Revision 334828 of "দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত" on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}}
'''২১ অধ্যায়'''
<big>'''দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিতি'''</big>
:::দুলৰি ।
ৰাজা লঙ্কেশ্বৰে, উপদ্ৰবৱ কৰে,
জিনিয়া এ ত্ৰিভুবন ।
বলে পৰাক্ৰমে, ইতিনি লোকত,
সম নাহি একো জন ॥১
তাৰ পৰাভৱ, সহিতে নাপাৰি,
ত্ৰিদশ দেৱতাগণ ।
বাসৱে সহিত, একত্ৰে বসিয়া,
কৰিলন্ত আলোচন ॥২
ৰাৱণত হন্তে, নাহিক নিস্তাৰ,
বিনে দেৱ গদাধৰ ।
ব্ৰহ্মায়ে আমাৰ, মিলাইলা প্ৰমাদ,
ৰাৱণক দিয়া বৰ ॥৩
ইতিনি লোকত, ত্ৰিদশ দেৱত,
ৰাৱণ অবধ্য ভৈল ।
নৰ বানৰত, হৈব সিতো হত,
ব্ৰহ্মা বৰ ছিদ্ৰ থৈল ॥৪
পুত্ৰৰ নিমিত্তে, কৰে মহা যজ্ঞ,
দশৰথ নৃপবৰ ।
এহি সময়তে, ঈশ্বৰ বিষ্ণুক,
পঠাই দিওঁ তান ঘৰ ॥৫
হেন যুক্তি কৰি, ক্ষীৰোদধি তীৰে,
গৈলন্ত দেৱতাগণ ।
লক্ষ্মী সমন্বিতে, ক্ষীৰোদ সাগৰে,
আছা প্ৰভু নাৰায়ণ ॥৬
অব্যক্ত স্বৰূপে, আছন্ত ঈশ্বৰ,
নুহিকে কাৰো গোচৰ ।
জয় জয় হৰি, বুলি হুলস্থুল,
কৰে দেৱ নিৰন্তৰ ॥৭
নমো নাৰায়ণ, জগতকাৰণ,
সনাতন লক্ষ্মীপতি ।
হুয়োক সদায়, প্ৰভু কৃপাময়,
কৰোঁহো পাৱে প্ৰণতি ॥৮
তোমাৰ চৰণে, আমি দেৱগণে,
শৰণ লৈলোঁ সম্প্ৰতি ॥
তুমি সি ঈশ্বৰ, ইটো জগতৰ,
তুমি বিনে নাহি গতি ।৯
হুয়ো সুপ্ৰসন্ন, দিয়ো দৰশন,
গুচোক আমাৰ দুখ ।
ত্ৰিদশ সকলে, দেখোঁ কৌতূহলে,
তোমাৰ প্ৰসন্ন মুখ ॥১০
ক্ষীৰ সাগৰৰ, তীৰ জুৰি সবে,
হৰিক দেখিব মনে ।
জয় জয় হৰি, বুলি উচ্চ কৰি,
ডাকয় দেৱতা গণে ॥১১
দেৱৰ কল্লোল, জয় জয় বোল,
শুনিয়া কৃপা মিলিল ।
হুয়া দায়াযুত, ৰূপ অদভুত,
দেৱতাক দেখা দিল ॥১২
কোটি এক শশী, সূৰ্য্যতো কৰিয়া,
শৰীৰৰ জৌতি বলে ।
আসিল ৰামক, লাগিল চমক,
দেখিলা দেৱ সকলে ॥১৩
কৃষ্ণক আকোলি, ধৰি কৃতাঞ্জলি,
মাথাৰ উপৰ কৰি ।
কৃষ্ণৰ আগতে, পৰি দণ্ডবতে,
ৰৱে জয় জয় হৰি ॥১৪
সুপ্ৰসন্ন বিধি, ভৈল কাৰ্য্য সিদ্ধি,
দিলা দেখা নাৰায়ণ ।
শ্ৰীমুখ দেখি, ভৈলা সবে সুখী,
যতেক ত্ৰিদশগণ ॥১৫
যেনৰূপে দেখা, দিলন্ত দেৱক,
কহিব কাৰ শকতি ।
সৰ্পৰ ফণাত, চৰণ থাপিয়া,
আছা ত্ৰিজগত পতি ॥১৬
সৰ্পৰ ফণাত, মণি জৌতি কৰে,
অৰুণ চৰণ তলে ।
সুকোমল পদ্ম- কোষক জিনিয়া,
