Difference between revisions 335656 and 335672 on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

:::<big>'''৪২ অধ্যায়'''<big> 

::<big>'''দশৰথক আনিবলৈ কটকী প্ৰেৰণ'''</big>

::: <big>'''দুলৰি ।'''<big>


জনক নৃপতি,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাচে মহামতি,

::মনত মহা কৌতুকে ।

বিশ্বামিত্ৰ সমে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাম লক্ষ্মণক,

::আগত লৈয়া উত্সুকে ॥১

জানকীক আগ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰি মহাভাগ,

::চলি গৈলা নিজঘৰ ।

আথানৰ বাজ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাতিয়া সমাজ,

::বসিলন্ত নৃপবৰ ॥২

পুৰোহিত শতা- &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নন্দক মাতিয়া,

::বুলিলা মধুৰ বাক ।

শুনিয়োক গুৰু, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বিলম্ব নকৰি, 

::চলি যাইয়া অযোধ্যাক ॥৩

দশৰথ মহা- &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাজাত জনায়ো, 

::তান পুত্ৰ ৰঘুবৰে ।

ধনুক ভাঙ্গিয়া, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; জানকী সীতাক,

::লভিলন্ত স্বয়ম্বৰে ॥৪

বশিষ্ঠ সহিতে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আসন্ত সত্বৰে,

::বিহা কৰাইবাক প্ৰতি ।

শত্ৰুঘন ভৰ- &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তকো লগে আনি,

::আসিবন্ত মহামতি ॥৫

শুনি সতানন্দে,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৰম আনন্দে,

::অযোধ্যাক লাগি গৈলা ।

দশৰথ আগে,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাম লক্ষ্মণৰ,

::কথা প্ৰপঞ্চিয়া কৈলা ॥৬

ৰাম লক্ষ্মণৰ,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কুশল কাহিনী,

::শুনি ৰাজা দশৰথ ।

শতানন্দ মুনি-,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বৰক সত্কাৰ,

::কৰিলন্ত মহাৰথ ॥৭

বৃদ্ধ মন্ত্ৰী পাত্ৰ-,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; গণক নৃপতি,

::নগৰৰ ৰক্ষা দিলা ।

ৰামৰ বিবাহ,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নিমিত্তে পৰম,

::উত্সুক মনে সাজিলা ॥৮

হস্তী ঘোঁড়া ৰথ-,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পতি চতুৰঙ্গ,

::দল লগে ভৈলা সাজ ।

শত্ৰুঘন ভৰ-,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তক লগে লৈয়া,

::চলিলন্ত মহাৰাজ ॥৯

বশিষ্ঠ প্ৰমুখ্যে,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ব্ৰাহ্মণ সকল,

::কৌতূহলে চলি গৈলা ।

বস্ত্ৰ অলঙ্কাৰ,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অনেক সম্ভাৰ,

::সুমন্ত্ৰ লগত লৈলা ॥১০

তুলি ছত্ৰদণ্ড,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নানা বাদ্য ভণ্ড,

::বজাৱে প্ৰজা সকল ।

অসংখ্য সেনাৰ,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পদধূলি ছন্ন,

::কৰিল ৰবি মণ্ডল ॥১১

জয় জয় ৰোল,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰয় কল্লোল,

::প্ৰজাৰ বহু ঘঞ্চাল ।

প্ৰমত্ত হস্তীৰ,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ঘোৱাৰ শবদে,

::কৰ্ণত হানয় তাল ॥১২

প্ৰজাৰ আন্দোলে,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৃথিবী হিন্দোলে,

::কম্পে সুৰাসুৰ যত ।

মহা আড়ম্বৰে,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মিথিলা নগৰে,

::প্ৰবেশিলা দশৰথ ॥১৩

জনক নৃপতি,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অনেক ভকতি,

::কৰি আগবাঢ়ি নিলা ।

পৰম সাদৰে,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দিব্য সিংহাসন,

::আপুনি পাৰিয়া দিলা ॥১৪

সুবৰ্ণ আসন,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাৰিয়া দিলন্ত,

::বশিষ্ঠ মহা ঋষিক ।

জনকে হৰিষে,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সঅৰ্ঘে পূজিলা,

::দশৰথ নৃপতিক ॥১৫

বশিষ্ঠকো পাদ্য,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অৰ্ঘে পূজিলন্ত, 

::কৰি আতি সতকাৰ ।

শ্ৰীৰাম লক্ষ্মণে,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পিতৃৰ চৰণে,

::কৰিলন্ত নমস্কাৰ ॥১৬

পুত্ৰ দুইক পায়া,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৰম স্নেহত,

::সাবটি ধৰিলা গলে ।

শিৰ ঘ্ৰাণি দুইৰো,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; শৰীৰ তিয়াইলা,

::হৰিষে নেত্ৰৰ জলে ॥১৭

দশৰথে বিশ্বা-,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মিত্ৰক দেখিয়া,

::নমিলা কৰি আহ্লাদ ।

কৰি বেদধ্বনি,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বিশ্বামিত্ৰ মুনি,

::কৰিলন্ত আশীৰ্ব্বাদ ॥১৮

দশৰথ মহা-,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাজাৰ লগত,

::আসিয়াছে প্ৰজা যত ।

জনকে সবাকো,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দিলা বাসাঘৰ,

::হৰিষে আতি মনত ॥১৯

ভোজন সম্ভাৰে,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নানা ব্যবহাৰে,

::সমস্তকে সন্তোষিলা ।

চাৰি পুত্ৰ সমে,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাজাক জনকে,

::অন্তঃপুৰে বাসা দিলা ॥২০

বহু সতকাৰ,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰিয়া ভোজন,

::কৰাইলন্ত পঞ্চামৃতে ।

বিবাহৰ কাৰ্য্য,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; চিন্তিবে লাগিলা,

