Revision 335656 of "দশৰথক আনিবলৈ কটকী প্ৰেৰণ" on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

:::<big>'''৪২ অধ্যায়'''<big> 

::<big>'''দশৰথক আনিবলৈ কটকী প্ৰেৰণ'''</big>

:: <big>'''দুলৰি ।'''<big>


জনক নৃপতি,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাচে মহামতি,

::মনত মহা কৌতুকে ।

বিশ্বামিত্ৰ সমে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাম লক্ষ্মণক,

::আগত লৈয়া উত্সুকে ॥১

জানকীক আগ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰি মহাভাগ,

::চলি গৈলা নিজঘৰ ।

আথানৰ বাজ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাতিয়া সমাজ,

::বসিলন্ত নৃপবৰ ॥২

পুৰোহিত শতা- &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নন্দক মাতিয়া,

::বুলিলা মধুৰ বাক ।

শুনিয়োক গুৰু, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বিলম্ব নকৰি, 

::চলি যাইয়া অযোধ্যাক ॥৩

দশৰথ মহা- &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাজাত জনায়ো, 

::তান পুত্ৰ ৰঘুবৰে ।

ধনুক ভাঙ্গিয়া, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; জানকী সীতাক,

::লভিলন্ত স্বয়ম্বৰে ॥৪

বশিষ্ঠ সহিতে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আসন্ত সত্বৰে,

::বিহা কৰাইবাক প্ৰতি ।

শত্ৰুঘন ভৰ- &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তকো লগে আনি,

::আসিবন্ত মহামতি ॥৫

শুনি সতানন্দে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৰম আনন্দে,

অযোধ্যাক লাগি গৈলা ।

দশৰথ আগে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাম লক্ষ্মণৰ,

কথা প্ৰপঞ্চিয়া কৈলা ॥৬

ৰাম লক্ষ্মণৰ,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কুশল কাহিনী,

শুনি ৰাজা দশৰথ ।

শতানন্দ মুনি-,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বৰক সত্কাৰ,

কৰিলন্ত মহাৰথ ॥৭

বৃদ্ধ মন্ত্ৰী পাত্ৰ-,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; গণক নৃপতি,

নগৰৰ ৰক্ষা দিলা ।

ৰামৰ বিবাহ,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নিমিত্তে পৰম,

উত্সুক মনে সাজিলা ॥৮

হস্তী ঘোঁড়া ৰথ-,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পতি চতুৰঙ্গ,

দল লগে ভৈলা সাজ ।

শত্ৰুঘন ভৰ-,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তক লগে লৈয়া,

চলিলন্ত মহাৰাজ ॥৯

বশিষ্ঠ প্ৰমুখ্যে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ব্ৰাহ্মণ সকল,

কৌতূহলে চলি গৈলা ।

বস্ত্ৰ অলঙ্কাৰ,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অনেক সম্ভাৰ,

সুমন্ত্ৰ লগত লৈলা ॥১০

তুলি ছত্ৰদণ্ড,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নানা বাদ্য ভণ্ড,

বজাৱে প্ৰজা সকল ।

অসংখ্য সেনাৰ,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পদধূলি ছন্ন,

কৰিল ৰবি মণ্ডল ॥১১

জয় জয় ৰোল,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰয় কল্লোল,

প্ৰজাৰ বহু ঘঞ্চাল ।

প্ৰমত্ত হস্তীৰ,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ঘোৱাৰ শবদে,

কৰ্ণত হানয় তাল ॥১২

প্ৰজাৰ আন্দোলে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৃথিবী হিন্দোলে,

কম্পে সুৰাসুৰ যত ।

মহা আড়ম্বৰে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মিথিলা নগৰে,

প্ৰবেশিলা দশৰথ ॥১৩

জনক নৃপতি,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অনেক ভকতি,

কৰি আগবাঢ়ি নিলা ।

পৰম সাদৰে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দিব্য সিংহাসনে,

আপুনি পাৰিয়া দিলা ॥১৪

সুবৰ্ণ আসন,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাৰিয়া দিলন্ত,

বশিষ্ঠ মহা ঋষিক ।

জনকে হৰিষে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সঅৰ্ঘে পূজিলা,

দশৰথ নৃপতিক ॥১৫

বশিষ্ঠকো পাদ্য,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অৰ্ঘে পূজিলন্ত, 

কৰি আতি সতকাৰ ।

শ্ৰীৰাম লক্ষ্মণে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পিতৃৰ চৰণে,

কৰিলন্ত নমস্কাৰ ॥১৬

পুত্ৰ দুইক পায়া,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৰম স্নেহত,

সাবটি ধৰিলা গলে ।

শিৰ ঘ্ৰাণি দুইৰো,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; শৰীৰ তিয়াইলা,

হৰিষে নেত্ৰৰ জলে ॥১৭

দশৰথে বিশ্বা-,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মিত্ৰক দেখিয়া,

নমিলা কৰি আহ্লাদ ।

কৰি বেদধ্বনি,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বিশ্বামিত্ৰ মুনি,

কৰিলন্ত আশীৰ্ব্বাদ ॥১৮

দশৰথ মহা-,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাজাৰ লগত,

আসিয়াছে প্ৰজা যত ।

জনকে সবাকো,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দিলা বাসাঘৰ,

হৰিষে আতি মনত ॥১৯

ভোজন সম্ভাৰে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নানা ব্যবহাৰে,

সমস্তকে সন্তোষিলা ।

চাৰি পুত্ৰ সমে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাজাক জনকে,

অন্তঃপুৰে বাসা দিলা ॥২০

বহু সতকাৰ,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰিয়া ভোজন,

কৰাইলন্ত পঞ্চামৃতে ।

বিবাহৰ কাৰ্য্য,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; চিন্তিবে লাগিলা,

ঋষিগণ সমন্বিতে ॥২১

বিশ্বামিত্ৰ মুনি,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বোলন্ত জনক,

ঊৰ্ম্মিলা জীউ তোমাৰ ।

লক্ষ্মণক বিহা,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দিয়োক বচন,

পালিয়ো যেবে আমাৰ ॥২২

জনকে বোলন্ত,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; লক্ষ্মণক বিহা,

দিবো জীউ ঊৰ্ম্মিলাক ।

জনকৰ ভাতৃ,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কুশধ্বজে দশ-

ৰথক বুলিলা বাক ॥২৩

শুনিয়োক ৰাজা,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আমাৰ দুই খানি,

দুহিতা ঘৰে আছয় ।

শত্ৰুঘন ভৰ-,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তক বিৰা দিওঁ,

তযু আজ্ঞা কিবা হয় ॥২৪

শুনি দশৰথে,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বুলিলন্ত বাণী,

পুছিবে নলাগে আক ।

বিবাহ কৰিয়া,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সত্বৰে গৃহক,

পঠায়া দিয়া আমাক ॥২৫

কুশধ্বজ জন-,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰ শুনি বাণী,

হৰিষ ভৈলা মনত ।

চাৰি বৰ চাৰি,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কন্যাক কৰাইলা,

অধিবাস কৰ্ম্ম যত ॥২৬