Revision 335821 of "কৈকেয়ীয়ে বৰ বিচাৰে" on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

:::<big>'''৫ অধ্যায়'''<big> 

:<big>'''কৈকেয়ীয়ে বৰ বিচাৰে'''</big>

হেন শুনি কৈকেয়ীৰ বিহৰিল মন ।

বোলন্ত মন্থৰা তোৰ সাফল জীৱন ॥১

ৰামক গুছায়া ভৰতক দিবো দেশ ।

কোনবা উপায় ফলে বুলিয়ো বিশেষ ॥২

কুজী বোলে কৈকেয়ী হৰিষ কৰ মন ।

একে উপদেশে ৰাম চলি যাইব বন ॥৩

আলখনী কুজীত সুধিলে তই কাজ ।

আৰ বুদ্ধি বোলোঁহো ভৰতে পাইব ৰাজ ॥৪

এতেক বচন শুনি ভৰতৰ মাৱ ।

বুলিও উপায় বুলি চালিলেক গাৱ ॥৫

ভৰত নৃপতি ভৈলে তই হৈবি সুখী ।

অন্তেস পুৰত তোক কৰিব প্ৰমুখী ॥৬

ৰাজা ভৈলে ভৰত কীৰ্ত্তিক তোক নিবো ।

তোৰ কুজগুটী শুদ্ধ সুৱৰ্ণে বান্ধিবো ॥৭

বেটী শত দিবো আৰো ৰত্ন অলঙ্কাৰ ।

গ্ৰীৱাত তোহোৰ দিবো সাতে সৰি হাৰ ॥৮

পদ্মকেশৰৰ বৰ্ণ প্ৰিয় দৰিশন ।

উৰুস্থল লখি তোৰ আতি সুশোভন ॥৯

উন্নত নাসিকা মুখ দেখিয়া স্বভাৱ ।

কুজ গুচা দেখি হেন সুৱৰ্ণ সৰাৱ ॥১০

আন মব কুবুজীৰ হিয়া খন খাল ।

গ্ৰীৱা গোট নলখিয় পেচা হেন গাল ॥১১

পেট গোট খাল আতি আশোভন দেখি ।

ইসব দোষক তোৰ কিছুৱে নলখি ॥১২

তোহোৰ উদৰ কৃশ সৰস জঘন ।

শোভন যৌবন দেখি যুবত মোহন ॥১৩

আগত থাকিলে মন কৰয় উল্লাস ।

লীলা হংসী যেন কেলি কৰতেহি যাস ॥১৪

কুজী বোলে উপায় শুনিয়ো তোৰ হিত ।

যিমতে জিনিবি ৰাজা দশৰথ চিত ॥১৫

পুৰণি কথাক তই সুমৰন কৰ ।

ৰাজা বুলিয়াছে তোক দিবো দুই বৰ ॥১৬

দেৱাসুৰ ৰণ বৰ মিলিল পূৰ্ব্বত ।

জিনিলা দেৱক ৰণে অসুৰ সমস্ত ॥১৭

মহেন্দ্ৰৰ সখা ভৈলা দশৰথ ৰাই ।

ভঙ্গায়া অসুৰ বল খেদাইলা লীলাই ॥১৮

যুদ্ধ জিনি আসিয়া ভৈলন্ত তিৰপিতি ।

আগবাঢ়ি কৈলা তুমি ৰাজাত ভকতি ॥১৯

বৰ দুই দিবাক ৰাজাৰ ভৈল মন ।

তুমিও বুলিলা বৰ লৈবো আনখন ॥২০

ক্ৰোধ ঘৰে থাকিও মলিন বস্ত্ৰ লৈয়া ।

মাটীত কাপৰ পাৰি বিমন কৰিয়া ॥২১

কোপ কৰি থাকিবি মুকুত কৰি কেশ ।

ৰাজা আসি চাটু পাটু বুলিব অশেষ ॥২২

