Revision 336474 of "নিৰ্ম্মল ভকত" on sourceswiki

{{header
 | title      = নিৰ্ম্মল ভকত
 | author     = ৰজনীকান্ত বৰদলৈ
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | year       = 
 | portal     = 
 | wikipedia  =  Rajanikanta Bordoloi
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  অসমত দ্বিতীয়বাৰ মানৰ আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি লিখা এখন বুৰঞ্জীমূলক উপন্যাস 
}}

==প্ৰথম অধ্যায়==
১৮১০ শক। দক্ষিণপাট সত্ৰৰ নিৰ্ম্মল আতৈ এজন উদাসীন ভকত। বয়স এশ কি তাতোকৈ দুই চাৰি বছৰ বেছি হ'লেও কম নহয়। যদিও ইমান বৃদ্ধ তথাপি আতৈৰ চলন-ফুৰণ-শক্তি এতিয়াও অটুট। দোক্‌মোকালিতে উঠি আতৈয়ে ব্ৰহ্মপুত্ৰত গা ধুই আহি হাতত এডাল লাখুটি লৈ সত্ৰৰ নামঘৰ আৰু মণিকূট প্ৰদক্ষিণ কৰিবলৈ ধৰিছে। লাখুটিত ভৰ দি লাহে লাহে খোজ কঢ়াৰ লগে লগে আতৈয়ে প্ৰফুল্ল মনেৰে, শুৱলা মাতেৰে আৰু মিঠা সুৰেৰে গায়--
::পতিত পাৱন জানি নাৰায়ণ
::তোমাতে লৈলোঁ শৰণ।
::পতিত তাৰিয়ো চৰণে ৰাখিয়ো
::মোকেহে পতিত পাৱন।।
::মিছা মায়া মোহে পৰিয়া যাদৱ
::মই পাপী তললৈ গৈলোঁ।
::মনুষ্য জনম ধৰিয়া যাদৱ
::তোমাৰে নাম নলৈলোঁ।।
::এই জনমৰ সৰ্ব অপৰাধ
::মৰষিবা দয়াময়।।
::চৰণে ধৰিয়া কাকূতি কৰিছোঁ
::কৰা কৃপা কৃপাময়।।

সাতবাৰ ৺যাদৱৰায়ৰ স্থান প্ৰদক্ষিণ কৰি আতৈয়ে নামঘৰৰ সমুখত অষ্টাঙ্গে প্ৰণিপাত কৰি বহালৈ আহিল আৰু তাত তুলসীৰ মালা এধাৰি উলিয়াই জপিবলৈ ধৰিলে। তেওঁ ওচৰতে এজন ভাল মানুহ বহি আন দুজন ভকতৰে সৈতে কথা-বতৰা পাতিছে আৰু মাজে মাজে আতৈৰ ফালে চাইছে। সেই ডাঙৰীয়াজনৰ আতৈৰ ফালে এইদৰে সঘনে চোৱাৰ পৰ অনুমান হ'ল যে তেওঁ আতৈৰ কেতিয়া জপ ভাঙে তালৈকে বাট চাই আছে।
আধাঘণ্টামান সময়ৰ পাছত আতৈৰ জপ ভাগিল। ডাঙৰীয়া জনে ক'লে--"আতৈ! কালি ক'ব খোজা কাহিনীটি কবলৈ কৃপা হব জানো?" আতৈয়ে সুধিলে--"কি কাহিনী ডাঙৰীয়া?" ডাঙৰীয়া--"কালি যে কওঁ বুলিছিল আপোনাৰ সেই আদ্যোপ্ৰান্ত কাহিনী।"
আতৈ--"অ' বাৰু কওঁ শুনক। শুনি বা কৈয়েই বা কি লাভ, তথাপি আপুনি ইচ্ছা কৰিছে যেতিয়া কবই লাগিব। নক'লে জানো ভাল পাব?"


==দ্বিতীয় অধ্যায়==
মই ৰংপুৰ জিলাৰ পানীদিহিং মৌজাৰ লাহন গাঁৱত ১৭০৯ শকত জন্মো। ময়ে মোৰ আই-বোপাইৰ প্ৰথম পুত্ৰ। মোৰ দুটি ভাই আছিল। বোপাই এই সত্ৰৰে এজন বৰমেধি আছিল। উপৰিজনা ঈশ্বৰ পুৰুষে বোপাইক বৰ মৰম কৰিছিল। বোপাইৰ হেনো ভালেমান বয়সলৈকে ল'ৰা-ছোৱালী হোৱা নাছিল। সেইদেখি বোপৱায়ে আইৰে সৈতে এবাৰ সত্ৰলৈ আহি ঈশ্বৰ পুৰুষক নিজৰ দুখ নিবদেন কৰিলে। ঈশ্বৰ পুৰুষে হেনো প্ৰসন্ন আইক তিনিটি ঢোপ দিলে। সেই ঢোপৰ বলতে আমি একে আনজে তিনিটি ভাই ওপজো। বহুদিন আই-বোপাইৰ ল'ৰা-ছোৱালী নাই সেইদেখি মই ওপজাত বোপায়ে হৰিষ পাই অনেক আনন্দ-উৎসৱ কৰিলে আৰু মোৰ পাঁচ বছৰ বয়স হওঁতে এবাৰ আমাক সত্ৰলৈ আনি ঈশ্বৰ পুৰুষৰ চৰণত ভেটিলে। ঈশ্বৰ পুৰুষে হেনো মোক নিৰ্ম্মালি দি সুধিছিল--"নিৰ্ম্মল! তই ভকত হবিনে?" মই হেনো ঠানাক-ঠুনুক মাতেৰে কৈছিলঁ--"মই ভকত হ'মতো!" তেতিয়া হেনো ঈশ্বৰ পুৰুষে হাঁহি কৈছিল--"বাৰু! আগেয়ে ঘৰ-গৃহস্থী কৰিবি, পিছত ভকত হবি।" বোপায়ে ঈশ্বৰ পুৰুষৰ এই বাক্যত মহা আনন্দ পাই আমাক লৈ ঘৰলৈ উভতিল। আই-বোপাইৰ আদৰত দিনে দিনে বাঢ়িলোঁ। মোৰ বয়স একুৰিৰ ওচৰ চাপিল। বোপায়ে মই নজনাকৈ এজনী ছোৱালী খুজিলে।

