Revision 334758 of "ঋষ্যশৃঙ্গৰ কাহিনী" on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

:::১৮ অধ্যায়
::'''ঋষ্যশৃঙ্গৰ কাহিনী'''
::::ছবি ।
:::
সুমন্ত্ৰী সুমন্ত্ৰ গুণি,      বশিষ্ঠৰ বাণী শুনি,

       উঠিলন্ত কৰি যোৰহাত ।

সুমধুৰ কৰি বাণী,     বুলিলন্ত মহামানী,

        শুনিয়োক পৃথিবীৰ নাথ ॥১

বশিষ্ঠে কহিলা যত,     সবে সত্য স্বৰূপত,

       পূৰ্ব্ব কথা সুমৰিলোঁ আমি ।

আপুনিও জানা তুমি,     সাম্প্ৰতে পাসৰি আছা,

       সুমৰাইলে সুমৰিবা স্বামী ॥২

শান্তা নামে কন্যাখানি,     তযু গৃহে মহামানী,

       উপজিল পৰম সুন্দৰী ।

লোমপাদ নৰপতি,     অঙ্গদেশ অধিপতি,

       শান্তাক খুজিলা ভক্তি কৰি ॥৩

মিত্ৰৰ ভাৱত থাকি,     তুমিও শান্তাক দিলা,

      ঝিউ বুলি তেন্তে তুলিলন্ত ॥৪

লোমপাদ মহামানী,     বিভাণ্ডৰ পুত্ৰ আনি,

       শান্তা কন্যা দিলন্ত বিবাহ ।

ঋষ্যশৃঙ্গ নিয়া যজ্ঞ,     কৰি পাচে লোমপাদে,

       পুত্ৰ পায়া মিলিল উত্সাহ ॥৫

দ্বাদশ বত্সৰ বৃষ্টি,     তাহাৰ ৰাজ্যত নাই,

       তাতে লোক মৰয় সমস্ত ।

ঋষ্যশৃঙ্গ আসিলতে,     ভৈলা বৃষ্টি অসংখ্যাত,

       পাচে সুখী ভৈলা লোক যত ॥৬

শুনি দশৰথে পাচে,     সুমন্ত্ৰত পুছিলন্ত,

      শুনিয়োক সুমন্ত্ৰ সাক্ষাত ।

কেনমতে ঋষ্যশৃঙ্গ,     কৰিলা শান্তাক বিহা, 

       প্ৰপঞ্চিয়া কহিয়ো আমাত ॥৭

সুমন্ত্ৰ বোলন্ত ৰাজা,     শুনিয়ো কৌতুক মনে,

       সিতো বিভাণ্ডক মহাঋষি ।

ঋষ্যশৃঙ্গ পুত্ৰ লৈয়া,     মাধৱত মতি দিয়া,

       কৰে তপ তপোবনে বসি ॥৮

অপুত্ৰক ভৈলোঁ বুলি,     লোমপাদ নৃপতিৰ 

       মনে আতি অসুখ অশেষ ।

ঋষ্যশৃঙ্গ আনি যজ্ঞ,     কৰাইলে হৈবেক পুত্ৰ,

       পাইলা  উপদেশ ॥৯

লোমপাদ ৰাজা পাছে,     ঋষি পুত্ৰ আনিবাক,

       কৰিলন্ত উপায় উত্তম ।

নৌকাৰ উপৰে নানা,     ফল মূল সমন্বিতে, 

       মায়াবলে পাতিলা আশ্ৰম ॥১০

সুগন্ধ কৰ্পূৰ চিনি,     ঘৃতে পাক কৰি আনি,

