Difference between revisions 336440 and 336441 on sourceswiki

{{মিৰি জীয়ৰী}}
এই [[অসম]] দেশৰ [[লক্ষীমপুৰ জিলা]]ত [[সোৱণশিৰী]] নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা [[মিৰি]] আৰু ডফলাৰ পৰ্বতলানীৰ পৰা ওলাই [[উত্তৰ লক্ষীমপুৰ]]ৰ মাজেদি বাগৰি [[মাজুলী]]ৰ খেৰকটীয়া নৈত পৰিছেগৈ।খেৰকটীয়া এখন বেলেগ নৈ নহয়। [[ব্ৰহ্মপুত্ৰ্ৰ]] ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে। আজিকালিও '''লক্ষীমপুৰ''' আৰু '''মাজুলীৰ''' সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি, তেওঁ(contracted; show full)

লৰাটোৰ এই কথাত ছোৱালীজনীয়ে খিল খিল কৰি হাঁহি কলে,-"জঙ্কি মই একো দুখ পোৱা নাই।" লৰাটোৰ নাম জঙ্কি আৰু ছোৱালীজনীৰ নাম পানেই। তেতিয়া জঙ্কিয়ে কলে,- পানেই আমি আৰু ইয়াত নাথাকোঁ, যাওঁ বল। পানেই-এৰা বল গুচি যাওঁগৈ। গধূলিও হৈছে।
তেতিয়া এই মিৰি লৰা-ছোৱালী হালেই দুয়ো নাৱত উঠিলগৈ। লৰাটোৱে গুৰিত থিয় হৈ গুৰি-বঠাপাট চলাব।ছোৱালীজনীয়েও আগত থিয় হৈ আগ-বঠাপাট চবিয়াব ধৰিলে। নাৱৰ চাবে চাবে ছোৱালীজনীয়ে গাব ধৰিলেঃ-

      (১)
      (১)
(ঙ)
দূৰৈকৈ নলবি বূঁই ঐ চেনেঙা (চ)
          দূৰৈকৈ নলবি বূঁই-
          আয়োঁতে বিষাব লায়ৰী কঁকাল ঐ
          যাওঁতে বিষাব বৰি-
তাৰ পিছত লৰাটোৱেও গালেঃ-
            (২)
বাৰে নৈৰ নিৰেমল পানী ঐ কনেঙ্ (ছ) ঐ
        বাৰে নৈৰ নিৰমেল পানী-
তাতোকৈ নিৰেমল সৰুটি কনেঙ্ ঐ
        যেন চৰিয়াৰে পানী-
এইদৰে নাম গাই গৈ থাকোঁতে নাও সিপাৰ পালেগৈ। তেতিয়া মিৰি লৰা-ছোৱালী হালেই পাৰত নাও এৰি নামিল। ঘৰাঘৰি যাবৰ পৰাত পানেয়ে জঙ্কিক কলে,-"হেৰ জঙ্কি! হেৰ জঙ্কি! কাইলৈ আমাৰ ঘৰত ধেমালি হৱ। তই আহিবি দেই।"
জঙ্কি-"বাৰু যাম দেই পানেই।"