Difference between revisions 128180 and 128220 on aswiki

{{unreferenced}}

{{Infobox|title    =কম্পিউটাৰ
|image   = {{nowrap begin}}[[File:Acer Aspire 8920 Gemstone by Georgy.JPG|x85px]][[File:DM IBM S360.jpg|x85px]][[Image:Columbia Supercomputer - NASA Advanced Supercomputing Facility.jpg|x85px]][[Image:Intertec Superbrain.jpg|x85px]]{{wrap}}[[File:Dell PowerEdge Servers.jpg|x85px]][[File:2010-01-26-technikkrempel-by-RalfR-05.jpg|x85px]][[File:Thinking Machines Connection Machine CM-5 Frostburg 2.jpg|x85px]][[File:G5 supplying Wikipedia via Gigabit at the Lange (contracted; show full) of these operations are more complicated and useful than early computer operations. {{cite web |url=http://www.intel.com/cd/channel/reseller/asmo-na/eng/products/mobile/processors/core2duo_m/feature/index.htm |title=Intel Core2 Duo Mobile Processor: Features |publisher=Intel Corporation |accessdate=20 June 2009}}</ref> এই ধৰণৰ ক্ষুদ্ৰ কম্পিউটাৰসমূহ ভ্ৰাম্যমান সঁজুলিবিলাকত (mobile device) ব্যৱহাৰ কৰিবলৈ অতি সহজ, যিবিলাকক কিছুমান সুক্ষ্ম আকৃতিৰ বেটেৰীৰ সহায়ত চলাব পৰা যায়।

= কম্পিউটাৰৰ চমু ইতিহাস =

      [[File:Jacquard.loom.full.view.jpg|thumb|upright|200px|লণ্ডনৰ মানচেষ্টাৰত অৱস্থিত 'বিজ্ঞান আৰু উদ্যোগ' সংগ্ৰহালয়ত প্ৰদৰ্শিত "জেকোৱাৰ্ড লুম" (Jacquard loom) নামৰ এক কম্পিউটাৰ সদৃশ যন্ত্ৰ]]
 
গণনাৰ সুবিধাৰ বাবে প্ৰাচীন [[চীন]], [[মিছৰ]] আদি দেশত 'এবাকাচ' নামৰ এবিধ আহিলা ব্যৱহাৰ কৰা হৈছিল৷ এবাকাচ হৈছে এটা ফ্ৰেমত আবদ্ধ দহডাল শলাত একাদিকক্ৰমে এটাৰপৰা দহটালৈ মণি থকা এবিধ যতন৷ বৰ্তমান কালত আমাৰ ইয়াত এবাকাচ শিশুসকলৰ কিছুমান ফলিৰ এমূৰে দেখিবলৈ পোৱা যায়৷ এই বাকাচকেই কম্পিউটাৰৰ আদিৰূপ বুলি বৰ্তমান বিজ্ঞানীসকলে একেমুখে স্বীকাৰ কৰিছে৷ সপ্তদশ শতিকাত ব্ৰেইজ [[পাস্কেলে]] যোগ-বিয়োগ কৰিব পৰা যন্ত্ৰ এটা সাজি উলিয়াইছিল৷ পাস্কেলৰ সেই যন্ত্ৰটোকে কিছু উন্নত কৰি জাৰ্মান গণিতজ্ঞ [[লাইবনিটজে]] পূৰণ-হৰণ আদি সমাধা কৰিব পৰা কৰি তুলিছিল ৷
     
বৰ্তমান সচৰাচৰ ব্যৱহৃত যান্ত্ৰিক অথবা ডিজিটেল কম্পিউটাৰৰ বাটকটীয়া হৈছে উনবিংশ শতিকাৰ ইংৰাজ বিজ্ঞানী [[চাৰ্লছ বেবেজ]]৷ তেখেতেই প্ৰথমবাৰৰ বাবে তথ্য (dataprocessing কৰিব পৰা যন্ত্ৰ আৱিষ্কাৰ কৰিছিল৷ ১৯৪৬ চনত আমেৰিকাৰ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ জন মাউখলি আৰু জে. প্ৰেছপাৰ একাৰ্টৰ নেতৃত্বত বিশ্বৰ সৰ্বপ্ৰথম উচ্চ ক্ষমতাসম্পন্ন স্বয়ংক্ৰিয় কম্পিউটাৰটো নিৰ্মান কৰা হয় যাৰ নাম আছিল ENIAC (Electronic Numeric Integration And Calculator) ইয়াৰ পিছত কম্পিউটাৰৰ বিকাশ অতি দ্ৰুত গতিত হ'বলৈ ধৰিলে৷ বৰ্তমান নিত্য-নৱ উদ্ভাৱনে কম্পিউটাৰৰ জগতত এনে অৱস্থাৰ সূচনা কৰিছে, যাৰ ফলত কালিৰ কম্পিউটাৰ আজি পুৰণি হোৱাৰ উপক্ৰম হৈছে ৷

= কম্পিউটাৰৰ প্ৰকাৰ =


কম্পিউটাৰ মূলত তিনি প্ৰকাৰৰ-এনালগ, ডিজিটেল আৰু হাইব্ৰিড কম্পিউটাৰ৷
# এনালগ কম্পিউটাৰ: ইংৰাজী Analog শব্দটো প্ৰকৃততে গ্ৰীক ভাষাৰ পৰা অহা; ইয়াৰ অৰ্থ হৈছে- যিকোনো দুটা মাধ্যম তুলনা কৰি ইহঁতৰ মাজত সাদৃশ্য স্থাপন৷ এনাগল কম্পিউটাৰে একেৰাহে একোটা জোখ আৰু তথ্যৰ জৰিয়তে দুটা মাধ্যমৰ মাজত সাদৃশ্য জুখি উলিয়ায়৷ এই শ্ৰেণীৰ কম্পিউটাৰত গণনা কৰাতকৈ জোখ লোৱাতহে অধিক গুৰুত্ব আৰোপ কৰা হয়৷ সাধাৰণতে, উষ্ণতাৰ পৰিৱৰ্তনৰ জোখ লোৱা ধৰণৰ কাৰ্যত এই কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ৷
(contracted; show full)ইনপুট: যিবিলাক অংশৰদ্বাৰা কম্পিউটাৰক তথ্যৰ যোগান ধৰা হয় বা নিৰ্দেশ দিয়া হয় সেইবিলাক অংশকে ইনপুট বোলা হয়৷ কীব'ৰ্ড, মাউচ, ডিজিটেল কেমেৰা, ৱে'ব কেমেৰা, স্কেনাৰ আদি হ'ল ইনপুটৰ আহিলা ৷

=তথ্য সংগ্ৰহ=
{{Reflist}}


[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]
[[শ্ৰেণী:তথ্য প্ৰযুক্তি]]