Difference between revisions 104261 and 104314 on aswiki

{{প্ৰতিলিপি}}
গোলকীয় উষ্ণতা বৃদ্ধি বর্তমান বিশ্বত এটা প্রধান আন্ত:ৰাষ্ট্রীয় সমস্যাৰূপে চিহ্নিত হৈছে। এই সমস্যা এবছৰ বা দুবছৰতে গা কৰি উঠা সমস্যা নহয়। বহু বছৰ আগৰ পৰাই উষ্ণতা বৃদ্ধি কাৰক গ্রীন হাউছ গেছ মানুহে অত্যধিক পৰিমাণে সৃষ্টি কৰি অহাৰ কাৰণেহে গোলকীয় উষ্ণতা বৃদ্ধি আৰু তাৰ লগে লগে জলবায়ুৰ পৰিৱর্তন হ’ব ধৰিছে। গ্রীন হাউছ গেছবিলাকৰ ভিতৰত কেৱল কার্বন-ডাই-অক্সাইড গেছেহে উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে বুলি পৰিবেশ বিজ্ঞানী তথা সচেতন মহলে মত প্রকাশ কৰিছে। শিল্প বিপ্লৱ আৰম্ভ হোৱা দিনৰ পৰা কার্বন-ডাই-অক্সাইড সৃষ্টিৰ পৰিমাণ বৃদ্ধি পাই আহিছে।

কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কমাবৰ কাৰণে মাজে সময়ে বিশ্ব শীর্ষ সন্মিলন পাতি বিজ্ঞানীসকলে আলোচনা বিলোচনা কৰি আহিছে। উদাহৰণ স্বৰূপে ১৯৯২ চনত ৰাষ্ট্রসংঘৰ পৰিচালনাত বিশ্বৰ ১৮৯খন দেশৰ প্রতিনিধিৰ দ্বাৰা ৰিঅ’ডি জেনেৰিঅ’ত শীর্ষ সন্মিলন অনুষ্ঠিত হৈছিল। সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্র, চীন, ভাৰত আৰু ইউৰোপিয়ান দেশবিলাকৰ সকলো প্রতিনিধি উপস্থিত আছিল। এই সন্মিলনতে গ্রীন হাউছ গেছবিলাকৰ নির্গমন পৰৱর্তী বছৰবিলাকত কম কৰাৰ কাৰণে সিদ্ধান্ত গ্রহণ কৰিছিল। জলবায়ুৰ পৰিৱর্তন ৰোধ কৰাৰ কাৰণে এই সিদ্ধান্ত লোৱা অপৰির্হায আছিল। কিন্তু কার্যক্ষেত্রত পৰৱর্তী বছৰবিলাকত ইয়াৰ প্রতিফলন নঘটিল। ফলস্বৰূপে এনেকুৱা গেছ উৎপাদন কৰাৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে। উদাহৰণস্বৰূপে আটাইতকৈ বেছি কার্বন-ডাই-অক্সাইড গেছ উৎপাদন কৰা দেশ আমেৰিকা যুক্তৰাষ্ট্রত বর্তমানেও, অর্থাৎ সিদ্ধান্ত গ্রহণ কৰাৰ ১৫ বছৰৰ পিছতো ইয়াৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে। উপযুক্ত ব্যৱস্থা নল’লে আগন্তুক বছৰবিলাকত আৰু বেছি বৃদ্ধি পাই থকাৰ সম্ভাৱনা আছে। আমেৰিকা যুক্তৰাষ্ট্রই ১৫ বছৰ আগতেই ব্যৱস্থা লোৱাৰ কথা প্রকাশ পাইছে যদিও কার্যক্ষেত্রত কার্বন-ডাই-অক্সাইডৰ নির্গমনৰ মাত্রা কম হোৱা দেখিবলৈ পোৱা নাযায়। ঠিক তেনেদৰে ২০০১ চনত অনুষ্ঠিত কিউটো সন্মিলনে কার্বন-ডাই-অক্সাইড কমোৱাৰ বাবে কর্ম-পদ্ধতি আৰু ৰীতি-নীতি প্রস্তুত কৰি উলিয়াইছিল। কিন্তু আমেৰিকাৰ ৰাষ্ট্রপতি জর্জ বুশ্বে কিউটোৰ প্রস্তাৱত চহী কৰা নাছিল।

