Revision 335820 of "ৰামৰ হৰধনু ভঙ্গ" on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

:::<big>'''৩৯ অধ্যায়'''<big> 

:<big>'''ৰামৰ হৰধনু ভঙ্গ'''</big>

::: <big>'''দুলৰি ।'''<big>

অনন্তৰে মহা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ঋষি বিশ্বামিত্ৰ,

::ৰাম লক্ষ্মণক লই ।

সহৰিষ মনে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মধুৰ গমনে,

::মিথিলা পাইলন্ত গই ॥১

ঋষিৰ পাচত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হৰিষে মনত, 

::চলন্ত ৰাম লক্ষ্মণ ।

যেন শিশু সিংহ,&nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখিতে বিড়িঙ্গ,

::গজৰ যেন গমন ॥২

মৃদু সুকোমল, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; চৰণ যুগল,

::চলাৱন্ত লয়লাসে ।

দিশ পাশ আতি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰি প্ৰজ্বলিত,

::ৰামৰ দেহা প্ৰকাশে ॥৩

পৰম মধুৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; লাৱণ্য প্ৰচুৰ,

::সাক্ষাত যেন মদন ।

মহা মনোহৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;মূৰুতি সুন্দৰ,

::দেখি চাৱে সৰ্ব্বজন ॥৪

ঈষত হসিত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বৰিষে অমৃত,

::দেখান্তা লোকৰ গাৱে ।

জুৰায় মন প্ৰাণ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ন ভাসে নয়ন,

::যেতেক ৰামৰ চাৱে ॥৫

লগত উভতি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; চলে সৰ্ব্বজন,

::প্ৰশংসিয়া বহুভাৱে ।

ইতো পুৰুষক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;তুলিলে কোনে নো,

::সুবৰ্ণ কুক্ষীয়া মাৱে ॥৬

যিটো ভাগ্যৱতী, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাইলা আঙ্ক পুত্ৰ,

::তাইৰ বিধি সুপ্ৰসন্ন ।

সি জনীৰ সম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পুণ্য জানো আৰ,

::নতো কৰে একো জন ॥৭

ৰামৰ সমান, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পুৰুষ উত্তম,

::ই তিনি লোকত নাই ।

ত্ৰৈলোক্যৰ ৰূপ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ইহান শৰীৰে, 

::থৈলা বিধি এক ঠাই ॥৮

সীতাৰ সদৃশ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; এহেন্তেসে বৰ,

::বিধি নিৰ্মিলন্ত জানি ।

স্বয়ম্বৰ সম- &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; য়ত মিথিলাত,

::দৈবে মিলাইলন্ত আনি ॥৯

জনক নৃপতি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কি কাৰ্য্য কৰিলা, 

::অঙ্গীকাৰ বিপৰীত ।

কঠিন ধনুত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কোমল শৰীৰে,

::ন পাৰিবে গুণ দিত ॥১০

ইহেন বৰত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আপোন ইচ্ছায়ে, 

::সীতাক দিবে ন পাইল ।

যেন কোন জনে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হাতৰ অমৃত,

::আপুনি ঠেলি পেলাইল ॥১১

যেন নৱনিধি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পায়া হেৰুৱাৱে,

::দৰিদ্ৰ আপোন দোষে ।

ৰামক দেখিয়া, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; যত নৰ নাৰী,

::এহি মতে সবে ঘোষে ॥১২

মুনিৰ পিচত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৰম হৰিষে,

::চলন্ত ৰাম লক্ষ্মণ ।

বিশ্বামিত্ৰ মুনি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; স্বয়ম্বৰ শালা,

