Revision 335805 of "কৈকেয়ীয়ে বৰ বিচাৰে" on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

:::<big>'''৫ অধ্যায়'''<big> 

:<big>'''কৈকেয়ীয়ে বৰ বিচাৰে'''</big>

হেন শুনি কৈকেয়ীৰ বিহৰিল মন ।

বোলন্ত মন্থৰা তোৰ সাফল জীৱন ॥১

ৰামক গুছায়া ভৰতক দিবো দেশ ।

কোনবা উপায় ফলে বুলিয়ো বিশেষ ॥২

কুজী বোলে কৈকেয়ী হৰিষ কৰ মন ।

একে উপদেশে ৰাম চলি যাইব বন ॥৩

আলখনী কুজীত সুধিলে তই কাজ ।

আৰ বুদ্ধি বোলোঁহো ভৰতে পাইব ৰাজ ॥৪

এতেক বচন শুনি ভৰতৰ মাৱ ।

বুলিও উপায় বুলি চালিলেক গাৱ ॥৫

ভৰত নৃপতি ভৈলে তই হৈবি সুখী ।

অন্তেস পুৰত তোক কৰিব প্ৰমুখী ॥৬

ৰাজা ভৈলে ভৰত কীৰ্ত্তিক তোক নিবো ।

তোৰ কুজগুটী শুদ্ধ সুৱৰ্ণে বান্ধিবো ॥৭

বেটী শত দিবো আৰো ৰত্ন অলঙ্কাৰ ।

গ্ৰীৱাত তোহোৰ দিবো সাতে সৰি হাৰ ॥৮

পদ্মকেশৰৰ বৰ্ণ প্ৰিয় দৰিশন ।

উৰুস্থল লখি তোৰ আতি সুশোভন ॥৯

উন্নত নাসিকা মুখ দেখিয়া স্বভাৱ ।

কুজ গুচা দেখি হেন সুৱৰ্ণ সৰাৱ ॥১০

আন মব কুবুজীৰ হিয়া খন খাল ।

গ্ৰীৱা গোট নলখিয় পেচা হেন গাল ॥১১

পেট গোট খাল আতি আশোভন দেখি ।

ইসব দোষক তোৰ কিছুৱে নলখি ॥১২

তোহোৰ উদৰ কৃশ সৰস জঘন ।

শোভন যৌবন দেখি যুবত মোহন ॥১৩

আগত থাকিলে মন কৰয় উল্লাস ।

লীলা হংসী যেন কেলি কৰতেহি যাস ॥১৪

কুজী বোলে উপায় শুনিয়ো তোৰ হিত ।

যিমতে জিনিবি ৰাজা দশৰথ চিত ॥১৫

পুৰণি কথাক তই সুমৰন কৰ ।

ৰাজা বুলিয়াছে তোক দিবো দুই বৰ ॥১৬

দেৱাসুৰ ৰণ বৰ মিলিল পূৰ্ব্বত ।

জিনিলা দেৱক ৰণে অসুৰ সমস্ত ॥১৭

মহেন্দ্ৰৰ সখা ভৈলা দশৰথ ৰাই ।

ভঙ্গায়া অসুৰ বল খেদাইলা লীলাই ॥১৮

যুদ্ধ জিনি আসিয়া ভৈলন্ত তিৰপিতি ।

আগবাঢ়ি কৈলা তুমি ৰাজাত ভকতি ॥১৯

বৰ দুই দিবাক ৰাজাৰ ভৈল মন ।

তুমিও বুলিলা বৰ লৈবো আনখন ॥২০

ক্ৰোধ ঘৰে থাকিও মলিন বস্ত্ৰ লৈয়া ।

মাটীত কাপৰ পাৰি বিমন কৰিয়া ॥২১

কোপ কৰি থাকিবি মুকুত কৰি কেশ ।

ৰাজা আসি চাটু পাটু বুলিব অশেষ ॥২২

ৰত্ন মণি মানিৱন্ত নিধিৰ ভণ্ডাৰ ।

যতেক মানিব তাক নকৰিবি সাৰ ॥২৩

