Revision 336282 of "ভ্ৰম" on sourceswiki{{header
| title = ভ্ৰম
| author = লক্ষ্মীনাথ বেজবৰুৱা
| translator =
| section =
| previous =
| next =
| year =
| portal =
| wikipedia = laxminath bezbaruah
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
কোনে ক’লে সেয়া বাঁহী বাজে বুলি
বন দেৱী গীত গায়
শেৱালিৰ মালা হয় এই ধাৰ
তৰাৰে গুঁঠিছে হায়
নহয় ফুলনি কুঁৱৰীসকল
দঢ়াই দঢ়াই কওঁ
গোলাপ নহয় প্রিয়াৰ নয়ন
দেখি থিৰ হৈ ৰওঁ
কোনে কয় সেইটি হৰিণা পোৱালি
ইমান চেতনা নাই
বনৰ সৌন্দৰ্য্যই ৰূপ ধৰি আহি
দেওঁ দি দুবৰি খায়
নহয় পুখুৰী প্রেমিকাৰ হিয়া
পানী নহয় প্রেমৰস
নৈ নহয় ঠিক প্রেমৰ প্রবাহ
বিচাৰি প্রেম বিবশ
বীণৰ আত্মাটি উৰি গুণ গায়
কোনেনো ভোমোৰা বোলে
খোপাৰ ফুলটি উৰিয়েই প্রিয়াৰ
পখিলাৰ নাম পালে
কৃষ্ণপখী বোলে নিকুঞ্জ বনত
কৃষ্ণ কৃষ্ণ ডাক দিছে
পখী নহয় জানা ব্রজৰ কান্দোন
প্রতিধ্বনি ৰূপে আছে
মলয়া নহয় বিৰহীসৱৰ
গোট খোৱা হুমুনিয়া
প্রিয়তমাৰ গাল ওফন্দি পৰিছে
সেয়েহে জানা সন্ধিয়া
[[Category:লক্ষ্মীনাথ বেজবৰুৱা]]
[[Category:অসমীয়া কবিতা]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?oldid=336282.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|