::পাইল গৈয়া কতক্ষণ ॥১৩

জনক নৃপতি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখি সচকিতি, 

::উঠিলন্ত চালি গাৱে ।

আপুনি আসন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাৰিয়া দিলন্ত, 

::বুলি আতি মৃদু ভাৱে ॥১৪

পাচে জানুশিৰে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৰশি সাদৰে, 

::কৰিলন্ত নমস্কাৰ ।

সঅৰ্ঘে ঋষিক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰিলন্ত পূজা,

::হৰিষৰ নাই পাৰ ॥১৫

সুখে আসনত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বসিয়া আছন্ত,

::বিশ্বামিত্ৰ মুনিবৰ ॥১৬

দক্ষিণত ৰাম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰামত লক্ষ্মণ,

::আৰো শিষ্য নিৰন্তৰ ।

গৌতমৰ পুত্ৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নামে শতানন্দ,

:: পুৰোহিত জনকৰ ॥১৭

ৰাম লক্ষ্মণক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখি শতানন্দ,

::পুছিলা বিশ্বামিত্ৰত ।

কাহাৰ কুমাৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰূপে মনোহৰ,

::দেখি নতো হেন মত ॥১৮

শতানন্দ আগে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ঋষি বিশ্বামিত্ৰে,

::কহিলা কথা সকল ।

দশৰথ মহা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাজাৰ তনয়,

:: ৰাম এন্তে মহাবল ॥১৯

ৰামৰ কনিষ্ঠ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; এহেন্তে লক্ষ্মণ,

:: পৰম গুণে যুকুত ।

চৰণে পৰশি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মাতৃক তোমাৰ,

::কৰিলা ৰামে মুকুত ॥২০

ৰামৰ চৰণ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; প্ৰসাদে অহল্যা,

::ঘোৰ শাপ নিস্তৰিলা ।

গৌতম আসিয়া, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰামক প্ৰশংসি,

::অহল্যাক সম্বৰিলা ॥২১

শুনি শতানন্দে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; গৈলন্ত হৰিষ,

::পাইলন্ত মাতৃ নিস্তাৰ ।

ৰামক প্ৰশংসি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ঋষিক বোলন্ত,

::প্ৰসাদ ইটো তোমাৰ ॥২২

নোহন্ত মানুষ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পৰম পুৰুষ,

::জানিলোঁ ৰাম নিশ্চয় ।

জগত নিস্তাৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হেতু অৱতাৰ,

::ভৈলা এন্তে মহাশয় ॥২৩

যিতো পদধূলি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সদা আৰাধন্ত,

::ব্ৰহ্মা আদি দেৱগণে ।

যাক আশা কৰি, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সৰ্ব্ব পুৰুষাৰ্থ,

::এৰে মহা মহাজনে ॥২৪

হেনয় পৰম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দুৰ্ল্লভ ধূলাক,

::পাইলা  মাতৃ মোৰ লাগ ।

জানি লোক তৰা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কোটি জনমৰ,

::আছে তান মহাভাগ ॥২৫

আমিয়ো চক্ষুৰে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখিলো ৰামক,

::কত বা পুণ্যৰ ফলে ।

এহি বুলি শতা- &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নন্দে ৰাঘৱক,

::অৰ্চ্চিলন্ত কৌতুহলে ॥২৬

যত যত মহা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মহাৰাজগণ,

::আছয় বসি সভাত ।

ৰামক দেখিয়া, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সমস্তে ৰাজাৰ,

::মুখত হৰিল মাত ॥২৭

ৰাঘৱৰ মহা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তেজে ধৰষিল,

::ভৈলন্ত আতি সঙ্কুচিত ।

প্ৰমত্ত সিংহক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখি মৃগগণ,

::হোৱে যেন ভয়ে ভীত ॥২৮

স্বয়ম্বৰ সম- &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; জ্যাত যত যত,

::আছে নৰ নাৰীচয় ।

ৰামৰ অদ্ভুত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰূপক দেখিয়া, 

::ভৈগৈলা মহা বিস্ময় ॥২৯

যাৰ যেহি অঙ্গে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰামৰ ৰূপত, 

::পৰি গৈল দৃষ্টিপাত ।

পুনৰপি আৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পালটি নাসয়,

::বহিল তম্ভি তথাত ॥৩০

ৰামক দেখিতে, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নখণ্ডে তৃপিতি,

::লাগি গৈল যেন ধ্যান ।

অমৃতক যেন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পিৱন্তে পিৱন্তে,

::জুৰায় তনু মন প্ৰাণ ॥৩১

জনক নন্দিনী, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখিলা ৰামক, 

::ৰূপ আতি বিপৰীত ।

ৰামৰ ৰূপত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নিমজিল মন,

::ভৈগৈল দেবী মোহিত ॥৩২

মনত বোলন্ত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কোল লো বিধিয়ে,

::স্ৰজিলা ৰূপ ৰামৰ ।

কোটি এক কাম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেৱো জানো আন,

::নুহিবেক সমসৰ ॥৩৩

এহেন্তেসে মোৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; হৈবে নিজপতি, 

::কৰিলোঁ মনে নিশ্চয় ।

ইহান আগত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখোঁ যেন মৰা,

::আছে যত ৰাজাচয় ॥ ৩৪

ৰামত বিনাই, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আন পুৰুষক,

::নবৰিবোঁ কদাচিত ।

কিবা কাজে মোৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পিতৃ কৰিলন্ত,

::অঙ্গীকৰ বিপৰীত ॥৩৫

তথাপি আনক, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নভজিবোঁ যদি,

::ধনুত গুণ লগাৱে ।

পিতৃত বচন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ছন্ন কৰি মই,

::ভজিবোঁ ৰামৰ পাৱে ॥৩৬

ৰামৰ নখৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সমান নাহিকে, 

::ইতিনি লোকৰ মাজে ।

ইহাঁঙ্ক এৰিয়া, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আন পুৰুষক,

::ভজিবোঁ কমন কাজে ॥৩৭

মোহোৰ কৰ্ম্মৰ, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ফলে জানো আনি,

ৰামক মিলাইলা বিধি ।

অকস্মাত্ যেন, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দৰিদ্ৰৰ হাতে,

উপগত নৱ নিধি ॥৩৮

ৰামক এৰিয়া, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কোন অভাগিনী, 

::আনক ভজিবে যায় ।

হাতৰ অমৃত, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; এৰি কোন জনী,

::মৰিবেক বিষ খাই ॥৩৯

এহি মতে সীতা, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেৱী কৰিলন্ত,

::ৰামৰ চৰণ সাৰ ।

তেজি আন কাম, &nbsp; &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বোলা ৰাম ৰাম,

