Difference between revisions 336276 and 336303 on sourceswiki

{{header
 | title      = মালতী
 | author     = লক্ষ্মীনাথ বেজবৰুৱা
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
 | portal     = 
 | wikipedia  =  laxminath bezbaruah
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  
}}

পূবৰে ৰ’দতে চিকমিক কৰিছে

লুইতৰ পাৰৰে বালি

আকাশত উৰিছে তেনে চিকেমিকাই

বগলী জাকৰে লালী

পাৰতে কহুঁৱাৰ ফুলে চিকেমিকাই

দেখোতেই আমোলমোল

লুইতৰ কুঁৱৰী নহয় ঐ মালতী

নহয় তেওঁ ফুলৰে ৰাণী

আকাশী পোহৰৰ নহয় তেওঁ প্রতিমা

নহয় তেওঁ বীণৰে বাণী

পৰ্বতৰ জীয়ৰী সুন্দৰী গৌৰীৰ

সাঁচত মোৰ মালতী নাই

নুশুঙা ফুলটিৰ নুফুলা কলিটিৰ

মালতীৰ তুলনা পায়

ভাৱৰে প্রতিমা ভাৱতে বাঢ়িছে

ভাৱৰে বেহানি কৰে

বুকুৰে ভিতৰত চেনেহৰ সঁফুৰাত

মালতীৰ চেনেহকন চৰে

চাম মই মালতীক ওৰে জীৱন জুৰি

থম মোৰ বুকুতে বান্ধি

মালতীৰ হাঁহিতে হাঁহিটি মিলাই মই

থাকিম কান্দোনতে কান্দি

চেনেহী মালতীৰ কোলাত থৈ মূৰটি

মুদিম দুই চকুৰে পটা

নিঠুৰ এই জগতৰ মেলানি মাগি লম

ঢুকাব সকলো কথা

[[Category:লক্ষ্মীনাথ বেজবৰুৱা]]
[[Category:অসমীয়া কবিতাৰ সাহিত্যকৰ্ম]]