ৰত্ন মণি মানিৱন্ত নিধিৰ ভণ্ডাৰ ।

যতেক মানিব তাক নকৰিবি সাৰ ॥২৩

বাক্যে ছান্দি নৃপতিক শপত কৰাইবি ।

হেন বুদ্ধি কৈলে তই দুয়ো বৰ পাইবি ॥২৪

এক বৰ মাগি ভৰতক দিবি ৰাজ ।

ৰাম বন যাইবাক বুলিবি আৰ কাজ ॥২৫

বৃদ্ধৰ তৰুণী ভাৰ্য্যা আতি বৰ ৰতি ।

তোৰ বোল বাধিবাক নুহিবে শকতি ॥২৬

চলিলা কুজীৰ বোলে হৰষিত মনে ।

ৰামৰ লিখিত বিধি বাধিব কেমনে ॥২৭

কুজী তোৰ বচনে ভূমিত থাকোঁ লুটি ।

হা ৰাম বোলন্তে পৰাণ যায় ফুটি ॥২৮

পাপিষ্ঠী কুবুজী মোৰ ভেদিলি হৃদয় ।

জিনিলি কথাক কহি অনেক সংশয় ॥২৯

তোহোৰ বোলত আবে কৰোঁ মন্দ যত্ন ।

ভৰত কাচক লাগি হৰাওঁ ৰাম ৰত্ন ॥৩০

মোৰ বোলে ৰামাই বন যাইবে হেনজানি ।

মৰিবো কটাৰ হানি নখাই ভাত পানি ॥৩১

মনত বিষাদ কৰি ভৰতৰ মাৱ ।

ক্ৰোধঘৰে থাকিলন্ত বিমল স্বভাৱ ॥৩২

ৰাঘৱক ৰাজ্য দিবোঁ বুলি আইলা ঠাৱে ।

কৈকেয়ীক খোজে ৰাজা হৰষিত ভাৱে ॥৩৩

স্ত্ৰীগণ লৈয়া খুজি ফুৰা নৃপবৰে ।

দেখন্ত কৈকেয়ী শুতি আছে ক্ৰোধঘৰে ॥৩৪

হস্তিনী আছয় যেন পৰিয়া নৈৰাশ ।

মহাগজ সম ৰাজা চাপিলন্ত পাষ ॥৩৫

কৰে কৰ ধৰি ৰাজা বুলিলন্ত ভাৱ ।

ৰাম অভিষেক কালি শীঘ্ৰে চাল গাৱ ॥৩৬

উঠ প্ৰাণেশ্বৰি অৱসান ভৈল বেলা ।

তোক যি অনিষ্ট চিন্তে মোক কৰে হেলা ॥৩৭

নাৰীজন হোৱে অনুৰূপ কৰোঁ দণ্ড ।

পুৰুষৰ নামে কাটি কৰোঁ নৱ খণ্ড ॥৩৮

মই মন্দ কৰিলোহো নলখোঁহো হেন ।

বৃদ্ধৰ তৰুণী ভাৰ্য্যা দেখোঁ প্ৰাণ যেন ॥৩৯

কোনে মন্দ চিন্তিলেক পাইবে পাপফল ।

সপুত্ৰ বান্ধৱ সমে যাইব ৰসাতল ॥৪০

নিৰ্ধনী হৈবেক ধনী ধনীয়ে নৰ্ধন ।

কাহাক দণ্ডিবোঁ বোল তোৰ যাক মন ॥৪১

যত ৰত্নভাণ্ডাৰ আছয় এথা মোৰ ।

যেই লাগে লৈয়োক হৰিষ মনে তোৰ ॥৪২

উঠ উঠ প্ৰাণে প্ৰাণেশ্বৰি নতু শুন কাজ ।

পুণ্যযোগে কালি শ্ৰীৰামক দিবো ৰাজ ॥৪৩

এতেক বচন শুনি ভৰতৰ মাৱ ।

নৃপতিক দুঃখ দিবে চালিলন্ত গাৱ ॥৪৪

কৈকেয়ী বোলন্ত প্ৰভু বচন ধৰিয়ো ।

যি কাৰ্য্যক বোলোঁ তাক শপত কৰিয়ো ॥৪৫

হেন শুনি দশৰথ স্ত্ৰীবশ ভৈলা ।

আপোন বধক লাগি গলপাশ লৈলা ॥৪৬