       সাজিলন্ত বিবিধ সন্দেশ ।

ফল ফুল ৰূপে তাক,     বৃক্ষতে নিৰ্ম্মিয়া থৈল,

       দেখি বন পৰম সুবেশ ॥১১

নানা গন্ধে হুয়া মত্ত,     গুঞ্জৰে ভ্ৰমৰা যত,

       কোকিলৰ কুহু কুহু ৰাৱ ।

বহয় শীতল বাত,     কামুক ৰমণী যেন,

       মদনক দেয় হাত বাৱ॥১২

জানে যত নৃত্য গীত,     আতিশয় সুশিক্ষিত,

       যুবতী সুন্দৰী সুবদনী ।

কামকলা কেলি যত,     জানে আতি নানামত,

       নানা ৰসে পৰম শুৱনী ॥১৩

গাৱে যেন পট্টবাসে,     আতিশয় লয়লাসে,

       কাছিপাৰি নাৱত চড়িল ।

কতেক বৰ্ণাইবোঁ তাক,     ঋষ্যশৃ্ঙ্গ আনিবাক,

       সুমঙ্গল সময়ে লৰিল ॥১৪

কতো দিন অনন্তৰে,     পাইলা গৈয়া তপোবন,

       মায়া নৌকা আঁৰ কৰি থৈলা ।

বিভাণ্ডক মুনিবৰে,     পুত্ৰ থৈয়া নিজ ঘৰে,

       তপ কৰিবাক লাগি গৈলা ॥১৫

পাচে নটীগণ যত,     ছেগ চায়া সময়ত,

       গৈয়া ঋষ্যশৃঙ্গৰ আগত ।

হাতে তালযন্ত্ৰ ধৰি,     সুৰ সুললিত কৰি,

       নৃত্য গীত কৰে নানা মত ॥১৬

বিভাণ্ডক আসিবাৰ,     সময় জানিয়া সবে,

       তাৰাতৰি আশ্ৰমক যায় ।

এহি মতে নৃত্য গীতে,     ক্ৰীড়া কৰি নানামতে,

       ঋষিক মোহিলা সমুদায় ॥১৭

নাচনীৰ লয়লাস,     দেখি মুনি তোলে হাস,

       কুতূহলে কৰন্ত জিজ্ঞাস ।

মূৰ্ত্তি আতি অনুপাম,     কমন তোমাৰ নাম,

       কোন থানে কৰাঁহা নিবাস ॥১৮

শুনি নাৰী নিৰন্তৰে,     দিলা তাঙ্ক প্ৰত্যুত্তৰ,

       সবে আমি উত্তম তপস্বী ।

জানো তুমি মুনিৰাজ,     পশি তপোবন মাজ,

       কৰাঁ তপ এক মনে বসি ॥১৯

নিকটতে তপোবন,     তযু আগে সৰ্ব্বক্ষণ,

       নৃত্যগীত কৰোঁ কৌতূহল ।

তোমাৰ সঙ্গক মনে,     আমি সব ঋষিগণে,

       বেদপাঠ কৰোঁ সুকোমল ॥২০

ঋষ্যশৃঙ্গ মায়া বাণী,     শুনি মনে অনুমানি,

       বোলে শুনা শুনা ঋষিগণ ।

তোমাসাৰ পায়া সঙ্গ,     মোহোৰ কৌতূক ৰঙ্গ,

       মিলয় মনত সৰ্ব্বক্ষণ ॥২১

