Difference between revisions 336435 and 336439 on sourceswiki{{মিৰি জীয়ৰী}} এই [[অসম]] দেশৰ [[লক্ষীমপুৰ জিলা]]ত [[সোৱণশিৰী]] নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা [[মিৰি]] আৰু ডফলাৰ পৰ্বতলানীৰ পৰা ওলাই [[উত্তৰ লক্ষীমপুৰ]]ৰ মাজেদি বাগৰি [[মাজুলী]]ৰ খেৰকটীয়া নৈত পৰিছেগৈ।খেৰকটীয়া এখন বেলেগ নৈ নহয়। [[ব্ৰহ্মপুত্ৰ্ৰ]] ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে। আজিকালিও '''লক্ষীমপুৰ''' আৰু '''মাজুলীৰ''' সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি, তেওঁৰ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰাই আদৰি নিছে। যি ঠাইত সোৱণশিৰী আৰু '''খেৰকটীয়া''' লগ লাগিছে, সেই ঠাইৰে পৰা যিখন নৈ হৈছে,তাৰ নাম লুইত।[[লুইত]] লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পশ্চিম মুখে ব্ৰহ্মপুত্ৰত পৰিছে। ⏎ ⏎ সোৱণশিৰী নৈখন বহলে ব্ৰহ্মপুত্ৰৰ পাঁচ জোখৰ এজোখমান হৱ। ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ [[পানী]] নিৰ্মল। যিমান ওপৰৰ ফাললৈ যোৱা যায়, ইয়াৰ পানী সিমান নিৰ্মল পোৱা যায়। আনকি ওপৰৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি। এই পানীৰ লগত ঠায়ে ঠায়ে অলপ [[সোণ]] মিহলি আছে। আগেয়ে সোৱণশিৰী অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজিকালিও ঠায়ে ঠায়ে '''সোৱণশিৰী'''ৰ পানীত সোণৰ ৰেণু আছে। কিন্তু আজিকালি অসমীয়া মানুহে '''সোণ''' ধুবলৈ এৰিছে। বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়। কপালত থাকিলেহে এমাহ বালি ধুই এসিকি সোণ উলিয়াব পাৰি। আগেয়ে ৰজাৰ দিনত ধান-চাউল বৰ সস্তা আছিল। এসিকি সোণেৰেই এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আটিছিল। কিন্তু আজিকালি পাঁট-ছয় টকা [[ৰূপ]] নহলে এটা মানুহকে খাবলৈ নটাত পৰিল। সেইদেখি আজিকালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে।কিন্তু আজিকালিও সোৱণশিৰী আইৰ দুখীয়া অসমীয়া মানুহক সোণ দান কৰা পুণ্য-ফাঁকি ৰহিত হলেও, আইৰ আন আন গুণ সকলো আগৰ দৰেই আছে।সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথালগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই, আইৰ ৰূপৰো সীমা নাই। কতবা বৰ বিতোপন বিতোপন হাবিৰ মাজেদি বাগৰিছে। কতবা গাঁৱৰ মাজেদি গৈ পাৰত থকা মানুহবিলাকক তেওঁৰ শীতল বতাহ আৰু নিৰ্মল পানী দি দেহে মনে ভালে ৰাখিছে।