ৰাজা বোলে প্ৰাণেশ্বৰি গুণিয়ো মনত ।

ৰামত তোমাত পৰে প্ৰিয় আছে কত ॥৪৭

ৰামক তেজিয়া আন যত মাগ বৰ ।

হৃদয় কাটিয়া দিবোঁ পুণ্য নিৰন্তৰ ॥৪৮

হেন সে আবুধি তই মিছা কৰ গ্ৰহ ।

কিনো মোত সাধিবি বেকত কৰি কহ ॥৪৯

কৈকেয়ী বোলয় আপোনাৰ মত ৰাখি ।

চন্দ্ৰ সূৰ্য্য বায়ু বসুমতী হৈবা সাখী ॥৫০

সত্য এৰিলতে যিবা আছে দোষ তাত ।

তুমি সৱ দৃষ্ট দেৱ দেখাহা সাক্ষাত ॥৫১

পূৰ্ব্বত নৃপতি মোক দুই বৰ দিল ।

সুমৰিয়ো প্ৰভু তাৰ সময় মিলিল ॥৫২

শুনিয়ো গোসাঁই দশৰথ মহাৰাজ ।

এই সব সাজে ভৰতক দিয়ো ৰাজ ॥৫৩

ৰামত সম্প্ৰতি তুমি হৈয়োক নৈৰাশ ।

চৌধ বৰিষক লাগি দিয়ো বনবাস ॥৫৪

ৰাজ্য এৰি গৈয়া ৰামে বঞ্চোক বনত ।

কৰি যুৱৰাজ ৰাজ্যে থাপিয়ো ভৰত ॥৫৫

এই দুই বৰ মোক দিয়া প্ৰভু যেবে ।

পূৰ্ব্ব অঙ্গীকাৰ তব সত্য হোৱে তেবে ॥৫৬

এতেকে আমাৰ হোৱে চিত্তত সন্তোষ ।

সত্যক এৰিলে জানা যেন হৱে দোষ ॥৫৭

কৈকেয়ীৰ বচনত হৃদয় ভেদিল ।

বাঘিনীক দেখি যেন মৃগ চমকিল ॥৫৮

ভয় সন্তে নৃপতিৰ শিহৰিল গাৱ ।

মৃতক স্বভাৱ ভৈলা কম্পে হাত পাৱ ॥৫৯

শোকে দুঃখে ৰাজাৰ মোহিত ভৈল চিত ।

বিমূৰ্চ্ছিত হুয়া ৰাজা পৰিলা ভূমিত ॥৬০

বিহ্বল ভৈলন্ত ৰাজা কম্পে কলেৱৰ ।

পৰিলা অনাথ যেন ৰাজ ৰাজেশ্বৰ ॥৬১

কতোবেলি দশৰথে পাইলন্ত চেতন ।

মহাক্ৰোধে কৈকেয়ীক বুলিলা বচন ॥৬২

শুন বোলোঁ পাপিষ্ঠী বধিতে ভৈলি মোক ।

কুল বিনাশক লাগি বিহাইলোহো তোক ॥৬৩

ৰাঘবে বা মন্দ তোক কৰিলেক কিস ।

বা পুত্ৰক বধিতে বুনিলি বাক্য বিষ ॥৬৪

ৰাম হেন পুত্ৰ মোৰ আতি শুদ্ধ মতি ।

কৌশল্যাতোধিক তোত কৰয় ভকতি ॥৬৫

ৰাম গুণে তুষি সৰ্ব্বে জনৰ উল্লাস ।

কোন অপৰাধে তাঙ্ক দিবোঁ বনবাস ॥ ৬৬

শুদ্ধ চিত্ত ৰামৰ অনিষ্ট চিন্ত কিক ।

মহা বৈৰী ভাৰ্য্যা আছে কোন ততোধিক ॥৬৭

চৰণত ধৰোঁ তোৰ কৃপা কৰ মোক ।

নকৰিবি দ্ৰোহ দায়া কৰ ৰাম পোক ॥৬৮

মোৰ চিত পৰীক্ষা কৰিলি পৰিহাস ।

কৃপা কৰ মোক চৰণৰ ভৈলোঁ দাস ॥৬৯

হেন বুলি চৰণত পৰিলা নৃপতি ।