আমিও তোমাৰ তুলে,     থাকিবোঁহো কৌতূহলে,

       সুমধুৰ বেদধ্বনি শুনি ।

আতি সুললিতভাৱে,     সুন্দৰ কোমল গাৱে,

       তুমি সব সমে মহামুনি ॥২২

সুশোভন জটাভাৰ,     বাকলি বসন গাৰ,

       অত্যন্ত শীতল আতিশয় ।

তোমাসাৰ শৰীৰৰ,     ভস্ম ধূলি নিৰন্তৰ,

       উত্তম সুৰভী গন্ধ বয় ॥২৩

আমাৰ বৃক্ষৰ ছাল,     পিন্ধিবাক নুহি ভাল,

       শিৰে আউলজাউল জটাভাৰ ।

কৰে আতি জটাজট,     শুনি আতি খটমট,

       বেদধ্বনি যতেক আমাৰ ॥২৪

শৰীৰ সকলে ৰুক্ষা,     ভস্ম ধূলি যত দেখা,

       ঘষিতে কুত্সিত কৰে গাৱ ।

এহিমতে মুনিবৰ,     বৰ্ণাইলা নিৰন্তৰ,

       যতেক আপোন পৰ ভাৱ ॥২৫

ওপজাৰে পৰা ঋষি,     নিজ আশ্ৰমত বসি,

       তপ কৰি থাকন্ত সদাই ।

পৰম মহন্ত সন্ত,     আন একো নজানন্ত,

       তপে মন মগ্ন সমুদায় ॥২৬

মায়াৰূপীগণে যত,     কপটে কহিলা কথা,

       তাকে সত্য মনত মানিল ।

পাচে স্ত্ৰীসবে আনি,     মোদক সন্দেশ নিয়া,

       ঋষিৰ পুত্ৰৰ হাতে দিল ॥২৭

ঋষ্যশৃঙ্গ মহামুনি,     ফল হেন মনে মানি,

       ভুঞ্জিলা হৰিষ কৰি মন ।

নজানি কপট মায়া,     সুস্বাদু সুৰভী পায়া,

       পুছিলন্ত শুনা ঋষিগণ ॥২৮

তোমাৰ ৰাজ্যৰ ফল,     খায়া ভৈলোঁ কুতূহল,

       ইতো আতি স্বাদত বিচিত্ৰ ।

আছয় আমাক দায়া,     অন্যোঅন্যে আলিঙ্গিয়া,

       আঁসা তুমি আমি কৰোঁ মিত্ৰ ॥২৯

তোমাসাৰ সঙ্গে যাইবোঁ,     ইটো মধুফল খাইবোঁ,

       শুনিবোঁ মধুৰ বেদধ্বনি ।

থাকিবোঁ তোমাৰ সঙ্গে,     তপ কৰি মহাৰঙ্গে,

       অন্যোঅন্যে বঞ্চিবোঁ ৰজনী ॥৩০

নমো নমো নমো ৰাম,     যাৰ যশ অনুপাম,

       জগতৰে মঙ্গল নিশ্চয় ।

অমৃততোধিক কৰি,     পিয়াঁ আক কৰ্ণ ভৰি,

       মহাজনে মোক্ষকো তেজয় ॥৩১

হেন তযু গুণ নাম,     মোৰ মুখে অবিশ্ৰাম,

       কীৰ্ত্তন কৰোক প্ৰভুৰাম ।

এহি কৃপা কৰাঁ মোক,     যত সামাজিক লোক,

       বোলাঁ ৰাম তেজি আন কাম ॥৩২


:::১৯ অধ্যায়

::::পদ ।
:::

