Revision 334355 of "ৰামায়ণ বৃত্তান্ত" on sourceswiki২ অধ্যায় - ৰামায়ণৰ বৃত্তান্ত অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত । সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১ চৰাচৰ জগতৰ কুশল কাৰণে । ৰামৰূপে অৱতাৰ হৈবা নাৰায়ণে ॥২ বাল্মীকিৰ মুখে সেই দিব্য কথামৃত । শ্লোকবন্ধে কৰাঞো সৰ্ব্ব জনত বিদিত ॥৩ তাকে শুনি ভনি সুখে তৰোক সংসাৰ । হেন মনে গুণি ব্ৰহ্মা কৰিলন্ত সাৰ ॥৪ আছন্ত বাল্মীকি চিন্তি পূৰ্ব্ব কথামৃত । নাৰদে সহিতে ব্ৰহ্মা মিলিল তহিত ॥৫ দেখিয়া বাল্মীকি ঋষি উঠি তাৱক্ষণে । সুবৰ্ণ আসন আমি দিলা ৰঙ্গমনে ॥৬ নাৰদে সহিতে ব্ৰহ্মা বসিল তথাত । কৰিলা বাল্মীকি দুইবো পাৱে প্ৰণিপাত ॥৭ পাদ্যে অৰ্ঘে গন্ধে ধূপে পূজি মহা ঋষি । কৃতাঞ্জলি হুয়া স্তুতি বুলিলা হৰিষি ॥৮ সাম্ফলিলোঁ জন্ম দুইৰো দেখিলো চৰণ । কৰিয়োক আজ্ঞা কিবা সাধোঁ প্ৰয়োজন ॥৯ বাল্মীকিক ব্ৰহ্মা পাচে বুলিলা বচন । শুনা মহাঋষি সোৰ যেন প্ৰয়োজন ॥১০ বুলিলা বচন যেন ক্ৰৌঞ্চক বধিতে । সেহিমতে ৰামায়ণ কৰা এক চিতে ॥১১ দশৰথ নৃপতিৰ গৃহে অযোধ্যাত । শ্ৰীৰাম স্বৰূপে হৰি জন্মিবা সাক্ষাত ॥১২ নাৰদৰ মুখে কথা শুনিবা সকলে । পাচে ৰামায়ণ কৰিবাহা কৌতুহলে ॥১৩ যুগে যুগে তোমাৰ কবিতা প্ৰচাৰিব । তাকে শুনি ভণি লোকে সংসাৰ তৰিব ॥১৪ নাৰদক পাচে বুলিলন্ত পিতামহ । ৰামৰ চৰিত্ৰ কিছু বাল্মীকিত কহ ॥১৫ এহি বুলি ব্ৰহ্মা নিজ লোকে গৈলা চলি । নাৰদত বাল্মীকি পুছিলা কৃতাঞ্জলি ॥১৬ কেন মতে ৰামায়ণ কৰিবো অতাই । সিসব কাহিনী সবে কহাঁ মোৰ ঠাই ॥১৭ কোন কুলে ৰামচন্দ্ৰ হৈবা উতপন । কোন দেশে কোন কৰ্ম্ম কৰিবা শোভন ॥১৮ কেনমতে হৈবা ৰাম কোন প্ৰয়োজনে । সিসব কাৰণ তুমি জানাহা আপোনে ॥১৯ বোলন্ত নাৰদে শুনিয়োক মহাঋষি । ৰামৰ চৰিত্ৰতয় কহিবোঁ হৰিষি ॥২০ হৈবন্ত ইক্ষ্বাকু নামে ৰাজা অযোধ্যাত । দশৰথ ৰাজা সেই কুলে হৈবা জাত ॥২১ তান গৃহে বিষ্ণু ৰামৰূপে অৱতৰি । হৰিবা ভূমিৰ ভাৰ ৰাক্ষস সংহৰি ॥২২ ৰামৰ চৰিত্ৰচয় অমৃত সমান । শুনা অনুক্ৰমে ঋষি কহোঁ বিদ্যমান ॥২৩ অযোধ্যাত হৈবা দশৰথ নৰেশ্বৰ । পুত্ৰ নহৈবেক নৱ হাজাৰ বতসৰ ॥২৪ পুত্ৰৰ নিমিত্তে যজ্ঞ কৰিব অনেক । তথাপিতো নৃপতিৰ পুত্ৰ নোহিবেক ॥