Revision 335672 of "দশৰথক আনিবলৈ কটকী প্ৰেৰণ" on sourceswiki{{সপ্তকাণ্ড ৰামায়ণ}}
:::<big>'''৪২ অধ্যায়'''<big>
<big>'''দশৰথক আনিবলৈ কটকী প্ৰেৰণ'''</big>
::: <big>'''দুলৰি ।'''<big>
জনক নৃপতি, পাচে মহামতি,
::মনত মহা কৌতুকে ।
বিশ্বামিত্ৰ সমে, ৰাম লক্ষ্মণক,
::আগত লৈয়া উত্সুকে ॥১
জানকীক আগ, কৰি মহাভাগ,
::চলি গৈলা নিজঘৰ ।
আথানৰ বাজ, পাতিয়া সমাজ,
::বসিলন্ত নৃপবৰ ॥২
পুৰোহিত শতা- নন্দক মাতিয়া,
::বুলিলা মধুৰ বাক ।
শুনিয়োক গুৰু, বিলম্ব নকৰি,
::চলি যাইয়া অযোধ্যাক ॥৩
দশৰথ মহা- ৰাজাত জনায়ো,
::তান পুত্ৰ ৰঘুবৰে ।
ধনুক ভাঙ্গিয়া, জানকী সীতাক,
::লভিলন্ত স্বয়ম্বৰে ॥৪
বশিষ্ঠ সহিতে, আসন্ত সত্বৰে,
::বিহা কৰাইবাক প্ৰতি ।
শত্ৰুঘন ভৰ- তকো লগে আনি,
::আসিবন্ত মহামতি ॥৫
শুনি সতানন্দে, পৰম আনন্দে,
::অযোধ্যাক লাগি গৈলা ।
দশৰথ আগে, ৰাম লক্ষ্মণৰ,
::কথা প্ৰপঞ্চিয়া কৈলা ॥৬
ৰাম লক্ষ্মণৰ, কুশল কাহিনী,
::শুনি ৰাজা দশৰথ ।
শতানন্দ মুনি- বৰক সত্কাৰ,
::কৰিলন্ত মহাৰথ ॥৭
বৃদ্ধ মন্ত্ৰী পাত্ৰ- গণক নৃপতি,
::নগৰৰ ৰক্ষা দিলা ।
ৰামৰ বিবাহ, নিমিত্তে পৰম,
::উত্সুক মনে সাজিলা ॥৮
হস্তী ঘোঁড়া ৰথ- পতি চতুৰঙ্গ,
::দল লগে ভৈলা সাজ ।
শত্ৰুঘন ভৰ-, তক লগে লৈয়া,
::চলিলন্ত মহাৰাজ ॥৯
বশিষ্ঠ প্ৰমুখ্যে, ব্ৰাহ্মণ সকল,
::কৌতূহলে চলি গৈলা ।
বস্ত্ৰ অলঙ্কাৰ, অনেক সম্ভাৰ,
::সুমন্ত্ৰ লগত লৈলা ॥১০
তুলি ছত্ৰদণ্ড, নানা বাদ্য ভণ্ড,
::বজাৱে প্ৰজা সকল ।
অসংখ্য সেনাৰ, পদধূলি ছন্ন,
::কৰিল ৰবি মণ্ডল ॥১১
জয় জয় ৰোল, কৰয় কল্লোল,
::প্ৰজাৰ বহু ঘঞ্চাল ।
প্ৰমত্ত হস্তীৰ, ঘোৱাৰ শবদে,
::কৰ্ণত হানয় তাল ॥১২
প্ৰজাৰ আন্দোলে, পৃথিবী হিন্দোলে,
::কম্পে সুৰাসুৰ যত ।
মহা আড়ম্বৰে, মিথিলা নগৰে,
::প্ৰবেশিলা দশৰথ ॥১৩
জনক নৃপতি, অনেক ভকতি,
::কৰি আগবাঢ়ি নিলা ।
পৰম সাদৰে, দিব্য সিংহাসন,
::আপুনি পাৰিয়া দিলা ॥১৪
সুবৰ্ণ আসন, পাৰিয়া দিলন্ত,
::বশিষ্ঠ মহা ঋষিক ।
জনকে হৰিষে, সঅৰ্ঘে পূজিলা,
::দশৰথ নৃপতিক ॥১৫
বশিষ্ঠকো পাদ্য, অৰ্ঘে পূজিলন্ত,
::কৰি আতি সতকাৰ ।
শ্ৰীৰাম লক্ষ্মণে, পিতৃৰ চৰণে,
::কৰিলন্ত নমস্কাৰ ॥১৬
পুত্ৰ দুইক পায়া, পৰম স্নেহত,
::সাবটি ধৰিলা গলে ।
শিৰ ঘ্ৰাণি দুইৰো, শৰীৰ তিয়াইলা,
::হৰিষে নেত্ৰৰ জলে ॥১৭
দশৰথে বিশ্বা- মিত্ৰক দেখিয়া,
::নমিলা কৰি আহ্লাদ ।
কৰি বেদধ্বনি, বিশ্বামিত্ৰ মুনি,
::কৰিলন্ত আশীৰ্ব্বাদ ॥১৮
দশৰথ মহা- ৰাজাৰ লগত,
::আসিয়াছে প্ৰজা যত ।
জনকে সবাকো, দিলা বাসাঘৰ,
::হৰিষে আতি মনত ॥১৯
ভোজন সম্ভাৰে, নানা ব্যবহাৰে,
::সমস্তকে সন্তোষিলা ।
চাৰি পুত্ৰ সমে, ৰাজাক জনকে,
::অন্তঃপুৰে বাসা দিলা ॥২০
