Difference between revisions 104260 and 104261 on aswiki

  গোলকীয় উষ্ণতা বৃদ্ধি বর্তমান বিশ্বত এটা প্রধান আন্ত:ৰাষ্ট্রীয় সমস্যাৰূপে চিহ্নিত হৈছে। এই সমস্যা এবছৰ বা দুবছৰতে গা কৰি উঠা সমস্যা নহয়। বহু বছৰ আগৰ পৰাই উষ্ণতা বৃদ্ধি কাৰক গ্রীন হাউছ গেছ মানুহে অত্যধিক পৰিমাণে সৃষ্টি কৰি অহাৰ কাৰণেহে গোলকীয় উষ্ণতা বৃদ্ধি আৰু তাৰ লগে লগে জলবায়ুৰ পৰিৱর্তন হ’ব ধৰিছে। গ্রীন হাউছ গেছবিলাকৰ ভিতৰত কেৱল কার্বন-ডাই-অক্সাইড গেছেহে উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে বুলি পৰিবেশ বিজ্ঞানী তথা সচেতন মহলে মত প্রকাশ কৰিছে। শিল্প বিপ্লৱ আৰম্ভ হোৱা দিনৰ পৰা কার্বন-ডাই-অক্সাইড সৃষ্টিৰ পৰি(contracted; show full)

১৯৯৯ চনৰ গ্রীন হাউছ গেছ উৎপাদনকাৰী দেশৰ গড় হিচাপ বছৰে প্রতি তলত উল্লেখ কৰা ধৰণেৰে পোৱা যায়-

 আমেৰিকা যুক্তৰাষ্ট্র- ৫.৬০ টন/প্রতি ব্যক্তি

 ছোভিয়েট ৰাছিয়া- ২.৭২ টন/ প্রতি ব্যক্তি


  ইউৰোপিয়ান ইউনিয়ন- ২.৪০ টন/ প্রতি ব্যক্তি

 জাপান- ২.৪০ টন/প্রতি ব্যক্তি

 চীন- ০.৫৩ টন/ প্রতি ব্যক্তি

 ভাৰত- ০.২৫ টন/ প্রতি ব্যক্তি

      ওপৰত উল্লেখ কৰা তথ্যসমূহৰ পৰাই অসমতাৰ ছবিখন জলজল পটপটকৈ ওলাই পৰে। গতিকে উন্নত দেশবোৰে গ্রীন হাউছ গেছ কমোৱাৰ যথোচিত ব্যৱস্থা লোৱা দৰকাৰ।

        গোলকীয় উষ্ণতা বৰ্তমানৰ নিচিনাকৈ বৃদ্ধি পাই থাকিলে পৃথিৱীত মানুহ আৰু বিভিন্ন প্ৰজাতি তিষ্ঠি থকা টান হৈ পৰিব| সমীক্ষা অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে অহা ২৫ বছৰ পিছত প্ৰতিবছৰে মানুহ তিনি লাখ মৃত্যু মুখত পৰাৰ সম্ভাৱনা আছে| সাগৰ মহাসাগৰৰ পানী ২০ ফুট পৰ্য্যন্ত বৃদ্ধি পাব পাৰে আৰু বিশ্বৰ উপকুলীয় অঞ্চলবিলাক সাগৰীয় পানীয়ে বুৰাই পেলোৱাৰ সম্ভাৱনা আছে| গৰম দীৰ্ঘদিনীয়া আৰু তীব্ৰ হ’ব লগতে পৃথিৱীৰ সাম্ভাব্য উষ্ণতা ২.৮ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪.০ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাটো নিশ্চিত আৰু এই তাপমাত্ৰা ৬.৪ ডিগ্ৰী (contracted; show full)েছ কমোৱাতকৈ পৰিৱেশৰ বিশেষ ক্ষতি নকৰাকৈ উন্নয়ন আৰু সেউজীয়া আৱৰণ গঢ়ি তোলাত বেছি গুৰুত্ব দিছে| গতিকে চীন দেশৰ নিচিনাকৈ বিশ্বৰ বাকীবোৰ দেশেও যদি নিজৰ কোনো গভীৰ ক্ষতি নোহোৱাকৈ গোলকীয় উষ্ণতা বৃদ্ধিত বাধা প্ৰদান কৰে আৰু বৰ্তমানৰ জগতখনক গোলকীয় সুস্থিৰ পৰিৱেশেৰে আবৰাত যত্নপৰ হয় তেতিয়া হ’লে আমি জীৱ শ্ৰেষ্ঠ মানৱ জাতিয়ে এখন মঞ্চৰ তলত একগোট হৈ নিজৰ নাতি, পো-নাতিক এখন সেউজীয়া বিশ্বলৈ আদৰি আনিব পাৰিম নাইবা এখন সেউজীয়া ধৰা অনুজ সকলক উপহাৰ দিব পাৰিম| 

(সমলঃ বিভিন্ন বাতৰি কাকতত প্ৰকাশ হোৱা পৰিৱেশ সম্বন্ধীয় লেখা)