::যত লোক সমজ্যাৰ ॥৪০




:::<big>'''৪০ অধ্যায়'''<big> 

:: <big>'''পদ।'''<big>


ৰাম লক্ষ্মণক দেখি জনক নৃপতি ।

বিশ্বামিত্ৰ মুনিত পুছিলা মহামতি ॥১

কিবা নাম আন দুই কাহাৰ তনয় ।

মহাৰূপৱন্ত আতিশয় শুভান্বয় ॥২

আপোনাৰ কহিয়ো কুশল আগমন ।

আজ্ঞা কৰিয়োক কিবা সাধোঁ প্ৰয়োজন ॥৩

শুনি হাসি বিশ্বামিত্ৰ বুলিলা বচন ।

আৰা দুই দশৰথ ৰাজাৰ নন্দন ॥৪

আন ৰাম নাম সৰ্ব্ব গুণৰ আলয় ।

আন নাম লক্ষ্মণ পৰম শুভালয় ॥৫

শ্ৰেষ্ঠ ৰাম কনিষ্ঠ লক্ষ্মণ বীৰবৰ ।

জানিবা ৰামক তুমি পৰম ঈশ্বৰ ॥৬

পৰম পুৰুষ হৰি জগত আধাৰ ।

ৰামৰূপে ভৈলা পৃথিৱীত অৱতাৰ ॥৭

হৰিবা ভূমিৰ ভাৰ ৰাক্ষস সংহাৰি ।

তযু গৃহ লক্ষ্মী আছে সীতা নাম ধৰি ॥৮

ৰামৰেসে ভাৰ্য্যা সীতা জানা স্বৰূপত ।

দিয়োক সীতাক তুমি বিবাহ ৰামত ॥৯

হৈবেক তোমাৰ তেবে পৰম কল্যাণ ।

এহি প্ৰয়োজনে আসি আছোঁ তযু থান ॥১০

ত্ৰৈলোক্য বিজয়ী ৰাম মহা ধনুৰ্দ্ধৰ ।

ত্ৰিভুবনে নাহিকে ৰামৰ সমসৰ ॥১১

জনক নৃপতি মাতিলন্ত হেন শুনি ।

মোহোৰ বচন শুনিয়োক মহামুনি ॥১২

নাহি দশৰথ ৰাজা পৃথিৱীত সম ।

তাহান তনয় ৰাম পুৰুষ উত্তম ॥১৩

মহা সুকুমাৰ ৰূপ লাৱণ্য প্ৰচুৰ ।

ভুবন মোহন আতি মুৰুতি মধুৰ ॥১৪

এন্তে সে নিশ্চয় পতি হৈবন্ত সীতাৰ ।

কিন্তু মই এক কৰি আছাঁ অঙ্গীকাৰ ॥১৫

মৃগ মাৰি মহাদেৱে দুৱাৰে আমাৰ ।

এৰি গৈলা ধনুখান যেন ব্ৰজসাৰ ॥১৬

তাক ঘৰে থৈয়া মই বুলিলোঁ বচন ।

ইহাতে লগাইতে গুণ পাৰে যিটো জন ॥১৭

তাহান্তে বিবাহ সীতা দিবোঁহো নিশ্চয় ।

ন পাৰিলা গুণ দিবে যত ৰাজাচয় ॥১৮

ৰামক দেখিয়া বসি গুণে মনে মনে ।

মিছা অঙ্গীকাৰ কৰিলোঁহো কি কাৰণে ॥১৯

এন্তে সে জানিবা বৰ সীতাৰ উচিত ।

বিধাতা আনিয়া কৰিলন্ত উপস্থিত ॥২০

মহা উচপিচ মুনি কৰি মোৰ চিত্ত ।

ন পাৰিবে ৰাঘৱে ধনুত গুণ দিত ॥২১

ৰামক চাহন্তে অঙ্গীকাৰ হেৰুৱাওঁ ।

অঙ্গীকাৰ চাহোঁ যেবে ৰামক নাপাওঁ ॥২২

একক চাহন্তে মোৰ অপৰ নঘটে ।

বাজিয়াঁ ৰহিলোঁ মই উভয় সঙ্কটে ॥২৩

বিশ্বামিত্ৰে বোলন্ত জনক মহাভাগ ।

ইসব চিন্তাক তুমি কৰাঁ পৰিত্যাগ ॥২৪

কোন বস্তু ধনু খান ৰামৰ আগত ।

ন জানাহা তুমি ৰামচন্দ্ৰৰ মহত্ত্ব ॥২৫

ঈষত কটাক্ষে ধনু ভাঙ্গিবন্ত ৰামে ।

