Difference between revisions 335708 and 335820 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} :::<big>'''৩৯ অধ্যায়'''<big> ::<big>'''ৰামৰ হৰধনু ভঙ্গ'''</big> ::: <big>'''দুলৰি ।'''<big> অনন্তৰে মহা, ঋষি বিশ্বামিত্ৰ, ::ৰাম লক্ষ্মণক লই । সহৰিষ মনে, মধুৰ গমনে, ::মিথিলা পাইলন্ত গই ॥১ ঋষিৰ পাচত, হৰিষে মনত, ::চলন্ত ৰাম লক্ষ্মণ । যেন শিশু সিংহ, দেখিতে বিড়িঙ্গ, ::গজৰ যেন গমন ॥২ মৃদু সুকোমল, চৰণ যুগল, ::চলাৱন্ত লয়লাসে । দিশ পাশ আতি, কৰি প্ৰজ্বলিত, ::ৰামৰ দেহা প্ৰকাশে ॥৩ পৰম মধুৰ, লাৱণ্য প্ৰচুৰ, ::সাক্ষাত যেন মদন । মহা মনোহৰ, মূৰুতি সুন্দৰ, ::দেখি চাৱে সৰ্ব্বজন ॥৪ ঈষত হসিত, বৰিষে অমৃত, ::দেখান্তা লোকৰ গাৱে । জুৰায় মন প্ৰাণ, ন ভাসে নয়ন, ::যেতেক ৰামৰ চাৱে ॥৫ লগত উভতি, চলে সৰ্ব্বজন, ::প্ৰশংসিয়া বহুভাৱে । ইতো পুৰুষক, তুলিলে কোনে নো, ::সুবৰ্ণ কুক্ষীয়া মাৱে ॥৬ যিটো ভাগ্যৱতী, পাইলা আঙ্ক পুত্ৰ, ::তাইৰ বিধি সুপ্ৰসন্ন । সি জনীৰ সম, পুণ্য জানো আৰ, ::নতো কৰে একো জন ॥৭ ৰামৰ সমান, পুৰুষ উত্তম, ::ই তিনি লোকত নাই । ত্ৰৈলোক্যৰ ৰূপ, ইহান শৰীৰে, ::থৈলা বিধি এক ঠাই ॥৮ সীতাৰ সদৃশ, এহেন্তেসে বৰ, ::বিধি নিৰ্মিলন্ত জানি । স্বয়ম্বৰ সম- য়ত মিথিলাত, ::দৈবে মিলাইলন্ত আনি ॥৯ জনক নৃপতি, কি কাৰ্য্য কৰিলা, ::অঙ্গীকাৰ বিপৰীত । কঠিন ধনুত, কোমল শৰীৰে, ::ন পাৰিবে গুণ দিত ॥১০ ইহেন বৰত, আপোন ইচ্ছায়ে, ::সীতাক দিবে ন পাইল । যেন কোন জনে, হাতৰ অমৃত, ::আপুনি ঠেলি পেলাইল ॥১১ যেন নৱনিধি, পায়া হেৰুৱাৱে, ::দৰিদ্ৰ আপোন দোষে । ৰামক দেখিয়া, যত নৰ নাৰী, ::এহি মতে সবে ঘোষে ॥১২ মুনিৰ পিচত, পৰম হৰিষে, ::চলন্ত ৰাম লক্ষ্মণ । বিশ্বামিত্ৰ মুনি, স্বয়ম্বৰ শালা, ::পাইল গৈয়া কতক্ষণ ॥১৩ জনক নৃপতি, দেখি সচকিতি, ::উঠিলন্ত চালি গাৱে । আপুনি আসন, পাৰিয়া দিলন্ত, ::বুলি আতি মৃদু ভাৱে ॥