Difference between revisions 339069 and 339070 on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}} :::<big><big><big><big>'''ৰামায়ণ ।'''<big><big><big><big> :::<big><big>'''আদিকাণ্ড ।'''<big><big> :: '''১ম অধ্যায়''' :: বন্দনা । :: শ্ৰীকৃষ্ণায় নমঃ । ৰামায় ৰামচন্দ্ৰায় ৰামভদ্ৰায় বেধসে । ৰঘুনাথায় নাথায় সীতায়াঃপতয়ে নমঃ ॥ ------------------------------------------ জয় জয় কৃষ্ণ দেৱ দৈবকী নন্দন । ব্ৰহ্মা হৰে কৰে যাৰ চৰণে বন্দন ॥১ আতি অন্ত্য জাতি তৰে যাৰ লৈলে নাম । হেন কৃষ্ণ পদে কৰোঁ সদাই প্ৰণাম ॥২ নমো নমো ৰাম ৰঘুকুলৰ কমল । কৰয়ো প্ৰকাশ নিজ যশ সুনিৰ্ম্মল ॥৩ পুৰিলাহা যিতো জগতৰ মনকাম । হেন ৰাম পদে কৰোঁ সদাই প্ৰণাম॥৪ একে ব্ৰহ্ম আসি চাৰি মূৰ্ত্তি অৱতৰি । হৰিলা ভূমিৰ ভাৰ ৰাক্ষস সংহৰি ॥৫ ব্ৰহ্মা আদি দেৱৰ সাধিলা প্ৰয়োজন । প্ৰণামো সাদৰে হেন ৰামৰ চৰণ ॥৬ নিজ গুৰু চৰণত কৰি নমস্কাৰ । ৰচিলোঁ মাধৱে আদ্য কাণ্ড কথা সাৰ ॥৭ আচৰি মঙ্গল গুণ কীৰ্ত্তন কৃষ্ণৰ । কৃষ্ণক স্মৰণে সিদ্ধি হৌক আৰম্ভৰ ॥৮ বোলোঁ কৃতাঞ্জলি শুনা সবে সভাসদ । মহা মূঢ় হুয়া কৰোঁ ৰামায়ণ পদ ॥৯ পৰম চঞ্চল মই অধমৰ দোষ । ক্ষেমিবা সকলে নকৰিবা অসন্তোষ ॥১০ নাহিকে কবিতা গুণ নুহিকোঁ পণ্ডিত । তথাপিতো ভৈলা পদ কৰিবাক চিত্ত ॥১১ মহাভোগ ইচ্ছা যেন ভৈলা দৰিদ্ৰৰ । মই অজ্ঞানীৰ জানা সেহি পটন্তৰ ॥১২ জানি মহাজনে নিন্দা নকৰিবা আত । কৰোঁ হেৰা মই কৃতাঞ্জলি প্ৰণিপাত ॥১৩ যেই সেই বিকে যেন অমূল্য ৰতন । তাক বাছি আছে জানা কোন মহাজন ॥১৪ মোৰ পদ পটন্তৰ যেন হীন জাতি । ৰামৰ চৰিত্ৰচয় মহাৰত্ন আতি ॥১৫ মোৰ পদ জানি দোষ কৰি পৰিহাৰ । লৈয়ো ৰাম গুণময় মহাৰত্ন সাৰ ॥১৬ তেবেসে কলিত হৈবা কৃতাৰ্থ সম্প্ৰতি । ৰাম কথা শুনি অনায়াসে পাইবা গতি ॥১৭ উত্তম মনুষ্য জন্ম নকৰিয়ো বৃথা । এক চিত্ত মনে শুনা ৰামায়ণ কথা ॥১৮ মহা ঋষি বাল্মীকিৰ নিৰ্ম্মল হৃদয় । কৰিলা লোকক মহা কৃপা কৃপাময় ॥১৯ ৰাম কথা অমৃতক কৰি মহাদান । সাধিলন্ত জগতৰ পৰম কল্যাণ ॥২০ এক দিনা বাল্মীকি উঠিয়া প্ৰভাতত । স্নান কৰিবাক প্ৰতি গঙ্গাৰ জলত ॥২১ শিষ্য ভৰদ্বাজক বুলিলা ঋষিৰাজ । সত্বৰে লৈয়োক স্নান কৰিবাৰ সাজ ॥২২ শুনি ভৰদ্বাজ সাজ লৈলা তেতিক্ষণে । স্নানিবাক লৰিলা সমন্তে ঋষিগণে ॥২৩ স্নানিতে লাগিলা ঋষি গঙ্গাৰ জলত । দেখিলন্ত ক্ৰৌঞ্চ পক্ষী বৃক্ষৰ ডালত ॥২৪ পৰম হৰিষে পক্ষী কৰয় সঙ্গম । ব্যাধ গোটে আসি পশিলেক যেন যম ॥২৫ সঙ্গম সময়ে দুষ্টে পক্ষীক হানিল । দেখি বাল্মীকিৰ মহা কৰুণা মিলিল ॥২৬ মহা ক্ৰোধে ব্যাধক বুলিলা ঋষিৰাজ । শুনৰে অধম কিলো কৰিলি অকাজ ॥২৭ সঙ্গম কৰোঁতে পক্ষীক কৰিলি সংহাৰ । চিৰকাল নৰকে পচিবি দুৰাচাৰ ॥২৮ ইহ লোকে দুৰ্যশ থাকিবে বৰ তোৰ । মোহ হুয়া কৰ্ম্ম তই কৰিলি দুৰ্ঘোৰ ॥২৯ এহি বুলি মনে ঋষি কৰন্ত বিষাদ । অকস্মাতে আসি কিনো দেখিলোঁ প্ৰমাদ ॥৩০ স্নান কৰি জলহন্তে উঠি তপোধন । শিষ্য সমে কৰিলন্ত গৃহক গমন ॥৩১ ঘৰে আসি বসি মুনি গুণন্ত মনত । কেন মতে বাক্য মোৰ বজাইল মুখত ॥৩২ চাৰি পদ হুয়া মোৰ আসিল বচন । শ্লোক নামে ইহাকে বুলিয়ো সৰ্ব্বজন ॥৩৩ বাল্মীকিৰ মুখে ভৈল বচন উত্তম । শ্লোক নামে কবিতা শুনন্তে মনোৰম ॥৩৪ মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বাতীঃ সমা । যত্ ক্ৰৌঞ্চমিথুনাদেকমবধিঃ কামমোহিতম্ ॥ [[Category:সপ্তকাণ্ড ৰামায়ণ]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=339070.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|