Revision 334360 of "ৰামায়ণ বৃত্তান্ত" on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

'''২ অধ্যায়''' :: <big>'''ৰামায়ণৰ বৃত্তান্ত'''</big>

অনন্তৰে ব্ৰহ্মা দেৱে সেহি সময়ত ।

সৰ্ব্বলোক হিত তেবে চিন্তিয়া মনত ॥১

চৰাচৰ জগতৰ কুশল কাৰণে ।

ৰামৰূপে অৱতাৰ হৈবা নাৰায়ণে ॥২

বাল্মীকিৰ মুখে সেই দিব্য কথামৃত ।

শ্লোকবন্ধে কৰাঞো সৰ্ব্ব জনত বিদিত ॥৩

তাকে শুনি ভনি সুখে তৰোক সংসাৰ ।

হেন মনে গুণি ব্ৰহ্মা কৰিলন্ত সাৰ ॥৪

আছন্ত বাল্মীকি চিন্তি পূৰ্ব্ব কথামৃত ।

নাৰদে সহিতে ব্ৰহ্মা মিলিল তহিত ॥৫

দেখিয়া বাল্মীকি ঋষি উঠি তাৱক্ষণে ।

সুবৰ্ণ আসন আমি দিলা ৰঙ্গমনে ॥৬

নাৰদে সহিতে ব্ৰহ্মা বসিল তথাত ।

কৰিলা বাল্মীকি দুইবো পাৱে প্ৰণিপাত ॥৭

পাদ্যে অৰ্ঘে গন্ধে ধূপে পূজি মহা ঋষি ।

কৃতাঞ্জলি হুয়া স্তুতি বুলিলা হৰিষি ॥৮

সাম্ফলিলোঁ জন্ম দুইৰো দেখিলো চৰণ ।

কৰিয়োক আজ্ঞা কিবা সাধোঁ প্ৰয়োজন ॥৯

বাল্মীকিক ব্ৰহ্মা পাচে বুলিলা বচন ।

শুনা মহাঋষি সোৰ যেন প্ৰয়োজন ॥১০

বুলিলা বচন যেন ক্ৰৌঞ্চক বধিতে ।

সেহিমতে ৰামায়ণ কৰা এক চিতে ॥১১

দশৰথ নৃপতিৰ গৃহে অযোধ্যাত ।

শ্ৰীৰাম স্বৰূপে হৰি জন্মিবা সাক্ষাত ॥১২

নাৰদৰ মুখে কথা শুনিবা সকলে ।

পাচে ৰামায়ণ কৰিবাহা কৌতুহলে ॥১৩

যুগে যুগে তোমাৰ কবিতা প্ৰচাৰিব ।

তাকে শুনি ভণি লোকে সংসাৰ তৰিব ॥১৪

নাৰদক পাচে বুলিলন্ত পিতামহ ।

ৰামৰ চৰিত্ৰ কিছু বাল্মীকিত কহ ॥১৫

এহি বুলি ব্ৰহ্মা নিজ লোকে গৈলা চলি ।

নাৰদত বাল্মীকি পুছিলা কৃতাঞ্জলি ॥১৬

কেন মতে ৰামায়ণ কৰিবো অতাই ।

সিসব কাহিনী সবে কহাঁ মোৰ ঠাই ॥১৭

কোন কুলে ৰামচন্দ্ৰ হৈবা উতপন ।

কোন দেশে কোন কৰ্ম্ম কৰিবা শোভন ॥১৮

কেনমতে হৈবা ৰাম কোন প্ৰয়োজনে ।

সিসব কাৰণ তুমি জানাহা আপোনে ॥১৯