==তৃত্বীয় অধ্যায়==
শাস্ত্ৰত কয় পোন্ধৰ বছৰ বয়সৰপৰা পঁচিশ বছৰ বয়সলৈকে মতা মানুহৰ হেনো বৰ বেয়া সময়। এই সময়ত সকলো মানুহেই যৌৱনত ভৰি দি ভলা-বেয়া নুবুজা হয়। অনেক অসৎ পথলৈ আগবাঢ়ে। মোৰো গাত শাস্ত্ৰৰ এই বচন ফাঁকি লাগিছিল। আমাৰ ঘৰৰ ওচৰতে মণিৰাম নামেৰে একে জাতকুলৰ মানুহ আছিল। তেওঁৰ ৰূপহী নামেৰে এজনী ধুনীয়া জীয়েক আছিল। সৰুৰেপৰা মই সেই ছোৱালীজনীৰ সৈতে একেলগে ফুৰিছিলোঁ; একেলগে ৰং ধেমালি কৰিছিলোঁ। আমি এদিন ভালেমান ল'ৰা-ছোৱালীয়ে ধূলিৰে ভাত ৰন্ধা-বঢ়া কৰোঁতে মই তাইক কৈছিলোঁ--"ৰূপহী, মই তোক বিয়া কৰাওঁ দে।" তাই ক'লে--"বাৰু, তই আজি দৰা হ, মই কইনা হওঁ।" তাইৰ এই কথাত আন এটাইবিলাক ল'ৰা-ছোৱালী সন্মত হ'ল, কিন্তু অনিৰাম নামেৰে ল'ৰা এটাই কৈছিল--"ইঃ, মই সেইটো হবই নিদিওঁ। আজি মই হে দৰা হ'ম, ৰূপহী কইনা হওক।" তাৰ এই কথাত তাৰে মোৰে অলপ বাদ বিসম্বাদ হবলৈ ধৰোঁতেই ৰূপহীয়ে নিজে কৈছিল--"হেৰ অনি! তই কেলেই কাজিয়া কৰ? আজিৰ ধেমালিত বাৰু নিৰ্ম্মলেই দৰা হওকচোন। কাইলৈ যেতিয়া আমি আকৌ উমলিম তেতিয়া বাৰু তই দৰা হবি।" তাইৰ এই কথাত এটাইবিলাক ল'ৰা-ছোৱালীয়ে "হয় ভৰ" দিয়াত তাই কইনা হৈ ওৰণি লৈ বহিল। মই মোৰ গাৰ কাপোৰখন মূৰত পাগুৰি মাৰি দৰা হৈ বহিলোঁ। এটা ল'ৰা মিছামিছিকৈ পুৰোহিত হ'ল, এটা সৰু ল'ৰা আখৈতোলা হ'ল। আমি এইদৰে মিছামিছি দৰা-কইনা হৈ ওমলা বিয়া পাতিছিলোঁ। ডাঙৰীয়া! সেই সময়ত মোৰ বয়স আছিল দহ, তাইৰ পাঁচ।

কালক্ৰমে মোৰ ওঠৰ বছৰ বয়স হ'ল, তাই তেৰত ভৰি দিলে। তাই আজি-কালি মানুহ-দুনুহৰ আগত নোলোৱা হ'ল। কিন্তু সেই বুলি যে তাই মোৰ আগতো নোলোৱা হ'ল সেইটো নহয়। তাই মোৰ আগত ওলাছিল আৰু "নিৰ্ম্মল" বুলি নাম কাঢ়িও মাতিছিলঃ কিন্তু মোক মাতিলেও আৰু মোৰ আগত ওলাই সোমাই ফুৰিলেও তাই দেখোন সেই মোৰ আগত সেই সময়ত লাজকুৰীয়া ভাৱ দেখুৱাইছিল। মোৰ দেখোন এই সময়ত তাইলৈ আন এক মৰম হৈছিল। পোন প্ৰথমেই মই সেইটোনো কি মৰম বুজিব নোৱাৰিছিলোঁ; কিন্তু শেষত ভাবি-চিন্তি বুজিলোঁ যে মোৰ আগৰ ল'ৰাকালিৰ লগৰীয়াৰ মৰম সেই সময়ৰ যৌৱনৰ প্ৰণয়ত পৰিণত হৈছিল। আগগুৰি একো নাভাবিয়েই ৰূপহীৰ প্ৰণয় সাগৰত মোৰ এই নৌকাখনি এৰি দিছিলোঁ। দিনে-ৰাতিয়ে ৰূপহীয়েই মোৰ ধ্যান, ৰূপহীয়েই মোৰ চিন্তা, ৰূপহীয়েই মোৰ সকলো হৈছিল। মোৰ আই-বোপায়ে আৰু তাইৰো মাক-বাপেকে মাজে-সময়ে হকা-বাধা কৰিলেও মই মনে মনে চ'ত আৰু বহাগৰ বিহুত তাইৰ লগত নচা-বগা কৰিছিলোঁ। পালে দুই এটা লঙো দিছিলোঁ। তাই মোৰ বস্তুবিলাক অনাদৰ নকৰি বৰং অতি হেঁপাহেৰে আৰু মৰমেৰে গ্ৰহণ কৰিছিল।

==চতুৰ্থ অধ্যায়==
বুঢ়া লোকে কয়, প্ৰকৃত প্ৰণয়ৰ বাটত হেনো ভালেমান কাঁইট। ফুলি থকা গোলাপ ফুলটি ছিঙিবলৈ গ'লে হেনো কাঁইটে বিন্ধে। মোৰ নিচিনা অৱস্থাত আন মানুহৰ কি হয় কব নোৱাৰোঁ; কিন্তু মোৰ গাত হলে এইফাঁকি বচন সম্পূৰ্ণ খাটিল। ৰূপহী মোৰ একে জাত-কুলৰ হলেও বোপায়ে তাইক মোলৈ যোৰ হেন নাভাবিলে। ৰূপহীহঁত আমাৰ এচৰ-চুবুৰীয়া। ওচৰ-চুবুৰীয়া বস্তু দেখিবলৈ ভাল হলেও, অনেক সজ গুণেৰে বিভূষিত হলেও ভাল নেলাগে, চকুত নপৰে। দূৰৰ বস্তুটো বেয়া হলেও ভাল। এইবিলাকৰ উপৰিও ৰূপহীৰ মাক-বাপেক দুখীয়া, বোপাইৰ দৰে বৰমেধিৰ ঘৰৰ নহয়। এইবিলাক কাৰণেই মই ৰূপহীক চেনেহ কৰা কথা অলপ-অচৰপ গম পালেও বোপায়ে নিজৰ বংশ-গৌৰৱ ৰক্ষা কৰিবলৈ আন এখন গাঁৱৰ এজন মেধিৰ ঘৰৰ ছোৱালী এজনীলৈ জোৰণ পেলালে। মই এই কথাৰ গম পাই বৰ বেজাৰ পালোঁ। কিন্তু বেজাৰ পালেনো কি হ'ব? দেউতাক মুখ ফুটাই কোনো কথাকে সাহ কৰি ক'ব নোৱাৰিছিলোঁ। তিনি দিন ভাবি-চিন্তি থিৰ কৰিলোঁ যে ৰূপহীক মই মনে মনে এইবিলাক কথা কৈ তাইৰ নো মোলৈ প্ৰকৃত মৰম আছেনে বুজোঁ। যদি তাইৰ মোলৈ মৰম নাই তেন্তে বোপায়ে যি কৰে কৰক আৰু তাইহে যদি মোক ভাল পায় তেন্তে বোপাইৰ কথা নুশুনো। মনত যি আছে কৰিম। 