চৰণ যুগল জ্বলে ॥১৭
দশো আঙ্গুলিত, জ্বলে মনোনীত,
ৰত্নৰ উঢতিচয় ।
চন্দ্ৰৰ জৌতিক, জিনি আতিশয়,
নখ মণি প্ৰকাশয় ॥১৮
মণি ৰত্নময়, নূপুৰ জ্বলয়,
চৰণ কমল মাজে ।
জঙ্ঘা মনোহৰ, উৰু কৰিকৰ,
কটিত কিঙ্কিণি বাজে ॥১৯
পাট ভুনি পীত, ৰতনে ৰচিত,
কঙ্কালত কটিবন্ধ ।
জ্বলে মনোহৰ, নাভী সৰোবৰ,
উদৰ অতি সুচন্দ ॥২০
হৃদয়ে শ্ৰীবত্স, দেখি আতি স্বচ্ছ,
হাৰ গজ মুকুতাৰ ।
ৰত্ন মণিময়, জ্বলন্তে আছয়,
জিলিমিলি পেচন্দাৰ ॥২১
আপাদ লম্বিত, গলে বনমালা,
ভ্ৰমৰে বেঢ়িয়া ৰঞ্জে ।
কৌস্তুভ মণিৰ, প্ৰকাশে প্ৰভাত,
সূৰ্য্যৰ জৌতিক গঞ্জে ॥২২
নীল মোলানৰ, পাবক নিন্দিয়া,
শোভে বাহু চাৰি খান ।
সুবলি বলিত, অজানুলম্বিত,
দেখিতে অতি সুঠান ॥২৩
সুবৰ্ণৰ তাৰ, বলয়া কঙ্কণ,
সুন্দৰ আঙুল পান্তি ।
আতি সুবলিত, কুৰি আঙুলিত,
নখচন্দ্ৰ কৰে কান্তি ॥২৪
বাখৰে ৰচিত, আঙ্গঠি শোভিত,
কৰে যেন কিশলয় ।
শঙ্খ চক্ৰ গদা, পদ্ম চাৰি হাতে,
অনুক্ৰমে প্ৰকাশয় ॥২৫
উশাসতে আতি, চলন্তে আছয়,
উদৰত তিনি ৰেখা ।
কষিত সোণাৰ, ৰেখা যেন উৰে,
লক্ষ্মী দেবী দিলা দেখা ॥২৬
সিংহবন্ধ স্কন্ধ, চাৰু কম্বুকণ্ঠ,
চিবুক আতি সুন্দৰ ।
বন্দুলি পুষ্পকো, নিন্দি প্ৰকাশয়,
অৰুণ চাৰু অধৰ ॥২৭
শৰতৰ পূৰ্ণ- চন্দ্ৰকো গঞ্জিয়া,
প্ৰকাশে মুখমণ্ডল ।
ঈষত হাসিত, অমৃত বৰিষে,
দেখি মিলে কৌতূহল ॥২৮
মুকুতা সাৰি, জিনি দন্তপান্তি,
মুখকো আতি ৰঞ্জয় ।
শৰত সুজাত, প্ৰফুল্ল পদ্মকো,
নয়নযুগে গঞ্জয় ॥২৯
নাসা তিলফুল, যেন প্ৰকাশয়,
সুবালিত ভ্ৰুৰ দুই ।
সুসম কপালে, তিলক জ্বলয়,
পূৰ্ণচন্দ্ৰো সম নুই ॥৩০
চাৰু কম্বুকৰ্ণে, মকৰ কুণ্ডল,
কৰে আতি জলমল ।
ৰত্নে বিৰচিত, কিৰীটি শিৰত,
সূৰ্য্যৰ যেন মণ্ডল ॥৩১
কুটিল কুণ্ডল, অলকাৰ পংক্তি,
কান্তি কৰে কপালত ।
প্ৰমত্ত ভ্ৰমৰে, যেন মধু পান,
কৰে পৰি কমলত ॥৩২
শিৰৰ উপৰে, চূড়ামণি জ্বলে,
সূৰ্য্য যেন মূৰ্ত্তি ধৰি ।
শ্যাম শৰীৰক, সজল জলদ,
কদাচিতো নুহি সৰি ॥৩৩
পীত বস্ত্ৰ যেন, সজল মেঘত,
বিজুলী ভৈল সুথিৰ ।
কোটি কন্দৰ্পকো, দৰ্পচূৰ কৰি,
জ্বলন্তে আছে শৰীৰ ॥৩৪
পদ্মপত্ৰ সম, দুখানি চৰণ,
বচন অতি গম্ভীৰ ।
অমৃত কোটিত, কৰিয়া সন্তোষ,
সাগৰ কোটি গম্ভীৰ ॥৩৫
কোটি হেমৱন্ত, গিৰিত কৰিয়া,
দেখয় অতি সুথিৰ ।
কোটি কোটি মহা, মহেন্দ্ৰত কৰি,