বহু সতকাৰ, কৰিয়া ভোজন,
::কৰাইলন্ত পঞ্চামৃতে ।
বিবাহৰ কাৰ্য্য, চিন্তিবে লাগিলা,
::ঋষিগণ সমন্বিতে ॥২১
বিশ্বামিত্ৰ মুনি, বোলন্ত জনক,
::ঊৰ্ম্মিলা জীউ তোমাৰ ।
লক্ষ্মণক বিহা, দিয়োক বচন,
::পালিয়ো যেবে আমাৰ ॥২২
জনকে বোলন্ত, লক্ষ্মণক বিহা,
::দিবো জীউ ঊৰ্ম্মিলাক ।
জনকৰ ভাতৃ, কুশধ্বজে দশ-
::ৰথক বুলিলা বাক ॥২৩
শুনিয়োক ৰাজা, আমাৰ দুই খানি,
::দুহিতা ঘৰে আছয় ।
শত্ৰুঘন ভৰ- তক বিহা দিওঁ,
::তযু আজ্ঞা কিবা হয় ॥২৪
শুনি দশৰথে, বুলিলন্ত বাণী,
::পুছিবে নলাগে আক ।
বিবাহ কৰিয়া, সত্বৰে গৃহক,
::পঠায়া দিয়া আমাক ॥২৫
কুশধ্বজ জন- কৰ শুনি বাণী,
::হৰিষ ভৈলা মনত ।
চাৰি বৰ চাৰি, কন্যাক কৰাইলা,
::অধিবাস কৰ্ম্ম যত ॥২৬
নানাবিধ জয়, বাদ্য সুমঙ্গলে,
::ৰজনী ভৈল প্ৰভাত ।
দেৱ পিতৃ কাৰ্য্য, কৰি দশৰথে,
::বসিলা গৈয়া সভাত ॥২৭
মিথিলা নগৰে, মহা মহোত্সব,
::মিলিয়া গৈল অপাৰ ।
হাটী বাটী যত, সাঞ্জি মাঞ্জি আতি,
::কৰিলন্ত জাতিষ্কাৰ ॥২৮
পদূলি পদূলি, তাম্বুল কদলী,
::ৰুইলা চৰে সমে কাটি ।
পতাকা তোৰণ, চিৰৰে ৰচিল,
::কৰি আতি পৰিপাটি ॥২৯
নানা চিত্ৰফল, পল্লৱে ৰঞ্জিয়া,
::থৈলা পূৰ্ণ ঘট পাতি ।
প্ৰত্যেক দুৱাৰে, পাতিলেক দ্ৰোণি,
::ঘৃতৰ লগায়া বাতি ॥৩০
থানে থানে আতি, প্ৰকাশ কৰয়,
::ধ্বজ দণ্ড সাৰি সাৰি ।
দিব্য অলঙ্কাৰে, বস্ত্ৰে কাছি পাৰি,
::শোভা কৰে নৰ নাৰী ॥৩১
সমস্তে প্ৰজাৰ, হৰিষ অপাৰ,
::বিবাহ হৈব সীতাৰ ।
কিনো ভাগ্যৱতী, পাইলন্ত সুপতি,
::ৰামক পুৰুষ সাৰ ॥৩২
চাৰি অংশে হৰি, আছা অৱতৰি,
::ৰূপ ধৰি মনুষ্যৰ ।
বিহা কৰিবাক, প্ৰতি গৈয়া আছা,
::জনক ৰাজাৰ ঘৰ ॥৩৩
সীতা ৰূপে লক্ষ্মী, ভৈলা উতপতি,
::ৰাক্ষস বধ কাৰণে ।
লক্ষ্মী নাৰায়ণে, একত্ৰ হৈবন্ত,
::জানিয়া দেৱতাগণে ॥৩৪
মহাৰঙ্গ মনে, আসিলন্ত সবে,
::সমজ্যাক জনকৰ ।
পুত্ৰগণ সমে, আসিলন্ত ব্ৰহ্মা,
::পাৰ্ব্বতী সহিতে হৰ ॥৩৫
গন্ধৰ্ব্ব চাৰণ, অপেচৰাগণ,
::সমে আইলা পুৰন্দৰ ।
পৰম হৰিষে, আইলা মিথিলাক,
::আনো দেৱ নিৰন্তৰ ॥৩৬
বাসুকী সহিতে, যত নাগগণ,
::আসিলা সবে হৰিষি ।
বিবাহ দেখিতে, আসিলা আনন্দে,
::নাৰদ প্ৰমুখ্যে ঋষি ॥৩৭
পৃথিবী মধ্যত, আছে যত যত,
::ৰাজা প্ৰজা গণ মানে ।
অনেক সম্ভাৰে, মঙ্গল আচাৰে,
::আইলা বিবাহৰ থানে ॥৩৮
নানা বাদ্য দেৱ, দুন্দুভি বাজয়,
::পৃথিবী আকাশ ছানি ।
স্বৰ্গ মৰ্ত্ত নাগ- লোকত কৰয়,
::জয় জয় ৰাম ধ্বনি ॥৩৯
নমোঁ ৰঘুপতি, পূৰিয়ো সম্প্ৰতি,
::জগতৰ মনস্কাম ।
যত সমজ্যাৰ, লোক বাৰম্বাৰ,
::বোলাঁ জয় ৰাম ৰাম ॥৪০All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?oldid=335672.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|