কৈকেয়ী নিষ্ঠুৰ বোলে নিকৰুণ মতি ॥৭০

ত্ৰৈলোক্যত জানে দৃঢ় চিত্ত দশৰথ ।

আল জাল এৰি তুমি পালিয়ো শপথ ॥৭১

শিৱি ৰাজা কপোতক অভয় দিলন্ত ।

আপোনাৰ মাংস কাটি সেন তুষিলন্ত ॥৭২

সত্য পালি ৰামক সত্বৰে পঠাও বন ।

নুহিবা তোমাৰ আগে তেজিবো জীবন ॥৭৩

হা বুলি দশৰথ পৃথিবীত লুটি ।

হা ৰাম পুত্ৰ বুলি প্ৰাণ যাওক ফুটি ॥৭৪

আতি সুচৰিত ৰাম বন যাইবি তই ।

কেনে প্ৰাণ ধৰিবো কৌশল্যা সমে মই ॥৭৫

যদি মোত সোধে লোক বৃদ্ধ গুৰুজন ।

কেনে ৰাজা ৰাঘৱক পঠাইলন্ত বন ॥৭৬

সত্যে বোলোঁ প্ৰাণেশ্বৰি এৰা ই বচন ।

কৰিবে গৰিহা মোক আনো দশী জন ॥৭৭

স্ত্ৰীজিত ক্ৰুৰ ৰাজা নিকৰুণ মন ।

শোক জ্বালি ৰাঘৱক পঠাইলন্ত বন ॥৭৮

পৰম দুষ্কীৰ্ত্তি মোৰ ৰৈল দেশ দেশ ।

হেন জনবাদে মোৰ প্ৰাণ ভৈল শেষ ॥৭৯

শিশুকালে ৰাঘৱৰ বৰ দুঃখ ভৈল ।

ব্ৰহ্মচৰ্য্য আচৰন্তে কতো কাল গৈল ॥৮০

যেবে  আসি মিলিল ৰাজ্যত উপভোগ ।

বনবাস খাটিবেক কিলো বিধি যোগ ॥৮১

ছল পাশে কৰিলেক নৃপতিক বন্দি ।

বামনে বলিক যেন নানা বোলে ছান্দি ॥৮২

খনো মূৰ্চ্ছা যান্ত খনো চেতনক পাইল ।

অনেক বিষাদে তান ৰজনী পুহাইল ॥৮৩

মন্ত্ৰী পুৰোহিত যত ৰামত ভকত ।

অভিষেক সাজে মিলিলন্ত দুৱাৰত ॥৮৪

সিংহাসন আদি কৰি সুমঙ্গল যত ।

আভৰণে আঠ কন্যা ভৈল উপগত ॥৮৫

শুকুল চামৰ ফল পুষ্প দধি ক্ষীৰ ।

সুবৰ্ণ ঘটত সাত সাগৰৰ নীৰ ॥৮৬

গঙ্গা যমুনাক আদি যত তীৰ্থজল ।

শ্বেত ছত্ৰ জ্বলে যেন চন্দ্ৰৰ মণ্ডল ॥৮৭

সুবৰ্ণৰ কুম্ভত সুগন্ধ ভৰি জল ।

সুবৰ্ণ পতাকা ধ্বজ ৰচিল বিৰল ॥৮৮

নিৰন্তৰে লৈয়া অভিষেক সাজ যত ।

সবহি মিলিল আহি সিংহ দুৱাৰত ॥৮৯

মন্ত্ৰী পুৰোহিত মিলি আলোচিল কাজ ।

সুমন্ত্ৰক বুলিল জনায়ো মহাৰাজ ॥৯০

ৰবিৰ উদয় ভৈল নুযুয়াই হেলা ।

ৰাম অভিষেকৰ লগ্নৰ হৈল বেলা ॥৯১

শুনিল সুমন্ত্ৰ হেন বচন বিশেষ ।

অন্তেষপুৰ দুৱাৰত ভৈলন্ত প্ৰবেশ ॥৯২

জাগিয়োক প্ৰভু মন্ত্ৰীগণে পাৰে ৰাৱ ।

ৰবিৰ উদয় ভৈল চালিয়োক গাৱ ॥৯৩

ৰজনী প্ৰভাত ভৈল ৰাজা দশৰথ ।

