Revision 336488 of "যাউতিযুগীয়া ধনে মোৰ অ’" on sourceswiki{{header
| title = যাউতিযুগীয়া
| author = জ্যোতিপ্ৰসাদ আগৰৱালা
| translator =
| section =
| previous = [[মোৰে জীৱনৰে সখা কৃষ্ণ তই]]
| next = [[সেউজী সেউজী সেউজী অ']]
| year =
| portal =
| wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes = জ্যোতি সংগীত
}}
:যাউতিযুগীয়া ধনে মোৰ অ’
প্ৰাণতে দিলা মোক মৰম কুমলীয়া
মনত সোঁৱৰণী সুৱদীয়া
বুকুত ভালে পোৱা অ’ প্ৰাণৰ ধনে
:যাউতিযুগীয়া ধনে মোৰ অ’।
স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া
কল্পনা পূৰাই দিলা মোক অ’
:যাউতিযুগীয়া ধনে মোৰ অ’।
ভাৱত অগণনে হুমুনিয়াহ
অময়া সৌন্দৰ্য্য জীৱন উপচোৱা
থবলৈকে ঠায়ে নোজোৰে অ’
:যাউতিযুগীয়া ধনে মোৰ অ’।
সুখ বিনন্দীয়া মৰণতে বাকি
সৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’
:যাউতিযুগীয়া ধনে মোৰ অ’।
বুজা-নুবুজাৰে হাঁহি কান্দোনৰে
জীৱনত পাতিলা মেলা মোৰ অ’
:যাউতিযুগীয়া ধনে মোৰ অ’।
[[Category:জ্যোতি সঙ্গীত]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?oldid=336488.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|