২৫ দুৰ্বাশাত উপদেশ পায়া মহামানী । কৰিবা বিশিষ্ট যজ্ঞ ঋষ্যশৃঙ্গ আনি ॥২৬ তেবে জন্মিবন্ত ৰাম চাৰি ৰূপ ধৰি । বল বীৰ্য্যে ধৈৰ্য্যে'ধিক দেৱতাত কৰি ॥২৭ চাৰি ভাই মহাবীৰ বিষ্ণু অংশে জাত । দুষ্টবিনাশন হেতু জগত বিখ্যাত ॥২৮ অস্ত্ৰে শস্ত্ৰে শাস্ত্ৰে সৰ্ব্ব গুণে অনুপাম । গুহ চণ্ডালক মিত্ৰ কৰিব শ্ৰীৰাম ॥২৯ মাৰীচ সুবাহু দুই ৰাক্ষস দুৰ্জ্জন । বিশ্বামিত্ৰ মুনিৰ যজ্ঞক কৰে ছন ॥৩০ যাইবা বিশ্বামিত্ৰ দশৰথৰ গৃহক । যজ্ঞ ৰাখিবাক প্ৰতি খুজিবা ৰামক ॥৩১ শুনি নৃপতিৰ মুখে হৰিব বচন । কৰিবন্ত ভক্তিভাৱে ঋষিক অৰ্চ্চন ॥৩২ ৰামক নাপাবা ঋষি কৰিবন্ত ক্ৰোধ । বশিষ্ঠে কৰিব দশৰথক প্ৰবোধ ॥৩৩ দিবা ৰাম লক্ষণক বশিষ্ঠ বচনে । লৈয়া দুই ভাইক ঋষি যাইবা ৰঙ্গমনে ॥৩৪ চলিৱন্ত দুয়ো বিশ্বামিত্ৰৰ সঙ্গত । ৰাক্ষসৰ কথা মুনি কহিবা ৰামত ॥৩৫ প্ৰথমতে ৰামে বধিবন্ত তাড়কাক । শ্ৰীৰামক প্ৰশংসা কৰিব দেৱ জাক ॥৩৬ ৰামৰ বিক্ৰমে বৰ হৰিষক পাইব । যত অস্ত্ৰ শস্ত্ৰ মুনি দোভাইক শিখাইব ॥৩৭ নানা অস্ত্ৰ শস্ত্ৰ জানি হৈব ৰঙ্গমন । ঋষি সমে দুয়ো প্ৰবেশিব তপোবন ॥৩৮ থাকিব দিনেক ৰামে ৰাক্ষসক ধ্যানে । যজ্ঞ নষ্ট ৰাক্ষসে কৰিব বিদ্যমানে ॥৩৯ মাৰীচক ৰামে উৰুৱাইব এক শৰে । সুবাহুক সসৈন্যে পঠাব যম ঘৰে ॥৪০ দেখি বিশ্বামিত্ৰ আদি যত মুনিগণ । ৰামক বুলিবে সবে প্ৰশংসা বচন ॥৪১ পাছে ঋষি সবে বেদ মন্ত্ৰ উচ্চৰিয়া । কৰিবন্ত যজ্ঞ সাঙ্গ পূৰ্ণাহুতি দিয়া ॥৪২ আত অনন্তৰে কথা শুনা মহামতি । মিথিলা নগৰে হৈব জনক নৃপতি ॥৪৩ তানে ঝিউ হৈবা সীতা লক্ষ্মী সমসৰ । ধৰ্ম্ম যজ্ঞ পাতিবা সীতাৰ স্বয়ম্বৰ ॥৪৪ দূত পঠাই আনিবন্ত ৰাজা সকলক । সঙ্গে লৈয়া বিশ্বামিত্ৰ ৰাম লক্ষ্মণক ॥৪৫ পৰম হৰিষে ঋষি যাহন্ত পথত । প্ৰবেশিবা যাই গৌতমৰ আশ্ৰমত ॥৪৬ অহল্যাক মুক্ত ৰামে কৰিবা সাক্ষাত । ৰামে সমে ঋষি প্ৰবেশিব মিথিলাত ॥৪৭ ধনুক ভাঙ্গিয়া ৰামে পাইবন্ত সীতাক । অনায়াসে যুদ্ধে জিনিবন্ত ৰাজা জাক ॥৪৮ দূত পঠাই জনকে আনিবা দশৰথ । সীতাক ৰামক দিবা পুৰি মনোৰথ ॥৪৯ লক্ষ্মণ ভৰত শত্ৰুঘন মহামতি । আৰু তিনি কন্যা দিবা তিলিকো নৃপতি ॥৫০ চাৰি পুত্ৰ চাৰি বধু লৈয়া দশৰথ । ধৰিবা কৌতুকে ৰাজা অযোধ্যাৰ পথ ॥৫১ ভৃগুপতি ৰামে পাচে শুনি ধনুৰ্ভঙ্গ । পন্থ নিষেধিবা আসি কৰি মহা খঙ্গ ॥