পাইবন্ত সীতাক চিন্তা কৰাঁ কিবা কামে ॥২৬

বুলিলা জনকে বিশ্বামিত্ৰক দুনাই ।

কেমনে গুচিব চিন্তা শুনিয়ো আতাই ॥২৭

ধৰিলেক ধনু মহা মহা ৰাজাগণে ।

লাৰিবাকো ন পাৰিলা অনেক যতনে ॥২৮

কোমল শৰীৰ ৰাম বয়সত অল্প ।

পৰম কঠিন ধনু যেন ব্ৰজ কল্প ॥২৯

তাক ধৰি গৈয়া ৰামচন্দ্ৰে কি কৰিব ।

আছো গুণ দিবে লাৰিবাকো ন পাৰিব ॥৩০

ধনুত লগাইবে গুণ ৰামৰ না লাগে ।

সমাজত লঘু কেনে হৈব মহাভাগে ॥৩১

অঙ্গীকাৰ লাৰি সীতা দিবোঁহো ৰামক ।

কৈত খুজি পাইবোঁ আৰ ইমত বৰক ॥৩২

অজিজ্ঞাসি পূৰ্ব্বত কৰিলোঁ অঙ্গীকাৰ ।

তাক এৰিলাত দোষ নাহিকে আমাৰ ॥৩৩

যদি দোষ হৱে তাক নকৰোঁহো ডৰ ।

গুচিবে সকলে দোষ প্ৰসাদে ৰামৰ ॥৩৪

শুনি বিশ্বামিত্ৰে হাসি বুলিলন্ত বাণী ।

কৰাঁহা সংশয় তুমি ৰামক ন জানি ॥৩৫

এন্তে সে ঈশ্বৰ চৰাচৰ জগতৰ ।

ধনু ভাঙ্গিবন্ত কোন প্ৰয়াস ৰামৰ ॥৩৬

চাহি থাকা জনক নৃপতি কৌতুহলে ।

ধনুতে পৰীক্ষা আজি পাইবাহা সকলে ॥৩৭

শুনি সীতা মনে কোপ কৰন্ত ঋষিক ।

মোহোৰ বিপক্ষ এন্ত আচৰন্ত কিক ॥৩৮

অঙ্গীকাৰ লাৰি মোক বিহা দিবে চান্ত ।

ঋষিৰ কাৰণে পিতৃ তাহাক ন পান্ত ॥৩৯

ধনু ভাঙ্গিবাক এন্ত বোলন্ত কিসক ।

ইহান নিমিত্তে মই ন পাইবোঁ ৰামক ॥৪০

ৰাম মোৰ স্বামী হাতে মিলাইলেক বিধি ।

বিশ্বামিত্ৰ হেতু হেৰুৱাইবোঁ নৱনিধি ॥৪১

লবনু পুতলি যেন সুকোমল তনু ।

হেন ৰামে কিমতে ভাঙ্গিব ব্ৰজ ধনু ॥৪২

ন লাগে ভাঙ্গিবে ধনু সীতা দেন্ত হাক ।

অঙ্গীকাৰ এৰি বিহা দিয়োক আমাক ॥৪৩

পাচে বিশ্বামিত্ৰ ঋষি বুলিলা বচন ।

শুনিয়োক ৰাম ৰঘুকুলৰ নন্দন ॥৪৪

ধনুখানি ভাঙ্গি বিহা কৰিয়ো সীতাক ।

উঠিয়া সত্বৰে ৰাখিয়োক মোৰ বাক ॥৪৫

শুনি ৰামচন্দ্ৰে উঠিলন্ত তাৱক্ষণে ।

কঙ্কালত বস্ত্ৰ কাছিলন্ত ৰঙ্গমনে ॥৪৬

ঋষিক প্ৰণামি চলিলন্ত ৰঘুবৰ ।

দেখিহাসি তুলিলেক ৰাজা নিৰন্তৰ ॥৪৭

বৰ বৰ বীৰে না পাৰিলে লাৰিবাক ।

ভৈলোঁ লঘু লোকে বেঢ়ি হাসিলে আমাক ॥৪৮

শিশুমতি হুয়া তাক প্ৰতি কৰে সাস ।

হেনসে ইহাৰ জানকীক ভৈল আশ ॥৪৯

বিশ্বামিত্ৰ মুনি শুনি চপৰাইলা মাথ ।

জানো ধনু ভাঙ্গিবে না পাৰে ৰঘুনাথ ॥৫০

অসুখ অশান্তি আতি মনত সীতাৰ ।

হৰি হৰি বিধি সিদ্ধি ন ভৈল আমাৰ ॥৫১

হাসিয়া চলন্ত ৰামচন্দ্ৰ মহাবল ।