==পঞ্চম অধ্যায়==
চ'ত মাহ। পূৰ্ণিমাৰ নিশা। মোৰ বয়স একুৰি, ৰূপহীৰ পোন্ধৰ। আজি আমি গধূলিতে খাই-বৈ ওলাইছোঁ। আজি আমাৰ নামঘৰত কংসবধ ভাওনা। সেই ভাওনা চাবলৈ আমি ডেকা-গাভৰু আটাইবিলাক উত্ৰাৱল। আমাৰ ঘৰৰ আৰু ৰূপহীৰ ঘৰৰো আটাইবিলাক ওলাইছে। দেউতা বৰমেধি। তেওঁৰ গাতে ভাওনাৰ গোটেইটো ভাৰ। মোক সেই ভাওনাত ৰাইজে এটা ভাও লবলৈ ধৰিছিল; কিন্তু "মই আগে-পাছে ভাওনাত উঠা নাই, গা ভাল নহয়" ইত্যাদি নানা আপত্তি দেখুৱাই ৰক্ষা পৰিছিলোঁ। মোৰ মনত যিখন ভাওনা ভাওনা খেলিছিল ডাঙৰীয়া! সেইখনৰ উৎপাততে তত নাছিল, আকৌ আন এটা ভাওনো কেনেকৈ লওঁ? বোপাই সবাতোকৈ আগেয়ে নামঘৰলৈ গ'ল। কিয়নো তেখেতে সকলো বস্তুৰে যোগাৰ কৰিব লাগে। সকলো কথাৰে দিহা-মেলা লগাব লাগে। বোপাইৰ লগতে মোৰ সৰু ভাই দুটাও গ'ল। ঘৰত ময়ে আৰু আয়ে। ৰূপহীৰ ঘৰৰো অকল ৰূপহীত বাজে ৰূপহীৰ মাক-বাপেক সকলোটি গৈছিল; অকল ৰূপহীয়েই "মোৰ গা অসুখ, অলপ পিছত যাম" বুলি কৈ তাইৰ সৰু ভায়েকটোক ৰাখি পিছ পৰি ৰৈছিল। পিছ পৰি ৰোৱাৰ উদ্দেশ্য মই দিনতে ছেগ বুজি কৈ থোৱা মতে তাই মোক অকলৈ লগ ধৰাটোৱেই। বোপাই ঘৰত নাই। ৰূপহীৰ মাক-বাপেকো গৈছে। সুন্দৰ জোনাক ৰাতি। মোৰ সুযোগ মিলিল। মই সিহঁতৰ ঘৰলৈ গৈ ৰূপহীক মাত লগালোঁ। তাই ওলাই আহি মোক পিৰালিত বহিবলৈ দি সুধিলে--"নিৰ্ম্মল! কি কথানো কব খুজিছিলি কচোন!" মই--"ৰূপহী! তই শুনা নাইনে বোপায়ে মোলৈ ছোৱালী খুজিছে।"

ৰূপহী--"শুনিছোঁ। ভাল হৈছে, তোৰ বিয়া হ'ব; আমি কাৰবাৰ কৰিম। নাম গাম। জলপান খাম। ন-ছোৱালী দেখিম।" মই--"ৰূপহী! মোৰ আনেৰে সৈতে বিয়া হলে ভাল পাৱনে?" ৰূপহী--"পামতো, কেলেইনো নাপাম?" মই--"ৰূপহী! তই সঁচাকৈয়ে কৈছনে?" ৰূপহী--"সঁচাকৈয়ে নকৈনো আৰু মিছাকৈ কৈছোঁনে? তোৰ ঘৰ-গৃহস্থালি হ'ব, তই সুখী হবি। তোক সুখী হোৱা দেখিলে মই বৰ সুখ পাম।" মই--"ৰূপহী! তেন্তে তই মোক ভাল নেপাৱ হবলা?" ৰূপহী--"তোক ভাল পাওঁ বুলিয়েতো তোৰ সুখত সুখী হ'ম। সৰুৰে পৰা তোৰে সৈতে উমলিছোঁ, একেলগে ডাঙৰ হৈছোঁ; সেই দেখিয়েই তোক মই ভাল পাওঁ।" মই--"কচোন ৰূপহী! তইনো মোক কি ভাবে ভাল পাৱ?" ৰূপহী--"মানুহে মানুহক যেনেকৈ ভাল পায়, লগৰ লগৰীয়াই ইটিয়ে সিটিক, সিটিয়ে ইটিক যেনেকৈ ভল পায়।" তাইৰ এই কথাত মোৰ মনত ভাব হ'ল ৰূপহীয়ে মোক, মই তাইক যিদৰে সেই সময়ত ভাল পাইছিলোঁ, তাই মোক সেইদৰে সেইভাৱে ভাল নেপাইছিল। যি কি নহওক তাইৰ মনৰ ভাব খাটাংকৈ জানি লবৰ মনেৰে মই মোৰ হৃদয়ৰ তলিখন উদঙাই তাইক ক'লো--"ৰূপহী! মই জানো তই মোক আজি অত দিনৰ লগৰীয়া বুলি ভাল পাৱ, কিন্তু ৰূপহী! তাত বাজে তোৰ আৰু মোলৈ আন একো ভাব নাইনে? মই মোৰ নিজৰ বিষয়ে হলে অনেক ভাবি-চিন্তি চাই ইয়াকে পাইছোঁ যে মোৰ মৰম যে তোলৈ কেনেকুৱা মই বৰ্ণাব নোৱাৰোঁ। মোৰ মনত এনেকুআ ইচ্ছা হয়, মি্ যেন দিনে নিশাই তোৰ লগতহে থাকিম, তোৰ লগতহে ফুৰিম, তোৰ লগতহে খাম। অকল তোকেহে যেন মৰম কৰিম। মুঠতে, কবলৈ গ'লে মোৰ ইচ্ছা মই যেন তোকেহে বিয়া কৰাম। কচোন ৰূপহী! তই মোক ভাল পাৱনে? মই বিয়া কৰালে মোত বিয়া সোমাবিনে?" মই এইদৰে কওঁতে তাইৰ দেখোন চকুত পানী ওলাব ধৰিলে। মই তাইৰ হাতখনত ধৰিলোঁ তাই মোৰ হাতৰ পৰা হাতখন টানি ওলোটাই নিনি, উচাট মাৰি একেচাবে উঠি নগৈ লাজুকী লতাৰ দৰে জঁয় পৰি মোৰ বুকুত মূৰটো সুমুৱাই দি ঢলি পৰিল। মই সাবট মাৰি ধৰিলোঁ। তাই খন্তেক পৰ সৰ্থি চকুৰ পানী মচি, অলপ প্ৰকৃতিষ্ঠ হৈ ক'লে, "নিৰ্ম্মল! আজি অতদিনে মই আন কেৱে নজনাকৈ যিভাব হৃদয়ত লৈ আছিলোঁ, আজি তই সেই ভাব উলিয়াই ললি। ক'লে জানো পতিয়াবি? মই দিনে নিশাই দিঠক আৰু সপোনতো তোকেহে দেখোঁ। তোৰ ৰূপটোহে চিন্তা কৰোঁ। তোক দেখিলে মোৰ চকু জুৰায়, তোৰ মাত শুনিলে মোৰ কাণৰ তৃপ্তি হয়। তোৰ লগত কথা-বতৰা হবলৈ পালে মই স্বৰগৰ সুখ পাওঁ। কিন্তু ক'লে কি হব? তই আৰু মই ইচ্ছা কৰিলেও বা কি হব? আমি দুখীয়া মানুহ। তহঁত ধনী। তোৰ দেউতাৰে মোক তোলৈ কেতিয়াও বিয়া নকৰায়। আন ঠাইত জোৰণ পেলালেই। মই সেই জোৰণৰ কথা প্ৰথমতে শুনি মানুহৰ আঁৰে আঁৰে কিমান যে কান্দিছোঁ তাক ঈশ্বৰেহে জানে। কান্দি-কাটি মনক এইদৰে প্ৰবোধ দিছিলোঁ যে মোৰ হৃদয়ৰ ধন, চকুৰ মণি নিৰ্ম্মলে যদি আন এজনী ছোৱালী বিয়া কৰাই সুখী হয়, তেন্তে মই তেওঁক সুখী হোৱা দেখিয়েই সুখী হ'ম। মই তেওঁৰ সুখত বাধা নিদিওঁ। সেই দেখিহে নিৰ্ম্মল, তোক মই আগেয়ে সেইদৰে উত্তৰ দি আছিলোঁ। কিন্তু তয়ো যে মোক ইমান ভাল পাৱ এইটো মই জনা নাছিলোঁ। যি কি নহওক তোৰ আগত মই মোৰ হৃদয়ৰ গুপুত ধন উলিয়াই দিলোঁ। যদিও উলিয়ালোঁ তাত মোৰ হানি নাই। তই সুখী হ। দেউতাৰে যি কৰিবলৈ কয় তাকে পালন কৰি পুত্ৰৰ কৰ্ত্তব্য কৰ। মোলৈ তই পাহৰি পেলা। পিতৃ-মাতৃ আমাৰ পৰম গুৰু। সেইসকলৰ বাক্যে-বচনে আমাৰ চলা উচিত নহয় জানো?" মই--"ৰূপহী! ৰূপহী! মই এই জনমত আন কাকো বিয়া নকৰাওঁ। তোকেহে বিয়া কৰাম। মোৰ দেউতাই মোৰ কথা নুশুনে। আন ঠাইত যেতিয়াই জোৰণ দিলে তেতিয়াই মোৰ আৰু একো উপায় নোহোৱা হ'ল। মই এটা উপায় স্থিৰ কৰিছোঁ, সেইটো এই--তোম মই আজি ভাওনাৰ পৰা পলুৱাই নিব খোজোঁ। আমি দুয়ো পলাই সন্দিকৈ গাঁৱলৈ যাওঁ ব'ল। তাত মোৰ মাহী এগৰাকী আছে। তেওঁ মোৰ আইৰ নিজা ভনীয়েক। তেওঁৰ আশ্ৰম লমগৈ। আমি পলাই গৈ তাত বিয়াখন পাতিব পাৰিলেই শেষত মাহীৰ বুজনিত দেউতাই মোলৈ খং এৰিব। সিঘৰকো দেউতাই বুজনি দিব পাৰিব যে তেওঁ নিৰুপায়, মই পঘা-খোৱা দগধাই তেওঁৰ সকলো কথা মাটি কৰিলোঁ। শেহত আমাৰ দুয়োঘৰ মিলা-প্ৰীতিৰে সুখেৰে থাকিম। ক, ৰূপহী! আজি তই মোৰ লগত পলাই যাবিনে?" ৰূপহী--"প্ৰিয় নিৰ্ম্মল! আই-বোপাইক এৰি পলাই যোৱাটো বেয়া কথা। কিন্তু তই যিদৰে কৈছ, সেইদৰে হ'লে মোৰ ওজৰ-আপত্তি একো নাই।" এই কথা-বতৰাৰ পিছত আমিও ভাওনা চাবলৈ গলোঁ আৰু ভাওনা ভাঙো ভাঙো হোৱাৰ অলপ আগখিনিত পুৱতি নিশা হওঁতেই দুয়ো জাঁজীমুখৰ সন্দিকৈ গাঁৱলৈ পলাই গৈ মাহীৰ ঘৰ পালোঁ।