১৪ পাচে জানুশিৰে, পৰশি সাদৰে, ::কৰিলন্ত নমস্কাৰ । সঅৰ্ঘে ঋষিক, কৰিলন্ত পূজা, ::হৰিষৰ নাই পাৰ ॥১৫ সুখে আসনত, বসিয়া আছন্ত, ::বিশ্বামিত্ৰ মুনিবৰ ॥১৬ দক্ষিণত ৰাম, ৰামত লক্ষ্মণ, ::আৰো শিষ্য নিৰন্তৰ । গৌতমৰ পুত্ৰ, নামে শতানন্দ, :: পুৰোহিত জনকৰ ॥১৭ ৰাম লক্ষ্মণক, দেখি শতানন্দ, ::পুছিলা বিশ্বামিত্ৰত । কাহাৰ কুমাৰ, ৰূপে মনোহৰ, ::দেখি নতো হেন মত ॥১৮ শতানন্দ আগে, ঋষি বিশ্বামিত্ৰে, ::কহিলা কথা সকল । দশৰথ মহা, ৰাজাৰ তনয়, :: ৰাম এন্তে মহাবল ॥১৯ ৰামৰ কনিষ্ঠ, এহেন্তে লক্ষ্মণ, :: পৰম গুণে যুকুত । চৰণে পৰশি, মাতৃক তোমাৰ, ::কৰিলা ৰামে মুকুত ॥২০ ৰামৰ চৰণ, প্ৰসাদে অহল্যা, ::ঘোৰ শাপ নিস্তৰিলা । গৌতম আসিয়া, ৰামক প্ৰশংসি, ::অহল্যাক সম্বৰিলা ॥২১ শুনি শতানন্দে, গৈলন্ত হৰিষ, ::পাইলন্ত মাতৃ নিস্তাৰ । ৰামক প্ৰশংসি, ঋষিক বোলন্ত, ::প্ৰসাদ ইটো তোমাৰ ॥২২ নোহন্ত মানুষ, পৰম পুৰুষ, ::জানিলোঁ ৰাম নিশ্চয় । জগত নিস্তাৰ, হেতু অৱতাৰ, ::ভৈলা এন্তে মহাশয় ॥২৩ যিতো পদধূলি, সদা আৰাধন্ত, ::ব্ৰহ্মা আদি দেৱগণে । যাক আশা কৰি, সৰ্ব্ব পুৰুষাৰ্থ, ::এৰে মহা মহাজনে ॥২৪ হেনয় পৰম, দুৰ্ল্লভ ধূলাক, ::পাইলা মাতৃ মোৰ লাগ । জানি লোক তৰা, কোটি জনমৰ, ::আছে তান মহাভাগ ॥২৫ আমিয়ো চক্ষুৰে, দেখিলো ৰামক, ::কত বা পুণ্যৰ ফলে । এহি বুলি শতা- নন্দে ৰাঘৱক, ::অৰ্চ্চিলন্ত কৌতুহলে ॥২৬ যত যত মহা, মহাৰাজগণ, ::আছয় বসি সভাত । ৰামক দেখিয়া, সমস্তে ৰাজাৰ, ::মুখত হৰিল মাত ॥২৭ ৰাঘৱৰ মহা, তেজে ধৰষিল, ::ভৈলন্ত আতি সঙ্কুচিত । প্ৰমত্ত সিংহক, দেখি মৃগগণ, ::হোৱে যেন ভয়ে ভীত ॥২৮ স্বয়ম্বৰ সম- জ্যাত যত যত, ::আছে নৰ নাৰীচয় । ৰামৰ অদ্ভুত, ৰূপক দেখিয়া, ::ভৈগৈলা মহা বিস্ময় ॥২৯ যাৰ যেহি অঙ্গে, ৰামৰ ৰূপত, ::পৰি গৈল দৃষ্টিপাত । পুনৰপি আৰ, পালটি নাসয়, ::বহিল তম্ভি তথাত ॥৩০ ৰামক দেখিতে, নখণ্ডে তৃপিতি, ::লাগি গৈল যেন ধ্যান । অমৃতক যেন, পিৱন্তে পিৱন্তে, ::জুৰায় তনু মন প্ৰাণ ॥