Difference between revisions 336424 and 336431 on sourceswiki{{মিৰি জীয়ৰী}}⏎ এই অসম দেশৰ লক্ষীমপুৰ জিলাত সোৱণশিৰী নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্বতলানীৰ পৰা ওলাই উত্তৰ লক্ষীমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ।খেৰকটীয়া এখন বেলেগ নৈ নহয়। ব্ৰহ্মপুত্ৰ্ৰ ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে। আজিকালিও লক্ষীমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি, তেওঁৰ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰাই আদৰি নিছে। যি ঠাইত সোৱণশিৰী আৰু খেৰকটীয়া লগ লাগিছে, সেই ঠাইৰে পৰা যিখন নৈ হৈছে,তাৰ নাম লুইত।লুইত লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পশ্চিম মুখে ব্ৰহ্মপুত্ৰত পৰিছে। All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336431.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|