Difference between revisions 234931 and 289693 on aswiki

{{Wikify}}

'''জতুৱা ঠাঁচ''' [[অসমীয়া]] ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ [[ইংৰাজী ভাষা]]ৰ সমাৰ্থক শব্দ হৈছে [[:en:wikipedia:Idiom|  Idiom]]। 

==কেইটামান জতুৱা ঠাঁচ==

তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে। 
 
* অৱস্থা চাই ব্যৱস্থা : চাই চিতি উপায় কৰা। 
* অকঁৰা মৈত উঠা : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা। 
* অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ। 
* আঁঠু কাঢ় : আঁঠুৰে বুল। 
* আঁঠু ল : মাটিত আঁঠু লগাই সেৱা কৰ। 
* আভুৱা ভৰা : মিচা কথা কৈ দায় সৰা। 
* আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা। 
* আলাশৰ লাড়ু : অতি মৰমৰ। 
* এপাচি শাকত এটা জলকীয়া : বেচি প্ৰয়োজনত কম যোগান। 
* ওপৰ চকুৱা : অসাৱধান বা বেহিচাপী লোক
* কপাল ফুটা : দু্ৰ্ভগীয়া। 
* কপাল ফুলা : সৌভাগ্যই লগ দিয়া। 
* কপাল ধো : আশা এৰ 
* কপালৰ ঘাম মাটিত পেলা : কঠোৰ পৰিশ্ৰম কৰ
* কঁকাল পৰ : বুঢ়া হ
* কাণ কটা : নিলাজ 
* কাণ দি : মনোযোগ দি 
* কাণ চুই থ : আগলৈ মনত ৰাখ
* কাণ চোৱাই থ : মনত ৰাখিবলৈ কোনো কথা জনাই থ
* কাণত ধৰি ক : শপত খাই ক
* কাণ সমনীয়া : ডেকা
* কাণ বাগৰা : লোকৰ মুখে শুনা
* কুকুৰে মৈ টনা
* খুজি কিল খোৱা : অপ্ৰয়োজনীয় কথাত লাগি অপমানিত হোৱা। 
* গাত সৰিয়হ ফুটা
* গা এৰা দিয়া : সম্পৰ্ক এৰা
* গাই বাই চোৱা : চেষ্টা কৰি চোৱা
* গা ধৰা : শকত হোৱা
* ঘৰ গোনা : নিজ ঘৰ এৰি আঁতৰলৈ কোনো কামতে যাব নোখোজা। 
* ঘৰিয়ালৰ চকুপানী : মিচাতে চকুপানী টুকি দুখৰ অভিনয় কৰা। 
* চকু চৰহা : আনৰ ভাল দেখিব নোৱাৰা
* চকুত লগা : ধুনীয়া হোৱা
* চকুৰ পচাৰতে : নিমিষতে,তৎক্ষণাৎ
* চকুৰ কুটা দাতৰ শাল : ঘোৰ শত্ৰু। 
* চুক ভেকুলী
* চুঙা চাই সোপা
* চালে-বেৰে কোবোৱা : সামঞ্জস্যহীন
* ডলাৰ বগৰী :
* তলে পুতল
* দাঁতে ওঁঠে নলগা : সমূলি কাজিয়া নলগা
* দেশ চাইহে ভেশ
* ধোদৰ পছলা : এলেহুৱা
* ধোঁৱাচাঙত তোল
* নপতা ফুকন : নিজে নিজকে ডাঙৰ বুলি ভৱা মানুহ। 
* নদন-বদন : উভৈনদী। 
* নাদৰ/কুৱাৰ ভেকুলী
* পৰ্বতত কাছ কণী বিচৰা
* পাবত গজা : মূল নোহোৱা
* পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু। 
* পানীত হাঁহ নচৰা হোৱা : আলাই-আথানি হোৱা, বৰ বিপদ হোৱা
* পানী মিঠৈ
* পাভ লুটি মৰা
* পেট চলা : বেছিকৈ শৌচ কৰা
* পেট মচা : নুমলীয়া
* পেটতে হাত ভৰি লুকা : বৰ ভয় কৰা
* পেটে ভাতে খা : জমা নকৰাকৈ কোনো মতে খাই থকা
* পানীত পৰা : অথলে যোৱা
* বাট চা : অপেক্ষা কৰা
* বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ। 
* বুৰেপিত শেলুক
* ভাত মোকলা : জীৱিকাৰ উপায় উলিয়াই লোৱা
* ভাত ঘৰ : বন্ধু/অতি আপোন মানুহৰ ঘৰ 
* মন কৰ : ইচ্ছা কৰ,মনোযোগ দে
* মাটিৰ মানুহ : অতি সহজ-সৰল মানুহ
* মূৰ খা : মৃত্যুৰ কাৰণ হ
* মূৰ ঘমা : বৰকৈ চিন্তা কৰা
* মূৰ পাতি লোৱা : দায়িত্ব লোৱা
* মূৰ পোলোকা মাৰ/দে : গা এৰা দে
* মূৰে ভৰি কঢ়া : অতপালি কৰা, বিপৰীতে কাম কৰা
* মূৰে কপালে হাত দিয়া : বিমোৰত পৰা, বৰ দুখ পোৱা
 
* হাত উজান দিয়া : কামত সহায় কৰা
* হাত লৰ : চোৰ স্বভাৱৰ
* হাত দীঘল : ক্ষমতাশালী
* হাত সাৱটি থকা : কাম নকৰাকৈ থকা 
* হাতে-ভৰিয়ে ধৰা : কাবৌ কৰা
* হাতৰ মুঠিত ৰাখা : অধীনত ৰাখা 
* হাত টান : কৃপণ 
* শেনৰ এজাত
* শেন চকুৱা
* শূন্যত গদা ঘূৰোৱা
* সাত ঘাটৰ চেঙেলী : অতি টেঙৰ। 
* সাত ঘাটৰ সৈয়াকণী 
* সাহেই সিদ্ধি

==লগতে চাওক== 
*[[ফকৰা যোজনা]]

==তথ্য সংগ্ৰহ==
{{Reflist}}
{{অসমীয়া ভাষা}}
[[Category:অসমৰ ভাষা আৰু লিপি]]
[[শ্ৰেণী:অসমীয়া লোকসাহিত্য]]