Difference between revisions 334704 and 334705 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} ::: '''১৬ অধ্যায়''' ::'''দশৰথৰ বৰ : কৈকেয়ীক'''</big> ::: ইন্দ্ৰ সমে দেৱতাত মাগিয়া মেলানি । অযোধ্যাক আনন্দে আসিলা মহামানী ॥১ দিব্য ৰথে চড়ি দশৰথ মহাৰজ । প্ৰবেশিলা গৈয়া নিজ ওৱাৰিৰ মাজ ॥২ দিব্য সিংহাসনত বসিলা ৰাজা গই । স্বামী আসিবাৰ পাচে দেখিয়া কৈকেয়ী ॥৩ সাদৰে প্ৰণাম আসি কৰিলা সুন্দৰী । আশ্বাসিলা নৃপতি তাহাক হাতে ধৰি ॥৪ মহাৰণ কৰি শ্ৰম পাইলা নৃপবৰ । ঈষত কুঞ্চিত মুখ পড়িল ঝামৰ ॥৫ দেখি মহাদই নানা মত সেৱা কৰি । স্বামীৰ শ্ৰমক দূৰ কৰিলা সুন্দৰী ॥৬ নানা ভাৱে নৃপতিৰ চিত্ত সন্তোষিলা । কৈকেয়ীক চাই ৰাজা বচন বুলিলা ॥৭ সেৱা কৰি সন্তোষ কৰাইলি দেৱী মোক । খোজ মোত দেহি লাগে দিবোঁ বৰ তোক ॥৮ মহাদই বোলে সত্য কৰিয়োক আগে । তেবেসে মাগিবোঁ বৰ যেহি মোক লাগে ॥৯ শুনি সত্য অঙ্গীকাৰ কৰিলা নৃপতি । সত্যে বোলোঁ যেহি খোজাঁ তাকে দিবোঁ সতী ॥১০ কুজীত কৈকেয়ী পুছিলন্ত মাতি আনি । বৰ দিবে চাহে ৰাজা কৰি সত্য বাণী ॥১১ কুজী বোলে বৰ মাৱ নলৈবা এখন । যদি বৰ দিবাক ৰাজাৰ আছে মন ॥১২ সময় পাইলেসে বৰ মাগিবা ৰাজাত । শুনিয়া কৈকেয়ী বোলে কৰি যোৰ হাত ॥১৩ শুনিয়োক প্ৰভু বোলোঁ স্বৰূপ বচন । মোক বৰ দিবাক তোমাৰ আছে মন ॥১৪ এতিক্ষণে তোমাত নলৈবোঁ মই বৰ । সময়ত খুজিলে দিবাহা নৰেশ্বৰ ॥১৫ এহিমতে দশৰথ ভাৰ্য্যায়ে সহিত । নানাবিধ ভোগ ভুঞ্জিলন্ত মনোনীত ॥১৬ পাত্ৰ মন্ত্ৰীসমে ৰাজ্য কৰে নৃপবৰ । গৈলা কাল বহি সাত সহস্ৰ বত্সৰ ॥১৭ অনন্তৰে গ্ৰহগতি দৈৱৰ বিপাক । মহাব্ৰণ গোট হুয়া পীড়য় ৰাজাক ॥১৮ গুহ্যৰ ভিতৰে ব্ৰণ ভৈলা আতি টান । বেদনাত ৰাজাৰ সঙ্কলে যেন প্ৰাণ ॥১৯ শুকাই গৈল মুখ পানী নাহিকে জিভাত । নাহিকে চেতন যেন পাগল সাক্ষাত ॥২০ পাত্ৰ মিত্ৰ পুৰোহিত আসিলা সকল । মহাদইগণ সব ভৈলন্ত বিকল ॥২১ নিৰন্তৰে লোকৰ চিন্তাৰ নাহি পাৰ । প্ৰাণৰ সংশয় আসি মিলিল ৰাজাৰ ॥