Difference between revisions 335757 and 335758 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} :::<big>'''৪ অধ্যায়'''<big> ::<big>'''মন্থৰাৰ কু মন্ত্ৰণা'''</big> কৈকেয়ীৰ কুবুজী মন্থৰা তাৰ নাম । প্ৰাসাদ উপৰে চড়ি দেখে অনুপাম ॥১ হাট বাট নগৰী পূৰিল সৰ্ব্বজনে । দেৱগণে ক্ৰীড়ে যেন স্বৰ্গৰ ভুবনে ॥২ কেহো গাৱে কেহো বাৱে কেহো কৰে ৰোল । আউৰে আউৰ হৰিষে ধৰিয়া কোলে কোল ॥৩ নৃত্য গীত শবদ বাজয় বাদ্য ভাণ্ড । পতাকা তোৰণ ধ্বজ চিন চোণ্ডাদণ্ড ॥৪ ভৰতৰ ধাইত কুজীয়ে পুছে কাজ । বিপৰীত ৰঙ্গ দেখোঁ ব্ৰাহ্মণ সমাজ ॥৫ আনন্দ উচাহ নগৰীত ভৈল জনে । জয় নন্দি ঘোষে লোকে সহৰিষ মনে ॥৬ কৌশল্যা ৰাজাৰ মাৱ ৰাজাত বিনয় । যেন স্বৰ্গ জনৰ আনন্দ জয় জয় ॥৭ ধাই বোলে কুজী তই নলক্ষিলি কাজ । দশৰথে ৰামক কৰন্ত যুবৰাজ ॥৮ এতেকে কৌশল্যা ভৈলা আনন্দিত চিত । তনয়ৰ আনন্দ দেখিবা নিতে নিত ॥৯ ধাইৰ বচন শুনি কুজীয়ে খঙ্গাইল । আথে বেথে গৈয়া কৈকেয়ীৰ পাশ পাইল ॥১০ উঠ উঠ দুহা শয়নক পৰিহৰ । তোহোৰ উপৰে কথা বৰ আথান্তৰ ॥১১ সচকিত মনে শয্যা হন্তে চালি গাৱ । কুজীত সোধয় কথা ভৰতৰ মাৱ ॥১২ শুন বোলোঁ কুজী তোৰ কেনে দেখোঁ মন । কিনো আথান্তৰ কথা কহ এতিক্ষণ ॥১৩ কৈকেয়ীক মন্থৰা বুলিল পাচে বাণী । মিলিল তোমাৰ ক্ষয় কিসক নাজানি ॥১৪ তুমি যেন সুভাগিনী জানিলোঁহো কাজ । দশৰথে ৰামক কৰন্ত যুবৰাজ ॥১৫ অকল্যাণ বৰ আসি মিলিল দুৰ্ঘোৰ । ইতো দুঃখ সাগৰে উদ্ধাৰ নাহি তোৰ ॥১৬ কিনো পাপ কৰিলো যৌতুকে দিল মোক । সতিনীৰ চেড়ী হৈবি দেখিবোহো তোক ॥১৭ ৰাম অভিষেক শুনি সহৰিষ মনে । গ্ৰীৱাৰ কাঢ়িয়া হাৰ দিলা তেতিক্ষণে ॥১৮ ৰাজ্য দেওক ৰামক নৃপতি দশৰথ । লও কুজী প্ৰসাদ ফলিল মনোৰথ ॥১৯ ক্ৰোধত খঙ্গিল কুজী জাজ্জ্বল্য সমান । আছাৰিয়া পেলাইলেক কৈকেয়ীৰ দান ॥২০ হাতে হাতে পিষয় বজায়া দান্তে দান্তে । আসজ শুনিয়া যেন তেলীয়াৰ জান্ত ॥২১ সাপে খায়া মাৰোক গৰল নোহে খাহা । গলে হাণ্ডি বান্ধি নোহে মৰিবাক যাহা ॥২২ আবে জানোঁ ভৈল তোৰ অধম বিপতি । আপদ কালত তোৰ হেন ভৈল মতি ॥২৩ প্ৰলয়ে হৰিষ তোৰ পাচ নমনস । ছান্দেবাসে তল যাস পাৱক গিলস ॥২৪ যেবে তোৰ জীবেক স্বপুত্ৰ পৰিবাৰ । ৰাঘৱক ৰাজ্য দিতে ৰাজাক নিবাৰ ॥২৫ দশৰথ সাগৰ তৰঙ্গী নদী তই । অলপতে শুকাই যাইবি জানিলোঁহো মই ॥২৬ প্ৰিয়া গঙ্গা কৌশল্যা গম্ভীৰ বেগে বহে । ৰাম অভিষেকক বেকত কৰি কহে ॥২৭ কৈকেয়ী বোলে কুজী হেন সে দাৰুণ । মোহোৰ আগত আসি বোল নিদাৰুণ ॥২৮ ৰাম ৰাজা ভৈলে মন্দ নলখোহোঁ আন । ভাতৃক দেখিব ৰামে পুত্ৰৰ সমান ॥২৯ গুণৰ সাগৰ ৰাম দেখিলি তই কিস্ । অমৃত কুণ্ডত কুজা তই ঢাল বিষ ॥৩০ জ্যেষ্ঠ পুত্ৰক দিব ৰাজ্য ধন কোষ । দশৰথ ৰাজাৰ নেদেখোঁ কিছু দোষ ॥৩১ গুণৰ মন্দিৰ ৰাম বাপ শুদ্ধমতি । কৌশল্যাতোধিক মোত কৰয় ভকতি ॥৩২ সত্যে সত্যে বোলোঁ কিছু নাই অন্যয়থা । ভৰততোধিক মোৰ ৰামকেসে বেথা ॥৩৩ কতোকাল ৰাজ্য ভুঞ্জি সহৰিষ মনে । ভৰতত ৰামে ৰাজ্য সম্পিব আপনে ॥৩৪ কুজী বোলে ভাল তুমি ৰামক বখান । ৰাজ বংশে উতপতি কিছুৱে নজান ॥৩৫ ৰাম ৰাজা ভৈলে পাচে তাহাৰ তনয় । পুত্ৰ পৌত্ৰ বংশে ৰাজা হৈবেক নিশ্চয় ॥৩৬ দুয়োকুলে ৰাজা তাৰ নাজানস কাজ । কহিত শুনিলি ভায়েকক দিয়ে ৰাজ ॥৩৭ তোহোৰ বাপৰ ভাই জগত বিদিত । তাঙ্ক ৰাজ্য নেদিয়া থাপিলা যুদ্ধাজিত ॥৩৮ হেন সব জানি তোৰ মতি বিপৰীত । বুদ্ধি হত ভৈলে বোলোঁ নুশুনস হিত ॥৩৯ সতিনীৰ পোৰ গুণ বখানস কিস । মুখত অমৃত তাৰ হৃদয়ত বিষ ॥৪০ অঙ্গাকৰ দুগ্ধে কৰে শতেক প্ৰক্ষাল । তথাপিতো নেৰয় স্বভাব বৰ্ণ কাল ॥৪১ ৰাজা ভৈলে ৰাঘৱ ভৰত বনে যাইব । ৰামৰ হাতত নুহি প্ৰাণ সুঝাইব ॥৪২ মোৰ বোল নুশুনস নুবুঝস কাজ । সকুটুম্বে জানিলোঁ দেশৰ ভৈলে বাজ ॥৪৩ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=335758.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|