৩১ জনক নন্দিনী, দেখিলা ৰামক, ::ৰূপ আতি বিপৰীত । ৰামৰ ৰূপত, নিমজিল মন, ::ভৈগৈল দেবী মোহিত ॥৩২ মনত বোলন্ত, কোল লো বিধিয়ে, ::স্ৰজিলা ৰূপ ৰামৰ । কোটি এক কাম, দেৱো জানো আন, ::নুহিবেক সমসৰ ॥৩৩ এহেন্তেসে মোৰ, হৈবে নিজপতি, ::কৰিলোঁ মনে নিশ্চয় । ইহান আগত, দেখোঁ যেন মৰা, ::আছে যত ৰাজাচয় ॥ ৩৪ ৰামত বিনাই, আন পুৰুষক, ::নবৰিবোঁ কদাচিত । কিবা কাজে মোৰ, পিতৃ কৰিলন্ত, ::অঙ্গীকৰ বিপৰীত ॥৩৫ তথাপি আনক, নভজিবোঁ যদি, ::ধনুত গুণ লগাৱে । পিতৃত বচন, ছন্ন কৰি মই, ::ভজিবোঁ ৰামৰ পাৱে ॥৩৬ ৰামৰ নখৰ, সমান নাহিকে, ::ইতিনি লোকৰ মাজে । ইহাঁঙ্ক এৰিয়া, আন পুৰুষক, ::ভজিবোঁ কমন কাজে ॥৩৭ মোহোৰ কৰ্ম্মৰ, ফলে জানো আনি, ৰামক মিলাইলা বিধি । অকস্মাত্ যেন, দৰিদ্ৰৰ হাতে, উপগত নৱ নিধি ॥৩৮ ৰামক এৰিয়া, কোন অভাগিনী, ::আনক ভজিবে যায় । হাতৰ অমৃত, এৰি কোন জনী, ::মৰিবেক বিষ খাই ॥৩৯ এহি মতে সীতা, দেৱী কৰিলন্ত, ::ৰামৰ চৰণ সাৰ । তেজি আন কাম, বোলা ৰাম ৰাম, ::যত লোক সমজ্যাৰ ॥৪০ :::<big>'''৪০ অধ্যায়'''<big> :: <big>'''পদ।'''<big> ৰাম লক্ষ্মণক দেখি জনক নৃপতি । বিশ্বামিত্ৰ মুনিত পুছিলা মহামতি ॥১ কিবা নাম আন দুই কাহাৰ তনয় । মহাৰূপৱন্ত আতিশয় শুভান্বয় ॥২ আপোনাৰ কহিয়ো কুশল আগমন । আজ্ঞা কৰিয়োক কিবা সাধোঁ প্ৰয়োজন ॥৩ শুনি হাসি বিশ্বামিত্ৰ বুলিলা বচন । আৰা দুই দশৰথ ৰাজাৰ নন্দন ॥৪ আন ৰাম নাম সৰ্ব্ব গুণৰ আলয় । আন নাম লক্ষ্মণ পৰম শুভালয় ॥৫ শ্ৰেষ্ঠ ৰাম কনিষ্ঠ লক্ষ্মণ বীৰবৰ । জানিবা ৰামক তুমি পৰম ঈশ্বৰ ॥৬ পৰম পুৰুষ হৰি জগত আধাৰ । ৰামৰূপে ভৈলা পৃথিৱীত অৱতাৰ ॥৭ হৰিবা ভূমিৰ ভাৰ ৰাক্ষস সংহাৰি । তযু গৃহ লক্ষ্মী আছে সীতা নাম ধৰি ॥৮ ৰামৰেসে ভাৰ্য্যা সীতা জানা স্বৰূপত । দিয়োক সীতাক তুমি বিবাহ ৰামত ॥৯ হৈবেক তোমাৰ তেবে পৰম কল্যাণ । এহি প্ৰয়োজনে আসি আছোঁ তযু থান ॥