Difference between revisions 104261 and 104314 on aswiki

{{প্ৰতিলিপি}}
গোলকীয় উষ্ণতা বৃদ্ধি বর্তমান বিশ্বত এটা প্রধান আন্ত:ৰাষ্ট্রীয় সমস্যাৰূপে চিহ্নিত হৈছে। এই সমস্যা এবছৰ বা দুবছৰতে গা কৰি উঠা সমস্যা নহয়। বহু বছৰ আগৰ পৰাই উষ্ণতা বৃদ্ধি কাৰক গ্রীন হাউছ গেছ মানুহে অত্যধিক পৰিমাণে সৃষ্টি কৰি অহাৰ কাৰণেহে গোলকীয় উষ্ণতা বৃদ্ধি আৰু তাৰ লগে লগে জলবায়ুৰ পৰিৱর্তন হ’ব ধৰিছে। গ্রীন হাউছ গেছবিলাকৰ ভিতৰত কেৱল কার্বন-ডাই-অক্সাইড গেছেহে উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে বুলি পৰিবেশ বিজ্ঞানী তথা সচেতন মহলে মত প্রকাশ কৰিছে। শিল্প বিপ্লৱ আৰম্ভ হোৱা দিনৰ পৰা কার্বন-ডাই-অক্সাইড সৃষ্টিৰ পৰি(contracted; show full)েছ কমোৱাতকৈ পৰিৱেশৰ বিশেষ ক্ষতি নকৰাকৈ উন্নয়ন আৰু সেউজীয়া আৱৰণ গঢ়ি তোলাত বেছি গুৰুত্ব দিছে| গতিকে চীন দেশৰ নিচিনাকৈ বিশ্বৰ বাকীবোৰ দেশেও যদি নিজৰ কোনো গভীৰ ক্ষতি নোহোৱাকৈ গোলকীয় উষ্ণতা বৃদ্ধিত বাধা প্ৰদান কৰে আৰু বৰ্তমানৰ জগতখনক গোলকীয় সুস্থিৰ পৰিৱেশেৰে আবৰাত যত্নপৰ হয় তেতিয়া হ’লে আমি জীৱ শ্ৰেষ্ঠ মানৱ জাতিয়ে এখন মঞ্চৰ তলত একগোট হৈ নিজৰ নাতি, পো-নাতিক এখন সেউজীয়া বিশ্বলৈ আদৰি আনিব পাৰিম নাইবা এখন সেউজীয়া ধৰা অনুজ সকলক উপহাৰ দিব পাৰিম| 

(সমলঃ বিভিন্ন বাতৰি কাকতত প্ৰকাশ হোৱা পৰিৱেশ সম্বন্ধীয় লেখা)