Difference between revisions 334662 and 334663 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} ::: '''১৩ অধ্যায়''' ::: <big>'''শনিৰ বৰ'''</big> ::: :::ঝুমুৰি । অনন্তৰে দশৰথ । দুনাই জুৰিলন্ত ৰথ ॥১ এৰাই মহাশত্ৰু ভয় । ৰথে চড়ি মহাশয় ॥২ পুণৰপি স্বৰ্গে গৈলা । শনিৰ সমুখ ভৈলা ॥৩ পাচে শনি মহাভাগে । ৰাজাক দেখিয়া আগে ॥৪ ভৈল অতি চমত্কাৰ । আইল ৰাজা আৰু বাৰ ॥৫ কিনো মহাপুণ্যশীল । শনিৰ দৃষ্টিত জীল ॥৬ চাৰিও ঘোটক ৰৈল । কিনো বিপৰীত ভৈল ॥৭ মোৰ মহা দৃষ্টি পাত । সমুখে পৰয় যাত ॥৮ তাক যেন যমদণ্ড । পায়া কৰোঁ লণ্ডভণ্ড ॥৯ যেন মহা বহ্নি ঘোৰ । হেন দৃষ্টিপাত মোৰ ॥১০ তাহাতো নিস্তৰি আইল । কিনো ইতো তপসাইল ॥১১ মহাবলী তেজৱন্ত । ভাগ্যৰো নাহিক অন্ত ॥১২ মোহোৰ দৃষ্টিত ৰৈল । পুনৰপি আসি ভৈল ॥১৩ আপোনাক কৰি ধিক্ । মাতিলেক নৃপতিক ॥১৪ শুনিয়োক নৃপবৰ । গুচাঁ মোৰ সমুখৰ ॥১৫ আথে বেথে ৰথ লৈয়া । পাছত ৰহিলা গৈয়া ॥১৬ শনিৰ শুনিয়া বাণী । দশৰথ মহামানী ॥১৭ সমুখৰ গুচিলন্ত । পাছু হুয়া ৰহিলন্ত ॥১৮ দেখি শনি তুষ্ট ভৈলা । ৰাজাক বুলিবে লৈলা ॥১৯ শুনিয়োক দশৰথ । আমাৰ বৃত্তান্ত যত ॥২০ মোহোৰ সমুখ দৃষ্টি । পৰে যাত নিষ্টি নিষ্টি ॥॥২১ নাহিক কল্যাণ তাৰ । হোৱে সিতো বুন্দামাৰ ॥২২ হেন মোৰ সমুখত । ৰথে চড়ি মহাৰথ ॥২৩ ৰৈলা কিনো বিপৰীত । দেখি ভৈলোঁ সচকিত ॥২৪ তযু ইতো সাহসৰ । সীমা নাহি নৃপবৰ ॥২৫ এহি মতে গ্ৰহৰাজ । তেখি নৃপতিৰ কাজ ॥২৬ প্ৰশংসিলা বাৰে বাৰ । শুনা লোক সমজ্যাৰ ॥২৭ পুণ্যকথা ৰামায়ণ । All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334663.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|