বোলন্ত নাৰদে শুনিয়োক মহাঋষি ।

ৰামৰ চৰিত্ৰতয় কহিবোঁ হৰিষি ॥২০

হৈবন্ত ইক্ষ্বাকু নামে ৰাজা অযোধ্যাত ।

দশৰথ ৰাজা সেই কুলে হৈবা জাত ॥২১

তান গৃহে বিষ্ণু ৰামৰূপে অৱতৰি ।

হৰিবা ভূমিৰ ভাৰ ৰাক্ষস সংহৰি ॥২২

ৰামৰ চৰিত্ৰচয় অমৃত সমান ।

শুনা অনুক্ৰমে ঋষি কহোঁ বিদ্যমান ॥২৩

অযোধ্যাত হৈবা দশৰথ নৰেশ্বৰ ।

পুত্ৰ নহৈবেক নৱ হাজাৰ বতসৰ ॥২৪

পুত্ৰৰ নিমিত্তে যজ্ঞ কৰিব অনেক ।

তথাপিতো নৃপতিৰ পুত্ৰ নোহিবেক ॥২৫

দুৰ্বাশাত উপদেশ পায়া মহামানী ।

কৰিবা বিশিষ্ট যজ্ঞ ঋষ্যশৃঙ্গ আনি ॥২৬

তেবে জন্মিবন্ত ৰাম চাৰি ৰূপ ধৰি ।

বল বীৰ্য্যে ধৈৰ্য্যে'ধিক দেৱতাত কৰি ॥২৭

চাৰি ভাই মহাবীৰ বিষ্ণু অংশে জাত ।

দুষ্টবিনাশন হেতু জগত বিখ্যাত ॥২৮

অস্ত্ৰে শস্ত্ৰে শাস্ত্ৰে সৰ্ব্ব গুণে অনুপাম ।

গুহ চণ্ডালক মিত্ৰ কৰিব শ্ৰীৰাম ॥২৯

মাৰীচ সুবাহু দুই ৰাক্ষস দুৰ্জ্জন ।

বিশ্বামিত্ৰ মুনিৰ যজ্ঞক কৰে ছন ॥৩০

যাইবা বিশ্বামিত্ৰ দশৰথৰ গৃহক ।

যজ্ঞ ৰাখিবাক প্ৰতি খুজিবা ৰামক ॥৩১

শুনি নৃপতিৰ মুখে হৰিব বচন ।

কৰিবন্ত ভক্তিভাৱে ঋষিক অৰ্চ্চন ॥৩২

ৰামক নাপাবা ঋষি কৰিবন্ত ক্ৰোধ ।

বশিষ্ঠে কৰিব দশৰথক প্ৰবোধ ॥৩৩

দিবা ৰাম লক্ষণক বশিষ্ঠ বচনে ।

লৈয়া দুই ভাইক ঋষি যাইবা ৰঙ্গমনে ॥৩৪

চলিৱন্ত দুয়ো বিশ্বামিত্ৰৰ সঙ্গত ।

ৰাক্ষসৰ কথা মুনি কহিবা ৰামত ॥৩৫

প্ৰথমতে ৰামে বধিবন্ত তাড়কাক ।

শ্ৰীৰামক প্ৰশংসা কৰিব দেৱ জাক ॥৩৬

ৰামৰ বিক্ৰমে বৰ হৰিষক পাইব ।

যত অস্ত্ৰ শস্ত্ৰ মুনি দোভাইক শিখাইব ॥৩৭

নানা অস্ত্ৰ শস্ত্ৰ জানি হৈব ৰঙ্গমন ।

ঋষি সমে দুয়ো প্ৰবেশিব তপোবন ॥৩৮

থাকিব দিনেক ৰামে ৰাক্ষসক ধ্যানে ।

যজ্ঞ নষ্ট ৰাক্ষসে কৰিব বিদ্যমানে ॥৩৯

মাৰীচক ৰামে উৰুৱাইব এক শৰে ।

সুবাহুক সসৈন্যে পঠাব যম ঘৰে ॥৪০

দেখি বিশ্বামিত্ৰ আদি যত মুনিগণ ।

