Difference between revisions 336453 and 336454 on sourceswiki⏎ {{header | title = তুলা আৰু তেজা | author = লক্ষ্মীনাথ বেজবৰুৱা | translator = | section = | previous = [[চিলনীৰ জীয়েকৰ সাধু]] | next = [[কটা যোৱা নাক খাৰণী দি ঢাক]] | year = | portal = | wikipedia = laxminath bezbaruah | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = বুঢ়ী আইৰ সাধু-ৰ গল্প }}⏎ এটা চহকী খেতিয়কৰ দুজনী ঘৈণীয়েক আছিল; বৰজনী এলাগী, সৰুজনী লাগী| এলাগীৰ এজনী ছোৱালী আৰু এটা ল’ৰা, নাম তেজা আৰু কানাই| লাগীৰ মুঠেই এজনী ছোৱালী, নাম তুলা| তুলা তেজাতকৈ বয়সত ডাঙৰ আছিল| লাগীজনীয়ে এলাগী আৰু তাইৰ ল’ৰাটোক আৰু ছোৱালীজনীক বৰ দুখ দিছিল| তিৰুতাসেৰুৱা গিৰীয়েকেও লাগীৰ ভয়ত সিহঁতক মৰম কৰিব নোৱাৰিছিল| সিহঁতে ভাল খাব পিন্ধিবলৈ নাপায়| ৰাতিপুৱা তেজা আৰু কানায়ে কৰ্কৰা পঁইতা ভাত এগাল খাই গৰু ৰাখিবলৈ গুচি যায় কিন্তু তুলাই মাকে সৈতে তিনি-তেলনি মাৰি খায়, ভাল কাপোৰ-কানি পিন্ধি মহা সুখে থাকে| গিৰীয়েকে হাল-ক(contracted; show full) সিহঁতে পুখুৰীৰ পাৰত য’ত সেই হাতোৰা দুটা পুতি থৈছিল, তাতে এজোপা জৰাটেঙা আৰু এজোপা জবা ফুলৰ গছ হ’ল| জবা গছজোপা সুন্দৰ মনোমোহা জবা ফুলেৰে জক্মকাবলৈ ধৰিলে আৰু জৰাজোপাতো সুন্দৰ জৰাটেঙা উপচি লাগিল| তেজা আৰু কানায়ে নিতৌ গৰু চৰাবলৈ গৈ সেই গছ দুজোপাৰ তলতে বহি জিৰাই সৈতে কথা পাতি থাকে| All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336454.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|