নটী সবে শুনি ঋষ্যশৃঙ্গৰ বচন ।

ভৈলা মিত্ৰ বুলি কৰিলন্ত আলিঙ্গন ॥১

দেখিলে নজানে কিছু ঋষিৰ তনয় ।

নানা কামকলা ৰসে ভাব দৰশয় ॥২

কেহো জনী আলিঙ্গী ধৰিলা তান গলে ।

কেহো জনী বসুৱাইলা বস্ত্ৰৰ আঞ্চলে ॥৩

কেহো জনী নিয়া তাঙ্ক বসাইলা কোলাত ।

স্তনৰ উপৰে কেহো থৈলা তান হাত ॥৪

কেহো জনী তান মুখে মুখে চুমা দিল ।

বুকুত লগায়া স্তন কেহো সাবটিল ॥৫

কেহো জনী হৃদয়ৰ বস্ত্ৰ দূৰ কৰি ।

উচ্চ কুচ ভাৰ তাক দেখাৱে সুন্দৰী ॥৬

আপোনাৰ উৰু তান উৰুত লগায় ।

কটাক্ষে নিৰখি হাসি তোলে মুচুকাই ॥৭

কতো জনী গাৱ ঘেলাৱয় তান সঙ্গে ।

লয়লাসে হাসে কতো জনী ভুৰুভঙ্গে ॥৮

কতো জনী বাহু ধৰি কৰয় মৰ্দন ।

কোলে তুলি কতো জনী জান্তয় চৰণ ॥৯

কতো জনী আপোনাৰ গায়ে আওজায় ।

মুখ কাটি কৰিয়া থাকয় তাকে চাই ॥১০

পাচে ঋষি কুমাৰক কৰি বহুমান ।

সুগন্ধ শীতল জলে কৰাইলেক স্নান ॥১১

ভস্ম ধূলি তান শৰীৰো দূৰ কৰি ।

পিন্ধাইলেক কুসুম চন্দন সাদৰি ॥১২

বাকলি গুচায়া দিব্য পিন্ধাৱে বসন ।

ৰুদ্ৰাক্ষ গুচায়া দিব্য পিন্ধাৱে ভূষণ ॥১৩

শিলিখা গুচায়া দেই কৰ্পূৰ তাম্বুল ।

সুৰভি শীতল পিন্ধাৱয় কতো ফুল ॥১৪

তালযঙ্গ ধৰি সুললিত গীত গাৱে ।

মধুৰ মৃদঙ্গ ধৰি কতো জনী বাৱে ॥১৫

কতো লয়লাসে ভঙ্গিভাৱে কৰে নৃত্য ।

এহি মতে মোহিত কৰিলা তান চিত্ত ॥১৬

সুমন্ত্ৰ বদতি শুনিয়োক মহাশয় ।

গ্ৰামী জন সঙ্গ পায়া বিভাণ্ডতনয় ॥১৭

ঋষি ধৰ্ম্ম সকলে গুচিল সমুদায় ।

ভৈল উলমাল নাৰীগণ সঙ্গ পাই ॥১৮

স্ত্ৰী সমস্তক মুনি বুলিলা বচন ।

তোমাৰ আশ্ৰম কত দূৰ মুনিগণ ॥১৯

তুমি সব মহামিত্ৰ ভৈলাহা আমাৰ ।

দেখিতে উত্সুক আছে আশ্ৰম তোমাৰ ॥২০

ময়াৱতী সব বোলে শুনা মুনিবৰ ।

নিকটে আশ্ৰম যাইবা উঠিয়া সত্বৰ ॥২১

শুনি ঋষ্যশৃঙ্গ উঠিলন্ত শীঘ্ৰ কৰি ।

চলিলা কৌতুকে তাসম্বাৰ হাত ধৰি ॥২২

কথা মতে নৌকাত তুলিলে নাৰীগণে ।

আশ্ৰম দেখিয়া মুনি ৰঙ্গ ভৈলা মনে ॥২৩

ভালৰ আশ্ৰম তপোবন বিতোপন ।

নানা ফল ফুলে আমোদিত কৰে মন ॥২৪

হৰিষে ফুৰন্ত ঋষি মায়াবন চাই ।

মায়াৰূপী সব নাৱ বায়া লৈয়া যায় ॥২৫

নানা কেলি কৌতুক কৰিয়া ঋষি সঙ্গে ।

মায়ানৌকা পাৰ কৰিলেক মহাৰঙ্গে ॥২৬

শ্ৰম পায়া ঋষিৰ কুমাৰ নিদ্ৰা গৈলা ।

অনন্তৰে নৌকা আসি অঙ্গদেশে পাইলা ॥২৭

ভাগিল ঋষিৰ নিদ্ৰা পাচে কতোক্ষণে ।