গ্রীন হাউছ গেছ, অর্থাৎ কার্বন-ডাই-অক্সাইডৰ উৎপাদন শিল্প উদ্যোগত কম কৰাটো মূল বিষয় হিচাপে লৈ ইতিমধ্যে জি-৮ দেশসমূহৰ জার্মানীৰ হেলিজানডামত হোৱা সন্মিলন অন্ত পৰিছে। ১৯৮৫ চনৰ ২২ ছেপ্টেম্বৰত কানাডা, ফ্রান্স, জার্মানী, ইটালী, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্র আৰু ১৯৯৮ চনত ছোভিয়েট ৰাছিয়াই যোগদান কৰা বিশ্বৰ আর্থিকভাৱে উন্নত এই দেশসমূহকে জি-৮ নামেৰে জনা যায়। জি-৮ সন্মিলনে গ্রীন হাউছ গেছ কমাই জলবায়ু পৰিৱর্তন হোৱাৰ পৰা ৰক্ষা পাবৰ কাৰণে আলোচনা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্রই কিউটো প্রট’কলক সমর্থন নজনালেও এইবাৰ গ্রীন হাউছ গেছ কম কৰাৰ বাবে প্রচেষ্টা চলাবলৈ মনস্থ কৰিছে। সন্মিলনত জার্মানীৰ চেন্সেলৰ এঞ্জেলো মাৰকেলে আগবঢ়োৱা প্রস্তাৱ অনুসৰি ১৯৯০ চনত বিশ্বত থকা কার্বন-ডাই-অক্সাইডৰ মাত্রা কমাই ২০৫০ চনত আধালৈ ৰূপান্তৰিত কৰাৰ কাৰণে প্রস্তাৱ দিছে লগতে সন্মিলনে চীন, ভাৰত, ব্রাজিল, দক্ষিণ আফ্রিকা, মেক্সিকো আদি উন্নয়নশীল দেশসমূহেও গ্রীন হাউছ গেছ উৎপাদন ৰোধ কৰিবলৈ ব্যৱস্থা লোৱাৰ হকে হেঁচা প্রয়োগ কৰিছে।

বর্তমান বিশ্বত জমা হৈ থকা গ্রীন হাউছ গেছবোৰৰ স্রষ্টা প্রকৃততে উন্নত দেশবিলাকহে। ভাৰতৰ নিচিনা উন্নয়নশীল বা অনুন্নত দেশবোৰ নহয়। সমীক্ষা অনুসৰি বিশ্বৰ ৮৩ শতাংশ গ্রীন হাইছ গেছ কেৱল জি-৮ দেশকেইখনেই প্রস্তুত কৰে। জনসংখ্যাৰ ফালৰ পৰা ইয়াৰ অনুপাত কেৱল ১৩ শতাংশ। অকল আমেৰিকা যুক্তৰাষ্ট্রই বিশ্বৰ ২৫ শতাংশ গ্রীন হাউছ উৎপাদন কৰে, যাৰ নেকি অনুপাত কেৱল চাৰি শতাংশহে। চীনৰ লগত তুলনা কৰিলে আমেৰিকাৰ গ্রীন হাউছ গেছৰ উত্‍পাদন ছয় গুণ পৰিমাণৰ হয় আৰু ভাৰতৰ লগত ১৮ গুণ। আমেৰিকা যুক্তৰাষ্ট্রৰ পিছতে চীন সর্বাধিক গ্রীন হাইছ গেছ সৃষ্টিকাৰী দেশ আৰু এনেদৰে চলি থাকিলে অহা ২৫ বছৰত চীনৰ গ্রীন হাউছ প্রস্তুত কৰাৰ মাত্রা আমেৰিকা যুক্তৰাষ্ট্র, ইউৰোপিয়ান ইউনিয়ন আৰু জাপানৰ গেছ উৎপাদনৰ যোগফলৰ দুগুণ হ’বগৈ। কিন্তু প্রতিজন ব্যক্তিৰ গড় হিচাপত প্রকাশ কৰিলে উন্নত দেশ সমূহৰ মাত্রা যথেষ্ট বেছি হয়।    

১৯৯৯ চনৰ গ্রীন হাউছ গেছ উৎপাদনকাৰী দেশৰ গড় হিচাপ বছৰে প্রতি তলত উল্লেখ কৰা ধৰণেৰে পোৱা যায়-

 আমেৰিকা যুক্তৰাষ্ট্র- ৫.৬০ টন/প্রতি ব্যক্তি

 ছোভিয়েট ৰাছিয়া- ২.৭২ টন/ প্রতি ব্যক্তি

 ইউৰোপিয়ান ইউনিয়ন- ২.৪০ টন/ প্রতি ব্যক্তি

 জাপান- ২.৪০ টন/প্রতি ব্যক্তি

 চীন- ০.৫৩ টন/ প্রতি ব্যক্তি

 ভাৰত- ০.২৫ টন/ প্রতি ব্যক্তি

ওপৰত উল্লেখ কৰা তথ্যসমূহৰ পৰাই অসমতাৰ ছবিখন জলজল পটপটকৈ ওলাই পৰে। গতিকে উন্নত দেশবোৰে গ্রীন হাউছ গেছ কমোৱাৰ যথোচিত ব্যৱস্থা লোৱা দৰকাৰ।