শ্ৰী আতি চমত্কাৰ ॥৩৬
হেনয় ৰূপক, দেখিয়া দেৱৰ,
আনন্দৰ নাহি পাৰ ॥৩৭
নমো নাৰায়ণ, দেৱ সনাতন,
তুমি অনাথৰ নাথ ।
কৰাঁ মোক দায়া, কৃপা দৃষ্টি চায়া,
মায়া এৰা জগন্নাথ ॥৩৮
নামৰ আভাস, মাত্ৰকে তাৰিলা,
মহাপাপী অজামিল ।
ভক্তৰসে মাত্ৰে, পুতনাকো মোক্ষ,
দিলা দেৱ দয়াশীল ॥৩৯
এতেক জানিয়া, তোমাৰ চৰণে,
শৰণ কৰিলোঁ সাৰ ।
কেৱলে তোমাৰ, চৰণ পঙ্কজে,
থাকোক ৰতি আমাৰ ॥৪০
তোমাৰ ভৃত্যৰ, ভৃত্যৰ ভৃত্যৰ
ভৃত্য বুলি ধৰাঁ মোক ।
তেজি আন কাম, বোলাঁ ৰাম ৰাম,
যত সামাজিক লোক ॥৪১
:::২২ অধ্যায়
::::
:::পদ ।
অনন্তৰে সৰ্পৰ নামিলা নাৰায়ণ ।
দেৱক সমুখে বসিলন্ত পদ্মাসন ॥১
হাতৰ পদ্মক লক্ষ্মী থৈলন্ত কোলাত ।
তাহাৰ উপৰে থাপিলন্ত দুই হাত ॥২
দুই পাদপদ্ম তাতে থাপিলন্ত হৰি ।
স্বামীৰ চৰণে দেবী ধৰিলা সাদৰি ॥৩
লক্ষ্মীৰ হাতৰ শাঁখা জৌতি আতি কৰে ।
প্ৰকাশে চৰণ সেই শাঁখাৰ উপৰে ॥৪
অব্যক্ত ঈশ্বৰ হৰি ভৈলন্ত সাক্ষাত ।
দেখি ব্ৰহ্মা আদি দেৱে কৰি যোৰহাত ॥৫
অৱনত মাথে স্তুতি কৰে দেৱগণ ।
ত্ৰাহি ত্ৰাহি হৰি লৈলোঁ তোমাত শৰণ ॥৬
তুমি বিনে আমাৰ নাহিক আন গতি ।
চৰাচৰ জগতৰ তুমি এক পতি ॥৭
সৃষ্টিৰ আদিতে থাকাঁ তুমিসে কেৱল ।
পুনু স্ৰজিবাক যেবে ভৈলা কৌতূহল ॥৮
কটাক্ষে কৰিয়া প্ৰকৃতিক সচেতন ।
কোটি কোটি ব্ৰহ্মাণ্ড স্ৰজাঁহা নাৰায়ণ ॥৯
অন্তৰ্য্যামীৰূপে তাতে প্ৰবেশিয়া হৰি ।
কৰাঁহা বিহাৰ নানাবিধ ৰূপ ধৰি ॥১০
ব্ৰহ্মাৰূপ ধৰি স্ৰজী ইতিনি ভুবন ।
বিষ্ণুৰূপ ধৰি কৰাঁ সৃষ্টিক পালন ॥১১
ৰুদ্ৰৰূপ ধৰি কৰাঁ আপুনি সংহাৰ ।
এহি মহা মোক্ষ লীলা কৌতুক তোমাৰ ॥১২
মায়াৰ অধীন আমি জীৱ নিৰন্তৰ ।
তুমিসে কেৱল মাত্ৰ মায়াৰ ঈশ্বৰ ॥১৩
মায়ায়ে মোহিত হুয়া আমি জীৱ যত ।
তোমাৰ মূৰ্ত্তিৰ কেহো নজানোহো তত্ত্ব ॥১৪
কেৱলে তোমাৰ পাৱে পশিয়া শৰণ ।
তযু গুণ নাম কৰে শ্ৰৱণ কীৰ্ত্তন ॥১৫
সেহিসে মহন্তে জানে তযু ব্যৱহাৰ ।
মোক্ষকো এৰিয়া ভজে চৰণ তোমাৰ ॥১৬
কোন বেলা কোন ৰূপে কৰাঁ কোন কৰ্ম্ম ।
ব্ৰহ্মায়ো বুজিবে নপাৰন্ত তাৰ মৰ্ম্ম ॥১৭
আন কোনে বুজিবেক তোমাৰ লীলাক ।
বেদে নপাৰন্ত কহি সীমা কৰিবাক ॥১৮
নিত্য নিৰঞ্জন তুমি অনাদি অনন্ত ।
কালমায়াদিৰো তুমি প্ৰভু ভগৱন্ত ॥১৯
অনন্ত বিভূতিপতি মুকুতিদায়ক ।