ৰামক বুলিবে সবে প্ৰশংসা বচন ॥৪১

পাছে ঋষি সবে বেদ মন্ত্ৰ উচ্চৰিয়া ।

কৰিবন্ত যজ্ঞ সাঙ্গ পূৰ্ণাহুতি দিয়া ॥৪২

আত অনন্তৰে কথা শুনা মহামতি ।

মিথিলা নগৰে হৈব জনক নৃপতি ॥৪৩

তানে ঝিউ হৈবা সীতা লক্ষ্মী সমসৰ ।

ধৰ্ম্ম যজ্ঞ পাতিবা সীতাৰ স্বয়ম্বৰ ॥৪৪

দূত পঠাই আনিবন্ত ৰাজা সকলক ।

সঙ্গে লৈয়া বিশ্বামিত্ৰ ৰাম লক্ষ্মণক ॥৪৫

পৰম হৰিষে ঋষি যাহন্ত পথত ।

প্ৰবেশিবা যাই গৌতমৰ আশ্ৰমত ॥৪৬

অহল্যাক মুক্ত ৰামে কৰিবা সাক্ষাত ।

ৰামে সমে ঋষি প্ৰবেশিব মিথিলাত ॥৪৭

ধনুক ভাঙ্গিয়া ৰামে পাইবন্ত সীতাক ।

অনায়াসে যুদ্ধে জিনিবন্ত ৰাজা জাক ॥৪৮

দূত পঠাই জনকে আনিবা দশৰথ ।

সীতাক ৰামক দিবা পুৰি মনোৰথ ॥৪৯

লক্ষ্মণ ভৰত শত্ৰুঘন মহামতি ।

আৰু তিনি কন্যা দিবা তিলিকো নৃপতি ॥৫০

চাৰি পুত্ৰ চাৰি বধু লৈয়া দশৰথ ।

ধৰিবা কৌতুকে ৰাজা অযোধ্যাৰ পথ ॥৫১

ভৃগুপতি ৰামে পাচে শুনি ধনুৰ্ভঙ্গ ।

পন্থ নিষেধিবা আসি কৰি মহা খঙ্গ ॥৫২

তাঙ্ক স্ত্তুতি নতি বুলিবন্ত দশৰথ ।

ৰামে পৰশুৰামৰ ছেদিবা স্বৰ্গপথ ॥৫৩

ৰামে ভৃগুপতিক জিনিবা লীলা কৰি ।

মহোতসবে প্ৰবেশিবা অযোধ্যা নগৰী ॥৫৪

পাচে দশৰথে শত্ৰুঘন ভৰতক ।

পঠাইবন্ত দুইকো যুদ্ধাজিতৰ গৃহক ॥৫৫

ৰূপে গুণে ৰামে ৰঞ্জিবন্ত সৰ্ব্বজন ।

ৰাম ৰাজা হৈবন্ত সবাৰো এহি মন ॥৫৬

সবাৰো আনন্দ ৰাম হৈবন্ত নৃপতি ।

দশৰথে ৰামক দিবন্ত অনুমতি ॥৫৭

জানি কৈকেয়ীয়ে তাত পাতিব বিঘিনি ।

সত্য জৰী নৃপতিক ছান্দিব পাপিনী ॥৫৮

ভৰত হৈবন্ত ৰাজা কৈকেয়ীৰ মন ।

চৈধয় বতসৰ প্ৰতি ৰাম যাইব বন ॥৫৯

হেন সৈত্য কৰাই দশৰথ নৃপতিক ।

সমন্তে লোকক শোক দিবেক অধিক ॥৬০

পিতৃ সত্য প্ৰতিপালি ৰাম ৰঙ্গ মনে ।

লক্ষ্মণ জানকী সঙ্গে প্ৰবেশিবা বনে ॥৬১

পুত্ৰৰ শোকত জীৱ তেজিবা নৃপতি ।

সাত দিন বাহি শৱ হৈব কৰ্ম্ম গতি ॥৬২