গোলকীয় উষ্ণতা বৰ্তমানৰ নিচিনাকৈ বৃদ্ধি পাই থাকিলে পৃথিৱীত মানুহ আৰু বিভিন্ন প্ৰজাতি তিষ্ঠি থকা টান হৈ পৰিব| সমীক্ষা অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে অহা ২৫ বছৰ পিছত প্ৰতিবছৰে মানুহ তিনি লাখ মৃত্যু মুখত পৰাৰ সম্ভাৱনা আছে| সাগৰ মহাসাগৰৰ পানী ২০ ফুট পৰ্য্যন্ত বৃদ্ধি পাব পাৰে আৰু বিশ্বৰ উপকুলীয় অঞ্চলবিলাক সাগৰীয় পানীয়ে বুৰাই পেলোৱাৰ সম্ভাৱনা আছে| গৰম দীৰ্ঘদিনীয়া আৰু তীব্ৰ হ’ব লগতে পৃথিৱীৰ সাম্ভাব্য উষ্ণতা ২.৮ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪.০ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাটো নিশ্চিত আৰু এই তাপমাত্ৰা ৬.৪ ডিগ্ৰী চেলচিয়াছলৈয়ো বৃদ্ধি পাব পাৰে| ২০৫০ চনৰ ভিতৰত এক বিলিয়ন প্ৰজাতি বিলুপ্তি ঘটিব| দুই-তিনি দশকৰ পিছত হিমালয়ৰ বৰফ খণ্ড গলি বৰ্তমানৰ পাঁচলাখ বৰ্গফুটৰ ঠাইত একলাখ বৰ্গফুট হবগৈ লগতে উষ্ণতা বৃদ্ধিৰ ফলত সুমেৰুৰ বৰফ আচ্ছাদন, গ্ৰীনলেণ্ডৰ তুষাৰ স্তৰ, এণ্টাৰ্কটিকাৰ বিস্তীৰ্ণ বৰফাচ্ছাদন গলি সাগৰ পৃষ্ঠৰ উচ্চতা প্ৰায় তিনি ফুটৰ পৰা পাঁচ ফুটলৈ বাঢ়ি যাব আৰু এনে অৱস্থা হ’লে বিশ্বৰ জনগনৰ মাজলৈ মহা প্ৰলয় নামি অহা স্বাভাৱিক|

আমেৰিকা যুক্তৰাষ্ট্ৰ‍ই ২০০১ চনত কিউটো চহৰত বহা বিশ্বৰ শীৰ্ষ সন্মিলনৰ গ্ৰীন হাউচ গেছ কমোৱাৰ বাবে থিৰাং কৰা কৰ্মৰাজি আৰু ৰীতি-নীতি মানি ল’ব খোজা নাছিল| কেইবছৰমানৰ পিছত যেতিয়া “কাট্ৰিনা” নামৰ সামুদ্ৰিক বা-মাৰলি আহি আমেৰিকাৰ এটা বৃহত্‍ অঞ্চল ছেদেলি-ভেদেলি কৰি পেলালে, তেতিয়াহে গ্ৰীন হাউচ গেছ নিৰ্গমন ৰোধ কৰাৰ কথা চিন্তা কৰিছে| সেই হিচাপে কেলিফৰ্ণিয়াৰ গৱৰ্ণৰে গ্ৰীনহাউচ গেছৰ মাত্ৰা ২০১০ চনত ১ শতাংশ, ২০২০ চনত ২৫ শতাংশ আৰু ২০৫০ চনত ৮০ শতাংশ কৰ্তন কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছে| গ্ৰীন হাউচ গেছ সৃষ্টিকাৰী উত্‍সৰ পৰা বিদ্যুত্‍ নলৈ নিউয়িৰ্ক বিশ্ববিদ্যালয়ে বতাহ শক্তিৰ পৰা উদ্ভাৱন কৰা ১১৮ কিলোৱাট বিদ্যুত্‍ শক্তি কিনি লোৱাৰ কথা বিবেচনা কৰিছে| এনে কৰাৰ কাৰণে খৰচৰ মাত্ৰা কিছু বেছি হ’লেও গ্ৰীন হাউচ গেছ কমোৱাৰ স্বাৰ্থতে কৰিছে বুলি ক’ব পাৰি| জানিব পৰা মতে, ৮৫ শতাংশ আমেৰিকান লোকে আজিকালি গোলকীয় উষ্ণতা বৃদ্ধি হৈছে বুলি পতিয়ন গৈছে| ২৫ শতাংশ লোকে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ কাৰণে হোৱাইট হাউচে ব্যৱস্থা ল’ব লাগে বুলি মত প্ৰকাশ কৰিছে|