১০ ত্ৰৈলোক্য বিজয়ী ৰাম মহা ধনুৰ্দ্ধৰ । ত্ৰিভুবনে নাহিকে ৰামৰ সমসৰ ॥১১ জনক নৃপতি মাতিলন্ত হেন শুনি । মোহোৰ বচন শুনিয়োক মহামুনি ॥১২ নাহি দশৰথ ৰাজা পৃথিৱীত সম । তাহান তনয় ৰাম পুৰুষ উত্তম ॥১৩ মহা সুকুমাৰ ৰূপ লাৱণ্য প্ৰচুৰ । ভুবন মোহন আতি মুৰুতি মধুৰ ॥১৪ এন্তে সে নিশ্চয় পতি হৈবন্ত সীতাৰ । কিন্তু মই এক কৰি আছাঁ অঙ্গীকাৰ ॥১৫ মৃগ মাৰি মহাদেৱে দুৱাৰে আমাৰ । এৰি গৈলা ধনুখান যেন ব্ৰজসাৰ ॥১৬ তাক ঘৰে থৈয়া মই বুলিলোঁ বচন । ইহাতে লগাইতে গুণ পাৰে যিটো জন ॥১৭ তাহান্তে বিবাহ সীতা দিবোঁহো নিশ্চয় । ন পাৰিলা গুণ দিবে যত ৰাজাচয় ॥১৮ ৰামক দেখিয়া বসি গুণে মনে মনে । মিছা অঙ্গীকাৰ কৰিলোঁহো কি কাৰণে ॥১৯ এন্তে সে জানিবা বৰ সীতাৰ উচিত । বিধাতা আনিয়া কৰিলন্ত উপস্থিত ॥২০ মহা উচপিচ মুনি কৰি মোৰ চিত্ত । ন পাৰিবে ৰাঘৱে ধনুত গুণ দিত ॥২১ ৰামক চাহন্তে অঙ্গীকাৰ হেৰুৱাওঁ । অঙ্গীকাৰ চাহোঁ যেবে ৰামক নাপাওঁ ॥২২ একক চাহন্তে মোৰ অপৰ নঘটে । বাজিয়াঁ ৰহিলোঁ মই উভয় সঙ্কটে ॥২৩ বিশ্বামিত্ৰে বোলন্ত জনক মহাভাগ । ইসব চিন্তাক তুমি কৰাঁ পৰিত্যাগ ॥২৪ কোন বস্তু ধনু খান ৰামৰ আগত । ন জানাহা তুমি ৰামচন্দ্ৰৰ মহত্ত্ব ॥২৫ ঈষত কটাক্ষে ধনু ভাঙ্গিবন্ত ৰামে । পাইবন্ত সীতাক চিন্তা কৰাঁ কিবা কামে ॥২৬ বুলিলা জনকে বিশ্বামিত্ৰক দুনাই । কেমনে গুচিব চিন্তা শুনিয়ো আতাই ॥২৭ ধৰিলেক ধনু মহা মহা ৰাজাগণে । লাৰিবাকো ন পাৰিলা অনেক যতনে ॥২৮ কোমল শৰীৰ ৰাম বয়সত অল্প । পৰম কঠিন ধনু যেন ব্ৰজ কল্প ॥২৯ তাক ধৰি গৈয়া ৰামচন্দ্ৰে কি কৰিব । আছো গুণ দিবে লাৰিবাকো ন পাৰিব ॥৩০ ধনুত লগাইবে গুণ ৰামৰ না লাগে । সমাজত লঘু কেনে হৈব মহাভাগে ॥৩১ অঙ্গীকাৰ লাৰি সীতা দিবোঁহো ৰামক । কৈত খুজি পাইবোঁ আৰ ইমত বৰক ॥৩২ অজিজ্ঞাসি পূৰ্ব্বত কৰিলোঁ অঙ্গীকাৰ । তাক এৰিলাত দোষ নাহিকে আমাৰ ॥৩৩ যদি দোষ হৱে তাক নকৰোঁহো ডৰ । গুচিবে সকলে দোষ প্ৰসাদে ৰামৰ ॥