Difference between revisions 128220 and 128221 on aswiki

{{unreferenced}}

{{Infobox|title    =কম্পিউটাৰ
|image   = {{nowrap begin}}[[File:Acer Aspire 8920 Gemstone by Georgy.JPG|x85px]][[File:DM IBM S360.jpg|x85px]][[Image:Columbia Supercomputer - NASA Advanced Supercomputing Facility.jpg|x85px]][[Image:Intertec Superbrain.jpg|x85px]]{{wrap}}[[File:Dell PowerEdge Servers.jpg|x85px]][[File:2010-01-26-technikkrempel-by-RalfR-05.jpg|x85px]][[File:Thinking Machines Connection Machine CM-5 Frostburg 2.jpg|x85px]][[File:G5 supplying Wikipedia via Gigabit at the Lange (contracted; show full)

= কম্পিউটাৰৰ চমু ইতিহাস =
[[File:Jacquard.loom.full.view.jpg|thumb|upright|200px|লণ্ডনৰ মানচেষ্টাৰত অৱস্থিত 'বিজ্ঞান আৰু উদ্যোগ' সংগ্ৰহালয়ত প্ৰদৰ্শিত "জেকোৱাৰ্ড লুম" (Jacquard loom) নামৰ এক কম্পিউটাৰ সদৃশ যন্ত্ৰ]]


'কম্পিউটাৰ' শব্দটোৰ প্ৰথম ব্যৱহাৰ হৈছিল ৰিছাৰ্ড ব্ৰেইটহোৱাইট (Richard Braithwait) নামৰ ইংৰাজ লেখক এজনৰ “The yong mans gleanings” নামৰ কিতাপখনত ১৬১৩ চনত। কিতাপৰ শাৰীটো তলত উল্লেখ কৰা হ'ল

         "I haue read the truest computer of Times, and the best Arithmetician that euer breathed, and he reduceth thy dayes into a short number"

কিতাপখনত ইয়াক গণনা কৰা মানুহ এজনক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু প্ৰায় কুৰি শতিকাৰ মাজভাগলৈকে ই একেই অৰ্থ বহন কৰি আছিল। উনৈশ শতিকাৰ শেষৰ পিনেহে এই শব্দটো মানুহৰ সলনি গণনা কৰিব পৰা যন্ত্ৰ এটাৰ ক্ষেত্ৰত ব্যৱহাৰ হবলৈ ধৰে।<ref name=OEDComputer>{{Cite document |title=computer, ''n.'' |series=Oxford English Dictionary |url=http://dictionary.oed.com/ |publisher=Oxford University Press |year=1989 |accessdate=10 April 2009 |ref=harv}}</ref>
 
গণনাৰ সুবিধাৰ বাবে প্ৰাচীন [[চীন]], [[মিছৰ]] আদি দেশত 'এবাকাচ' নামৰ এবিধ আহিলা ব্যৱহাৰ কৰা হৈছিল৷ এবাকাচ হৈছে এটা ফ্ৰেমত আবদ্ধ দহডাল শলাত একাদিকক্ৰমে এটাৰপৰা দহটালৈ মণি থকা এবিধ যতন৷ বৰ্তমান কালত আমাৰ ইয়াত এবাকাচ শিশুসকলৰ কিছুমান ফলিৰ এমূৰে দেখিবলৈ পোৱা যায়৷ এই বাকাচকেই কম্পিউটাৰৰ আদিৰূপ বুলি বৰ্তমান বিজ্ঞানীসকলে একেমুখে স্বীকাৰ কৰিছে৷ সপ্তদশ শতিকাত ব্ৰেইজ [[পাস্কেলে]] যোগ-বিয়োগ কৰিব পৰা যন্ত্ৰ এটা সাজি উলিয়াইছিল৷ পাস্কেলৰ সেই যন্ত্ৰটোকে কিছু উন্নত কৰি জাৰ্মান গণিতজ্ঞ [[লাইবনিটজে]] পূৰণ-হৰণ(contracted; show full)ইনপুট: যিবিলাক অংশৰদ্বাৰা কম্পিউটাৰক তথ্যৰ যোগান ধৰা হয় বা নিৰ্দেশ দিয়া হয় সেইবিলাক অংশকে ইনপুট বোলা হয়৷ কীব'ৰ্ড, মাউচ, ডিজিটেল কেমেৰা, ৱে'ব কেমেৰা, স্কেনাৰ আদি হ'ল ইনপুটৰ আহিলা ৷

=তথ্য সংগ্ৰহ=
{{Reflist}}


[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]
[[শ্ৰেণী:তথ্য প্ৰযুক্তি]]