::ঋষিগণ সমন্বিতে ॥২১

বিশ্বামিত্ৰ মুনি,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বোলন্ত জনক,

::ঊৰ্ম্মিলা জীউ তোমাৰ ।

লক্ষ্মণক বিহা,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দিয়োক বচন,

::পালিয়ো যেবে আমাৰ ॥২২

জনকে বোলন্ত,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; লক্ষ্মণক বিহা,

::দিবো জীউ ঊৰ্ম্মিলাক ।

জনকৰ ভাতৃ,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কুশধ্বজে দশ-

::ৰথক বুলিলা বাক ॥২৩

শুনিয়োক ৰাজা,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আমাৰ দুই খানি,

::দুহিতা ঘৰে আছয় ।

শত্ৰুঘন ভৰ-,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তক বিা দিওঁ,

::তযু আজ্ঞা কিবা হয় ॥২৪

শুনি দশৰথে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বুলিলন্ত বাণী,

::পুছিবে নলাগে আক ।

বিবাহ কৰিয়া,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সত্বৰে গৃহক,

::পঠায়া দিয়া আমাক ॥২৫

কুশধ্বজ জন-,  &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰ শুনি বাণী,

::হৰিষ ভৈলা মনত ।

চাৰি বৰ চাৰি,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কন্যাক কৰাইলা,

::অধিবাস কৰ্ম্ম যত ॥২৬

নানাবিধ জয়, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বাদ্য সুমঙ্গলে,

::ৰজনী ভৈল প্ৰভাত ।

দেৱ পিতৃ কাৰ্য্য, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰি দশৰথে,

::বসিলা গৈয়া সভাত ॥২৭

মিথিলা নগৰে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মহা মহোত্সব,

::মিলিয়া গৈল অপাৰ ।

হাটী বাটী যত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সাঞ্জি মাঞ্জি আতি,

::কৰিলন্ত জাতিষ্কাৰ ॥২৮

পদূলি পদূলি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তাম্বুল কদলী,

::ৰুইলা চৰে সমে কাটি ।

পতাকা তোৰণ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; চিৰৰে ৰচিল,

::কৰি আতি পৰিপাটি ॥২৯

নানা চিত্ৰফল, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পল্লৱে ৰঞ্জিয়া,

::থৈলা পূৰ্ণ ঘট পাতি ।

প্ৰত্যেক দুৱাৰে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাতিলেক দ্ৰোণি,

::ঘৃতৰ লগায়া বাতি ॥৩০

থানে থানে আতি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; প্ৰকাশ কৰয়,

::ধ্বজ দণ্ড সাৰি সাৰি ।

দিব্য অলঙ্কাৰে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বস্ত্ৰে কাছি পাৰি,

::শোভা কৰে নৰ নাৰী ॥৩১

সমস্তে প্ৰজাৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হৰিষ অপাৰ, 

::বিবাহ হৈব সীতাৰ ।

কিনো ভাগ্যৱতী, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাইলন্ত সুপতি,

::ৰামক পুৰুষ সাৰ ॥৩২

চাৰি অংশে হৰি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আছা অৱতৰি,

::ৰূপ ধৰি মনুষ্যৰ ।

বিহা কৰিবাক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; প্ৰতি গৈয়া আছা, 

::জনক ৰাজাৰ ঘৰ ॥৩৩

সীতা ৰূপে লক্ষ্মী, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;ভৈলা উতপতি,

::ৰাক্ষস বধ কাৰণে ।

লক্ষ্মী নাৰায়ণে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; একত্ৰ হৈবন্ত,

::জানিয়া দেৱতাগণে ॥৩৪

মহাৰঙ্গ মনে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আসিলন্ত সবে,

::সমজ্যাক জনকৰ ।

পুত্ৰগণ সমে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আসিলন্ত ব্ৰহ্মা,

::পাৰ্ব্বতী সহিতে হৰ ॥৩৫

গন্ধৰ্ব্ব চাৰণ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অপেচৰাগণ,

::সমে আইলা পুৰন্দৰ ।

পৰম হৰিষে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আইলা মিথিলাক,

::আনো দেৱ নিৰন্তৰ ॥৩৬

বাসুকী সহিতে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;যত নাগগণ,

::আসিলা সবে হৰিষি ।

বিবাহ দেখিতে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আসিলা আনন্দে, 

::নাৰদ প্ৰমুখ্যে ঋষি ॥৩৭

পৃথিবী মধ্যত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আছে যত যত,

::ৰাজা প্ৰজা গণ মানে ।

অনেক সম্ভাৰে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মঙ্গল আচাৰে,

::আইলা বিবাহৰ থানে ॥৩৮

নানা বাদ্য দেৱ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দুন্দুভি বাজয়,

::পৃথিবী আকাশ ছানি ।

স্বৰ্গ মৰ্ত্ত নাগ- &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; লোকত কৰয়,

::জয় জয় ৰাম ধ্বনি ॥৩৯

নমোঁ ৰঘুপতি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;পূৰিয়ো সম্প্ৰতি,

::জগতৰ মনস্কাম ।

যত সমজ্যাৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; লোক বাৰম্বাৰ,

::বোলাঁ জয় ৰাম ৰাম ॥৪০