Revision 334348 of "ৰামায়ণ বৃত্তান্ত" on sourceswiki২ অধ্যায় - ৰামায়ণৰ বৃত্তান্ত অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত । সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১ চৰাচৰ জগতৰ কুশল কাৰণে । ৰামৰূপে অৱতাৰ হৈবা নাৰায়ণে ॥২ বাল্মীকিৰ মুখে সেই দিব্য কথামৃত । শ্লোকবন্ধে কৰাঞো সৰ্ব্ব জনত বিদিত ॥৩ তাকে শুনি ভনি সুখে তৰোক সংসাৰ । হেন মনে গুণি ব্ৰহ্মা কৰিলন্ত সাৰ ॥৪ আছন্ত বাল্মীকি চিন্তি পূৰ্ব্ব কথামৃত । নাৰদে সহিতে ব্ৰহ্মা মিলিল তহিত ॥৫ দেখিয়া বাল্মীকি ঋষি উঠি তাৱক্ষণে । সুবৰ্ণ আসন আমি দিলা ৰঙ্গমনে ॥৬ নাৰদে সহিতে ব্ৰহ্মা বসিল তথাত । কৰিলা বাল্মীকি দুইবো পাৱে প্ৰণিপাত ॥৭ পাদ্যে অৰ্ঘে গন্ধে ধূপে পূজি মহা ঋষি । কৃতাঞ্জলি হুয়া স্তুতি বুলিলা হৰিষি ॥৮ সাম্ফলিলোঁ জন্ম দুইৰো দেখিলো চৰণ । কৰিয়োক আজ্ঞা কিবা সাধোঁ প্ৰয়োজন ॥৯ বাল্মীকিক ব্ৰহ্মা পাচে বুলিলা বচন । শুনা মহাঋষি সোৰ যেন প্ৰয়োজন ॥১০ বুলিলা বচন যেন ক্ৰৌঞ্চক বধিতে । সেহিমতে ৰামায়ণ কৰা এক চিতে ॥১১ দশৰথ নৃপতিৰ গৃহে অযোধ্যাত । শ্ৰীৰাম স্বৰূপে হৰি জন্মিবা সাক্ষাত ॥১২ নাৰদৰ মুখে কথা শুনিবা সকলে । পাচে ৰামায়ণ কৰিবাহা কৌতুহলে ॥১৩ যুগে যুগে তোমাৰ কবিতা প্ৰচাৰিব । তাকে শুনি ভণি লোকে সংসাৰ তৰিব ॥১৪ নাৰদক পাচে বুলিলন্ত পিতামহ । ৰামৰ চৰিত্ৰ কিছু বাল্মীকিত কহ ॥১৫ এহি বুলি ব্ৰহ্মা নিজ লোকে গৈলা চলি । নাৰদত বাল্মীকি পুছিলা কৃতাঞ্জলি ॥১৬ কেন মতে ৰামায়ণ কৰিবো অতাই । সিসব কাহিনী সবে কহাঁ মোৰ ঠাই ॥১৭ কোন কুলে ৰামচন্দ্ৰ হৈবা উতপন । কোন দেশে কোন কৰ্ম্ম কৰিবা শোভন ॥১৮ কেনমতে হৈবা ৰাম কোন প্ৰয়োজনে । সিসব কাৰণ তুমি জানাহা আপোনে ॥১৯ বোলন্ত নাৰদে শুনিয়োক মহাঋষি । ৰামৰ চৰিত্ৰতয় কহিবোঁ হৰিষি ॥২০ হৈবন্ত ইক্ষ্বাকু নামে ৰাজা অযোধ্যাত । দশৰথ ৰাজা সেই কুলে হৈবা জাত ॥২১ তান গৃহে বিষ্ণু ৰামৰূপে অৱতৰি । হৰিবা ভূমিৰ ভাৰ ৰাক্ষস সংহৰি ॥২২ ৰামৰ চৰিত্ৰচয় অমৃত সমান । শুনা অনুক্ৰমে ঋষি কহোঁ বিদ্যমান ॥২১ অযোধ্যাত হৈবা দশৰথ নৰেশ্বৰ । পুত্ৰ নহৈবেক নৱ হাজাৰ বতসৰ ॥২২ All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?oldid=334348.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|