পৰম্পৰাগত ভাবে চলি অহা, বিশেষকৈ কয়লা জ্বলাই পোৱা শক্তিৰ পৰা কাৰ্বন-ডাই অক্সাডৰ নিৰ্গমন বেছি পৰিমাণে হয়| ভাৰতত বৰ্তমান আধাতকৈ বেছি কয়লা ইন্ধনৰ ওপৰত ভিত্তি কৰিয়েই নতুন শক্তি প্ৰকল্প গঢ়ি উঠিছে| ফলস্বৰূপে ভাৰতত প্ৰতিবছৰে ১৩০ মিলিয়ন টন কাৰ্বনডাই-অক্সাইড নিৰ্গত হৈ আছে| ইয়াৰ পৰিমাণ বহু বেছি| কিউটো প্ৰটো’কলৰ মতে, ইউৰোপিয়ান ইউনিয়নে সেইবিলাক দেশত প্ৰতিবছৰে দুশ মিলিয়ন টনলৈ কমোৱাৰ কাৰণে সিদ্ধান্ত লৈছিল| সেইবাবে কয়লা ইন্ধনৰ পৰা শক্তি, সৌৰশক্তি, বতাহশক্তি, জলশক্তি আদি শক্তি আহৰণ কৰাৰ পদ্ধতিত বেছি গুৰুত্ব দিয়া প্ৰয়োজন| তাত্‍ক্ষণিক ভাৱে ভাৰতে হাতত লবলগীয়া বা বেচি গুৰুত্ব দিব লগা শক্তি খণ্ডটো হ’ল নিউক্লিয় শক্তি| বৰ্তমান ভাৰতত তিনি গিগাৱাট নিউক্লিয় শক্তি পোৱা যায়| ২০২০ চনত ইয়াৰ পৰিমাণ ৩০ গিগাৱাটলৈ বৃদ্ধি কৰিব পাৰি| এনে কৰিলে বছৰি নিৰ্গত হোৱা ১৩০ মিলিয়ন টন কাৰ্বনডাই অক্সাইড নোহোৱা হ’ব| কিন্তু এনে কৰিবলৈ যাওতে অৰ্থৰো বেছি প্ৰয়োজন হ’ব| কিয়নো ১ নিউক্লিয় শক্তিৰ দ্বাৰা শক্তি উত্‍পাদন কৰোঁতে সাতৰ পৰা আঠ মেগাৱাট শক্তি কেৱল ৪.৫ কোটি টকাতে পাব পৰা যায়| তথাপি দেশীয় তথা আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ ওপৰত লক্ষ্য ৰাখি এই দিশত আগবঢ়া উচিত|

ইয়াৰ উপৰি সেউজীয়া গছ-গছনি নোহোৱাৰ কাৰণেও গোলকীয় উষ্ণতা বৃদ্ধি পোৱাত সহায় হৈছে| দেখা যায় যে ১৭০০ চনৰ তুলনাত বৰ্তমান পৃথিৱীত ২০ শতাংশ সেউজীয়া আৱৰণ নোহোৱা হৈছে| গতিকে সেউজীয়া গছ-গছনি ৰোপন কৰি ইয়াৰ পৰিমাণ কমাব পৰা যায়| চীন দেশে আৰ্থিক উন্নয়নত বাধা দি কাৰ্বনডাই অক্সাইড গেছ কমোৱাতকৈ পৰিৱেশৰ বিশেষ ক্ষতি নকৰাকৈ উন্নয়ন আৰু সেউজীয়া আৱৰণ গঢ়ি তোলাত বেছি গুৰুত্ব দিছে| গতিকে চীন দেশৰ নিচিনাকৈ বিশ্বৰ বাকীবোৰ দেশেও যদি নিজৰ কোনো গভীৰ ক্ষতি নোহোৱাকৈ গোলকীয় উষ্ণতা বৃদ্ধিত বাধা প্ৰদান কৰে আৰু বৰ্তমানৰ জগতখনক গোলকীয় সুস্থিৰ পৰিৱেশেৰে আবৰাত যত্নপৰ হয় তেতিয়া হ’লে আমি জীৱ শ্ৰেষ্ঠ মানৱ জাতিয়ে এখন মঞ্চৰ তলত একগোট হৈ নিজৰ নাতি, পো-নাতিক এখন সেউজীয়া বিশ্বলৈ আদৰি আনিব পাৰিম নাইবা এখন সেউজীয়া ধৰা অনুজ সকলক উপহাৰ দিব পাৰিম| 

(সমলঃ বিভিন্ন বাতৰি কাকতত প্ৰকাশ হোৱা পৰিৱেশ সম্বন্ধীয় লেখা)