বেদবিধায়ক এক জগতনায়ক ॥২০
সুখ দুখ দাতা দীন দৰিদ্ৰ বত্সল ।
তুমিসে সমস্তে জগতৰে সুমঙ্গল ॥২১
নিজানন্দ লাভে পূৰ্ণ সত্য সনাতন ।
কাৰণৰো কাৰণ তুমিসে অকাৰণ ॥২২
নাহিকে কাহাতো প্ৰভু প্ৰাৰ্থনা তোমাৰ ।
তুমি পুনু কৰাঁ জগতকে উপকাৰ ॥২৩
সংসাৰত নাহিকে তোমাৰ অবিদিত ।
জগতৰে হিত তুমি চিন্তা প্ৰতিনিত ॥২৪
নলৱয় জীৱে যেবে তোমাত শৰণ ।
তাৱত নেৰাৱে জীৱে উত্পতি মৰণ ॥২৫
নানা পাপ পুণ্য কৰি নানা দেহ ধৰি ।
ফুৰে নানা সুখ দুখ ফল ভোগ কৰি ॥২৬
তুমি অজ নাহি দেৱ জনম তোমাৰ ।
লীলায়ে ধৰাঁহা নানাবিধ অৱতাৰ ॥২৭
মহন্তক পালাঁ ধৰ্ম্মপথ ৰক্ষা কৰি ।
কৰাঁহা বিনাশ দুষ্ট দুৰ্জ্জনক হৰি ॥২৮
তুমি কাল মূৰ্ত্তি সৰ্ব্ব সংহাৰ কাৰণ ।
তুমি চৰাচৰ গুৰু জগত তাৰণ ॥২৯
ধৰ্ম্ম অৰ্থ কাম মোক্ষ দাতা তুমি দেৱ ।
তুমি বিনে সংসাৰত সাৰ নাহি কেৱ ॥৩০
নিজ যোগবলে প্ৰকৃচিৰ গুণ তিনি ।
আপোনাতে আপোনাক স্ৰজাঁহা আপুনি ॥৩১
আপুনি পালাঁহা কৰা আপুনি সংহাৰ ।
আপুনি ঈশ্বৰ তুমি আপুনি সংহাৰ ॥ ৩২
কালৰ হাতত ৰক্ষাকৰ্ত্তা নাহি আন ।
তুমিসে কেবল মাত্ৰ বিশ্ৰামৰ থান ॥৩৩
এক মূৰ্ত্তি নানা মূৰ্ত্তি নানা মূৰ্ত্তি এক ।
তোমাত জগত তুমি তাত ব্যতিৰেক ॥৩৪
তুমি প্ৰাণ মন মুখ চক্ষু কৰ্ণ নাসা ।
তোমাতেসে সকল জগতে বাসা ॥৩৫
অন্তৰ্য্যামী ৰূপে তুমি জগত আধাৰ ।
প্ৰবৰ্ত্তায়া যতেক জীৱৰ ব্যৱহাৰ ॥৩৬
তোমাৰ মুখত চাৰি বেদ উপজিল ।
ব্ৰহ্মা আদি দেৱৰ নিয়ম নিয়োজিল ॥৩৭
তোমাত উপজি বেদে তোমাকেসে কয় ।
মায়ায়ে মোহিত জীৱে তাক নেদেখয় ॥৩৮
নানা কাৰ্য্য কৰ্ম্ম ধৰ্ম্ম কৰয় প্ৰবন্ধি ।
ফুৰি সংসাৰত সেহি কামে হুয়া বন্দী ॥৩৯
সাধুসঙ্গ লৈয়া যাৱে নভজে তোমাক ।
তাৱত নপাৰে কৰ্ম্ম বন্ধ এৰাইবাক ॥৪০
এতেকেসে এক চিত্ত কৰি দেৱগণে ।
তোমাৰ চৰণে আসি পশিলোঁ শৰণে ॥৪১
কৰিয়ো কৰুণা মাত্ৰ এক লেশ মান ।
ত্ৰিদশ দেৱৰ হৌক দুখ পৰিত্ৰাণ ॥৪২
নমো নাৰায়ণ সৰ্ব্বজন অধিপতি ।
নমো দায়াশীল দেৱ অগতিৰ গতি ॥৪৩
নমো দামোদৰ ব্ৰহ্মময় কলেৱৰ ।
নমো বিঘ্নহৰ নমো কৃপাৰ সাগৰ ॥৪৪
নমো নমো ত্ৰিভুবন পতি মহা দেৱ ।
নমো নমো সদা ত্ৰিজগতে কৰে সেৱ ॥৪৫All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?oldid=334828.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|