৩৪ শুনি বিশ্বামিত্ৰে হাসি বুলিলন্ত বাণী । কৰাঁহা সংশয় তুমি ৰামক ন জানি ॥৩৫ এন্তে সে ঈশ্বৰ চৰাচৰ জগতৰ । ধনু ভাঙ্গিবন্ত কোন প্ৰয়াস ৰামৰ ॥৩৬ চাহি থাকা জনক নৃপতি কৌতুহলে । ধনুতে পৰীক্ষা আজি পাইবাহা সকলে ॥৩৭ শুনি সীতা মনে কোপ কৰন্ত ঋষিক । মোহোৰ বিপক্ষ এন্ত আচৰন্ত কিক ॥৩৮ অঙ্গীকাৰ লাৰি মোক বিহা দিবে চান্ত । ঋষিৰ কাৰণে পিতৃ তাহাক ন পান্ত ॥৩৯ ধনু ভাঙ্গিবাক এন্ত বোলন্ত কিসক । ইহান নিমিত্তে মই ন পাইবোঁ ৰামক ॥৪০ ৰাম মোৰ স্বামী হাতে মিলাইলেক বিধি । বিশ্বামিত্ৰ হেতু হেৰুৱাইবোঁ নৱনিধি ॥৪১ লবনু পুতলি যেন সুকোমল তনু । হেন ৰামে কিমতে ভাঙ্গিব ব্ৰজ ধনু ॥৪২ ন লাগে ভাঙ্গিবে ধনু সীতা দেন্ত হাক । অঙ্গীকাৰ এৰি বিহা দিয়োক আমাক ॥৪৩ পাচে বিশ্বামিত্ৰ ঋষি বুলিলা বচন । শুনিয়োক ৰাম ৰঘুকুলৰ নন্দন ॥৪৪ ধনুখানি ভাঙ্গি বিহা কৰিয়ো সীতাক । উঠিয়া সত্বৰে ৰাখিয়োক মোৰ বাক ॥৪৫ শুনি ৰামচন্দ্ৰে উঠিলন্ত তাৱক্ষণে । কঙ্কালত বস্ত্ৰ কাছিলন্ত ৰঙ্গমনে ॥৪৬ ঋষিক প্ৰণামি চলিলন্ত ৰঘুবৰ । দেখিহাসি তুলিলেক ৰাজা নিৰন্তৰ ॥৪৭ বৰ বৰ বীৰে না পাৰিলে লাৰিবাক । ভৈলোঁ লঘু লোকে বেঢ়ি হাসিলে আমাক ॥৪৮ শিশুমতি হুয়া তাক প্ৰতি কৰে সাস । হেনসে ইহাৰ জানকীক ভৈল আশ ॥৪৯ বিশ্বামিত্ৰ মুনি শুনি চপৰাইলা মাথ । জানো ধনু ভাঙ্গিবে না পাৰে ৰঘুনাথ ॥৫০ অসুখ অশান্তি আতি মনত সীতাৰ । হৰি হৰি বিধি সিদ্ধি ন ভৈল আমাৰ ॥৫১ হাসিয়া চলন্ত ৰামচন্দ্ৰ মহাবল । প্ৰত্যেক ভৰিত মহী কৰে টলবল ॥৫২ প্ৰমত্ত কেশৰী যেন যান্ত মহাশয় । দেখি ৰাজাগণ ভৈল পৰম বিস্ময় ॥৫৩ গুচিল সবাৰ হাসি বিবৰ্ণ বদন । সীতা গোসানীৰ মন ভৈগৈল প্ৰসন্ন ॥৫৪ ধনুৰ নিকটে গৈয়া চাপিলন্ত ৰামে । কৰে চিকি মিকি সুবৰ্ণৰ চিত্ৰ কামে ॥৫৫ বাম হাতে লীলায়ে ধৰিলা ধনুখান । ক্ষেপিলন্ত আকাশক কতোদূৰ মান ॥৫৬ পুনু ৰাম হাতে ধৰি পৰম নিপুণ । নিমিষেকে ধনুত লগাইলা ৰামে গুণ ॥৫৭ আগত থাপিলা নিয়া তুলি বাম ভৰি । দিলা টান গুণত দক্ষিণ পাচ কৰি ॥