ব্ৰহ্মা বিষ্ণু শঙ্কৰে পুৰন্তো মনোৰথ ॥৯৪

মন্ত্ৰীৰ বচন ৰাজা শুনিলা শ্ৰবণে ।

সুমন্ত্ৰ সমীপ চাপি বুলিলা সঘনে ॥৯৫

কৈকেয়ীৰ বাক্য বহ্নি দহে কলেৱৰ ।

তোৰ বাক্য অমৃতে জুৰাইয়ো নিৰন্তৰ ॥৯৬

ৰাম মুখ দেখিলে হৈবেক নিৰ্ব্বান ।

ৰাম গুণ সাগৰক শীঘ্ৰ কৰি আন ॥৯৭

ৰাজাৰ আজ্ঞাক মন্ত্ৰী মাথে কৰি লৈল ।

ৰামক আনিবে প্ৰতি শীঘ্ৰে চলি গৈল ॥৯৮

হাট বাট এৰাইয়া ৰামৰ পাইল থান ।

ৰঙ্গকৰে সৰ্ব্বজনে দেখি বিদ্যমান ॥৯৯

যুবা জন ক্ৰীড়া কৰে ধৰি হাতে হাত ।

গ্ৰীৱে গ্ৰীৱে জড়িল লাগিল মাথে মাথ ॥১০০

দাদা ভাই মিতা বুলি ধৰি কোলে কোল ।

বাহুত চাপৰ মাৰি কৰয় অষ্ফাল ॥১০১

আউৰে আউৰক কেহো সাৱটি ধৰিল ।

মুখ চাই কেহো কেহো বিগুটি কৰিল ॥১০২

ৰাম ৰাজা হৈব আজি জীৱন সাফল ।

হেন বুলি প্ৰজাসবে কৰে কৌতূহল ॥১০৩

নগৰী জনৰ হেন লখিল স্বভাৱ ।

পাইলন্ত সুমন্ত্ৰ গৈয়া ৰাঘৱৰ ঠাৱ ॥১০৪

ৰামৰ প্ৰাসাদ শোভে কৈলাস সমান ।

বিদ্যুতৰ কান্তি যেন জ্বলে থানে থান ॥১০৫

সুবৰ্ণৰ মাণ্ডলি চালত বলিয়াইল ।

বৈদুৰ্য্য ৰুৱলি শুদ্ধ ৰজতে হিছাইল ॥১০৬

শতেক শতেক হাত চৌধয় মাণ্ডলি ।

পঞ্চাশ পঞ্চাশ হাত একৈক ৰুৱলি ॥১০৭

চৌসষ্টি তম্ভত তাক কৰিল নিবেশ ।

বৈজয়ন্ত সমসৰ দেখিতে সুবেশ ॥১০৮

ৰতনে খসিয়া সুবৰ্ণৰ পতা দিল ।

সূচি কামি সমন্বিতে একত্ৰ কৰিল ॥১০৯

ৰামৰ ওৱাৰি সব জগতে বখানি ।

প্ৰবেশিলে দিন ৰাতি একোকে নজানি ॥১১০

হস্তীদন্তে বাৰ দিলা হিঙ্গুলৰ কাম ।

কুন্দৰুখ জ্বলা থৈলা দেখি অনুপাম ॥১১১

হিৰণ্য মাণিক জ্বলে মৰকত মোতি ।

জ্বলে বাস হৰে পূৰ্ণ চন্দ্ৰমাৰ জৌতি ॥১১২

প্ৰাসাদ উপৰে দিল মাণিকৰ কান্তি ।

ইন্দ্ৰনীল মণি দিল থানে থানে জান্তি ॥১১৩

বিদ্যুত মণিৰ ভালে লাগি গৈল কাপ ।

শুক্ল মেঘখনে যেন জ্বলে শত্ৰু চাপ ॥১১৪

শঙ্কৰক লেখিল আছন্ত বৃষ যানে ।

পাৰ্ব্বতিক লেখি আছে সিংহৰ বাহনে ॥১১৫

মুষৰ পিঠিত লেখি আছে গণপতি ।

ময়ূৰৰ উপৰে কাৰ্ত্তিক সেনাপতি ॥১১৬

বামনক লেখিল কান্ধত দিব্য ছাতি ।

