Difference between revisions 163759 and 170516 on aswikiহাফিজ আহমেদ (ইংৰাজী : Hafiz Ahmed ) [[বৰপেটা জিলা]]ৰ কপোহা গাওঁত ১ চেপ্তেম্বৰ ১৯৬২ চনত জন্ম লৈছিল ! তেখেত একেলেথাৰিয়ে অসমীয়া সাহিত্য জগতৰ এজন সুনামধন্য কবি , সমালোচক , সাহিত্যিক,সাংবাদিক হোৱাৰ উপৰিও এজন কৃতি শিক্ষক ! == শিক্ষা == হাফিজ আহমেদৰ প্রাথমিক শিক্ষা কপোহা প্রাথমিক বিদ্যালয়তে আৰম্ভ হৈছিল যদি ও মন্দিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্রিক উত্তীর্ণ হৈ মাধৱ চৌধাৰী মহাবিদ্যালয় ,[[বৰপেটা]]ত ইংৰাজীত অনার্চ লৈ কিছুদিন পঢ়াৰ পিছত বি. এন. কলেজত পঢ়ে যদি ও এম ছি কলেজৰ পৰাই স্নাতক ডিগ্রী লয় ! গুৱাহাটি বিশ্ববিদ্যালয়ৰ পৰা ১৯৮৮ চনত ইংৰাজীত স্নাতকোত্তৰ (এম এ ) লয় আৰু বর্তমান আমৰঙা বড়ীহাট (মির্জা) উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাবে কৰ্মৰত ! আমোদজনক ভাবে শ্রী আহমেদ ১৯৯৫ চনত অসমীয়াত দ্বিতীয় বাৰ এম এ কৰে আৰু আধুনিক ভাৰতীয় ভাষা বিভাগৰ ড. দিলীপ বৰাৰ তত্বাবধানত পি.এইচ ডি. ডিগ্রী লয় ! == সাহিত্য কর্ম == ১. সম্প্রতিৰ এমুঠি গল্প ২. পাৰ: গল্প সংকলন ৩. খিৰিকীখন মেলি দিয়া ৪. লক্ষীপুৰৰ পৰা বি টি এ ডি লৈ ৫. বিপন্ন অধিকাৰৰ ৬. বাশঁবাড়ীৰ ফজল মিঞা ৭. নাৰী শিক্ষাৰ অগ্রদূত বেগম ৰোকেয়া ৮. ভূত বাংলো (অনুবাদ ) ৯. চাচাৰ কিমিটিৰ প্রতিবেদন : প্রতিশ্রুতি আৰু বাস্তৱ ১০. বিতর্কৰ বাহমাৰুলী অসমৰ বিদেশী সমস্যা ১১. গান্ধীবাদ আৰু অসমীয়া উপন্যাস ১২. সংকীৰ্ণতাৰ বিৰূদ্ধে , মানৱতাৰ সপক্ষে : ইছমাইল হোছেইন ৰচনা সমগ্র ইয়াৰ উপৰিও তেখেতে আৰু ১৫ খন মান অসমীয়া গ্রন্থ লিখিছে যদিও পর্যাপ্ত তত্বৰ অভাৱত নাম দিব নোৱাৰিলো ! চৰ-চাপৰিৰ পৰা উঠি এইজন সুনাম ধন্য সাহিত্যিক বর্তমান " চৰ-চাপৰি সাহিত্য পৰিষদ, অসম" ৰ সভাপতি হিচাবে কার্য্যনির্বাহ কৰি আছে !⏎ ⏎ [[শ্ৰেণী:অসমীয়া সাহিত্যিক]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=170516.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|