দূত পঠাই বশিষ্ঠে অনাইব ভৰতক ।

কৰাইবা ৰাজাৰ যত প্ৰেতৰ কাৰ্য্যক ॥৬৩

পিতৃকাৰ্য্য কৰিয়া ভৰত বিতোপন ।

ৰামক আনিবে প্ৰতি প্ৰবেশিব বন ॥৬৪

শুনি ৰামচন্দ্ৰে সিতো পিতৃৰ মৰণ ।

তিনিয়ো কৰিবো শোক বিস্তৰ ক্ৰন্দন ॥৬৫

ভৰতে কাতৰ আতি কৰিব ৰামক ।

মই সত্য পালোঁ প্ৰভু চলিয়ো ৰাজ্যক ॥৬৬

বশিষ্ঠ প্ৰমুখে বুলিবন্ত পাত্ৰগণ ।

নাৰাখিবা ৰামচন্দ্ৰে কাহাৰ বচন ॥৬৭

নিষ্ঠুৰ বচন ৰামে বুলি ভৰতক ।

পুনৰপি পালটাই পঠাবা ৰাজ্যক ॥৬৮

পাচে ৰামচন্দ্ৰ সীতা লক্ষ্মণ সহিতি ।

ফল মূল মাংস শাক ভুঞ্জি মন প্ৰীতি ॥৬৯

শিৰে জটা পৰিধান বাকলি বসন ।

কতো তৃণ শিলা মৃগ চৰ্ম্মত শয়ন ॥৭০

এহি মতে ৰামচন্দ্ৰে বঞ্চিবা বনত ।

কতো দিন থাকি চিত্ৰকূট পৰ্ব্বতত ॥৭১

বেড়াইবন্ত ৰামে পাচে ঋষিৰ আশ্ৰমে ।

সুতীক্ষ্ণ ঋষিৰ ঘৰে যাইবন্ত প্ৰথমে ॥৭২

শৰভঙ্গ ঋষিক দেখিবা তাত পৰ ।

তাত পাছে বধিবা বিৰাধ নিশাচৰ ॥৭৩

ঘৰে ঘৰে ঋষিৰ আশ্ৰমে নিৰন্তৰে ।

যাইব দশ বতসৰ ফুৰন্তে ৰঘুবৰে ॥৭৪

পাইবন্ত হৰিষ ৰামে ঋষি সম্ভাষণে ।

অগস্ত্যত পুছি যাইব পঞ্চবটী বনে ॥৭৫

তথাত কবিৰ ৰামে হৰিসে নিবাস ।

শূৰ্পণখা যাইব কামে ৰাঘৱৰ পাশ ॥৭৬

লক্ষ্মণে কাটিব তাইৰ ধৰি নাক কাণ ।

খৰ দূষণত শূৰ্পণখা দিব জান ॥৭৭

চতুৰ্দ্দশ সহস্ৰ ৰাক্ষস সমন্বিতে ।

খৰ দূষণক ৰামে বধিবা তহিতে ॥৭৮

খৰ দূষণৰ বধ দেখি বিদ্যমান ।

ৰাৱণৰ আগে শূৰ্পণখা দিব জান ॥৭৯

সীতাৰ ৰূপৰ কথা কহিব প্ৰচুৰ ।

শুনিয়া ৰাৱণ ৰাজা হৈব কামাতুৰ ॥৮০

সীতাক হৰিতে যত্ন কৰিব বিস্তৰ ।

ৰথ লইয়া যাইব ৰাজা মাৰীচৰ ঘৰ ॥৮১    

মাৰীচে বিস্তৰ বুজাইবেক ৰাৱণক ।

তথাপি ৰাৱণে তাৰ নুশুনিবে বাক ॥৮২

মাৰীচক লগে লৈয়া দুৰ্জ্জন ৰাৱণ ।

সীতাক হৰিবে যাইব দণ্ডুকাৰ বন ॥৮৩

ৰামৰ শৰত মৃত্যু জানি আপোনাৰ ।

ধৰি মৃগ ৰূপ সিতো সুবৰ্ণ আকাৰ ॥৮৪