২২ নাহি ভাত পানী একো হৰিল চেতন । আসিলন্ত বৈদ্য ধন্বন্তৰিৰ নন্দন ॥২৩ মহামন্ত্ৰে জাৰিয়া ঔষধ দিলা আনি । নৃপতিক বৈদ্যে পাচে বুলিলন্ত বাণী ॥২৪ চাইবোঁ তোমাক মই কৰিয়া যতন । উপায়েসে ৰহে ৰাজা তোমাৰ জীবন ॥২৫ ঘিণ এৰি তোমাৰ গুহ্যত মহাৰাজ । মুখ দিয়া হুপিয়া কৰোক পুঁজ বাজ ॥২৬ বৈদ্য হেন উপদেশ বচন বুলিলা । অধিকে ৰাজাৰ আবে বেদনা মিলিলা ॥২৭ ইতো মোৰ কাৰ্য্য সাধিবেক কোন জন । চিন্তা বিষে আতিশয় ভৈলা অচেতন ॥২৮ চেতন কৰাইল পাচে সবে মিলি ধৰি । ৰাজাৰ সমুখ ভৈলা কৈকেয়ী সুন্দৰী ॥২৯ বোলন্ত মূৰ্চ্ছিত তুমি নহৈবা নৃপতি । ই কাৰ্য্য তোমাৰ মই সাধিবোঁ সম্প্ৰতি ॥৩০ কৈকেয়ীৰ বাণী শুনি ভৈলা সবে ত্ৰাস । কিমত কাৰ্য্যক সতী কৰিলন্ত সাস ॥৩১ নৃপতিৰ গুহ্যত কৈকেয়ী মুখ দিল । বায়ু ধৰি দেবী টান কৰিয়া হুম্পিল ॥৩২ ভোসৰিল ব্ৰণ সবে পুঁজ ভৈল বাজ । গুচিল বেদনা স্বস্থ ভৈল মহাৰাজ ॥৩৩ ব্ৰণপীড়া এৰাইয়া হৰিষ আতি ভৈলা । কৈকেয়ীৰ মুখ চাই মাতিবাক লৈলা ॥৩৪ সাৰ্থক কৰিলোঁ বিহা তোমাক সুন্দৰী । মহাব্ৰণ বেদনাত যাওঁ মই মৰি ॥৩৫ তোমাৰেসে প্ৰসাদে ৰহিল মোৰ প্ৰাণ । নাহি আন প্ৰিয়া আৰু তোমাৰ সমান ॥৩৬ কৰাইলা সন্তোষ কৰ্ম্ম কৰি গৰিহিত । লৈয়ো যেহি লাগে বৰ মনৰ বাঞ্ছিত ॥৩৭ শুনিয়া কৈকেয়ী বাক্য বুলিলা ৰাজাক । পূৰ্ব্বে এক বৰ দিয়া আছাহা আমাক ॥৩৮ ভক্তি দেখি আৰু বৰ দিবে খোজাঁ মোক । সভাৰ মাজত সত্য কৰি বুলিয়োক ॥৩৯ যেতিক্ষণ যিবা বাঞ্ছোঁ দিবা সেহি বৰ । সত্য কৰি বোলে ৰাজা সভাৰ ভিতৰ ॥৪০ তাকে দিবোঁ যিবা মোত খোজাঁ যেতিক্ষণ । হেন শুনি কৈকেয়ীৰ তুষ্ট ভৈলা মন ॥৪১ বাৰম্বাৰ ৰাজা কৈকেয়ীক দিলা বৰ । দৈবৰ নিৰ্ব্বন্ধ আতি আছয় পূৰ্ব্বৰ ॥৪২ তাক এৰাইবাক লাগি কাহাৰ শকতি । আত পৰে কথা আৰে শুনিয়ো সম্প্ৰতি ॥৪৩ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334705.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|