বলি ৰাইৰ আগত আছন্ত হাত পাতি ॥১১৭

তিনি পাৱ ভূমিক মাগন্ত বোলে ছান্দি ।

পাতালত বলিক থাপিলা কৰি বন্দি ॥১১৮

বিষ্ণুক লেখিলা গৰুড়ৰ স্কন্ধে আতি ।

ডাহিনত লক্ষ্মী বাম পাশে সৰস্বতী ॥১১৯

লেখিয়াছে ব্ৰহ্মাক কুবেৰ দেৱৰাজ ।

বায়ু বৰুণক আদি দেবতা সমাজ ॥১২০

ভূমিত পাৰিল নেত বস্ত্ৰ অহৰ্নিশ ।

শুকুল চামৰে সুমণ্ডিত চতুৰ্দ্দিশ ॥১২১

পুষ্পমালা সুগন্ধে আমোদ সৰ্ব্বক্ষণ ।

ৰত্ন সব জ্বলে আতি দেখি সুশোভন ॥১২২

পূৰ্ণ ঘট পঁকতি মুখত ৰঞ্জি ফলে ।

সুগন্ধি পূৰিত ভৈল সৰযুৰ জলে ॥১২৩

সুমণ্ডিত সিন্দুৰে সৰ্ব্বাঙ্গে কলেবৰ ।

ঐৰাৱত সমসৰ ৰামৰ কুঞ্জৰ ॥১২৪

ময়মত গজক মাহুতে আছে জান্তি ।

আকাশক লাগি যেন কৰয় আক্ৰান্তি ॥১২৫

ৰথ খান সাজিল বিচিত্ৰ অনুপাম ।

মাণিক ৰচিল শুদ্ধ সুবৰ্ণৰ কাম ॥১২৬

আঠ গোট তুৰঙ্গম ধৱল যুৰিল ।

দিব্য বিমানেক যেন ভূমিত পাৰিল ॥১২৭

ওৱাৰিৰ লোকে বৰ আনন্দ কৰন্ত ।

থানে থানে অনেক মাঙ্গল্য নিৰ্ম্মিলন্ত ॥১২৮

হেন দেখি সুমন্ত্ৰ আনন্দ কৰি মনে ।

ৰামৰ সমীপ চাপিলন্ত তেতিক্ষণে ॥১২৯

সুবৰ্ণ খাটত ৰাম আছা ৰঙ্গ কৰি ।

সমীপত সীতা শ্বেত চামৰক ধৰি ॥১৩০

মেৰু গিৰি শিখৰত যেন বাসুদেৱ ।

ধৱল কমল ধৰি লক্ষ্মী কৰে সেৱ ॥১৩১

ৰূপে ৰতি কামদেৱ দেখি সমসৰ ।

অলঙ্কাৰে মণ্ডিত দোহানো কলেৱৰ ॥১৩২

কৃতাঞ্জলি ধৰিয়া সুমন্ত্ৰ মন্ত্ৰীবৰ ।

নন্দি বন্দিলন্ত যেন পাৰ্ব্বতি শঙ্কৰ ॥১৩৩

সুমন্ত্ৰ বুলিলা পাচে বচন বিশেষ ।

দশৰথ নৃপতিৰ তোমাক আদেশ ॥১৩৪

বুলিলন্ত যাইবাক কৈকেয়ী সতমাৱ ।

ৰথত চড়িয়া ঝাণ্টে চালিয়োক গাৱ ॥১৩৫

সুমন্ত্ৰ বচনামৃতে সহৰিষ মনে ।

সীতাক সম্বুধি ৰামে বুলিলা তেক্ষণে ॥১৩৬

শুনা ৰামায়ণ সভাসদ নিৰন্তৰ ।

শ্ৰবণতে তৰি সুখে সংসাৰ সাগৰ ॥১৩৭

পৰম মঙ্গল ৰূপ মাধবৰ নাম ।

তাঙ্ক মনে ধৰি ডাকি বোলাঁ ৰাম ৰাম ॥১৩৮



:::<big>'''৩৯ অধ্যায়'''<big> 

::: <big>'''দুলৰি ।'''<big>


ৰাঘৱে বোলন্ত, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; শুনিয়ো জানকী,