৫২ তাঙ্ক স্ত্তুতি নতি বুলিবন্ত দশৰথ । ৰামে পৰশুৰামৰ ছেদিবা স্বৰ্গপথ ॥৫৩ ৰামে ভৃগুপতিক জিনিবা লীলা কৰি । মহোতসবে প্ৰবেশিবা অযোধ্যা নগৰী ॥৫৪ পাচে দশৰথে শত্ৰুঘন ভৰতক । পঠাইবন্ত দুইকো যুদ্ধাজিতৰ গৃহক ॥৫৫ ৰূপে গুণে ৰামে ৰঞ্জিবন্ত সৰ্ব্বজন । ৰাম ৰাজা হৈবন্ত সবাৰো এহি মন ॥৫৬ সবাৰো আনন্দ ৰাম হৈবন্ত নৃপতি । দশৰথে ৰামক দিবন্ত অনুমতি ॥৫৭ জানি কৈকেয়ীয়ে তাত পাতিব বিঘিনি । সত্য জৰী নৃপতিক ছান্দিব পাপিনী ॥৫৮ ভৰত হৈবন্ত ৰাজা কৈকেয়ীৰ মন । চৈধয় বতসৰ প্ৰতি ৰাম যাইব বন ॥৫৯ হেন সৈত্য কৰাই দশৰথ নৃপতিক । সমন্তে লোকক শোক দিবেক অধিক ॥৬০ পিতৃ সত্য প্ৰতিপালি ৰাম ৰঙ্গ মনে । লক্ষ্মণ জানকী সঙ্গে প্ৰবেশিবা বনে ॥৬১ পুত্ৰৰ শোকত জীৱ তেজিবা নৃপতি । সাত দিন বাহি শৱ হৈব কৰ্ম্ম গতি ॥৬২ দূত পঠাই বশিষ্ঠে অনাইব ভৰতক । কৰাইবা ৰাজাৰ যত প্ৰেতৰ কাৰ্য্যক ॥৬৩ পিতৃকাৰ্য্য কৰিয়া ভৰত বিতোপন । ৰামক আনিবে প্ৰতি প্ৰবেশিব বন ॥৬৪ শুনি ৰামচন্দ্ৰে সিতো পিতৃৰ মৰণ । তিনিয়ো কৰিবো শোক বিস্তৰ ক্ৰন্দন ॥৬৫ ভৰতে কাতৰ আতি কৰিব ৰামক । মই সত্য পালোঁ প্ৰভু চলিয়ো ৰাজ্যক ॥৬৬ বশিষ্ঠ প্ৰমুখে বুলিবন্ত পাত্ৰগণ । নাৰাখিবা ৰামচন্দ্ৰে কাহাৰ বচন ॥৬৭ নিষ্ঠুৰ বচন ৰামে বুলি ভৰতক । পুনৰপি পালটাই পঠাবা ৰাজ্যক ॥৬৮ পাচে ৰামচন্দ্ৰ সীতা লক্ষ্মণ সহিতি । ফল মূল মাংস শাক ভুঞ্জি মন প্ৰীতি ॥৬৯ শিৰে জটা পৰিধান বাকলি বসন । কতো তৃণ শিলা মৃগ চৰ্ম্মত শয়ন ॥৭০ এহি মতে ৰামচন্দ্ৰে বঞ্চিবা বনত । কতো দিন থাকি চিত্ৰকূট পৰ্ব্বতত ॥৭১ বেড়াইবন্ত ৰামে পাচে ঋষিৰ আশ্ৰমে । সুতীক্ষ্ণ ঋষিৰ ঘৰে যাইবন্ত প্ৰথমে ॥৭২ শৰভঙ্গ ঋষিক দেখিবা তাত পৰ । তাত পাছে বধিবা বিৰাধ নিশাচৰ ॥৭৩ ঘৰে ঘৰে ঋষিৰ আশ্ৰমে নিৰন্তৰে । যাইব দশ বতসৰ ফুৰন্তে ৰঘুবৰে ॥৭৪ পাইবন্ত হৰিষ ৰামে ঋষি সম্ভাষণে । অগস্ত্যত পুছি যাইব পঞ্চবটী বনে ॥৭৫ তথাত কবিৰ ৰামে হৰিসে নিবাস । শূৰ্পণখা যাইব কামে ৰাঘৱৰ পাশ ॥৭৬ লক্ষ্মণে কাটিব তাইৰ ধৰি নাক কাণ । খৰ দূষণত শূৰ্পণখা দিব জান ॥৭৭ চতুৰ্দ্দশ সহস্ৰ ৰাক্ষস সমন্বিতে । খৰ দূষণক ৰামে বধিবা তহিতে ॥৭৮ খৰ দূষণৰ বধ দেখি বিদ্যমান । ৰাৱণৰ আগে শূৰ্পণখা দিব জান ॥