বাক্যে ছান্দি নৃপতিক শপত কৰাইবি ।

হেন বুদ্ধি কৈলে তই দুয়ো বৰ পাইবি ॥২৪

এক বৰ মাগি ভৰতক দিবি ৰাজ ।

ৰাম বন যাইবাক বুলিবি আৰ কাজ ॥২৫

বৃদ্ধৰ তৰুণী ভাৰ্য্যা আতি বৰ ৰতি ।

তোৰ বোল বাধিবাক নুহিবে শকতি ॥২৬

চলিলা কুজীৰ বোলে হৰষিত মনে ।

ৰামৰ লিখিত বিধি বাধিব কেমনে ॥২৭

কুজী তোৰ বচনে ভূমিত থাকোঁ লুটি ।

হা ৰাম বোলন্তে পৰাণ যায় ফুটি ॥২৮

পাপিষ্ঠী কুবুজী মোৰ ভেদিলি হৃদয় ।

জিনিলি কথাক কহি অনেক সংশয় ॥২৯

তোহোৰ বোলত আবে কৰোঁ মন্দ যত্ন ।

ভৰত কাচক লাগি হৰাওঁ ৰাম ৰত্ন ॥৩০

মোৰ বোলে ৰামাই বন যাইবে হেনজানি ।

মৰিবো কটাৰ হানি নখাই ভাত পানি ॥৩১

মনত বিষাদ কৰি ভৰতৰ মাৱ ।

ক্ৰোধঘৰে থাকিলন্ত বিমল স্বভাৱ ॥৩২

ৰাঘৱক ৰাজ্য দিবোঁ বুলি আইলা ঠাৱে ।

কৈকেয়ীক খোজে ৰাজা হৰষিত ভাৱে ॥৩৩

স্ত্ৰীগণ লৈয়া খুজি ফুৰা নৃপবৰে ।

দেখন্ত কৈকেয়ী শুতি আছে ক্ৰোধঘৰে ॥৩৪

হস্তিনী আছয় যেন পৰিয়া নৈৰাশ ।

মহাগজ সম ৰাজা চাপিলন্ত পাষ ॥৩৫

কৰে কৰ ধৰি ৰাজা বুলিলন্ত ভাৱ ।

ৰাম অভিষেক কালি শীঘ্ৰে চাল গাৱ ॥৩৬

উঠ প্ৰাণেশ্বৰি অৱসান ভৈল বেলা ।

তোক যি অনিষ্ট চিন্তে মোক কৰে হেলা ॥৩৭

নাৰীজন হোৱে অনুৰূপ কৰোঁ দণ্ড ।

পুৰুষৰ নামে কাটি কৰোঁ নৱ খণ্ড ॥৩৮

মই মন্দ কৰিলোহো নলখোঁহো হেন ।

বৃদ্ধৰ তৰুণী ভাৰ্য্যা দেখোঁ প্ৰাণ যেন ॥৩৯

কোনে মন্দ চিন্তিলেক পাইবে পাপফল ।

সপুত্ৰ বান্ধৱ সমে যাইব ৰসাতল ॥৪০

নিৰ্ধনী হৈবেক ধনী ধনীয়ে নৰ্ধন ।

কাহাক দণ্ডিবোঁ বোল তোৰ যাক মন ॥৪১

যত ৰত্নভাণ্ডাৰ আছয় এথা মোৰ ।

যেই লাগে লৈয়োক হৰিষ মনে তোৰ ॥৪২

উঠ উঠ প্ৰাণে প্ৰাণেশ্বৰি নতু শুন কাজ ।

পুণ্যযোগে কালি শ্ৰীৰামক দিবো ৰাজ ॥৪৩

এতেক বচন শুনি ভৰতৰ মাৱ ।

নৃপতিক দুঃখ দিবে চালিলন্ত গাৱ ॥৪৪

কৈকেয়ী বোলন্ত প্ৰভু বচন ধৰিয়ো ।

যি কাৰ্য্যক বোলোঁ তাক শপত কৰিয়ো ॥৪৫

হেন শুনি দশৰথ স্ত্ৰীবশ ভৈলা ।

আপোন বধক লাগি গলপাশ লৈলা ॥৪৬

ৰাজা বোলে প্ৰাণেশ্বৰি গুণিয়ো মনত ।

ৰামত তোমাত পৰে প্ৰিয় আছে কত