⏎ ⏎ আইৰ অসমীয়া মানুহতকৈ পৰ্বতৰ পৰা অহা সৰল ভাবৰ মিৰি মানুহবিলাকৰ ওপৰত চেনেহ বেছি। স্বভাৱৰ এই অজলা-আজলী লৰা-ছোৱালী মিৰি জাতিয়ে আইক এৰি কেতিয়াও থাকিব নোৱাৰে।পৰ্বতৰ শীতল ঠাইৰ পৰা নামি অহা (ক) মিৰিহঁতৰ আইৰ কাষত নাথাকিলেই নহয়।"চৰগ পূজাত" (খ) সিহঁতক শীতল কৰিবলৈ "মুগলীং মিৰেমাক" (গ) তাঙ্গ লেছিনাক চিনেক তাঙ্গ একি ৰাক্ বেচিনেক্ বেচি তাম ৰনেক্ বিদাক বঙ্কে, চিনকে তাককনে, টুকুইয়া আকিয়ে, কিময়কা, আচাৰে বিবি মতৈকা (ঘ)ইত্যাদি বুলি তুতি কৰা মিৰিহঁতৰ সোৱণশিৰী আইৰ শীতল বতাহ নাপালে জীৱ নাথাকে। সোৱণশিৰীৰ শীতল পানী নাখালে সিহঁতৰ পিয়াহ নপলায়। আই সোৱণশিৰীৰ কোলাত সৰু সৰু নাৱত উঠি উমলিব নাপালে মিৰিহঁতৰ মনত ৰং নালাগে। সেইদেখি এই মিৰি জাতি অধিকাংশ মানুহেই আই সোৱণশিৰীৰ পাৰত বাস কৰে।ঠায়ে ঠায়ে সোৱণশিৰীৰ দুয়ো পাৰে মিৰিহঁতৰ গাঁও। কতবা হয়তো এপাৰে মিৰিৰ গাঁও আনপাৰে হাবি। সেই হাবি ভাঙি মিৰিহঁতে ভূঁই কৰে। এনেকুৱা এখন মিৰি গাঁৱৰ পশ্চিম ফালে দুখন আহু ধানৰ ভূঁই আছিল। সেই ভূঁই দুখন সোৱণশিৰী নৈৰ পাৰতে। মুঠতে গড়াৰ পৰা দহ-বাৰ নল দূৰ। ভূঁই দুখনৰ মাজত দুখন চাঙ। মুঠেই পাঁচ-ছয় নলৰ আঁতৰা-আঁতৰি। এই চাঙ দুখনৰ এখনত এজনী আঠ-ন বছৰ বয়সীয়া ছোৱালী।আনখনত এটা তেৰ-চৈধ্য বছৰ বয়সীয়া লৰা। দুইৰো হাতত দুডাল টকা। মাজে মাজে টুনী টোকোৰা ইত্যাদি চৰাই ধানত পৰে। সেই চৰাইবিলাকক লৰা-ছোৱালীহালে টকা কোৱাই কোৱাই খেদিছে। বেলি প্ৰায় চাইটামান বাজিল। সূৰুয দেৱতাই লাগে লাহে পশ্চিম আকাশত ঠাই ললেগৈ। ৰদৰ কিৰণ সোৱণশিৰী নৈত পৰি জিলমিলাইছে। লৰা-ছোৱালীহালে অকলৈ অকলৈ বহি আছে। এনেতে সিফালে হাবিৰ পৰা এটা ভালুক ওলাল। ভালুকটো ওলোৱা মাত্ৰেই লৰা-ছোৱালী হালৰ জীৱ উৰি গল। দুয়ো আতুৰ হৈ দৌৰ মাৰিলে। দৌৰত আঠ হাত নল গৈয়েই, ছোৱালীজনী উজুতি খাই পৰিল। কিন্তু তত্ক্ষনাত ভালুকৰ ভয় পাছ কৰিও লৰাটোৱে আহি ছোৱালীজনীক তুলিলে আৰু সুধিলে ---"পানেই দুখ পালি নেকি ?" লৰাটোৰ এই কথাত ছোৱালীজনীয়ে খিল খিল কৰি হাঁহি কলে,-"জঙ্কি মই একো দুখ পোৱা নাই।" লৰাটোৰ নাম জঙ্কি আৰু ছোৱালীজনীৰ নাম পানেই। তেতিয়া জঙ্কিয়ে কলে,- পানেই আমি আৰু ইয়াত নাথাকোঁ, যাওঁ বল। পানেই-এৰা বল গুচি যাওঁগৈ। গধূলিও হৈছে। তেতিয়া এই মিৰি লৰা-ছোৱালী হালেই দুয়ো নাৱত উঠিলগৈ। লৰাটোৱে গুৰিত থিয় হৈ গুৰি-বঠাপাট চলাব।ছোৱালীজনীয়েও আগত থিয় হৈ আগ-বঠাপাট চবিয়াব ধৰিলে। নাৱৰ চাবে চাবে ছোৱালীজনীয়ে গাব ধৰিলেঃ- All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336439.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|