ফুৰিবে মাৰিচ চৰি আগত ৰামৰ ।

দেখি ৰামচন্দ্ৰে যাব ধৰি ধনুশৰ ॥৮৫

নিবেক ৰামক বিদুৰক নিশাচৰ ।

ৰামৰ শৰত তেজিবেক কলেৱৰ ॥৮৬

মৰন্তে তেজিবে ৰাৱ ৰামৰ সমান ।

শুনি সীতা গোসানীৰ উড়িব পৰাণ ॥৮৭

ৰামক ৰাক্ষসে মাৰে সীতা হেন জানি ।

লক্ষ্মণক বুলিবেক দুৰাক্ষৰ বাণী ॥৮৮

শুনিয়া সীতাক তেজি যাইবন্ত লক্ষ্মণে ।

শূণ্য স্থানে সীতা হৰি নিবেক ৰাৱণে ॥৮৯

সীতাৰ কাৰণে যুদ্ধ কৰিব জটায়ু ।

পাখা ছেদি ৰাৱণে হৰিব তাৰ আয়ু ॥৯০

থৈবেক সীতাক নিয়া অশোকৰ বনে ।

ৰাক্ষসিনীগণ ৰক্ষা দিবেক ৰাৱণে ॥৯১

দেখি ব্ৰহ্মা বুলিবন্ত ইন্দ্ৰ দেৱতাক ।

অমৃত পায়স নিয়া দিয়োক সীতাক ॥৯২

ইন্দ্ৰে নিয়া পায়স দিবন্ত তেতিক্ষণ ।

দেখি সীত দেবী তাক কৰিব ভক্ষণ ॥৯৩

নাপায়া সীতাক পাচে শ্ৰীৰাম লক্ষ্মণ ।

মহাশোকে দুয়ো ভাই কৰিব ক্ৰন্দন ॥৯৪

বধিবা কবন্ধ ৰামে সীতাক খোজন্তে ।

ঋষ্যমুখ পাইবা গই দণ্ডুকৰা হন্তে ॥ ৯৫

তথা ৰামচন্দ্ৰে কাৰ্য্য কৰিবা বিচিত্ৰ ।

সু্গ্ৰীৱ বানৰ সমে ৰামে কৰি মিত্ৰ ॥৯৬

বানৰ ৰাজা বীৰ বালিক বধিব ।

তাৰ যত ৰাজ্যভাৰ সুগ্ৰীৱক দিব ॥৯৭

পাসৰিব ৰামক সুগ্ৰীৱ ৰাজ্য ভোলে ।

লক্ষ্মণে তৰ্জ্জিব তাক ৰাঘৱৰ বোলে ॥ ৯৮

কপি সেনাগণ লৈয়া বানৰ নৃপতি ।

ৰামৰ চৰণে নমি কৰিবা প্ৰণতি ॥৯৯

পাঞ্চিবা বানৰ গণ ৰামৰ আদেশে ।

সীতাক খুজিব পঠাইবা দেশে ॥১০০

লগত সহায় দিব বীৰ হনুমন্ত ।

দক্ষিণ দিশক অঙ্গদক পাঞ্চিবন্ত ॥১০১

বিচাৰিয়া সীতাক ফুৰিবা কপি জাক ।

সম্পাতিৰ মুখে পাইবা সীতাৰ বাৰ্ত্তাক ॥১০২

শিংশপা বৃক্ষৰ তলে লঙ্কাত আছন্ত ।

সাগৰ এৰাইবা ডেৱে বীৰ হনুমন্ত ॥১০৩

দেখিবা সীতাক যেবে বায়ুৰ তনয় ।

ৰামৰ বাৰ্ত্তাক কহিবন্ত মহাশয় ॥১০৪

ৰামৰ আঙ্গঠি নিয়া সীতাক দিবন্ত ।

হিয়ে মুঠি হানি সীতা দেবী কান্দিলন্ত ॥১০৫