==ষষ্ঠ অধ্যায়==
মাহীৰ ইহ সংসাৰত কেৱে নাছিল। তেওঁ পতি-পুত্ৰবিহীনা। এসময়ত তেওঁৰ বৈ যোৱা গৃ্হস্থী আছিল, কিন্তু নিয়তিৰ চকৰিত পৰি তেওঁ আজি পতি-পুত্ৰ বিহীনা। মানৰ প্ৰথম আক্ৰমণত তেওঁৰ গিৰিয়েক বুঢ়াগোঁহাইৰ ফৈদে সৈতে লগ লাগি মানৰ লগত ৰণ দি সেই ৰণতে মৰিছিইল। মান উলটি যোৱাৰ দুবছৰৰ পাছত পতি-পুত্ৰ, তেওঁৰ একেটি তিনিবছৰীয়া ল'ৰাও জহনী ৰোগত ঢুকাই তেওঁ পতি-পুত্ৰ বিহীনা হৈছিল। বীৰ, বাহুৱলী গিৰীয়েকলৈ অটুট পৱিত্ৰ প্ৰেমত মুগ্ধ থাকি তেওঁ আৰু দুনাই সংসাৰ কৰা নাছিল। তেওঁৰ মাটি-বৃত্তি, ধন-বিত এফেৰা আছিল। সেই মাটি-বৃত্তি চলাই আৰু কটনা কাটি মাহীয়ে ক'তো হাত নপতাকৈ খাইছিল। কেবাজনো ভাল মানুহ মাহীত চাপিব খোজাতো মাহীয়ে সেই সকলোকে নিৰাশ কৰি অটল সুদৃঢ় ব্ৰহ্মচাৰিণী ব্ৰত লৈ আছিল। তেওঁৰ গাঁৱৰ যাৰে ঘৰত ল'ৰা-তিৰোতাৰ অসুখ-বিসুখ, জ্বৰ-নৰিয়া হৈছিল তাৰে ঘৰলৈ গৈ ৰোগীক পথ্য সিজাই দি, নিশা পৰ দি, হাত-ভৰি পিটিকি শান্তিময় আৰু ধৰ্ম্মময় কথা কৈ শুশ্ৰুষা কৰি ফুৰিছিল। আতুৰক এমুঠি ভাত দি, দুপৰীয়া পিয়াহ লগা মানুহক পানী দি, দুখীয়া মানুহক মাজে-সময়ে দুমুঠি ধান-চাউল দি সহায়ো কৰিছিল। তেওঁ বগা ফুলজালি নোহোৱা, নিজে বৈ লোৱা কাপোৰ এখন গোটেই গা ঢাকি পিন্ধিছিল। ৰাতিপুৱা ফুল-ফল তুলি তেওঁ দুয়ো বেলা স্বামীৰ উদ্দেশ্যে ঈশ্বৰ কৃষ্ণৰ পূজা কৰিছিল। পূজাৰ অন্তত তেওঁ তদ্‌গতচিত্ত হৈ চকুৰ পানীৰে গাল তিয়াই অষ্টাঙ্গে দণ্ডৱৎ কৰিছিল। তাৰ পিছত মহাপুৰুষ গুৰুৱে ৰচা নাম গাই গাই নিজৰে চিত্তক নিজে আনন্দময় কৰি তুলিছিল। পূজা আৰু নাম গোৱাৰ অন্তত তেওঁ বেলি এক কি দুইমান বজাত নিজে এমুঠি ৰান্ধি-বাঢ়ি খাইছিল।