৫৮ টানন্তে ধনুৰ আগ পাচ নামি আইল । দেখি সবে ৰাজাগণ মাথা চপৰাইল ॥৫৯ বিশ্বামিত্ৰ মাথা তুলিলন্ত হাস্য কৰি । ৰামৰ ভৰত থিৰ নুহি বসুন্ধৰী ॥৬০ ধনু টানিবাৰ দেখি হৰিষ সীতাৰ । পৃথিবী কম্পিতে চিন্তা ভৈল আৰ বাৰ ॥৬১ ভৰি থিৰ ন ভৈলে ন পাইবে বল গাৱে । পৃথিবীক কাতৰ কৰিলা সীতা মাৱে ॥৬২ মাতৃ বসুমতী কৃপা কৰিয়োক মোক । থিৰ হুয়া প্ৰভু ৰাঘৱক ধৰিয়োক ॥৬৩ দিগগজ সকল তুমি সবে হৈবা থিৰ । শুনিয়ো অনন্ত তুমি ন লাৰিবা শিৰ ॥৬৪ হে কুৰ্ম্ম ভালে অনন্তক ধৰি ৰহা । দিগপাল সকল স্বামীৰ হৈব সহা ॥৬৫ এহি মতে সীতা হুয়া আছন্ত আকুল । পাচে ৰামচন্দ্ৰ জগতৰ আদি মূল ॥৬৬ গুণগাচ এৰি দিয়া টঙ্কাৰ কৰিলা । প্ৰচণ্ড শবদে আতি ব্ৰহ্মাণ্ড লৰিলা ॥৬৭ দশোদিশ ব্যাপি প্ৰতিধ্বনি গৈল বৰে । ত্ৰাস ভৈল সৰ্ব্বজনে বোলে বজ্ৰ পৰে ॥৬৮ সাতোখান স্বৰ্গ বাৰম্বাৰ লৰি গৈল । সপ্তদীপা বসুমতী টলবল ভৈল ॥৬৯ কাখৰ লঙ্ঘিল সাতো সাগৰ খলকি জলজন্তু ভৈল ত্ৰাস প্ৰলয়ক শঙ্কি ॥৭০ দিগগজ সকল কম্পে তৰতৰিমনে । মহাত্ৰাসে কম্পিল পাতাল সাতোখন ॥৭১ কম্পিলন্ত অনন্ত যতেক নাগগণ । কূৰ্ম্ম কম্পি ফোকাৰ তেজয় ঘনে ঘন ॥৭২ মেৰু আদি কম্পিল যতেক গিৰিবৰ । ভয় হুয়া কম্পে আতি দেৱাসুৰ নৰ ॥৭৩ চৰাচৰ লোক কম্পি কম্পি লৈল থাই । সমাজৰ লোকৰ চেতন জ্ঞান নাই ॥৭৪ কৰ্ণত হানিলা তাল হৃদয় শুকাইল । পাচে কতোক্ষণে কথমপি ধাতু আইল ॥৭৫ পাচে ৰামে গুণত ধৰিয়া বল দিল । ঠাত্কাৰ কৰি ধনু মাজতে ভাঙ্গিল ॥৭৬ পুনৰপি প্ৰকম্পিত ভৈল ত্ৰিভবন । প্ৰলয় মিলিল হেন বোলে সৰ্ব্বজন ॥৭৭ মিথিলাৰ লোকমানে ভৈল পূৰ্ব্বৱত । চেতন লভিয়া পাচে ৰাজাগণ যত ॥৭৮ ৰামক নিৰখি মহাভয় চিত্ত ভৈল । হেট মাথে চক্ষু মুদি মৰা যেন ৰৈল ॥৭৯ ত্ৰাসত হৃদয় কম্পে বুদ্ধি নোহে থিৰ । মনে বোলে নতু দেখি শুনি হেন বীৰ ॥৮০ জানিলোঁহো এন্তে ৰাম মানুষ নোহয় । দেৱতো উত্তম দেৱ হেন মনে লয় ॥৮১ ৰামচন্দ্ৰে ধনুখান ভাঙ্গি অপ্ৰয়াসে । হাসি বসিলন্ত গৈয়া বিশ্বামিত্ৰ পাশে ॥