হাতে তৃণ ধৰি বীৰে সীতাক বুজাইব ।

কপিৰ কাতৰে সীতা গোসানী জোৰাইব ॥১০৬

অশোক বনত পশি বায়ুৰ নন্দন ।

কৰিবন্ত ছন্ন ৰাৱণৰ মধুবন ॥১০৭

অনেক ৰাক্ষস মাৰ নাব যমঘৰ ।

অক্ষ কুমাৰক মাৰিবন্ত বীৰবৰ ॥১০৮

পাচে নাগপাশ হানিবন্ত ইন্দ্ৰজিতে ।

হৈবা বন্দী ৰাৱণক দেখিবাৰ চিত্তে ॥১০৯

ৰাক্ষসে যোগাইব নিয়া ৰাৱণৰ আগে ।

বিস্তৰ ভতৰ্সিয়া ৰাৱণক মহাভাগে ॥১১০

কপিৰ বচনে মহাকোপে লঙ্কেশ্বৰ ।

লগাইবে লাঙ্গুলে জুই মেৰাই কাপৰ ॥১১১

হোহকায়া নাগপাশ পৱননন্দন ।

লগায়া অগনি লঙ্কা কৰিবন্ত ছন্ন ॥১১২

সাগৰ লঙ্ঘিয়া ডেৱে পৃথিৱীক আসি ।

কহিবা সীতাৰ বাৰ্ত্তা ৰামত হৰিষি ॥১১৩

সীতাৰ মাথাৰ মণি ৰামক দিবন্ত ।

দেখি হিয়ে মুঠি হানি ৰাম কান্দিবন্ত ॥১১৪

সুগ্ৰীৱ লক্ষ্মণে ধৰি ৰামক বুজাইবা ।

দুইৰো প্ৰবোধে ৰাম কিঞ্চিত জুৰাইবা ॥১১৫

পাচে কপি সেনা সমে ৰাম মহাবীৰ ।

আপুনি চলিয়া যাইব সাগৰৰ তীৰ ॥১১৬

সীতাক দিবাক বুলিবন্ত বিভীষণে ।

মাৰিবন্ত লাথি তাক দুৰ্জ্জন ৰাৱণে ॥১১৭

ৰামত শৰণ আসি লৈবা বিভীষণে ।

তাঙ্ক অভিষেক ৰামে কৰিবা তেখনে ॥১১৮

হৈবা বিভীষণ অভিনব লঙ্কেশ্বৰ ।

সাগৰত পন্থ মাগিবন্ত ৰঘুবৰ ॥১১৯

নিদিবা সাগৰে দেখা ৰামক গৰ্ব্বত ।

দেখি ধনুশৰ ৰামে ধৰিবা ক্ৰোধত ॥১২০

ভয়ত কম্পিব আতি সাগৰৰ হিয়া ।

ৰামক কৰিব স্তুতি পাদ্য অৰ্ঘ্য দিয়া ॥১২১

চলিয়োক দিলোঁ পন্থ বোলন্ত সাগৰে ।

নাযাইবেক তল সেতু বান্ধিয়ো পাথৰে ॥১২২

অদভুত কৰ্ম্ম কৰিবেক ৰঘুবৰে ।

পৰ্ব্বত আনিয়া সেতু বান্ধিব বানৰে ॥১২৩

লক্ষ্মণ সুগ্ৰীৱ বিভীষণ সমম্বিত ।

সসৈন্যে হৈবন্ত গৈয়া সিবেলাত থিত ॥১২৪

সেনাগণ গণিবাক প্ৰতি ৰাঘৱৰ ।

শুক সাৰণক পঠাইবেক লঙ্কেশ্বৰ ॥১২৫

বিভীষণে ধৰি দুইকো ৰামত যোগাইব ।

তাতে ৰামে ৰাৱণক বাৰ্ত্তাক পঠাইব ॥১২৬

আচৰিয়া কপটে ৰাৱণ বুদ্ধিহত ।