দুপৰীয়া ভাগৰ পলাবলৈ অলপ পৰ জিৰণি লৈ আৰু সেই সময়তে নামঘোষাখন অলপ পঢ়ি অঁতাই পিছত ভাটীবেলা ডোখৰত তাঁত-সূত বৈছিল। এইদৰে তেওঁ তেওঁৰ জীৱনত প্ৰেমময়, পৱিত্ৰ আৰু শান্তিময় কৰি ৰাখিছিল।  তেওঁ মুখত এনেকুৱা এটা সৌন্দৰ্য্য আৰু এধাৰা তেজ হৈছিল যে তাক দেখিলে মানুহে সহজে বুজিব পাৰিছিল যে, এইজনা সাধাৰণ মানৱী নহয়--এইজনা মাতৃ-সদৃশী দেৱী। সাক্ষাৎ মা ভগৱতী। তেওঁৰ পৱিত্ৰ শান্তিময় সৌন্দৰ্য্যই আৰু চকুৰ তেজে তেওঁক এনেকুৱা তেজাল কৰিছিল যে অন্য মানুহে তেওঁৰ ফালে চাই তেওঁক কোনো কুকথা কওক ছাৰি কুকথা ভাবিবলৈকে সাহ নকৰিছিল। তেওঁৰ ব্ৰহ্মচৰ্য্যৰ তেজ এনেকুৱা আছিল যে তেওঁক মানুহে দূৰৈতে থাওক দেৱতায়ো ভয় আৰু ভক্তি কৰিছিল। ডাঙৰীয়া! এতিয়াও মোৰ সেই মাহীলৈ মনত পৰে। এতিয়াও মই মাজে মাজে সেই পৱিত্ৰ মূত্ৰিও সমাজিকত দেখোঁ; এতিয়াও সমাজিকত মাহীয়ে মোক মাজে মাজে দেখা দি কয়--"বাছা নিৰ্ম্মল! তই দুখ পাইছ?" মই কওঁ--"নাই পোৱা মাহী! মই বৈকুণ্ঠত থকা যেন পাইছোঁ।" মাহীয়ে কয়, "বাছা! তই ঠিক বৈকুণ্ঠতে বৈষ্ণৱসকলৰ লগত আছ। কিন্তু বাছা! যেতিয়া এই নশ্বৰ নৰদেহ এৰিবি তেতিয়া বাছা! তই এই বৈকুণ্ঠতকৈও আৰু ভাল বৈকুণ্ঠ পাবি। তোলৈ অতি সুন্দৰ অতি বিতোপন ঘৰ-দুৱাৰ তৈয়াৰ হৈ আছে।"

ডাঙৰীয়া! ক্ষমা কৰিব। ভালেমান বাজে কথা কলোঁ হবলা। যি কি নহওক, আমি দুয়ো গৈ মাহীৰ ঘৰ পোৱা মাত্ৰেই মাহীয়ে আমাক আস্তব্যস্ত কৰি বহুৱাই সুধিলে--"বাছা! ক'লৈ নো আজি ইমান দিনৰ মূৰত আহিলি? এই ছোৱালীজনীনো ক'ৰ? তোৰ ঘৈণীয়েৰ নে কি? যদি ঘৈণীয়েৰ হয় কেতিয়ানো বিয়া পাতিলি? ক'তা মোক দেখোন বিয়ালৈ নামাতিলি। বাইদেউ আৰু ভিনীহিদেৱ ভালে আছেনে?" মাহীৰ এইবিলাক কথাৰ মই যথাযথ উত্তৰ দিলো। তাৰ লগে লগে ৰূপহীনো কোন, তাইকনো মই কেনেকৈ নিছিলো সকলো অকপট চিত্তেৰে কৈ মাহীক আমাক তেওঁৰ ঘৰত আশ্ৰয় দি ৰাখিবলৈ চৰণত ধৰিলোঁ। মাহীয়ে পোন প্ৰথমেই আমি সেইদৰে পলাই যোৱা শুনি আমাক বেয়া বুলিলে। শেহত আমাৰ কাবৌ-কোকালি এৰাব নোৱাৰি ক'লে--"বাৰু বাছাহঁত! তহঁত মোৰ ঘৰতে থাক। ভিনীহিৰ তহঁতলৈ এতিয়া খং উঠি আছে চাগৈ। কেইদিনমান যাওক, খং মাৰ গ'লে মই তহঁতক লৈ গৈ থৈ আহিম। আৰু বাই-ভিনীহিক বুজাই তহঁতৰ বিয়া পাতি দিম। তহঁতৰ যেতিয়া পৰস্পৰলৈ ইমান চেনেহ, ইমান প্ৰকৃত মৰম, তহঁতক মি্ আশীৰ্ব্বাদ কৰিছোঁ। যদি তহঁতৰ মৰম প্ৰকৃত স্বৰ্গীয় মৰমহে হয় তেন্তে এই মৰমেই তহঁতক সিপুৰীৰ স্বৰ্গলৈকো নিব।" এই কথা কৈ মাহীয়ে আমাক তেওঁৰ বেলেগ এডোখৰ ঘৃ দি ৰাখিলে। মই মাহীৰ এক প্ৰকাৰ বনুৱা হলো। মোৰ ৰূপহী মাহীৰ অতি মৰমৰ, অতি যতনৰ পূজা-সেৱাৰ সহায়কাৰিণী, তা-সূত বোৱাৰ লগৰী হ'ল। আমি সুখেৰে কাল কটাব ধৰিলোঁ।

==সপ্তম অধ্যায়==
আমি পলাবৰ পিছদিনা হেনো আমাৰ গাঁৱত বৰ হুলস্থূল লাগিছিল। নিশা নাঘৰৰ ভাওনাতকৈ আমি পলাই অহা বিষয়ে যিখন ভাওনা হৈছিল সি আৰু ধেমেলীয়া। দেউতাই হেনো পোন প্ৰথমেই খঙত একো নাইকিয়া হৈ মোক শাপিছিল--"সি যেতিয়াই মোৰ কথা নুশুনিলে তেতিয়াই তাৰ সুখ নহব। সি তাইৰ সৈতে খাব-ববলৈ নাপাব।" এনেয়ে আমি পলোৱা বেজাৰত তাতে বোপাইৰ অভিশাপ বাক্য শুনি আইৰ হেনো কান্দোনত ঠাই নোহোৱা হৈছিল। বোপায়ে হেনো মোৰ "মুখ নেচাওঁ" বুলি প্ৰতিজ্ঞা কৰিছিল। তাৰপিছত ৰূপহীৰ মাক-বাপেক, ৰূপহীক নিন্দা কৰিবলৈ আৰু সিহঁতৰ এশ ওঠৰটামান নাম থবলৈকো নেৰিছিল। ৰূপহীৰ মাক-বাপেকেও হেনো সেইদৰে মোৰ সাতকুৰি সাতোটামান নাম থৈছিল। কথাত কথা বাঢ়ি হেনো আমাৰ দেউতাৰ আৰু ৰূপহীৰ এখন কিলা-কিলিও হোৱাৰ উপক্ৰম হৈছিল। দেউতাই হেনো ৰূপহীৰ বাপেকক "টোকোনা" "খুজিখোৱা" ইত্যাদি নাম দি কৈছিল--তোৰ সেই বেশ্যা প্ৰকৃতিৰ ছোৱালীয়েই মোৰ গৃহস্থী নাশ কৰিলে। মই মোৰ ল'ৰালৈ অমুক মেধিৰ ছোৱালীজনী খুজিলোঁ। ঘৰেই বা কেনেকুৱা, ছোৱালীয়েই বা কেনে চিকুণ, এইবিলাক সকলো বিবেচনাকে এৰি মোৰ আশা-ভৰসা সোপাকে নাশ কৰি মোৰ ল'ৰাই তোৰ সেই বেশ্যা ছোৱালীজনীৰ ফুচুলনিত এইখন কৰিলে। ওলওঁতে গা দেখুৱাই, সোমাওঁতে গা দেখুৱাই আমি নজনাকৈ থুৰীয়া তামোল দি তাক বলিয়া কৰিলে। ৰূপহীৰ মাক-বাপেকেও হেনো ওলোটাই কৈছিল--"আমাৰ অকালন ছোৱালীজনীয়ে একো নেজানিছিল, তোৰ সেই পঘা-খোৱা, দগধা দুৱাৰ ডাং কটা ল'ৰাটোৰ ফুচুলনিতহে তাই এইদৰে আমাকো তেজি পলাল! আমাৰ ছোৱালী কাৰো ঘৰে-দুৱাৰে যোৱা নাছিল। তোৰ পুতেৰেহে তাইক বিহক বিহুত লঙ দি, খোপাত ফুল খুচি দি বাটে-পথেও মিঠা কৈ ফুচুলাই এতিয়া চুৰ কৰি পলুৱাই নিলে। ধৰিব লাগে কোনে, ধৰে কোনে--"বোলে উলটি চোৰে গিৰীক বান্ধে আৰু চাৰি পোণ গিৰীতে সাধে।" গাঁৱৰ মাইকী মানুহবিলাকে সমস্ত দোষ মোৰ ওপৰত থৈছিল। কিন্তু মতাবিলাকে হ;এ ৰূপহীকে দুষিছিল। শেহত হেনো সকলো পক্ষৰে পৰা থিৰাং হৈছিল যে মই নিৰ্দ্দোষী। কেৱল ৰূপহী হে সৰ্ব্বদোষৰ ভাগী।

