Difference between revisions 335822 and 335823 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} :::<big>'''৮ অধ্যায়'''<big> :<big>'''কৈকেয়ীয়ে ৰামক বৰৰ কথা কয়'''</big> শুন পুত্ৰ ৰাম তই বোলোঁ তোত কাজ । হেন আজ্ঞা কৰন্ত তোমাক মহাৰাজ ॥১ দেৱাসুৰ যুদ্ধ মহা মিলিল পূৰ্ব্বত । দানবে জিনিল দেৱতাক সমৰত ॥২ ইন্দ্ৰে নিলা নৃপতিক কৰিয়া সন্মান । অসুৰক জিনিয়া আসিলা মোৰ থান ॥৩ তোমাৰ বাপক সেৱা কৰিলো বিস্তৰ । সিকলত ৰাজা মোক দিলা দুই বৰ ॥৪ এক বৰ লৈলোঁ ভৰতক দিবোঁ ৰাজ । তুমি বন যাইবাক বুলিলোঁ আৰ কাজ ॥৫ পিতৃ সত্য পালিতে আছয় যেবে মন । ৰাজাৰ আদেশ ভৈল চলি যাইয়ো বন ॥৬ ৰাজ্যৰ বাসনা এৰি চিৰ জটাধৰ । চৌধ বৰিষক লাগি বনবাস কৰ ॥৭ শুনিয়া ৰামৰ ভৈল ৰাজ্যত নৈৰাশ । হাস্য কৰি বোলন্ত যাইবোঁহো বনবাস ॥৮ ইসে কাৰ্য্যে মাৱ মোৰ দহে কলেৱৰ । আপুনি আদেশ নকৰিলা ৰাজেশ্বৰ ॥৯ ৰাঘৱে বোলন্ত মাৱ বাক্য শুনিয়োক । শীঘ্ৰ দূত পঠাই ভৰতক আনিয়োক ॥১০ যাৱে প্ৰাণ ধৰিয়া আছন্ত মহাৰাজ । অবিলম্বে ভৰতক আনি দিয়ো ৰাজ ॥১১ বাপক আশ্বাস বুলি পালিবেক জন । পিতৃ দ্ৰোহী ৰাম হেৰা চলি গৈলোঁ বন ॥১২ শুনিয়োক বাপদেৱ অজৰ নন্দন । পিতৃ দ্ৰোহী ৰাম হেৰা বোলয় বচন ॥১৩ অনাথিনী মাৱ মোৰ পালিব কেমনে । মই চলি যাওঁ হেৰা ঘোৰ তপোবনে ॥১৪ শুনিয়োক বাপ পৃথিবীৰ নিজনাহা । বদন কমল দেখোঁ মাথা তুলি চাহাঁ ॥১৫ দেখোহোঁ দুৰ্লভ পুনৰপি দৰিশন । আশীৰ্ব্বাদ কৰিয়োক চলি যাওঁ বন ॥১৬ কৈকেয়ী বোলে ৰাম বোলোহোঁ তোমাক । যাৱে থাকা তুমি তাৱে নুতুলিব মাথ ॥১৭ লজ্জা ভৈলা বিস্তৰ ৰাজাৰ মন দুঃখ । তুমি সত্য পালিলে ৰাজাৰ হৈবে সুখ ॥১৮ বুলিলি বচন হিত আনিবো ভৰত । তুমি বন গৈলেহে ৰাজাৰ বহে সত ॥১৯ কৈকেয়ীৰ বাক্য শুনি নিষ্ঠুৰ স্বভাৱ । হা ৰাম বুলি ৰাজা এৰিলন্ত গাৱ ॥২০ ক্ষণিকতে ৰাজাৰ মোহিত ভৈল মতি । আসনতে মূৰ্চ্ছা গৈলা অযোধ্যাৰ পতি ॥২১ দুঃখ দেখি ৰাজাৰ বুলিলা ৰামে কাজ । কৈকেয়ীক বুলিলা এৰিয়া মুখ লাজ ॥২২ আমাৰ নিষ্ঠুৰ বাপে নোবোলন্ত বাণী । হেৰ হাত যোৰো সুখে থাকিয়ো গোসানী ॥২৩ মোত নুবুলিলা তুমি ভৰতৰ কাজ । প্ৰাণ দিতে পাৰোহোঁ আছোক ধনৰাজ ॥২৪ মোৰ বনবাসত বাপক দিয়া দুখ । ইনো ৰাজ্য ভাৰ কত বৰ হুইবে সুখ ॥২৫ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=335823.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|