প্ৰত্যেক ভৰিত মহী কৰে টলবল ॥৫২

প্ৰমত্ত কেশৰী যেন যান্ত মহাশয় ।

দেখি ৰাজাগণ ভৈল পৰম বিস্ময় ॥৫৩

গুচিল সবাৰ হাসি বিবৰ্ণ বদন ।

সীতা গোসানীৰ মন ভৈগৈল প্ৰসন্ন ॥৫৪

ধনুৰ নিকটে গৈয়া চাপিলন্ত ৰামে ।

কৰে চিকি মিকি সুবৰ্ণৰ চিত্ৰ কামে ॥৫৫

বাম হাতে লীলায়ে ধৰিলা ধনুখান ।

ক্ষেপিলন্ত আকাশক কতোদূৰ মান ॥৫৬

পুনু ৰাম হাতে ধৰি পৰম নিপুণ ।

নিমিষেকে ধনুত লগাইলা ৰামে গুণ ॥৫৭

আগত থাপিলা নিয়া তুলি বাম ভৰি ।

দিলা টান গুণত দক্ষিণ পাচ কৰি ॥৫৮

টানন্তে ধনুৰ আগ পাচ নামি আইল ।

দেখি সবে ৰাজাগণ মাথা চপৰাইল ॥৫৯

বিশ্বামিত্ৰ মাথা তুলিলন্ত হাস্য কৰি ।

ৰামৰ ভৰত থিৰ নুহি বসুন্ধৰী ॥৬০

ধনু টানিবাৰ দেখি হৰিষ সীতাৰ । 

পৃথিবী কম্পিতে চিন্তা ভৈল আৰ বাৰ ॥৬১

ভৰি থিৰ ন ভৈলে ন পাইবে বল গাৱে ।

পৃথিবীক কাতৰ কৰিলা সীতা মাৱে ॥৬২

মাতৃ বসুমতী কৃপা কৰিয়োক মোক ।

থিৰ হুয়া প্ৰভু ৰাঘৱক ধৰিয়োক ॥৬৩

দিগগজ সকল তুমি সবে হৈবা থিৰ ।

শুনিয়ো অনন্ত তুমি ন লাৰিবা শিৰ ॥৬৪

হে কুৰ্ম্ম ভালে অনন্তক ধৰি ৰহা ।

দিগপাল সকল স্বামীৰ হৈব সহা ॥৬৫

এহি মতে সীতা হুয়া আছন্ত আকুল ।

পাচে ৰামচন্দ্ৰ জগতৰ আদি মূল ॥৬৬

গুণগাচ এৰি দিয়া টঙ্কাৰ কৰিলা ।

প্ৰচণ্ড শবদে আতি ব্ৰহ্মাণ্ড লৰিলা ॥৬৭

দশোদিশ ব্যাপি প্ৰতিধ্বনি গৈল বৰে ।

ত্ৰাস ভৈল সৰ্ব্বজনে বোলে বজ্ৰ পৰে ॥৬৮

সাতোখান স্বৰ্গ বাৰম্বাৰ লৰি গৈল ।

সপ্তদীপা বসুমতী টলবল ভৈল ॥৬৯

কাখৰ লঙ্ঘিল সাতো সাগৰ খলকি 

জলজন্তু ভৈল ত্ৰাস প্ৰলয়ক শঙ্কি ॥৭০

দিগগজ সকল কম্পে তৰতৰিমনে ।

মহাত্ৰাসে কম্পিল পাতাল সাতোখন ॥৭১

কম্পিলন্ত অনন্ত যতেক নাগগণ ।

কূৰ্ম্ম কম্পি ফোকাৰ তেজয় ঘনে ঘন ॥৭২

মেৰু আদি কম্পিল যতেক গিৰিবৰ ।

ভয় হুয়া কম্পে আতি দেৱাসুৰ নৰ ॥৭৩

চৰাচৰ লোক কম্পি কম্পি লৈল থাই ।

সমাজৰ লোকৰ চেতন জ্ঞান নাই ॥৭৪

কৰ্ণত হানিলা তাল হৃদয় শুকাইল ।

পাচে কতোক্ষণে কথমপি ধাতু আইল ॥৭৫

পাচে ৰামে গুণত ধৰিয়া বল দিল ।

ঠাত্কাৰ কৰি ধনু মাজতে ভাঙ্গিল ॥৭৬

পুনৰপি প্ৰকম্পিত ভৈল ত্ৰিভবন ।

প্ৰলয় মিলিল হেন বোলে সৰ্ব্বজন ॥৭৭

মিথিলাৰ লোকমানে ভৈল পূৰ্ব্বৱত ।

চেতন লভিয়া পাচে ৰাজাগণ যত ॥৭৮