==অষ্টম অধ্যায়==
আমাৰ গাঁৱত এইবিলাক হুলস্থূল হলেও আমি পলাই অহা সন্দিকৈ গাঁৱত বিশেষ একো গোলমাল হোৱা নাছিল। ৰূপহীয়ে মাহিৰ সকলোবিলাক বন-বাৰি কৰে, মই খৰি, পাত, মাছ চপাই-কোচাই আনো, মাহীয়ে আনন্দ উলাহেৰে আমাক খাবলৈ-ববলৈ ৰোজ দিয়ে আৰু মাজে মাজে তেওঁ তৈয়াৰ কৰা প্ৰসাদো দিয়ে। এইদৰে মাহীৰ ঘৰত আমাৰ এদিন দুদিনকৈ সুখেৰে দিন কাল যাবলৈ ধৰিলে। প্ৰাণাধিকা ৰূপহীৰে সৈতে প্ৰথম যৌৱনৰ মিলন, মাহীৰ মৰমিয়াল ব্যৱহাৰে আমাক স্বৰ্গসুখী কৰিছিল। মাজে সময়ে আই-বোপাইসকললৈ মনত পৰি অলপ অচৰপ বিষাদ লাগিলেও উভয়ে উভয়ৰ প্ৰীতিপূৰ্ণ, প্ৰেমপূৰ্ণ আলচ-যুকুতিত সেই বিষাদৰ ছায়াক তিষ্ঠিবলৈ ঠাই নিদিছিলোঁ। এইদৰে এমাহ দুমাহকৈ তিনিমাহ গ'ল। মাহীয়ে কবলৈ ধৰিলে--"বাছাহঁত ব'ল, তহঁতক নিজৰ ঘৰত থৈ আহোঁগৈ।" আমি কলোঁ--"মাহী! তুমি আগেয়ে এবাৰ আমাৰ তালৈ যোৱা। যদি বোপাই আইহঁতে আমাক ঘৰলৈ উলটিব দিয়ে আৰু আমাক বিয়া দিবলৈ তেন্তে আমি উলটি যাব পাৰোঁ, নহলে মাহী! আমি চিৰকাললৈ তোমাৰ ঘৰতে থাকিম। তোমাৰ ল'ৰা-ছোৱালী নাই, আমিয়েই তোমাৰ ল'ৰা-ছোৱালী।" মাহীয়ে ক'লে--"বাছাহঁত! তহঁতৰ মাৰ-বাপেৰ আছে। তেওঁবিলাকে এৰি নিদিলে মই কেনেকৈ তহঁতক সদায় ৰাখিম? মইতো ৰাখিব পালে ভালেই পাওঁ; কিন্তু মোৰ সুখ আৰু সুবিধাৰ নিমিত্তে তহঁতক চিৰকাললৈ পিতৃ-মাতৃৰ মনৰ পৰা আঁতৰ কৰাটৌ ভাল নহব।" এইবুলি কৈ মাহী এদিন গাঁৱৰ আন দুনীমান মানুহ লৈ আমাক তেওঁৰ ঘৰতে এৰি লাহন গাঁৱলৈ আহিল; আৰু ৰূপহীৰ মাক-বাপেক মোৰ আই-বোপাই এটাইবিলাককে মাহীয়ে বুজাই বঢ়াই স্থিৰ কৰিলে যে আমাক ওলোটাই নিব লাগে আৰু আমাৰ মনৰ মতনে দুইৰো বিয়া পাতিব লাগে। মাহীৰ এই কথাত হেনো বোপায়ে অনিচ্ছাৰে হলেও আমাক ওলোটাই নিয়াকে স্থিৰ কৰিলে। ধন্য মাহী! ধন্য মাহী! ধন্য শান্তিস্থাপিনী মাতৃ! ডাঙৰীয়া! এতিয়াও মোৰ সেই পৱিত্ৰা, প্ৰেমময়ী, শান্তিময়ী, স্বৰ্গীয়া দেৱী মাহীলৈ মনত পৰে।

পাঁচ ছয় দিনৰ মূৰত ৰূপহীৰ বাপেকক আৰু মোৰ সৰু ভাইটিক লগত লৈ মাহী উলটি আহিল আৰু আমাক লগত লৈ মাহী আকৌ আমাৰ লাহন গাঁৱৰ ঘৰলৈ আহিল। কব নেলাগে আমি উলটি অহাৰ এমাহমানৰ পিছতে আমাৰ দেশ-দস্তুৰ মতে বিয়া হ'ল। আমি সুখী হলোঁ। কবলৈ পাহৰিলোঁ, ডাঙৰীয়া! এই বিয়াত দেউতা সিমান সুখী হোৱা নাছিল। কিন্তু আই আৰু মাহীৰ উলহ-মালহ সকলোতকৈ বেছি হৈছিল। মাহী দৰাৰো মাক, কইনাৰো মাক হৈ বৰ প্ৰীতি লাভ কৰিছিল। পাৰ্য্যমানে পৰক সুখী কৰাই মাহীৰ জীৱনৰ ব্ৰত আছিল। গাঁৱলীয়া গাভৰুহঁতে এই বিয়াত ৰূপহীক যোৰাই গাইছিল--
:জোনাকী ঐ ৰাম--মাৰৰ ঘৰতে
::ঐ--আছিলি ৰূপহী
::ঐ--আছিলি আদৰি তই।
::ঐ--আই-ভাই সৱাকো
::ঐ--তেজিলি ৰূপহী
::ঐ--অকল নিৰ্ম্মলকে পাই।।
::ঐ--বাপেৰক তেজিলি
::ঐ--তেজিলি সোদৰৰ ভাই।
::ঐ--লগৰ লগৰীয়া
::ঐ--ইসবো তেজিলি
::ঐ--অকল নিৰ্ম্মলক পাই।।

ডাঙৰীয়া! মই এইটিও জানিছিলোঁ যে এই বিয়াত বোপাইত বাজেও অনিৰাম নামেৰে আমাৰ সেই সৰু কালৰ লগৰীয়াজনো সুখী হোৱা নাছিল। তাৰ কাৰণ অনিৰামেও ৰূপহীক অন্তৰে সৈতে ভাল পাইছিল; কিন্তু সি লাজকুৰীয়া ডেকা আছিল, লাজতে সি তাৰ সেই প্ৰেম আৰু মৰম কোনো দিনেই ৰূপহীক জানিব নিদিছিল। এতিয়া ৰূপহীৰ পৰৰ লগত বিয়া হোৱা দেখি সি হেনো মানুহৰ আঁৰে আঁৰে কান্দিছিল।

