{{সপ্তকাণ্ড ৰামায়ণ}}
'''৭ম অধ্যায়'''
<big>'''দশৰথৰ বিবাহঃকৌশল্যা'''</big>
কোশল ৰাজাৰ ঝিউ কৌশল্যা সুন্দৰী ।
ত্ৰৈলোক্যত যাক ৰূপে নাহি পটন্তৰি ॥১
সৰ্ব্ব গুণে আনন্দিতা আতি মহা সতী ।
তাঙ্ক বিহা কৰিলন্ত প্ৰথমে নৃপতি ॥২
দশৰথ ৰাজাৰ যতেক গুণ সাৰ ।
তাহান্তো অধিক কিছু আছে কৌশল্যাৰ ॥৩
মহা সৌভাগিনী কন্যা পায়া দশৰথ ।
ভৈলন্ত আনন্দে পৰিপূৰ্ণ মনোৰথ ॥৪
কৌশল্যা সমান শান্তী নাহি ত্ৰিভূবনে ।
নৃপতিক সুশ্ৰূষা কৰন্ত সৰ্ব্বক্ষণে ॥৫
ভাৰ্য্যায়ে সহিতে অজ নৃপতিৰ সুত ।
ৰত্নময় মন্দিৰত ক্ৰিড়িলা বহুত ॥৬
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|