৃপবৰ । ইন্দ্ৰক বোলন্ত শুনিয়োক পুৰন্দৰ ॥৫৪ মোহোৰ ৰাজ্যত কেনে নাহি বৰিষণ । অনাহাৰে মৰে লোক কহিয়ো কাৰণ ॥৫৫ ইন্দ্ৰে বোলে শুনা ৰাজা কৰি থিৰ চিত । সম্পূৰ্ণে শনিৰ দৃষ্টি ভৈল ৰোহিনীত ॥৫৬ সিহেতু নাহিকে বৃষ্টি তোমাৰ ৰাজ্যত । শনিৰ পাশক তুমি যাহা মহাৰথ ॥৫৭ বুলিবা ছাৰোক শনি ৰোহিনীৰ দৃষ্টি । তেবেসে তোমাৰ ৰাজ্যে হৈবে জানা বৃষ্টি ॥৫৮ শুনি দশৰথে বাসৱৰ বচনক । ৰথে চড়ি লৰি গৈলা শনিৰ পাশক ॥৫৯ দশৰথ নৃপতিক দেখিয়া আগত । চাহিলেক শনি কোপ কৰিয়া মনত ॥৬০ ছিণ্ডিল ৰথৰ জোৰা শনিৰ দৃষ্টিত । ঘোঁৰা সমে পৰে ৰাজা হুয়া বিমোহিত ॥৬১ পাকে পাকে পৰে ৰাজা হুয়া অচেতন । কৰে তাঙ্ক ৰক্ষা হেন নাহি একো জন ॥৬২ গৰুড় তনয় পক্ষী জটায়ু মহন্ত । পৰে দশৰথ ৰাজা তাঙ্ক দেখিলন্ত ॥৬৩ পৰম পূজনী ৰাজা লোকত বিদিত । ভূমিত পৰিলে হাৰ হোৱে চূৰ্ণাকৃত ॥৬৪ ধৰোঁ পিঠি পাতি দশৰথ মহাৰাজ । থাকিবেক কীৰ্ত্তি মোৰ ত্ৰিভুবন মাজ ॥৬৫ বিষ্ণু সমসৰ ৰাজা ধৰ্ম্ম অৱতাৰ । পিঠি পাতি লৈয়া আজি কৰোঁ উপকাৰ ॥৬৭ এহি বুলি পাখা পাতিলন্ত পক্ষীবৰ । পৰিলন্ত ৰাজা তান পাখাৰ উপৰ ॥৬৮ ঘোঁৰায়ে সহিতে পৰি নমৰিলা প্ৰাণে । ৰহিলা নৃপতি পক্ষীৰাজৰ নিদানে ॥৬৯ ভৈলন্ত সুস্থিৰ নৰনাথ কতোক্ষণে । মৰি উপজিলা হেন নৃপতিৰ মনে ॥৭০ নাহিকে বান্ধৱ আন পক্ষীৰ সমান । এহি বুলি কৰিলন্ত পক্ষীক সন্মান ॥৭১ নানা স্তুতি কৰি ৰাজা বুলিলা বচন । মহাবলৱন্ত পক্ষী তুমি মহাজন ।৭২ আকাশৰ হন্তে পৰি যাওঁ যমঘৰ । পিঠি পাতি আমাক ৰাখিলা পক্ষীবৰ ॥৭৩ এৰাইলোঁ দুৰ্গতি প্ৰাণ ৰাখিলা আমাৰ । নাহি ত্ৰৈলোক্যত হেন কৰে উপকাৰ ॥৭৪ কিবা পিতামহ ৰঘু অজ পিতৃ মোৰ । তযু উপকাৰ কথা কহি নাপাওঁ ওৰ ॥৭৫ মহাবলবীৰ্য্যে তুমি বিষ্ণু অৱতাৰ । তযু্ প্ৰসাদেসে প্ৰাণ ৰহিল আমাৰ ॥৭৬ কোন কুলে জাত তুমি কাহাৰ তনয় । কিবা নাম তোমাৰ দিয়োক পৰিচয় ॥৭৭ শুনি বুলিলন্ত পক্ষীৰাজ মহামতি । আমাৰ জটায়ু নাম জানিবা নৃপতি ॥ ৭৮ জেষ্ঠ ভাই সম্পাতি আছন্ত পক্ষীবৰ । দুয়ো সহোদৰ আমি পুত্ৰ গৰুড়ৰ ॥৭৯ পক্ষীৰ উপৰে ৰাজা ভৈলোঁ দুয়ো ভাই । জানিলোঁ বুলিয়া মাতিলন্ত মহাৰাই ॥৮০ ভৈলা মহামিত্ৰ পক্ষীৰাজ মহাশয় । কৰিলাহা হিত মোৰ প্ৰাণৰ সংশয় ॥৮১ তুমি বিনে আন মহামিত্ৰ নাহি মোৰ । তোমাৰ প্ৰসাদে বৰ এৰাইলোঁ দুৰ্ঘোৰ ॥৮২ কাষ্ঠ আনি অগ্নি জ্বালি দুইকো দুয়ো ধৰি । কৰিলন্ত মিত্ৰ দুয়ো অগ্নি সাক্ষী কৰি ॥৮৩ জটায়ুৰ হেতু প্ৰাণ ৰহিল আমাৰ । তাঙ্ক মিত্ৰ কৰি পাইলা হৰিষ অপাৰ ॥৮৪ জটায়ুৰ আতি বৰ কৌতুক মনত । ভৈলা পক্ষী সুখী মিত্ৰ পায়া দশৰথ ॥৮৫ কৰিয়া জটায়ু নৃপতিক বহু মান । মেলানি মাগিয়া গৈলা আপোনাৰ থান ॥৮৬ জটায়ু প্ৰসাদে ৰাজা এৰাইলা সংশয় । বোলা ৰাম ৰাম যত সামাজিকচয় ॥৮৭ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334642.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|