তোমাত বলোহোঁ কাজ ।

নিচয় কৰিয়া, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আবেসে জানিলোঁ,

::আমি হৈবো যুবৰাজ ॥১

কৌশল্যা মাৱৰ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সদৃশ দেখোহোঁ,

::কৈকেয়ী শত মাৱক ।

মোক ৰাজ্য দিতে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পুছিতে নৃপতি,

::আসিছে তান ঠাৱক ॥২

আমি হেন মনে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বুজোহোঁ ৰাজাত,

::বুলিলন্ত মাৱে কাজ ।

বিলম্ব নকৰি, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সত্বৰে আনিয়া,

::ৰামক দিয়োক ৰাজ ॥৩

জানা প্ৰাণেশ্বৰী, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; যুবৰাজ হুয়া,

::আমি আছো যেতিক্ষণ ।

মোৰ সঙ্গে চলি, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আসিবেক সবে,

::যত পাত্ৰ মন্ত্ৰীগণ ॥৪

তাসম্বাক অৰ্চ্চা, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰিতে জানকী,

::মই যেন নোহো লাজ ।

জানিবা নিশ্চয়, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তোমাতে লাগিল,

::ইঠায়ৰ যত কাজ ॥৫

স্বামীৰ বচন, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; শুনি সীতা দেবী,

::বুলিলা হৰিষ মনে ।

ইঠানৰ কাৰ্য্য, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; চৰ্চ্চিবোহো আমি,

::চলিয়ো তুমি এক্ষণে ॥৬

এহি বুলি দ্বাৰ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মানে আগ বঢ়াই,

::থৈলা জগতৰ মাৱ ।

স্বামীক সম্বুধি, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; পাচে সীতা সতী,

::আসিলন্ত নিজ ঠাৱ ॥৭

আপোনাৰ নিজ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp;ধৱলি ঘৰৰ,

::বাজ ভৈলা ৰঘুবৰ ।

তিমিৰ ফাৰিয়া, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; শ্বেত মেঘ হন্তে,

::যেন পূৰ্ণ শশধৰ ॥৮

ৰত্নে বিৰচিত, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সুবৰ্ণ ৰথত,

::চড়িলা তেতিক্ষণ ।

চামৰ ছত্ৰক, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ধৰিয়া পাশত,

::চড়িলা গৈয়া লক্ষ্মণ ॥৯

মনত পৰম, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আনন্দে পাচত,

::সুমন্ত্ৰ চড়িলা যাই ।

হাতত চাবুক, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ধৰিয়া ৰথক,

::ডাকিলা যেন যুৱাই ॥১০

শ্ৰীৰাম লক্ষ্মণ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ইন্দ্ৰ বিষ্ণু যেন,

::যান্ত দুই মহাৰথী ।

সুমন্ত্ৰ মন্ত্ৰীক, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখিয়া সাক্ষাত,

::মাতলি যেন সাৰথি ॥১১

নয়ন আনন্দে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কুন্দৰুখ জালে,

::চাৱে যত নাৰীগণে । 

মুখ ভৰি ভৰি, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰামৰ গুণক,

::বখানন্ত নাৰীগণে ॥১২

জনমে জনমে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; প্ৰয়াগ বটত,

::সীতা তেজি কলেৱৰ ।

সিকাৰণে গুণ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সাগৰ ৰামক,

::পাইলা মনোনীত বৰ ॥১৩

অৱশ্যে তোমাক, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দিবন্ত ৰাজ্যক,

::মহাৰাজা দশৰথে ।

শুনিয়ো গোসাই, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আমাক পালিবা,

::তুমি প্ৰভু পুত্ৰৱতে ॥১৪

সাফলা কৌশল্যা, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; গোঁসানী তোমাক,

::গৰ্ভত ভালে ধৰিলা ।

কি ভৈল আনন্দ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কৰ্ম্মাগত লক্ষ্মী,

::আপুনি যাক বৰিলা ॥১৫

অন্যে অন্যে বোলে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাম ৰাজা ভৈলে,

::বহুতৰ হৈবে সুখ ।

নিশ্চয়ে জানিলোঁ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বিস্তৰ কালক,