স্ত্ৰী সকলত মুনি পুছে সঙ্গী মনে ॥২৮

কহিয়োক তুমি সবে স্বৰূপ বচন ।

নোহোঁ তুমি সবে ঋষি নুহি তপোবন ॥২৯

তুমি সবে আমাক মুহিলা মায়া কৰি ।

আপোনাৰ দেশে আনি আছা ছল কৰি ॥৩০

কি কাৰণে আনিলা কহিয়ো প্ৰয়োজন ।

শুনি যোৰহাতে মাতিলেক নাৰীগণ ॥৩১

শুনিয়োক মুনি নকৰিবা কোপ মন ।

কহিবোঁ তোমাৰ আছে যত প্ৰয়োজন ॥৩২

লোমপাদ ৰাজা অঙ্গদেশ অধিপতি ।

শান্তা নামে কন্যা তান আছে মহাসতি ॥৩৩

ত্ৰৈলোক্যমোহিনী কন্যা মহাগুণৱতী ।

কৰিবা বিবাহ তাক তুমি মহামতি ॥৩৪

অপুত্ৰক ৰাজা মনে কৰে অপমান ।

তুমি যজ্ঞ কৰাইলে হৈবেক পুত্ৰ তান ॥৩৫

দ্বাদশ বত্সৰ বৃষ্টি নাহিকে ৰাজ্যত ।

অন্নৰ বিকলে দুথ পাৱে প্ৰজা যত ॥৩৬

তুমি গৈলে ৰাজ্যত হৈবেক বৰিষণ ।

হৈবে লোক সুখী শস্য হৈবেক সম্পন্ন ॥৩৭

লৈয়া যাওঁ তোমাক এহিসে প্ৰয়োজনে ।

কহিলোঁ কাৰণ মুনি কোপ এৰাঁ মনে ॥৩৮

এহি কথা মাতে নটীগণ নিৰন্তৰ ।

কোত দিনে পাইলা লোমপাদৰ নগৰ ॥৩৯

শুনি লোমপাদে ঋষ্যশৃঙ্গ আনিবাৰ ।

আগ বাঢ়ি আসিয়া কৰিলা সতকাৰ ॥৪০

ভৈলন্ত হৰিষ ৰাজা ঋষিক দেখিয়া ।

কৰিল ঋষিক পূজা পাদ্য অৰ্ঘ্য দিয়া ॥৪১

যেবে অঙ্গদেশে আসি ভৈলন্ত প্ৰবেশ ।

তেবে জল বৃষ্টি মেঘে কৰিলা অশেষ ॥৪২

ভৈল শস্য সম্পূৰ্ণ ৰাজ্যত নিৰন্তৰ ।

নানা ভোগ ভুঞ্জি সুখী ভৈলা সবে নৰ ॥৪৩

লোমপাদে নানাদ্ৰব্য একত্ৰ কৰিল ।

ঋষ্যশৃঙ্গ মুনিত শান্তাক বিহা দিল ॥৪৪

ভৈল কুতূহল মুনি পায়া কন্যাৰত্ন ।

পাচে যজ্ঞ কৰিতে ৰাজাৰ ভৈল যত্ন ॥৪৫

একত্ৰ কৰিয়া যত যজ্ঞৰ সম্ভুত ।

কৰিলা যুগুতি পুৰোহিত সমন্বিত ॥৪৬

অশ্বমেঘ মহাযজ্ঞ ৰাজা আৰম্ভিল ।

ঋষ্যশৃঙ্গ যজ্ঞত কৌতুকে প্ৰবেশিল ॥৪৭

পৰম পণ্ডিত সৰ্ব্ব কৰ্ম্মত কুশল ।

শুভ সময়ত আচৰিলা সুমঙ্গল ॥৪৮

লোমপাদ ৰাজা ভৈল যজ্ঞত দীক্ষিত ।

যজ্ঞকাৰ্য্য কলা ক্ৰিয়া কাৰ্য্য সুশিক্ষিত ॥৪৯

সাঙ্গোপাঙ্গে কৰিলাহা নৰপতি ।

পাইলন্ত যজ্ঞত পুত্ৰ বৰ মহামতি ॥৫০

উপজিলা চাৰি পুত্ৰ পৰম মহন্ত ।

বুদ্ধিবল তেজ মহা গুণে গুণৱন্ত ॥৫১

শান্তাৰে সহিতে ঋষ্যশৃঙ্গ মহা ঋষি ।

লোমপাদ আশ্ৰমত ৰহিলা হৰিষি ॥৫২

সম্প্ৰতি আছন্ত শান্তা সমে কুতূহলে ।

তাহান চৰিত্ৰ যত কহিলোঁ সকলে ॥৫৩

ঋষ্যশৃঙ্গ আনি যজ্ঞ কৰিয়ো নৃপতি ।

হৈবেক তোমাৰ তেবে উত্তম সন্ততি ॥৫৪

ভৈলন্ত হৰিষ সুমন্ত্ৰৰ কথা শুনি ।

দশৰথ ৰাজা মাতিলন্ত মনে গুণি ॥৫৫