মায়া শিৰ দিব নিয়া সীতাৰ হাতত ॥১২৭

দেখি সীতা সতী মায়া শিৰ ৰাঘৱৰ ।

ভূমিত লুটিয়া দেবী কান্দিব বিস্তৰ ॥১২৮

প্ৰভাততে বেঢ়িয়া লঙ্কাৰ চাৰি দ্বাৰ ।

দূত পঠাইবন্ত ৰামে বালিৰ কুমাৰ ॥ ১২৯

ভতৰ্সিব অঙ্গদে ৰাৱণক বাৰে বাৰ ।

মাৰিবন্ত চাৰি গোটা বীৰ ৰাৱণৰ ॥১৩০

লাথি মাৰি ভাঙ্গিবন্ত ৰাৱণৰ ঘৰ ।

ৰামৰ পাশক আসিবন্ত কপিবৰ ॥১৩১

ৰাৱণ যুজিব লৈয়া কটক অপাৰ ।

বানৰে কৰিব ৰাক্ষসক বুন্দামাৰ ॥১৩২

অঙ্গদে জিনিব ইন্দ্ৰজিতক ইঙ্গিতে ।

অন্তৰীক্ষে শৰ বৰিষিব ইন্দ্ৰজিতে ॥১৩৩

মায়াবলে পীড়িবেক বনৰ কটক ।

নাগপাশে বান্ধিবেক ৰাম লক্ষ্মণক ॥১৩৪

গৰুড়ক আশ্বাসে গুচিব নাগপাশ ।

দেখি ৰাৱণৰ লাগিবে মহাত্ৰাস ॥১৩৫

অনেক ৰাক্ষস সেনাগণ সমম্বিতি ।

সেনাপতিগণ পাঞ্চিবন্ত লঙ্কাপতি ॥১৩৬

চাৰি সেনাপতি যাইব যমৰ সদন ।

ধূম্ৰাক্ষ প্ৰহন্ত বক্ৰদন্ত অকম্পন ॥১৩৭

তেবে সমদলে আসি যুজিব ৰাৱণ ।

বানৰ কটক সাৰীবেক দশানন ॥১৩৮

দেখি ৰামচন্দ্ৰে হাতে ধৰি ধনুশৰ ।

কেশে সমে কিৰীটি কাটিব ৰাৱণৰ ॥১৩৯

যম যেন ৰাঘৱক দেখিয়া সাক্ষাত ।

ভঙ্গ দিয়া পলাই গৈয়া পশিব লঙ্কাত ॥১৪০

মহামৰ্ম্মে জানুত থাপিয়া দশ মাথ ।

অপমান পায়া কান্দিবন্ত লঙ্কানাথ ॥১৪১

শ্ৰীহত হৈবে মুখ পৰিব বিবৰ্ণ ।

পঠাইবে যুজিবাক জগাই কুম্ভকৰ্ণ ॥১৪২

ঘোৰ শৰে ৰামে তাৰ ছেদিবন্ত শিৰ ।

শোকে ৰাৱণৰ হিয়া হৈব দুই চিৰ ॥১৪৩

তেবে চাৰি পুত্ৰ মৰি যাইব যমঘৰ ।

ৰণত পৰিব আৰু দুই সহোদৰ ॥১৪৪

অতিকায় কুমাৰক মাৰিব লক্ষ্মণ ।

ইন্দ্ৰজিতে আসি পুনৰপি দিব ৰণ ॥১৪৫

ৰাম লক্ষ্মণক আদি যত সেনাগণ ।

ৰাৱণৰ শৰে সবে হৈবে অচেতন ॥১৪৬

জাম্বৱন্ত উপদেশে বীৰ হনুমন্ত ।

ঔষধ আনিয়া সমস্তকে জীয়াইবন্ত ॥১৪৭

ৰাৱণৰ মনে মহা মিলিব সঙ্কট ।

চমকি ৰহিব দিয়া দুৱাৰে কপাট ॥১৪৮

বানৰ ভালুকগণে মহাহৃষ্ট হই ।