::লাগি পলাইবেক দুখ ॥১৬

এহি মতে ৰামে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নগৰী জনৰ,

::শুনন্তে বোল আশেষ ।

মধুৰ বচনে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; প্ৰজাক সম্বুধি,

::ওৱাৰি ভৈলা প্ৰবেশ ॥১৭

কৈকেয়ীৰ ঘৰে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মিলিলন্ত গৈয়া,

::শ্ৰীৰাম চন্দ্ৰ লক্ষ্মণ ।

আসনত বসি, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আছন্ত নৃপতি, 

::পাইলা দুয়ো দৰিশন ॥১৮

পৰম নিশ্ৰীক, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দেখিলন্ত ৰামে,

::বদন দশৰথৰ ।

ৰাহু গ্ৰস্ত হৈলে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নজ্বলয় আতি,

::কিৰণ যেন সূৰ্য্যৰ ॥১৯

প্ৰথমতে নম্ৰ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ভাৱে নমিলন্ত,

::নৃপতিৰ দুয়ো পাৱ ।

ৰাম লক্ষ্মণক, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আশীৰ্ব্বাদ পাচে,

::দিলন্ত কৈকেয়ী মাৱ ॥২০

পৰম বিকল, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; স্বৰূপ বাপক,

::দেখিলন্ত দুই ভাই ।

কৰ যোৰে নম্ৰ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ভাৱে থাকিলন্ত,

::পিতৃৰ চৰণ চাই ॥২১

পিতৃৰ আগত, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; আছে ৰামচন্দ্ৰ,

::কৰিয়া আতি ভকতি ।

ৰামক নিষ্ঠুৰ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বুলিতে ৰাজাৰ,

::নভৈল কিছু শকতি ॥২২

একো অপৰাধ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; নাহিকে ৰামৰ,

::চাইলা কৰি বিমৰিষ ।

কেন মতে আবে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; সুপুত্ৰ ৰামক,

::বুলিবোহোঁ বাক্য বিষ ॥২৩

কতোক্ষণে ৰাজা, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাম হেন বুলি,

::বিমন্যু আতি কৰিল ।

মহামন দুখে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কিছু নবুলিল,

::কণ্ঠত শোক ধৰিল ॥২৪

আতিশয় শোকে, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; অথাকে নয়নে,

::লোতক বহে ৰাজাৰ ।

ৰাহু গ্ৰস্ত হুয়া, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; যেন পূৰ্ণ চন্দ্ৰে,

::অমৃত তেজে দুধাৰ ॥২৫

ৰাজাৰ বিষাদ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দুখক দেখিয়া,

::ৰামৰ চিত্ত লৰিল ।

কৰা বিমৰিষ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; যেন সূৰ্য্যদেৱ,

::ভূমিত আসি পৰিল ॥২৬

ভূমি পৰিৱৰ্ত্ত, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; যেন ভৈল আতি,

::সাগৰ যেন শুকাইল ।

হৰিষতে আতি, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাজা দশৰথ,

::বিষাদক বৰ পাইল ॥২৭

মই জানোঁ একো, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; দোষ নয়ো কৰোঁ,

::কায়ে বা বাক্যে বা মনে ।

তথাপিতো মাথা, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; তুলি নচাৱন্ত,

::মোক বিষাদিত মনে ॥২৮

এক বাৰ মোক, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাম হেন বুলি,

::কিছু ন বুলিলা আন ।

একো নজানিলোঁ, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কি কাৰ্য্যে বাপৰ,

::মিলি গৈল অপমান ॥২৯

ৰাঘবে বোলন্ত, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; শুনিয়োক মাৱ,

::কোনবা মিলিল দোষ ।

কহিওক তুমি, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; কি কাৰণে ইটো,

::কৰে বাপ অসন্তোষ ॥৩০

পৰম অমৃত, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰামৰ চৰিত্ৰ,

::শুনা সমাজিক জনে ।

দশৰথ হেন, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; ৰাজায়ো আপদ,

::এৰাইব আৰ কেমনে ॥৩১

আতি দুখময়, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; বিষয়ক জানি,

::কৰাঁ মন উপসাম ।

পৰম মঙ্গল, &nbsp;&nbsp; &nbsp;&nbsp; &nbsp; মিলোক সবাৰো,

::ডাকি বোলাঁ ৰাম ৰাম ॥৩২