Difference between revisions 173422 and 216672 on aswiki

{{প্ৰতিলিপি}}
সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পতি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু।

(contracted; show full)

আধুনিকতাৰ প্ৰেক্ষাপটত অসমীয়া সংস্কৃতিত অন্তৰ্ভুক্ত হোৱা এটা প্ৰধান বিষয় গীত-নৃত্যৰ ক্ষেত্ৰতো এক বিৰাট পৰিবৰ্ত্তন আহি পৰিছে। পূৰ্বতে জ্যোতিপ্ৰসাদ, 
[[ভূপেন হাজৰিকা]] আদি একশ্ৰেণী গীতিকাৰ, সুৰকাৰ সকলৰ গীতৰ সুৰে হৃদয়ত যি মূৰ্চ্ছনা তুলিছিল বৰ্ত্তমান এনে অভিজ্ঞ শিল্পী তাকৰীয়া হৈ পৰিছে। জনগণৰ শিল্পী হিচাপে পৰিচিত তেওঁলোকৰ গীতৰ কথাত বিচাৰি পোৱা গৈছিল জনসাধাৰন আৰু সমাজমুখীতা। কিন্তু, বৰ্ত্তমান সংগীত হৈ পৰিছে অধিক শ্ৰোতাক মনোৰঞ্জন দিব পৰা এটা বহল ভাষাৰ বজাৰ যোগান ধৰিব পৰা ব্যৱসায়িক শিল্প। বৰ্ত্তমান শিল্পীসকলৰ গীতৰ সুৰত বাজি উঠে পাশ্চাত্যৰ সুৰ। আকৌ, বেছিভাগ ক্ষেত্ৰত শিল্পীৰ গীতৰ সুৰতকৈ আধুনিক ন-ন বাদ্যযন্ত্ৰৰ ঝংকাৰৰ ধ্বনিহে প্ৰতিফলিত হোৱা দেখা যায়। নৃত্যৰ ক্ষেত্ৰতো দেখা যায(contracted; show full)
সহায়ক গ্ৰন্থপূজী :----
১) অসমৰ সংস্কৃতি----লীলা গগৈ
২) অসমৰ লোকসংস্কৃতি---- নিৰ্মলপ্ৰভা বৰদলৈ
৩) অসমীয়া লোকসংস্কৃতিৰ আভাস--- ডঃ নবীন চন্দ্ৰ শৰ্মা
৪) বাৰেবৰনীয়া অসম----- ডঃ হৰিনাথ শৰ্মা দলৈ।

[[শ্ৰেণী:সংস্কৃতি| ]]