৭৯ সীতাৰ ৰূপৰ কথা কহিব প্ৰচুৰ । শুনিয়া ৰাৱণ ৰাজা হৈব কামাতুৰ ॥৮০ সীতাক হৰিতে যত্ন কৰিব বিস্তৰ । ৰথ লইয়া যাইব ৰাজা মাৰীচৰ ঘৰ ॥৮১ মাৰীচে বিস্তৰ বুজাইবেক ৰাৱণক । তথাপি ৰাৱণে তাৰ নুশুনিবে বাক ॥৮২ মাৰীচক লগে লৈয়া দুৰ্জ্জন ৰাৱণ । সীতাক হৰিবে যাইব দণ্ডুকাৰ বন ॥৮৩ ৰামৰ শৰত মৃত্যু জানি আপোনাৰ । ধৰি মৃগ ৰূপ সিতো সুবৰ্ণ আকাৰ ॥৮৪ ফুৰিবে মাৰিচ চৰি আগত ৰামৰ । দেখি ৰামচন্দ্ৰে যাব ধৰি ধনুশৰ ॥৮৫ নিবেক ৰামক বিদুৰক নিশাচৰ । ৰামৰ শৰত তেজিবেক কলেৱৰ ॥৮৬ মৰন্তে তেজিবে ৰাৱ ৰামৰ সমান । শুনি সীতা গোসানীৰ উড়িব পৰাণ ॥৮৭ ৰামক ৰাক্ষসে মাৰে সীতা হেন জানি । লক্ষ্মণক বুলিবেক দুৰাক্ষৰ বাণী ॥৮৮ শুনিয়া সীতাক তেজি যাইবন্ত লক্ষ্মণে । শূণ্য স্থানে সীতা হৰি নিবেক ৰাৱণে ॥৮৯ সীতাৰ কাৰণে যুদ্ধ কৰিব জটায়ু । পাখা ছেদি ৰাৱণে হৰিব তাৰ আয়ু ॥৯০ থৈবেক সীতাক নিয়া অশোকৰ বনে । ৰাক্ষসিনীগণ ৰক্ষা দিবেক ৰাৱণে ॥৯১ দেখি ব্ৰহ্মা বুলিবন্ত ইন্দ্ৰ দেৱতাক । অমৃত পায়স নিয়া দিয়োক সীতাক ॥৯২ ইন্দ্ৰে নিয়া পায়স দিবন্ত তেতিক্ষণ । দেখি সীত দেবী তাক কৰিব ভক্ষণ ॥৯৩ নাপায়া সীতাক পাচে শ্ৰীৰাম লক্ষ্মণ । মহাশোকে দুয়ো ভাই কৰিব ক্ৰন্দন ॥৯৪ বধিবা কবন্ধ ৰামে সীতাক খোজন্তে । ঋষ্যমুখ পাইবা গই দণ্ডুকৰা হন্তে ॥ ৯৫ তথা ৰামচন্দ্ৰে কাৰ্য্য কৰিবা বিচিত্ৰ । সু্গ্ৰীৱ বানৰ সমে ৰামে কৰি মিত্ৰ ॥৯৬ বানৰ ৰাজা বীৰ বালিক বধিব । তাৰ যত ৰাজ্যভাৰ সুগ্ৰীৱক দিব ॥৯৭ পাসৰিব ৰামক সুগ্ৰীৱ ৰাজ্য ভোলে । লক্ষ্মণে তৰ্জ্জিব তাক ৰাঘৱৰ বোলে ॥ ৯৮ কপি সেনাগণ লৈয়া বানৰ নৃপতি । ৰামৰ চৰণে নমি কৰিবা প্ৰণতি ॥৯৯ পাঞ্চিবা বানৰ গণ ৰামৰ আদেশে । সীতাক খুজিব পঠাইবা দেশে ॥১০০ লগত সহায় দিব বীৰ হনুমন্ত । দক্ষিণ দিশক অঙ্গদক পাঞ্চিবন্ত ॥১০১ বিচাৰিয়া সীতাক ফুৰিবা কপি জাক । সম্পাতিৰ মুখে পাইবা সীতাৰ বাৰ্ত্তাক ॥১০২ শিংশপা বৃক্ষৰ তলে লঙ্কাত আছন্ত । সাগৰ এৰাইবা ডেৱে বীৰ হনুমন্ত ॥১০৩ দেখিবা সীতাক যেবে বায়ুৰ তনয় । ৰামৰ বাৰ্ত্তাক কহিবন্ত মহাশয় ॥১০৪ ৰামৰ আঙ্গঠি নিয়া সীতাক দিবন্ত । হিয়ে মু All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?oldid=334355.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|