Revision 334334 of "আদিকাণ্ড" on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

                                              
ৰামায়ণ ।
আদিকাণ্ড ।
১ অধ্যায় ।
বন্দনা ।
শ্ৰীকৃষ্ণায় নমঃ ।

ৰামায় ৰামচন্দ্ৰায় ৰামভদ্ৰায় বেধসে ।
ৰঘুনাথায় নাথায় সীতায়াঃপতয়ে নমঃ ॥
------------------------------------------
জয় জয় কৃষ্ণ দেৱ দৈবকী নন্দন ।                            
ব্ৰহ্মা হৰে কৰে যাৰ চৰণে বন্দন ॥১                           
আতি অন্ত্য জাতি তৰে যাৰ লৈলে নাম ।                        
হেন কৃষ্ণ পদে কৰোঁ সদাই প্ৰণাম ॥২                           
নমো নমো ৰাম ৰঘুকুলৰ কমল ।                             
কৰয়ো প্ৰকাশ নিজ যশ সুনিৰ্ম্মল ॥৩                        
পুৰিলাহা যিতো জগতৰ মনকাম ।                            
হেন ৰাম পদে কৰোঁ সদাই প্ৰণাম॥৪ 
একে ব্ৰহ্ম আসি চাৰি মূৰ্ত্তি অৱতৰি ।                                                                         
হৰিলা ভূমিৰ ভাৰ ৰাক্ষস সংহৰি ॥৫                           
ব্ৰহ্মা আদি দেৱৰ সাধিলা প্ৰয়োজন ।                           
প্ৰণামো সাদৰে হেন ৰামৰ চৰণ ॥৬                           
নিজ গুৰু চৰণত কৰি নমস্কাৰ ।                               
ৰচিলোঁ মাধৱে আদ্য কাণ্ড কথা সাৰ ॥৭                         
আচৰি মঙ্গল গুণ কীৰ্ত্তন কৃষ্ণৰ ।       
কৃষ্ণক স্মৰণে সিদ্ধি হৌক আৰম্ভৰ ॥৮                        
বোলোঁ কৃতাঞ্জলি শুনা সবে সভাসদ ।                           
মহা মূঢ় হুয়া কৰোঁ ৰামায়ণ পদ ॥৯                           
পৰম চঞ্চল মই অধমৰ দোষ ।                              
ক্ষেমিবা সকলে নকৰিবা অসন্তোষ ॥১০                          
নাহিকে কবিতা গুণ নুহিকোঁ পণ্ডিত ।                           
তথাপিতো ভৈলা পদ কৰিবাক চিত্ত ॥১১                        
মহাভোগ ইচ্ছা যেন ভৈলা দৰিদ্ৰৰ ।                            
মই অজ্ঞানীৰ জানা সেহি পটন্তৰ ॥১২   
জানি মহাজনে নিন্দা নকৰিবা আত ।
কৰোঁ হেৰা মই কৃতাঞ্জলি প্ৰণিপাত ॥১৩
যেই সেই বিকে যেন অমূল্য ৰতন । 
তাক বাছি আছে জানা কোন মহাজন ॥১৪
মোৰ পদ পটন্তৰ যেন হীন জাতি ।
ৰামৰ চৰিত্ৰচয় মহাৰত্ন আতি ॥১৫   
মোৰ পদ জানি দোষ কৰি পৰিহাৰ ।  
লৈয়ো ৰাম গুণময় মহাৰত্ন সাৰ ॥১৬
তেবেসে কলিত হৈবা কৃতাৰ্থ সম্প্ৰতি ।
ৰাম কথা শুনি অনায়াসে পাইবা গতি ॥১৭
উত্তম মনুষ্য জন্ম নকৰিয়ো বৃথা ।
এক চিত্ত মনে শুনা ৰামায়ণ কথা ॥১৮
মহা ঋষি বাল্মীকিৰ নিৰ্ম্মল হৃদয় । 
কৰিলা লোকক মহা কৃপা কৃপাময় ॥১৯
ৰাম কথা অমৃতক কৰি মহাদান ।
সাধিলন্ত জগতৰ পৰম কল্যাণ ॥২০
এক দিনা বাল্মীকি উঠিয়া প্ৰভাতত ।
স্নান কৰিবাক প্ৰতি গঙ্গাৰ জলত ॥২১   
শিষ্য ভৰদ্বাজক বুলিলা ঋষিৰাজ ।  
সত্বৰে লৈয়োক স্নান কৰিবাৰ সাজ ॥২২
শুনি ভৰদ্বাজ সাজ লৈলা তেতিক্ষণে ।
স্নানিবাক লৰিলা সমন্তে ঋষিগণে ॥২৩
স্নানিতে লাগিলা ঋষি গঙ্গাৰ জলত ।
দেখিলন্ত ক্ৰৌঞ্চ পক্ষী বৃক্ষৰ ডালত ॥২৪
পৰম হৰিষে পক্ষী কৰয় সঙ্গম ।
ব্যাধ গোটে আসি পশিলেক যেন যম ॥২৫
সঙ্গম সময়ে দুষ্টে পক্ষীক হানিল ।
দেখি বাল্মীকিৰ মহা কৰুণা মিলিল ॥২৬
মহা ক্ৰোধে ব্যাধক বুলিলা ঋষিৰাজ ।
শুনৰে অধম কিলো কৰিলি অকাজ ॥২৭
সঙ্গম কৰোঁতে পক্ষীক কৰিলি সংহাৰ ।
চিৰকাল নৰকে পচিবি দুৰাচাৰ ॥২৮
ইহ লোকে দুৰ্যশ থাকিবে বৰ তোৰ ।
মোহ হুয়া কৰ্ম্ম তই কৰিলি দুৰ্ঘোৰ ॥২৯
এহি বুলি মনে ঋষি কৰন্ত বিষাদ ।
অকস্মাতে আসি কিনো দেখিলোঁ প্ৰমাদ ॥৩০
স্নান কৰি জলহন্তে উঠি তপোধন ।
শিষ্য সমে কৰিলন্ত গৃহক গমন ॥৩১
ঘৰে আসি বসি মুনি গুণন্ত মনত ।
কেন মতে বাক্য মোৰ বজাইল মুখত ॥৩২
চাৰি পদ হুয়া মোৰ আসিল বচন ।
শ্লোক নামে ইহাকে বুলিয়ো সৰ্ব্বজন ॥৩৩
বাল্মীকিৰ মুখে ভৈল বচন উত্তম ।
শ্লোক নামে কবিতা শুনন্তে মনোৰম ॥৩৪

মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বাতীঃ সমা ।
যত্ ক্ৰৌঞ্চমিথুনাদেকমবধিঃ কামমোহিতম্ ॥

[[Category:সপ্তকাণ্ড ৰামায়ণ‎]]