==নৱম অধ্যায়==
এইদৰে সকলো বাধা-বিঘিনিৰ হাত সাৰি ৰূপহীক বিয়া কৰাই মই পৰম সুখী হলোঁ। সংসাৰ মোৰ পক্ষে স্বৰ্গতুল্য বোধ হৈছিল। মই সংসাৰত সকলো বস্তুকেই উজ্জ্বল দেখিবলৈ ধৰিলো। ভবা নাছিলো যে এই সুখৰ দিনৰ ওৰ পৰিল। নেজানিছিলো যে সংসাৰত সুখৰ পিছত দুখ, দুখৰ পিছত সুখ চকৰিত ঘুৰাৰ দৰে ঘূৰি থাকে। নেজানিছিলো যে জগত অনিত্য। কিন্তু ডাঙৰীয়া শুনক, ৰূপহীক বিয়া কৰাই বছেৰেকলৈকে মই স্বৰ্গসুখত আছিলো; কিন্তু ঠিক এবছৰৰ মূৰে পৰা মোৰ ভাগ্য চকৰি ঘূৰিব ধৰিলে। প্ৰথমে বিয়া কৰোৱাৰ এবছৰৰ মূৰতে বোপাই গ্ৰহণী ৰোগত পৰি বৈকুণ্ঠী হ'ল। গোটেই ঘৰৰ ভাল মোৰ মূৰৰ ওপৰত পৰিল। খেতি-বাতিৰ দিহা, হাল, গৰু ৰখা ইত্যদি সকলো কাম মোৰ মূৰত। তাৰ লগে লগে ভাই দুটাক বিয়া-বাৰু কৰাই দিবলগীয়া চিন্তাও হব ধৰিলে। আইহঁতৰ আৰু ৰূপহীৰ সহায়ত, আইৰ দিহাত কোনোৰকমে পিতৃ-কলীয়া গৃহস্থীখন ৰাখিলো। বোপাই ঢুকোৱাত সত্ৰৰ পৰা নিৰ্ম্মালি দি মোকে মেধিও পাতিলে।

মানুহৈ কয় বিপদ হেনো অকলে নাহে। যেতিয়া এবাৰ এটা বিপদ হয়, তাৰ লগে লগে আন বিপদো আহে। বোপাই ঢুকোৱাৰ ছমাহ পিছতে আয়ো বৈকুণ্ঠী হ'ল। এতিয়া সমস্ত জঞ্জাল মোৰ মূৰত। সন্দিকৈ গাঁৱৰপৰা মাহীক আনি লগত ৰাখি ঘৰৰ ভিতৰুৱাল দিহা মেলাৰ পৰা অলপ আজৰি পালো হয়; কিন্তু তাৰ আকৌ ছমাহৰ মূৰতে আমাৰ দেশত বৰ হুলস্থুল লাগিল; মানে আহি দ্বিতীয় বাৰ অসম আক্ৰমণ কৰিলে।

ডাঙৰীয়াজনে সুধিলে--"আতৈ! প্ৰথম বাৰনো মান কেলেই আহিছিল? দ্বিতীয়, তৃত্বীয়বাৰনো কেলেই আহিছিল? আঁতি-গুৰি মাৰি কওকচোন।" নিৰ্ম্ম আতৈ--"ডাঙৰীয়া! আঁতি-গুৰি মাৰি কবলৈ গ'লে ভালেমান কথা। তথাপি মই যিমান দূৰ জানো সংক্ষেপে কওঁ শুনক। ১৭৩০ শকত মোৰ যেতিয়া বয়স ২১ বছৰ তেতিয়া ৺ চন্দ্ৰকান্ত সিংহ অসমৰ ৰজা হ'ল। তেওঁৰ তেতিয়া মুঠেই তেৰ বছৰ। সেইদেখি ৰাজ্য চলোৱাৰ ভাৰ ৰাজমাও দেউতা আৰু বুঢ়াগোঁহাই উভয়ৰে গাত পৰিল। প্ৰৱাদ আছে বুঢ়াগোঁহাই ডাঙৰীয়াৰ আৰু ৰাজমাও দেউতাৰ মিল আছিল। মিল হবৰে কথা; কিয়নো সেই সময়ৰ দৰাচলতে বুঢ়াগোঁহাই ডাঙৰীয়াই সৰ্ব্বে-সৰ্ব্বা আছিল। বৰগোহাঁই, বৰপাত্ৰগোহাঁই দুয়োজনা বুঢ়াগোহাঁয়ে পতা। ৺ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱকো বুঢ়াগোহাঁয়ে ৰজা পাতিছিল। বুঢ়াগোহাঁইৰ ল'ৰা সাতোটা। ধনেজনে সেইকালত বুঢ়াগোহাঁইৰ সমকক্ষ কেৱে নাছিল। বিদ্যা, বুদ্ধি ৰাজনীতি ইত্যাদিতো বুঢ়াগোহাঁই বৰ বিচক্ষণ আছিল ইত্যাদি কাৰণে বুঢ়াগোহাঁইৰে সমস্ত পয়োভৰ আছিল।

ভূত নামেৰে কুকুৰাচোৱা বৰাৰ পুতেক সৎৰাম ৺ চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱৰ সৰু কালৰ ওমলা লগৰীয়া আছিল ৰাজ্যৰ ভাৰ পায়ো স্বৰ্গদেৱে সৎৰামক পাহৰিব নোৱাৰিলে। বুঢ়াগোহাঁই ডাঙৰীয়া আৰু ৰাজমাও দেউতা উভয়কে খেচ্‌খেচাই স্বৰ্গদেৱে সৎৰামক আনি আগৰদৰেই খেলাৰ লগৰী কৰিলে।

ৰজাৰ লগৰীয়া হ'বলৈ পাই হেনো সৎৰাম দিনক দিনে ওফন্দি গঙাটোপটো হ'ল। ৰজাৰ আগত বুঢ়াগোহাঁইৰ বিপক্ষে লগাবলৈ ধৰিলে; বুঢ়াগোহাঁয়েও হেনো তলে তলে সৎৰামৰ ৰেহ-ৰকম চাবলৈ ধৰিলে। সেইবাৰ দুৰ্গাপূজাৰ সময়ত হেন বুঢ়াগোহাঁয়ে নিজ হাতে এটা কিংখাপৰ চোলা তৈয়াৰ কৰি ৰজাক পিন্ধিবলৈ দিছিল। ৰজাই সেই চোলা পিন্ধি ষষ্ঠীৰ দিনা দেৱী-সেৱা কৰিবলৈ যোৱাৰ কথা আছিল। বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰগোহাঁই তিনিওজনে ৰজাক দৰ্শন পাবৰ অভিলাষে চণ্ডী-মণ্ডপত ৰৈ আছিল। সময় পৰত হেনো ৰজাই সেই চোলা পিন্ধাই সৎৰামক চণ্ডী-মণ্ডপলৈ পঠাই দিলে। ডাঙৰীয়া তিনিওজনে সৎৰামকে ৰজা বুলি আঠু লৈ দেখিলে যে ৰজা নহয় সৎৰামহে। তিনিওজনা ডাঙৰীয়া গোট হৈ, ৰজাৰ চ'ৰাঘৰলৈ আহি মেল পাতি ৰজাক সৎৰামৰে সৈতে সেই মেললৈ আহিবলৈ আদেশ কৰি পঠালে। 

