Revision 336490 of "তুলা আৰু তেজা" on sourceswiki
{{header
| title = তুলা আৰু তেজা
| author = লক্ষ্মীনাথ বেজবৰুৱা
| translator =
| section =
| previous = [[চিলনীৰ জীয়েকৰ সাধু]]
| next = [[কটা যোৱা নাক খাৰণী দি ঢাক]]
| year =
| portal =
| wikipedia = laxminath bezbaruah
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes = বুঢ়ী আইৰ সাধু-ৰ গল্প
}}
এটা চহকী খেতিয়কৰ দুজনী ঘৈণীয়েক আছিল; বৰজনী এলাগী, সৰুজনী লাগী| এলাগীৰ এজনী ছোৱালী আৰু এটা ল’ৰা, নাম তেজা আৰু কানাই| লাগীৰ মুঠেই এজনী ছোৱালী, নাম তুলা| তুলা তেজাতকৈ বয়সত ডাঙৰ আছিল| লাগীজনীয়ে এলাগী আৰু তাইৰ ল’ৰাটোক আৰু ছোৱালীজনীক বৰ দুখ দিছিল| তিৰুতাসেৰুৱা গিৰীয়েকেও লাগীৰ ভয়ত সিহঁতক মৰম কৰিব নোৱাৰিছিল| সিহঁতে ভাল খাব পিন্ধিবলৈ নাপায়| ৰাতিপুৱা তেজা আৰু কানায়ে কৰ্কৰা পঁইতা ভাত এগাল খাই গৰু ৰাখিবলৈ গুচি যায় কিন্তু তুলাই মাকে সৈতে তিনি-তেলনি মাৰি খায়, ভাল কাপোৰ-কানি পিন্ধি মহা সুখে থাকে| গিৰীয়েকে হাল-কোৰ বাই দুপৰীয়া ঘৰলৈ উভতি আহিলে, লাগী সৰুজনী ঘৈণীয়েকে গিৰীয়েকক তপত ভাত, তপত আঞ্জা, নানা ৰকমৰ ভজা, খৰিকাত দিয়া আদি খাবলৈ দি আল ধৰে, কিন্তু কেতিয়াবা এলাগীয়ে গিৰীয়েকক কাবৌ-কোকালি কৰি খাবলৈ মাতি নি নিজৰ ভঙা চালিত পঁইতা ভাত, পোৰা মাছ খাবলৈ দিয়ে আৰু গিৰীয়েকে লাগীৰ ভয়ত লুকাই-চুৰকৈ খায় আৰু বৰ তৃপ্তি পায়| বাস্তৱিকতে দুপৰীয়া হাল-কোৰ বাই তাৰ পঁইতা ভাত, পোৰা মাছ যেনে ভাল লাগে, লাগীৰ তপত আঞ্জা তেনে ভাল নালাগে| লাগীয়ে দেখিলে যে লাহে লাহে গিৰীয়েকে পথাৰৰ পৰা আহি এলাগীৰ ঘৰত ভাত খোৱাটো বাঢ়ি আহিবলৈ ধৰিছে| সেইদেখি তাই এলাগীক কেনেকৈ গিৰীয়েকৰ চকুৰপৰা আঁতৰাব এই কথা ভাবিবলৈ ধৰিলে|
এদিন লাগীয়ে এলাগীক জকাই বাবলৈ মাতি লৈ গ’ল| লাগীৰ জকাইত কেঁকোৰা, কুচিয়া, আঙ্গুলিচেপা আদি উঠিল, এলাগীৰ জকাইত কুঢ়ি, চেনি, লাচোন, ভাঙোন অদি ভাল ভাল মাছ উঠিল| এনে হোৱা দেখি এলাগীৰ ওপৰত লাগীৰ নথৈ খং উঠিল| জকাই বাই উঠি দুয়ো গা ধুবলৈ বুলি এটা বৰ-পুখুৰীৰ দলঙত উঠিল| লাগীয়ে এলাগীক ক’লে, ”বাই, মোৰ পিঠিখন ভালকৈ ঘঁহি দিয়া, বোকা আৰু মলিৰে টাটৰি বান্ধিছে| মোৰ ঘঁহা হৈ গ’লে তোমাৰ পিঠিখনো মই ঘঁহি দিম|” লাগীৰ কথা শুনি এলাগীয়ে লাগীৰ পিঠি ঘঁহি দিয়াৰ পিছত লাগীয়ে এলাগীৰ পিঠি ঘঁহিবলৈ ধৰিলে আৰু ঘঁহি থাকোঁতেই ”বৰকাছ হগৈ” বুলি তাইক মন্ত্ৰ মাতি এলাগীক হেঁচা মাৰি পুখুৰীত পেলাই দিলে| তাৰ পিছত এলাগীৰ জকাইখন তাই গচকি ভাঙি হাবিলৈ দলিয়াই পেলাই দি ঘৰলৈ গুচি আহিল| এই কথা কোনেও নেদেখিলে, কোনেও নেজানিলে| মাকক নেদেখি এলাগীৰ ল’ৰা-ছোৱালী হালে সুধিলে, ”মাহী, মাহী আমাৰ আই ক’লৈ গ’ল দেখিছিলানে?” মাহীয়েকে সিহঁতক জোকোৰা মাৰি ক’লে, ”মই কেনেকৈ কম? তহঁতৰ মাৰ ক’লৈ যায়, কিবা মোক সুধি যায়নে?” গিৰীয়েকে লাগীৰ ভয়ত এলাগীৰ বৰকৈ বিচাৰ নকৰিলে| সি ভাবিলে তাই ক’ৰবাত কিবা হৈ মৰিল| ল’ৰা-ছোৱালীহালে মাকক বিচাৰি বিচাৰি ক’তো নাপাই কান্দি-কাটি থাকিল| পিছদিনা পুৱা সিহঁতে নিয়মমতে গৰু ৰাখিবলৈ গ’ল, কাৰণ নগৈ বহি থাকিলে লাগীৰ হাতত সিহঁতে গালি আৰু মাৰ খাবই লাগিব|
এইদৰে সিহঁতে মনৰ বেজাৰত কান্দি-কাটি গৰু ৰখি ফুৰোঁতে এদিন ৰ’দত সিহঁতৰ বৰ পিয়াহ লগাত সেই বৰ-পুখুৰীটোৰ পৰা পানী খাবলৈ গ’ল| ভৰ দুপৰীয়া সকলো নিমাত আৰু পুখুৰীৰ পাৰ নিজান| এনেতে সিহঁতৰ মাক বৰকাছজনীয়ে পানীৰপৰা বামলৈ উঠি আহি সিহঁতক মাতিলে,”মোৰ মইনা তেজা আৰু কানাই, মাহীয়েৰে মোক ইয়াতে গতা মাৰি পেলাই বৰকাছ হ বুলি বৰকাছ কৰি গুচি গ’ল| তহঁতৰ মুখ শুকাই আছে, তহঁতে একো খোৱা নাই| মই জলকুঁৱৰীৰ পৰা পৰমান আনিছোঁ, তহঁতে কচুপাত দুটা ছিঙি আনি এই পৰমান খা| কিন্তু এই কথা তহঁতে কাকো নক’বি| মাহীয়েৰাই গম পালে মোক মাৰি পেলাব| দিনৌ দুপৰীয়া মই তহঁতক পৰমান খাবলৈ দিম, তহঁতে আহি এইদৰে খাই যাবিহি|” মাকৰ কথা শুনি দুয়ো কচুপাত দুটা ছিঙি আনি পাতি এই পৰমান খাই গৰু চৰাই অঁতাই ঘৰলৈ গুচি আহিল| সিহঁতে নিতৌ এইদৰে পুখুৰীৰ পাৰত পৰমান খাই চিকণ হৈ উঠিল| মাহীয়েকে সিহঁতৰ শ্ৰী দেখি ভাবিলে, ”মই ইহঁতক ভলকৈ খাবলৈ নিদিওঁ অথচ ইহঁত দিনে দিনে চিকণ হৈহে আহিছে| ইহঁতৰ মুখৰ বৰং কেঁচা সোণযেন হৈছে| মোৰ তুলাক ইমানকৈ খুৱাওঁহে খুৱাওঁ তেও দেখোন তাই এনে হ’ব নোৱাৰে| ইয়াৰ কাৰণ কি? ইহঁতে গৰু চৰাবলৈ যাওঁতে নিশ্চয় ক’ৰবাত কিবা খায়|” ইয়াকে ভাবি তাই পিছদিনা তুলাক সিহঁতৰ লগত গৰু চৰাবলৈ পঠিয়াই দিলে, তেজা আৰু কানায়ে ক’ত কি খায় চাই থাকিবলৈ মনে মনে শিকায়ো দিলে| সেইদিনা তেজা, কানাই আৰু মাক বৰকাছ মহা আহুকালত পৰিল, কাৰণ তুলাই তেজা আৰু কানাইৰ লগকে নেৰে| তেজাই এবাৰ বুধি কৰি তুলাক দূৰৰ পৰা এটা গৰু খেদি আনিবলৈ ক’লত, তুলাই গৰুটো খেদি আনিবলৈ গ’ল| তুলা আঁতৰি গ’লতে তত্ক্ষণাত্ বৰকাছজনী ওলাই সিহঁত দুয়োকে খাবলৈ দি গুচি গ’ল আৰু সিহঁতে লৰালৰিকৈ খাই পাত দুখন দলিয়াই পেলালে| ঠিক এনে সময়তে তুলাই দূৰৰ পৰা সিহঁতে কিবা খোৱা যেন দেখি লৰি আহি ক’লে, ”তহঁতে কি খালিহঁক, মই কাবৌকৈ মাতিছোঁ মোকো দে|” তুলাৰ কাবৌ এৰাব নোৱৰি সিহঁতে তুলাক ক’লে, ”আৰুতো একো নাই, বাৰু তই সেই পাতখনকে চেলেক, কিন্তু এই কথা মাৰৰ আগত নকবি; ক’লে আৰু তোক কেতিয়াও খাবলৈ নিদিওঁ|” তুলাই পাত দুখন বুটলি আনি চেলেকিবলৈ ধৰিলে| সেইদিনা তুলা ঘৰলৈ উভতি আহিলত মাকে তুলাৰো মুখখন পকা সুমথিৰা যেন হৈ অহা দেখি বুজিলে যে তায়ো সিহঁতৰ লগতে আজি কিবা খালে| তুলাক মাকে লৰালৰিকৈ ভিতৰলৈ মাতি নি সুধিলে, ”সিহঁতৰ লগত কি খালি ক?” তুলাই কোনোমৰে নকয়| শেহত মাকে তাইৰ চকুত জলকীয়া সানি দিবৰ ভয় দেখুৱালত তাই সৈ কাঢ়ি সকলো কথা কৈ দিলে| মাকে তেতিয়া বুজি উঠিল যে বৰকাছ হোৱা সতিনীয়েকেহে পুতেক-জীয়েকক কিবা খাবলৈ দিয়ে| ইয়াকে বুজি তাই বৰকাছজনী মাৰিবলৈ বুধি পাতিলে| তাই শোৱাপটীৰ তলত খোলাকটি কিছুমান থৈ তাইৰ নৰিয়া হৈছে বুলি শুই থাকিল| গিৰীয়েকে কি হৈছে বুলি তাইক সুধিলত তাই উস্-আস্ কৰি ইকাতি-সিকাতি কৰে আৰু খোলাকটিবোৰ মেৰ্মেৰাই উঠে| গিৰীয়েকে অনেক কৈ সুধিলত তাই ক’লে,”উস্!মোৰ বৰ নৰিয়া| মোৰ হাড়ে-মূৰে ভাগি যাবলৈ ধৰিছে| মোৰ প্ৰাণ যায়|” ঘৈণীয়েকৰ অৱস্থা দেখি গিৰীয়েকে বৰ ভয় খাই মঙ্গলতী বুঢ়ীক মাতি আনি ঘৈণীয়েকৰ নৰিয়া কি কৰিলে ভাল হ’ব সুধি মঙ্গল চোৱালে| মঙ্গলতীক লাগীয়ে আগেয়েই ৰূপ-বান খুৱাই শিকাই থৈছিল যে, ”তোক মোৰ গিৰিহঁতে মঙ্গল চাবলৈ মাতিলে তই কবি যে বৰপুখুৰীত থকা বৰকাছজনী মাৰি খুৱালেই মোৰ নৰিয়া ভল হ’ব|” মঙ্গলতীয়ে সেই সিকনি মতেই মঙ্গল চাই ক’লত গিৰীয়েকে সকলো ৰাইজক বৰপুখুৰীৰ কাছজনী ধৰি দিবৰ নিমিত্তে ভাৰসা কৰি ক’লে| ৰাইজ সন্মত