৮২ ধৰিয়া ৰামক বিশ্বামিত্ৰ মুনিবৰ । চুম্বন কৰিয়া প্ৰশংসিলা বহুতৰ ॥৮৩ ধন্য ৰামচন্দ্ৰ তুমি বিক্ৰম তোমাৰ । ৰহিল নিৰ্ম্মল যশ জুৰিয়া সংসাৰ ॥৮৪ ধনু ভাঙ্গিলন্ত ৰামচন্দ্ৰ মহাশয় । আনন্দে নধৰে সীতা দেবীৰ হৃদয় ॥৮৫ পৰম প্ৰেমত নীৰ বহে নয়নৰ । সুপ্ৰসন্ন বিধি বুলি উঠিলা সত্বৰ ॥৮৬ সুবৰ্ণৰ পুষ্প মালা হাতে তুলি লৈলা । বিষ্ণুক বৰিবে যেন লক্ষ্মী সাজ ভৈলা ॥৮৭ সখীগণ মাজহন্তে বাজ ভৈলা সতী । হৰৰ পাশক যেন চলিলা পাৰ্ব্বতী ॥৮৮ দিশ পাশ প্ৰকাশিয়া শৰীৰ জ্বলয় । গজেন্দ্ৰৰ পাশে যেন হস্তিনী চসয় ॥৮৯ ৰাজহংস জিনি আতি গতি লয় লাস । চলি যান্ত ৰতি যেন মদনৰ পাশ ॥৯০ ৰাঘৱৰ নিকট চাপিয়া বৰবালা । সাদৰে মাথাত দিলা সুবৰ্ণৰ মালা ॥৯১ বৰিল ৰামক আনন্দৰ নাহি পাৰ । চৰণত ধৰি কৰিলন্ত নমস্কাৰ ॥৯২ দেখি ৰামচন্দ্ৰে পাচে সীতাক আশ্বাসি । আপোনাৰ পাশক চপাইলা প্ৰভু হাসি ॥৯৩ প্ৰকাশন্ত সীতা সতী ৰাঘৱৰ পাশে । চন্দ্ৰৰ পাশত যেন ৰোহিনী আকাশে ॥৯৪ লক্ষ্মী নাৰায়ণ দুই ভৈল এক থান । জগতৰ ভৈল আসি পৰম কল্যাণ ॥৯৫ সমস্ত লোকৰ ভৈল পৰম মঙ্গল । জয় জয় বুলি জোকাৰন্ত সৰ্ব্বজন ॥৯৬ আকাশত থাকি দেৱগণ অসংখ্যাত । পুষ্প বৰিষিলা ৰাম সীতাৰ মাথাত ॥৯৭ দুন্দভি বজায়া দেৱে কৰে জয় জয় । মুখ্য মুখ্য অপেচৰা কাছিয়া নাচয় ॥৯৮ ত্ৰিজগত লোকৰ মিলিল মহোত্সৱ । দশোদিশ ছানি মাত্ৰ শুনি জয় ৰাৱ ॥৯৯ সাৰ্থক লভিল বৰ মাৱ সীতা সতী । ভৈলন্ত আনন্দ আতি জনক নৃপতি ॥১০০ ৰাজাগণে দেখে সীতা ৰামক বৰিল । বজ্ৰপাত ভৈল যেন সম্যকে মৰিল ॥১০১ সীতাক চাহিয়া সবে তেজিল নিশ্বাস । কি কাৰণে বৰিষেক খাটিলোঁ প্ৰবাস ॥১০২ সীতাত নৈৰাশ হুয়া যত ৰাজাচয় । মহা মৰ্ম্মে সবে তেজিলেক লাজ ভয় ॥১০৩ কোপে অপমানে আতি প্ৰজ্বলিত ভৈল । জনক ৰাজাক আতি গৰ্জ্জিবাক লৈল ॥১০৪ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=335820.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|