ৰজাৰ চ'ৰাত তিনিওজনা ডাঙৰীয়াৰ মেল সেই সময়ত বৰ ডাঙৰ কথা আছিল। সেই মেলতআনকি ৰজাকো ভাঙিব পৰা ক্ষমতা আছিল। ৰজাই শুনি ভয়তে নিজেও নোলাল, সৎৰামকো নপঠালে। ডাঙৰীয়া তিনিজনে হেনো সেই মেলত সৎৰামৰ প্ৰাণদণ্ড বিহি সৎৰামক ধৰি আনিবলৈ আদেশ দিলে। পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ তিনিজন পুতেকে গৈ সৎৰামক ৰজাৰ ওচৰৰ পৰা টানি আনিলে। ৰজাই ডাঙৰীয়া তিনিজনক সৎৰামক প্ৰাণে নেমাৰিবলৈ বৰকৈ কাঊতি-মিনতি জনাই পঠালে। ৰজাৰ অনুৰোধ এৰাব নোৱাৰি হেনো ডাঙৰীয়াসকলে সৎৰামৰ প্ৰাণদণ্ডৰ ব্যৱস্থা গুচাই, তাক মূৰ খুৰাই ঘোল ঢলাই পৰ্ব্ব্তৰ ফাললৈ খেদি পঠালে।

প্ৰৱাদ আছিল গুৱাহাটীৰ বৰফুকনৰ হেনো পূৰ্ণানন্দ বুঢ়াগোহাঁই ডাঙৰীয়াৰ সৈতে পেটে পেটে বৰ অৰিভাব আছিল। সৎৰামক নিৰ্ব্বাসন কৰোঁতে বুঢ়াগোহাঁই ডাঙৰীয়াই জানিলে যে গুৱাহাটীয়া বৰফুকনো সৎৰামৰ লগ। মুঠতে কবলৈ গ'লে গুৱাহাটীৰ বৰফুকন, সৎৰাম, ৰজা এই তিনিজনা এফলীয়া আৰু বুঢ়াগোহাঁই ডাঙৰীয়া আৰু ৰাজমাও উভয়ে আনফলীয়া। বুঢ়াগোহাঁয়ে চণ্ডী-মণ্ডপৰ সেই অপমানতে বৰগোহাঁই আৰু বৰপাত্ৰগোহাঁই  এই দুজনকে তেওঁৰ অভীষ্ট সিদ্ধিৰ নিমিত্তে লগলগাই লবলৈ বৰ সুবিধা পালে। সৎৰামক নিৰ্ব্বাসন কৰি বুঢ়াগোহাঁয়ে তেওঁৰ বিপক্ষৰ সকলো শত্ৰুকে নিপাত কৰিবলৈ ইচ্ছা কৰিলে সেই ইচ্ছা অনুসৰি তেওঁ গুৱাহাটীৰ বৰফুকনক ধৰাই আনিবলৈ তলে তলে কাৰবাৰ কৰিলে। তেওঁৰ বোৱাৰী পিজৌ গাভৰুৱে বুজ পাই তলে তলে বাপেক বৰফুকনলৈ খবৰ পঠালে। বুঢ়াগোহাঁইৰ ফৈদ গৈ পোৱাৰ আগেয়ে বৰফুকন কলিকতালৈ গৈ সেই সময়ৰ লাট চাহাবক অসমখন ইংৰাজৰ অধীনলৈ আনিবলৈ খাটিলে। লাট চাহাবে হেনো সেই কথাত কৰ্ণপাত নকৰাত বৰফুকনে কলিকতাত থকা মান এটাৰে সৈতে মিতিৰালি পাতি মানৰ দেশলৈ গৈ মান ৰজাক জনালে যে বুঢ়াগোহাঁয়ে তেওঁৰ ভাই ৰজাৰ দেশখন ছাৰখাৰ কৰিলে। তেওঁৰ এই কথা বিশ্বাস কৰি মানৰ ৰজাই তেওঁক পোন্ধৰ হেজাৰ মান সৈন্য দি অসম উদ্ধাৰ কৰিবলৈ পঠাই দিলে। তেওঁ শদিয়াৰ বাটেৰে আহি জয়পুৰতে কোঠ মাৰি বহিল।

==দশম অধ্যায়==
যেতিয়া বৰফুকনে এই পোন্ধৰ হেজাৰ সৈন্য লৈ জয়পুৰ পালেহি তেতিয়াহে সেই খবৰ আমাৰ ৰজা আৰু বুঢ়াগোহাঁই ডাঙৰীয়াই পালে। বুঢ়াগোহাঁয়ে নেভাবিছিল যে নাশ্ৰুত-নাভূ এনেকুৱা বিধৰ শত্ৰু আহি অসম ৰাজ্যত সোমাব। ৰজাঘৰৰ সৈন্য-সামন্ত একো সাজু নাছিল। ডাঙৰীয়াসকলে একো উপায় নেপাই ৰংপুৰতে যি পায় সৈন্য-সামন্ত গোটাবলৈ স্থিৰ কৰি চাৰিওফালে কটকী পঠালে। সাত আঠদিনৰ ভিতৰতে আমাৰ অসমীয়াৰ দহ-বাৰ হেজাৰ সৈন্য গোট খালে। বুঢ়াগোহাঁইৰ পুতেক চন্দ্ৰ গোহাঁইদেৱ, ৰুচিনাথ গোহাঁইদেৱ এই দুজনে সেই দহ-বাৰ হেজাৰ সৈন্য লৈ নাজিৰাৰ পৰা প্ৰায় এবেলাৰ বাট আগবাঢ়ি আহি মানেৰে সৈতে ৰণ পাতিলে। অসমীয়া ৰণুৱাৰ হাতত ধেনু-কাঁড়, হিলৈ, মানৰো প্ৰায় সেয়ে অস্ত্ৰ আৰু তাৰ লগতে তৰোৱাল। উভয় দলৰে প্ৰায় তিনিদিন তিনি ৰাতি ৰণ হ'ল। মানো নিজিকে, আমিও নিজিকোঁ। চতুৰ্থ দিনৰ যুঁজত আমাৰ সেনাপতি চন্দ্ৰ গোহাঁইদেৱ পৰিল। তেওঁৰ লগতে আন আন দুই চাৰিজন বীৰ পৰাত আমাৰ বল ক্ষীণ হ'ল। মানহঁতে তৰোৱাল লৈ খেদি আহি আমাৰ সৈন্যেৰে সৈতে হতাহতি যুঁজ কৰি আমাৰ অসমীয়াক ঘটুৱালে। আমাৰ প্ৰায় তিনি চাৰিশ ৰণুৱা সিহঁতে ধৰি বন্দী কৰিলে। ৰুচিনাথ গোহাঁইদেৱে কথমপি প্ৰাণ লৈ উলটি আহি ৰংপুৰত খবৰ বাতৰি দিলেহি। মান জিকা আৰু চন্দ্ৰগোহাঁইদেৱ যুঁজত মৰা শুনি হেন মান আহি নগৰ নৌ পাওঁতেই বুঢ়াগোহাঁইৰ পৰলোক হ'ল। ডাঙৰীয়া! কেৱে কয়, বুঢ়াগোহাঁই ডাঙৰীয়াই তেওঁৰ আঙুলিত থকা হীৰাপতোৱা আঙঠিৰ হীৰা চেলেকি মৰিল। কেৱে কয় তেওঁ বিষ খাই মৰিল। কেৱে কয় তেওঁৰ আগৰে পৰা শৰীৰ অসুস্থ আছিল, তাতে যেতিয়াই আমাৰ পৰাজয় আৰু পুত্ৰ চন্দ্ৰ গোহাঁইৰ মৃত্যুৰ বাতৰি শুনিলে তেতিয়াই মনৰ দুখতে তেওঁৰ ইচ্ছামৃত্যু হ'ল।


[[Category: অসমীয়া]]
[[Category:উপন্যাস]]