হৈ গ’ল| কুলুকি, জাল লৈ কাছ ধৰিবলৈ আহিল| ৰাইজ অহাৰ আগতেই এই কথা ভূ পাই ল’ৰা-ছোৱালীহালে মনে মনে কান্দি-কান্দি মাক বৰকাছক সেই বাতৰি ক’লত, মাকে সিহঁতক ক’লে, ”মই কাৰো জাল, প’লত নপৰোঁ| সিহঁতে যেতিয়া মোক ধৰিব নোৱাৰি ভাগৰি উঠি যাব, তেতিয়া তহঁতে ভগা জকাই এখন লৈ আহিবি, মই তাতে উঠিম| কিন্তু মোক মাৰি যেতিয়া মোৰ মঙহ বাছি তহঁতক খাবলৈ দিব, তহঁতে নাখাবি| তহঁতে সেইদিনা তেল-খাৰণীৰে ভাত খাই থাকিবি| মোৰ আগ-হাতোৰা দুটা তহঁতে কাছ বাছোতাক খুজি লৈ এই পুখুৰীৰ পাৰতে পুতি থ’বি| তাতে মই এজোপা জবা ফুলৰ গছ হৈ থাকিম| সেয়ে তহঁতক দুখত তাৰিব|” এইবুলি সিহঁতক বুজনি দি মাকে পঠিয়াই দিলে|
কাছ ধৰিবৰ মনেৰে গঞা মানুহ গৈ পুখুৰীত নামিল| প’ল, জুলুকি, জাল বাই পানী ঘোলা কৰিলে; কিন্তু কোনেও কাছ ধৰিব নোৱাৰিলে| শেহত ভাগৰি সকলো পাৰত উঠিলত তেজা আৰু কানায়ে ভগা জকাই এখন লৈ গৈ ৰাইজক ক’লে যে, ”আমি এই জকাইৰেই কাছ ধৰি দিব পাৰোঁ| ৰাইজে সিহঁতৰ কথা শুনি হাঁহি-খিকিন্দালি মাৰি ক’লে, ”বাৰু অ’ ভেটোগুটি দুটাই কাছ ধৰে হেনো| বাৰু ধৰচোন চাওঁহঁক|” ইয়াৰ পিছত তেজাই জকাইখনেৰে দুচাব কি চাৰি চাব মাৰিলতে কাছ জকাইত উঠিল| ৰাইজে দেখি আচৰিত মানিলে|
ইফালে লাগীয়ে যেতিয়া সেই বৰকাছ ধৰ পৰিছে বুলি শুনিলে তেতিয়া গা ভাল পাইছোঁ বুলি শোৱাপাটীৰ পৰা উঠি বহিল| বৰকাছজনী চোতালত পেলাই কাটি থাকোঁতেই ল’ৰা-ছোৱালীহালে কাছ কাটোতাক খুজি আগ-হাতোৰা দুটা লৈ মনে মনে পুখুৰীৰ পাৰত পুতি থ’লেগৈ| সকলোৱে কাছৰ আঞ্জাৰে ভাত খালে, কিন্তু তেজা আৰু কানায়ে ভাতৰ পাতৰ তলত গাঁত খান্দি লৈ সেইবোৰ পুতি থৈ তেল-খাৰণী খুজি লৈ তাৰে ভাত খাই উঠি গুচি আহিল|
সিহঁতে পুখুৰীৰ পাৰত য’ত সেই হাতোৰা দুটা পুতি থৈছিল, তাতে এজোপা জৰাটেঙা আৰু এজোপা জবা ফুলৰ গছ হ’ল| জবা গছজোপা সুন্দৰ মনোমোহা জবা ফুলেৰে জক্মকাবলৈ ধৰিলে আৰু জৰাজোপাতো সুন্দৰ জৰাটেঙা উপচি লাগিল| তেজা আৰু কানায়ে নিতৌ গৰু চৰাবলৈ গৈ সেই গছ দুজোপাৰ তলতে বহি জিৰাই সৈতে কথা পাতি থাকে|
[[Category:বুঢ়ী আইৰ সাধু]]All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?oldid=336490.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|