দহিব সুবৰ্ণপুৰী লঙ্কা দিয়া জুই ॥১৪৯

পাচে সাত মহাবীৰ মাৰিব বানৰে ।

মকৰাক্ষ বীৰক বধিব ৰঘুবৰে ॥ ১৫০

তেবে মায়া সীতাক কাটিব ইন্দ্ৰজিত ।

শোকৰ জমকে ৰাম হৈবন্ত মূৰ্চ্ছিত ॥১৫১

বিভীষণে বুজাইবন্ত কহিয়া সম্ভেদ ।

লক্ষ্মণে কৰিব ৰাৱণিৰ স্কন্ধ ছেদ ॥১৫২

পুত্ৰস্নেহে অনেক কান্দিব লঙ্কানাথে ।

শোকে বিদাৰিব হিয়া যেন বজ্ৰপাতে ॥১৫৩

ক্ৰোধৰ বেগত দেখিবেক অন্ধকাৰ ।

সীতাক কাটিবে খেদি যাইব দুৰাচাৰ ॥১৫৪

দেখি মন্দোদৰী তাঙ্ক প্ৰবোধি আনিব ।

অসংখ্য কটক যুজিবাক পঠাই দিব ॥১৫৫

গন্ধৰ্ব্বৰ অস্ত্ৰ ৰামে কৰিব প্ৰকাশ ।

ক্ষণেকে কৰিব দুষ্ট ৰাক্ষস বিনাশ ॥১৫৬

সমস্তে ৰাক্ষস সঙ্গে লৈয়া লঙ্কাপতি ।

বজাইব আটোপে সাজি যুজিবাক প্ৰতি ॥১৫৭

তিনি সেনাপতি তাৰ যাইব যম ঘৰ ।

ৰাম ৰাৱণৰ ঘোৰ মিলিব সমৰ ॥১৫৮

ৰাৱণৰ শকতিত পৰিব লক্ষ্মণ ।

তাক কোলে ধৰি ৰাম কৰিব ক্ৰন্দন ॥১৫৯

ঔষধ আনিবে যাইব বায়ুৰ কুমাৰ ।

তথাতে মাৰিব কালনিমি নিশাচৰ ॥১৬০

তিনি কোটি গন্ধৰ্ব্বক মাৰিব তহিতে ।

আনিব ঔষধ বীৰে পৰ্ব্বত সহিতে ॥১৬১

বিশল্যকৰণী ঔষধ গন্ধ পাই ।

জীৱন্ত লক্ষ্মণ জয় আনন্দ বঢ়াই ॥১৬২

ৰাৱণক বধিতে ৰামৰ হৈব চিত ।

আসিবেক দেৱ ৰথ মাতলি সহিত ॥১৬৩

তাত চড়ি কৌতুকে যুজিব ৰঘুনাথ ।

বাৰে বাৰে ৰাৱণৰ কাটিবন্ত মাথ ॥১৬৪  

নমৰিব তথাপি ৰাৱণ মহাবীৰ ।

ব্ৰহ্ম অস্ত্ৰ হানি পাচে ছেদিবন্ত শিৰ ॥১৬৫

আকাশত দেৱগণে আনন্দ কৰিব ।

জয় ৰাম ধ্বনি দশোদিশক পুৰিব ॥১৬৬

ৰাঘৱৰ শিৰে বৰষিব পাৰিজাত ।

পাচে ৰামে দেৱ কাৰ্য্য সাম্ফলি সাক্ষাত ॥১৬৭

বিভীষণ মিত্ৰক আশ্বাসি ৰঘুবৰ ।

পাতিবন্ত তাক অভিনব লঙ্কেশ্বৰ ॥১৬৮

যাকে থাকে চন্দ্ৰ সূৰ্য্য পৃথিৱী পবন ।

তাৱে ৰাজ্য কৰিবা লঙ্কাৰ বিভীষণ ॥১৬৯

অঙ্গীকাৰ সাফল কৰিবা ৰঘুবৰ ।

বোলা ৰাম ৰাম সভাসদ নিৰন্তৰ ॥১৭০