Difference between revisions 216672 and 221186 on aswiki

{{প্ৰতিলিপি}}
সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পতি নহয়। ই মানৱসৃষ্ট; আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু।

(contracted; show full)ৰ শিল্পী হিচাপে পৰিচিত তেওঁলোকৰ গীতৰ কথাত বিচাৰি পোৱা গৈছিল জনসাধাৰন আৰু সমাজমুখীতা। কিন্তু, বৰ্ত্তমান সংগীত হৈ পৰিছে অধিক শ্ৰোতাক মনোৰঞ্জন দিব পৰা এটা বহল ভাষাৰ বজাৰ যোগান ধৰিব পৰা ব্যৱসায়িক শিল্প। বৰ্ত্তমান শিল্পীসকলৰ গীতৰ সুৰত বাজি উঠে পাশ্চাত্যৰ সুৰ। আকৌ, বেছিভাগ ক্ষেত্ৰত শিল্পীৰ গীতৰ সুৰতকৈ আধুনিক ন-ন বাদ্যযন্ত্ৰৰ ঝংকাৰৰ ধ্বনিহে প্ৰতিফলিত হোৱা দেখা যায়। নৃত্যৰ ক্ষেত্ৰতো দেখা যায় অসমীয়া নাচৰ ভঙ্গিমাৰ সলনি বাহিৰাগত কিছুমান ভঙ্গিমাৰ পয়োভৰ। আধুনিকতাৰ স্পৰ্শত অসমীয়া সংস্কৃতিলৈ শংকৰদেৱ-মাধবদেৱৰ অবদান 
[[বৰগীত]] সমূহৰ গীতৰ সুৰো পাশ্চাত্যৰ ফালে ঢাল খোৱা দেখা যায়; ইয়াৰ গীতৰ সুৰত কোনো ভক্তিভাব সোমাই থকা নাই। তাত্প ৰ্যপূৰ্ণ কথা হ’ল অসমত বসবাস কৰা জনজাতীয় শিল্পীসকলেও তেওঁলোকৰ নিজ নিজ ভাষাত ৰচিত সংগীত চৰ্চা কৰি অসমীয়া সংস্কৃতিৰ প্ৰসাৰণ বৃদ্ধি কৰিছে।

আধুনিকতাৰ কবলত অসমীয়া সমাজত বৈজ্ঞানিক সংস্কৃতিৰ প্ৰভাৱ পৰিল। বিজ্ঞানৰ ন-ন আবিষ্কাৰ দূৰদৰ্শন, অনাতাৰ, বাইক, মটৰগাড়ী, মোবাইল ফোন আদি আৱিষ্কাৰ কৰাৰ ফলত অসমীয়া সংস্কৃতিৰ এক বিৰাট পৰিবৰ্ত্তন আহি পৰিল।

এনেদৰে অসমীয়া সংস্কৃতি পৰিবৰ্ত্তন আৰু পৰিবৰ্দ্ধনৰ ৰূপত জীয়াই আছে। আধুনিকতাৰ স্পৰ্শই অসমীয়া সংস্কৃতি নেতিবাচক আৰু ইতিবাচক দুয়োটা ৰূপেই গ্ৰহণ কৰিছে। যুগৰ লগে লগে মানব সভ্যতা উন্নতিৰ দিশত আগুৱাবলৈ কেৱল পৰম্পৰাক যে খামুচি ধৰি থাকিব লাগিব এইটো সঁচা নহয়; পৰিবৰ্ত্তনৰ প্ৰয়োজন আছে। কিন্তু, পৰিবৰ্ত্তন কেতিয়াও নিজৰ অস্তিত্ব ধ্বংসমুখী হ’ব নালাগে। আধুনিকতাই অসমীয়া সংস্কৃতিৰ যি পৰিৱৰ্তন আনিছে এটা সময়ত অসমবাসীয়ে নিজৰ সংস্কৃতি বিচাৰি  বিচাৰি হাবাথুৰি খাব লাগিব সেয়া ধুৰূপ। সেয়ে আজিৰ অসমবাসীয়ে নিজৰ স্বকীয় মৌলিক উপাদানসমূহ সংৰক্ষিত কৰি নিজৰ জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ সময় সমাগত।
পৰম্পৰাৰ স’তে আধুনিক এই দুয়োটাৰ সু-সমন্বয় কৰিব পাৰিলে অসমীয়া সংস্কৃতিৰ ইতিহাস সমৃদ্ধ হ’ব।

সহায়ক গ্ৰন্থপূজী :----
১) অসমৰ সংস্কৃতি----লীলা গগৈ
২) অসমৰ লোকসংস্কৃতি---- নিৰ্মলপ্ৰভা বৰদলৈ
৩) অসমীয়া লোকসংস্কৃতিৰ আভাস--- ডঃ নবীন চন্দ্ৰ শৰ্মা
৪) বাৰেবৰনীয়া অসম----- ডঃ হৰিনাথ শৰ্মা দলৈ।

[[শ্ৰেণী:সংস্কৃতি| ]]