ৰামক নিৰখি মহাভয় চিত্ত ভৈল ।

হেট মাথে চক্ষু মুদি মৰা যেন ৰৈল ॥৭৯

ত্ৰাসত হৃদয় কম্পে বুদ্ধি নোহে থিৰ ।

মনে বোলে নতু দেখি শুনি হেন বীৰ ॥৮০

জানিলোঁহো এন্তে ৰাম মানুষ নোহয় ।

দেৱতো উত্তম দেৱ হেন মনে লয় ॥৮১

ৰামচন্দ্ৰে ধনুখান ভাঙ্গি অপ্ৰয়াসে ।

হাসি বসিলন্ত গৈয়া বিশ্বামিত্ৰ পাশে ॥৮২

ধৰিয়া ৰামক বিশ্বামিত্ৰ মুনিবৰ ।

চুম্বন কৰিয়া প্ৰশংসিলা বহুতৰ ॥৮৩

ধন্য ৰামচন্দ্ৰ তুমি বিক্ৰম তোমাৰ ।

ৰহিল নিৰ্ম্মল যশ জুৰিয়া সংসাৰ ॥৮৪

ধনু ভাঙ্গিলন্ত ৰামচন্দ্ৰ মহাশয় ।

আনন্দে নধৰে সীতা দেবীৰ হৃদয় ॥৮৫

পৰম প্ৰেমত নীৰ বহে নয়নৰ ।

সুপ্ৰসন্ন বিধি বুলি উঠিলা সত্বৰ ॥৮৬

সুবৰ্ণৰ পুষ্প মালা হাতে তুলি লৈলা ।

বিষ্ণুক বৰিবে যেন লক্ষ্মী সাজ ভৈলা ॥৮৭

সখীগণ মাজহন্তে বাজ ভৈলা সতী ।

হৰৰ পাশক যেন চলিলা পাৰ্ব্বতী ॥৮৮

দিশ পাশ প্ৰকাশিয়া শৰীৰ জ্বলয় ।

গজেন্দ্ৰৰ পাশে যেন হস্তিনী চসয় ॥৮৯

ৰাজহংস জিনি আতি গতি লয় লাস  ।

চলি যান্ত ৰতি যেন মদনৰ পাশ ॥৯০

ৰাঘৱৰ নিকট চাপিয়া বৰবালা ।

সাদৰে মাথাত দিলা সুবৰ্ণৰ মালা ॥৯১

বৰিল ৰামক আনন্দৰ নাহি পাৰ ।

চৰণত ধৰি কৰিলন্ত নমস্কাৰ ॥৯২

দেখি ৰামচন্দ্ৰে পাচে সীতাক আশ্বাসি ।

আপোনাৰ পাশক চপাইলা প্ৰভু হাসি ॥৯৩

প্ৰকাশন্ত সীতা সতী ৰাঘৱৰ পাশে ।

চন্দ্ৰৰ পাশত যেন ৰোহিনী আকাশে ॥৯৪

লক্ষ্মী নাৰায়ণ দুই ভৈল এক থান ।

জগতৰ ভৈল আসি পৰম কল্যাণ ॥৯৫

সমস্ত লোকৰ ভৈল পৰম মঙ্গল ।

জয় জয় বুলি জোকাৰন্ত সৰ্ব্বজন ॥৯৬

আকাশত থাকি দেৱগণ অসংখ্যাত ।

পুষ্প বৰিষিলা ৰাম সীতাৰ মাথাত ॥৯৭

দুন্দভি বজায়া দেৱে কৰে জয় জয় ।

মুখ্য মুখ্য অপেচৰা কাছিয়া নাচয় ॥৯৮

ত্ৰিজগত লোকৰ মিলিল মহোত্সৱ ।

দশোদিশ ছানি মাত্ৰ শুনি জয় ৰাৱ ॥৯৯

সাৰ্থক লভিল বৰ মাৱ সীতা সতী ।

ভৈলন্ত আনন্দ আতি জনক নৃপতি ॥১০০

ৰাজাগণে দেখে সীতা ৰামক বৰিল ।

বজ্ৰপাত ভৈল যেন সম্যকে মৰিল ॥১০১

সীতাক চাহিয়া সবে তেজিল নিশ্বাস ।

কি কাৰণে বৰিষেক খাটিলোঁ প্ৰবাস ॥১০২

সীতাত নৈৰাশ হুয়া যত ৰাজাচয় ।

মহা মৰ্ম্মে সবে তেজিলেক লাজ ভয় ॥১০৩ 

কোপে অপমানে আতি প্ৰজ্বলিত ভৈল ।

জনক ৰাজাক আতি গৰ্জ্জিবাক লৈল ॥১০৪